ভাৰতীয় উদ্যোগী শ্ৰী বিশাল ছিক্কাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হয়। শ্ৰী মোদীয়ে এই বৈঠকক এক অন্তৰ্দৃষ্টিসম্পন্ন মত বিনিময় বুলি মন্তব্য কৰি কয় যে উদ্ভাৱন আৰু যুৱক-যুৱতীসকলৰ বাবে সুযোগ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাৰত এআইৰ নেতৃ্ত্ব ল’বলৈ প্ৰতিশ্ৰুতিবদ্ধ। দুয়োজনেই এআই আৰু ভাৰতত ইয়াৰ প্ৰভাৱ আৰু ভৱিষ্যতৰ বাবে কেইবাটাও আৱশ্যকতাৰ বিষয়ে বিশদ আৰু ব্যাপক আলোচনাত মিলিত হয়।
বিশাল ছিক্কাৰ এক্সৰ পোষ্টত সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে লিখে;
“সঁচাকৈয়ে এয়া এক অন্তৰ্দৃষ্টিসম্পন্ন মত বিনিময়। ভাৰতে উদ্ভাৱন আৰু যুৱক-যুৱতীসকলৰ বাবে সুযোগ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰি এআইৰ নেতত্ব ল’বলৈ প্ৰতিশ্ৰুতিবদ্ধ।”
********
MJPS/ST/DB
It was an insightful interaction indeed. India is committed to taking the lead in AI, with a focus on innovation and creating opportunities for the youth. https://t.co/s0Ok9AE09A
— Narendra Modi (@narendramodi) January 4, 2025