Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

উত্তৰ প্ৰদেশৰ বাৰাণসীত কাশী বিশ্বনাথ ধামৰ উদ্ঘাটনত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ

উত্তৰ প্ৰদেশৰ বাৰাণসীত কাশী বিশ্বনাথ ধামৰ উদ্ঘাটনত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ


হৰ হৰ মহাদেৱ। হৰ হৰ মহাদেৱ। নমঃ পাৰ্বতী পতয়ে, হৰ হৰ মহাদেৱ।। মাতা অন্নপূৰ্ণাৰ জয়। গংগা মাৰ জয়। এই ঐতিহাসিক আয়োজনত উপস্থিত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দী বেন পেটেল জী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কৰ্মযোগী শ্ৰী যোগী আদিত্যনাথ জী, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ, আমাৰ সকলোৰে মাৰ্গদৰ্শক শ্ৰীমান জে পি নড্ডা জী, উপমুখ্যমন্ত্ৰী ভাই কেশৱ প্ৰসাদ মৌৰ্যা জী, দিনেশ শৰ্মা জী, কেন্দ্ৰত মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ মহেন্দ্ৰ নাথ পাণ্ডে জী, উত্তৰ প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ স্বতন্ত্ৰদেৱ সিংহ জী, ইয়াৰ মন্ত্ৰী শ্ৰীমান নীলকন্ঠ তিৱাৰী জী, দেশৰ প্ৰতিটো কোণৰ পৰা অহা পূজ্য সন্তগণ, আৰু মোৰ মৰমৰ মোৰ কাশীবাসী, আৰু দেশবিদেশৰ পৰা এই অনুষ্ঠানৰ সাক্ষী হৈ থকা সকলো শ্ৰদ্ধালু বন্ধুসকল! কাশীৰ সকলো বন্ধুৰ সৈতে, বাবা বিশ্বনাথৰ চৰণত মই শিৰ দোঁৱাইছো। মাতা অন্নপূৰ্ণাৰ চৰণত বাৰেবাৰে বন্দন কৰিছো। এতিয়া মই বাবাৰ লগতে নগৰ কোতৱাল কালভৈৰৱ জীৰ দৰ্শন কৰি আহিছো, দেশবাসীৰ বাবে তেওঁৰ আশীৰ্বাদ লৈ আহিছো। কাশীত যিকোনো বিশেষ কিবা হ’লে, কিবা নতুন হ’লে, তেতিয়া সবাতোকৈ আগতে তেওঁক সোধা আৱশ্যক।

মই কাশীৰ কোতোৱালৰ চৰণতো প্রণাম জানাইছো।

গঙ্গা তৰঙ্গ ৰমণীয় জটা – কলাপম্,

গৌৰী নিৰন্তৰ বিভূষিত বাম – ভাগম্নাৰায়ণ

প্রিয় – মনংঙ্গ- মদাপ – হাৰম

বাৰাণসী পুৰ – পতিম্ ভজ বিশ্বনাথম্।

মই বাবা বিশ্বনাথৰ দৰবাৰৰ পৰা দেশ তথা বিশ্বৰ সেই সমস্ত শ্রদ্ধাবান ব্যক্তিসকলক প্রণাম জানাইছো, যিসকলে নিজৰ নিজৰ স্থানৰ পৰা এই মহাযজ্ঞৰ সাক্ষী হৈ উঠিছে। মই আপোনালোকৰ সকলোকে আৰু যিসকলৰ অকুন্ঠ সহযোগিতাত আজিৰ এই শুভ মুহূর্তটি উপস্থিত হৈছে, সেই কাশীবাসী লোকসকলক প্রণাম জানাইছো। সকলোৰে হৃদয় আজি উচ্ছ্বসিত, সকলোৰে মন আজি আহ্লাদিত। আপোনালোকৰ সকলোকে বহুত বহুত শুভকামনা জনাইছো।

বন্ধুসকল,

আমাৰ পুৰাণত কোৱা হৈছে যে, যেতিয়াই কোনোবা কাশীত প্রবেশ কৰে, সমস্ত বন্ধনৰ পৰা মুক্ত হৈ যায়, ভগবান বিশ্বেশ্বৰৰ আশীৰ্বাদ এক আলৌকিক প্রাণশক্তি। ইয়ালৈ আহিলেই আমাৰ অন্তৰাত্মাক জাগ্রত কৰি তোলে। আৰু আজি তো এই চিৰ চৈতন্য কাশীৰ চেতনাত এটি ভিন্ন স্পন্দন অনুভব কৰিছো। আজি আদি কাশীৰ অলৌকিকতাতো এটি ভিন্ন আভা অনুভব কৰিছো। আজি শাশ্বত বেনাৰসৰ সংকল্পতো এটি ভিন্ন সামর্থ দেখা গৈছে, আমাৰ শাস্ত্রসমূহৰ পৰা পাঠ হোৱা শুনিছো, যেতিয়াই কোনো পুণ্য অৱসৰ আহে, তেতিয়া সমস্ত তীর্থ, সমস্ত অলৌকিক শক্তি বেনাৰসত বাবাৰ ওচৰত আহি উপস্থিত হয়। আজি এনেকুৱাই কিছু অভিজ্ঞতা মই বাবাৰ দৰবাৰলৈ আহি অনুভৱ কৰিছো। এনেকুৱা ধাৰণা হৈছে যে মোৰ সম্পূর্ণ চেতনব্রহ্মাণ্ড মোৰ সৈতে যুক্ত হৈছে। এনে অৱস্থাত তো আমাৰ মায়াৰ বিস্তাৰ সম্পর্কে বাবাই জানে। কিন্তু যিমান দূৰলৈকে আমাৰ মানুহৰ দৃষ্টি প্রসাৰিত হয়, ‘বিশ্বনাথ ধাম’ৰ এই পৱিত্র আয়োজনৰ সৈতে এই সময়ত সমগ্ৰ বিশ্ব যুক্ত হৈছে।

বন্ধুসকল,

আজি ভগৱান শিৱৰ প্রিয় দিন সোমবাৰ। আজি বিক্রম সম্বত ২০১৮, মার্গশিষ্য শুক্লপক্ষ দশমী তিথিত আজি এটি নতুন ইতিহাস ৰচিত হৈছে। আৰু আমাৰ সৌভাগ্য হ’ল যে, আমি আজি এই তিথিৰ সাক্ষী হৈ উঠিছো। আজি বিশ্বনাথ ধাম অকল্পনীয় – অনন্ত প্রাণশক্তিত পৰিপূর্ণ। ইয়াৰ বৈভব ক্রমে বিস্তাৰিত হৈছে। ইয়াৰ বৈশিষ্ট্যই আকাশ স্পর্শ কৰিছে। ইয়াৰ আশেপাশে যত প্রাচীন মন্দিৰ লুপ্ত হৈ গৈছিল, সেইবিলাকককো পুনৰুদ্ধাৰ কৰা হৈছে। বাবা নিজৰ ভক্তসকলৰ অনেক শতাব্দীৰ সেৱাত প্রসন্ন হৈছে। সেইবাবে তেওঁ আজিৰ দিনতেই আমাক আশীর্বাদ দিছে। বিশ্বনাথ ধামৰ এই সম্পূর্ণ নতুন পৰিসৰ কেৱল এটি অনিন্দ্যসুন্দৰ ভবন নহয়, এই প্রতীক আমাৰ ভাৰতৰ সনাতন সংস্কৃতি। এই প্রতীক আমাৰ আধ্যাত্মিক আত্মাৰ, এই প্রতীক ভাৰতৰ প্রাচীনতাৰ, এই প্রতীক ভাৰতৰ নানা পৰম্পৰাৰ, ভাৰতৰ প্রাণশক্তিৰ আৰু গতিশীলতাৰ। আপোনালোক যেতিয়া ইয়ালৈ আহিব, তেতিয়া কেৱল আস্থাৰ সৈতে দর্শন হ’ব, তেনে নহয়, আপোনালোক ইয়ালৈ আহিলে নিজৰ অতীত গৌৰৱৰ অনুভৱ হ’ব। কেনেকুৱা প্রাচীনতা আৰু নবীনতা একেলগে সজীব হৈ উঠিছে। কেনেদৰে পুৰাতনৰ প্রেৰণাবিলাকে ভৱিষ্যতক পথ দেখুৱাইছে, ইয়াৰ সাক্ষাৎ দর্শন আমি বিশ্বনাথ ধামত কৰিছো।

বন্ধুসকল,

যি মা গঙ্গা উত্তৰবাহিনী হৈ প্রতিনিয়ত বাবাৰ চৰণ ধুই দিয়াৰ বাবে কাশীলৈ আহে, সেই মা গঙ্গাও আজি অত্যন্ত প্রসন্ন হ’ব। এতিয়া যেতিয়া আমি ভগবান বিশ্বনাথৰ চৰণত প্রণাম কৰিম, ধ্যান কৰিম, তেতিয়া মা গঙ্গাক ছুই যোৱা বতাহে আমাক আদৰ কৰিব, আশীৰ্বাদ দিব। আৰু যেতিয়া মা গঙ্গা উন্মুক্ত হ’ব, প্রসন্ন হ’ব, তেতিয়া বাবাৰ ধ্যানত আমি গঙ্গা তৰঙ্গত কলকল ধ্বনি শুনিবলৈ পাম। এক ঐশ্বৰিক অনুভূতিও অনুভৱ কৰিব পাৰিম। বাবা বিশ্বনাথ সকলোৰে, মা গঙ্গা সকলোৰে। তেওঁৰ আশীৰ্বাদ সকলোৰে বাবে। কিন্তু সময় আৰু পৰিস্থিতি অনুসৰি বাবা আৰু মা গঙ্গাক সহজে সেৱা কৰা নগৈছিল। ইয়ালৈ প্রত্যেকেই আহিব বিচাৰিছে। কিন্তু পথ আৰু স্থানৰ সুযোগ নহৈছিল। বয়স্কসকলৰ বাবে, দিব্যাঙ্গসকলৰ বাবে ইয়ালৈ অহা অত্যন্ত কঠিন হৈ পৰিছিল। কিন্তু এতিয়া, ‘বিশ্বনাথ ধাম পৰিযোজনা’ সম্পূর্ণ হোৱাৰ ফলত ইয়ালৈ প্রত্যেকৰ অহাৰ পথ সুগম হৈছে। আমাৰ দিব্যাঙ্গ ভাই – ভনীসকল, বয়স্ক পিতৃ – মাতৃসকল পোনপটীয়াকৈ নৌকাৰ মাধ্যমত জেটি পর্যন্ত আহিব। জেটিৰ পৰা ঘাট পর্যন্ত অহাৰ বাবেও এস্কেলেটৰ লগোৱা হৈছে। তাৰ পৰা পোনপটীয়াকৈ মন্দিৰলৈকে আহিব পাৰিব। আগতে সৰু গলিবিলাকৰ কাৰণে দর্শনৰ বাবে ঘন্টাৰ পিছত ঘন্টা অপেক্ষা কৰিবলগীয়া হৈছিল। কত সমস্যা হৈছিল, সেয়া এতিয়া হয়তো অনেক কমি যাব। আগতে ইয়াত যি মন্দিৰ পৰিসৰ মাত্র ৩০০০ বর্গফুট আছিল, সেয়া এতিয়া প্রায় ৫ লক্ষ বর্গফুট কৰি দিয়া হৈছে। এতিয়া মন্দিৰ, আৰু মন্দিৰ পৰিসৰত ৫০, ৬০, ৭০ হাজাৰ ভক্ত একেলগে আহিব পাৰে। অর্থাৎ আগতে মা গঙ্গাৰ দর্শন – স্নান আৰু তাৰপিছত তাৰ পৰা পোনেপোনে বিশ্বনাথ ধাম। এই আদি ব্যৱস্থাই আকৌ সুচাৰু ৰূপত বাস্তবায়িত হ’ল। হৰ হৰ মহাদেৱ!

বন্ধুসকল,

যেতিয়া মই বেনাৰসলৈ আহোঁ, তেতিয়া এটা বিশ্বাস লৈ আহোঁ। মোৰ নিজতকৈ বেছি বিশ্বাস আছিল বেনাৰসৰ মানুহৰ ওপৰত, আপোনালোকৰ ওপৰত। আজি হিচাব-নিকাচৰ সময় নহয়। কিন্তু মোৰ মনত আছে, তেতিয়া এনে কিছু মানুহো আছিল, যিসকলে বেনাৰসৰ জনগণৰ ক্ষমতা সম্পর্কে সন্দেহ প্রকাশ কৰিছিল। ‘কেনেকৈ হ’ব…’, ‘সম্ভৱ নহয়…’, ইয়াত এনেকৈয়ে সকলো চলে! তেওঁলোকে কৈছিল, ‘এই মোদীজীয়ে যেন নিজকে খুব ডাঙৰ কিবা বুলি ভাবিছে!’ মোৰ আশ্চর্য হয় যে তেওঁলোকৰ মনত বেনাৰসৰ বাবে এনেবোৰ ধাৰণা কেনেকৈ সৃষ্টি হৈছিল। এনেকুৱা যুক্তি দিয়া হৈছিল যে, ঠিক কি ক’ম! এই জড়তা আচলতে বেনাৰসৰ নাছিল, হ’বই নোৱাৰে! এইবোৰৰ অন্তৰালত আছিল ৰাজনীতি। কিছু মানুহৰ ব্যক্তিগত স্বার্থ। সেয়ে বেনাৰসৰ ওপৰত আৰোপ লগোৱা হৈছিল। কিন্তু কাশী তো কাশী? কাশী তো অবিনাশী। কাশীত এখনেই চৰকাৰ আছে, যাৰ হাতত ডম্বৰু আছে, তেওঁৰ চৰকাৰ। য’ত গঙ্গাই নিজৰ ধাৰাক সলনি কৰি প্রবাহিত হয়, সেই কাশীৰ উন্নতি কোনে ৰোধ কৰিব পাৰিব? কাশীখণ্ডত থিয় হৈ ভগবান শঙ্কৰে নিজেই কৈছিল,

“বিনা মম প্রসাদম ভৈ, কঃ কাশী প্রতি – প্রদ্যতে”

অর্থাৎ, মোৰ প্রসন্নতা অবিহনে কাশীলৈ কোন আহিব পাৰে? কোনে ইয়াক সেৱা কৰিব পাৰে। কাশীলৈ মহাদেৱৰ ইচ্ছা অবিহনে কোনো আহিব নোৱাৰে। আৰু তেওঁৰ ইচ্ছা অবিহনে ইয়াত একোৱেই হ’ব নোৱাৰে। ইয়াত যি হৈছে স্বয়ং মহাদেৱেই কৰিছে। এই বিশ্বনাথ ধামৰ যি নতুন ৰূপ, এয়াও বাবাৰ আশীৰ্বাদত সম্পন্ন হৈছে। তেওঁৰ ইচ্ছা অবিহনে জানো এখিলা পাতো লৰিব পাৰে। যি যিমানেই ডাঙৰ নহওক কিয়, তেওঁ নিজৰ ঘৰত হ’ব, যাক মতা হৈছে, তেওঁহে কেৱল ইয়ালৈ আহিব পাৰিছে, কিবা কৰিব পাৰিছে।

বন্ধুসকল,

বাবাৰ সৈতে আৰু যদি কাৰোবাৰ অবদান থাকে সেয়া হ’ল বাবাৰ গণৰ মানুহৰ। বাবাৰ গণৰ মানুহ আমাৰ সমস্ত কাশীবাসী। তেওঁলোকৰ প্রত্যেকেই মহাদেৱৰেই ৰূপ। যেতিয়াই বাবাই তেওঁৰ শক্তি অনুভৱ কৰাব বিচাৰে, তেতিয়াই কাশীবাসীৰ মাধ্যমতেই তেওঁ সেইটো প্রকাশ কৰে। আৰু কাশীয়ে যি কৰে বিশ্বই সেয়া দেখে।

“ইদম সেবাও, ইদম ন মম্ ”

ভাতৃ আৰুভগ্নীসকল,

মই আজি মোৰ সেই শ্রমিক ভাতৃ ভগ্নীৰ প্রতিও কৃতজ্ঞতা জনাব খোজোঁ, যিসকলৰ ঘাম এই অনিন্দ্যসুন্দৰ মন্দিৰ চৌহদ নির্মাণত সৰিছে, যিসকলে ঘাম সৰাইছে; কৰোণাৰ এই সঙ্কটকালত তেওঁলোকে ইয়াৰ কাম ৰুদ্ধ হ’বলৈ দিয়া নাই। অলপ আগতে মই এই শ্রমিক বন্ধুসকলৰ সৈতে সাক্ষাতৰ সুযোগ পাইছো। তেওঁলোকৰ আশীৰ্বাদ লোৱাৰ সৌভাগ্য হৈছে। আমাৰ কাৰিকৰ, আমাৰ চিভিল ইঞ্জিনিয়াৰ বা বাস্তু প্রকৌশলীসকলৰ সৈতে যুক্ত সকলোকে, প্রশাসনৰ সৈতে যিসকল জড়িত তেওঁলোকক, আৰু ইয়াত যি পৰিয়ালসমূহৰ ঘৰ আছিল, তেওঁলোক সকলোকে মই অভিনন্দন জনাইছো আৰু এই সকলোৰে সমান্তৰালকৈ মই উত্তৰপ্রদেশ চৰকাৰ, আমাৰ কর্মযোগী মুখ্যমন্ত্রী যোগী আদিত্যনাথজী আৰু তেওঁৰ সমগ্ৰ টিমকো অভিনন্দন জনাইছো যিসকলে কাশী বিশ্বনাথ ধাম প্রকল্পক বাস্তবায়িত কৰিবলৈ দিনে – নিশাই কাম কৰি গৈছে।

বন্ধুসকল,

আমাৰ এই বাৰাণসীয়ে অনেক যুগ অতিক্রম কৰিছে, ইতিহাসৰ অনেক উত্থান – পতনক দেখিছে। কত যে কালখণ্ড আহিছে আৰু গৈছে! কত যে ৰাজত্ব গঢ়ি উঠিছে, আৰু এদিন মাটিত মিলি গৈছে। কিন্তু বেনাৰস তেনেকৈয়ে আছে, নিজৰ ৰস চাৰিওদিশে বিয়পাই দিছে। বাবাৰ এই ধাম সেয়ে কেৱল শাশ্বত নহয়, ইয়াৰ সৌন্দর্যই সর্বদাই বিশ্বক আশ্চর্যচকিত আৰু আকর্ষিত কৰিছে। আমাৰ পুৰাণত প্রাকৃতিক আভাবেষ্টিত এনে কাশীৰ অলৌকিক স্বৰূপ বর্ণনা কৰা হৈছে, আমি যদি প্রাচীন গ্রন্থবিলাক চাওঁ, শাস্ত্রবিলাক পঢ়োঁ, তেন্তে দেখিবলৈ পাম ঐতিহাসিকসকলেও এই চহৰৰ গছলতা, সৰোবৰ আৰু পুখুৰীবিলাকৰ দ্বাৰা বেষ্টিত কাশীৰ অদ্ভুত স্বৰূপ ব্যাখ্যা কৰিছে। কিন্তু সময় সকলোসময়তে একেদৰে নাথাকে। আক্ৰমণকাৰী আততায়ীবোৰে এই নগৰত আক্রমণ কৰিছে, ইয়াক ধ্বংস কৰাৰ চেষ্টা কৰিছে। ঔৰঙ্গজেবৰ অত্যাচাৰ আৰু তেওঁৰ সন্ত্রাসৰ সাক্ষী আছে ইতিহাস। যি সভ্যতাক তৰোৱালৰ জোৰত পৰিবর্তনৰ চেষ্টা কৰিছে। যি সংস্কৃতিক কঠোৰতাৰে পদদলিত কৰাৰ চেষ্টা কৰিছে। কিন্তু এই দেশৰ মাটি অবশিষ্ট বিশ্বৰ পৰা কিছু বেলেগ। ইয়ালৈ যেতিয়া ঔৰঙ্গজেবহঁত আহে, তেতিয়া শিবাজিসকলো উঠি থিয় হয়। যদি কোনো সালাৰ মাসুদে ইয়াত আক্রমণ কৰে, তেতিয়া ৰাজা সুহেল দেবৰ দৰে বীৰ যোদ্ধাই তেওঁক আমাৰ ঐক্যৰ শক্তি অনুভৱ কৰায়। আৰু ইংৰাজ আমোলত কাশীৰ মানুহে ওৱাৰেণ্ট হেষ্টিংছৰ কি অৱস্থা কৰিছিল, সেয়া তো কাশীৰ মানুহৰ আলোচনাত তেওঁলোকৰ মুখতেই বাৰে বাৰে শুনিছো। ঘোঁৰাৰ হাওদা আৰু হাতীৰ জিন, জান বচাই পলায় ওৱাৰেন হেষ্টিংছ।

বন্ধুসকল,

আজি সময়ৰ চক্র চাওক, সন্ত্রাসৰ সেই পর্যায় ইতিহাসৰ ক’লা পাতবিলাকতেই বন্দী হৈ আছে। আৰু আমাৰ কাশীবাসী আগবাঢ়ি গৈছে; নিজৰ গৌৰবক আকৌ এবাৰ নতুন সৌন্দর্য প্রদান কৰিছে।

বন্ধুসকল,

কাশী সম্পর্কে মই যিমানেই ক’ম, সিমানেই ডুবি থাকিম, সিমানেই আবেগ আপ্লুত হৈ থাকিম। কাশী শব্দৰ বিষয় নহয়, কাশী সংবেদনৰ সৃষ্টি। কাশী এখন এনেকুৱা চহৰ য’ত জাগৃতিয়েই জীৱন, য’ত মৃত্যুৱেই মঙ্গল, য’ত চর্তই সংস্কাৰ, আৰু য’ত প্রেমেই পৰম্পৰা।

ভাতৃ আৰু ভগ্নীসকল,

আমাৰ শাস্ত্রসমূহতো কাশীৰ মহিমা কীর্তন আছে, আৰু এই কীর্তন গাই গাই অৱশেষত ‘নেতি – নেতি’ য়েই কোৱা হৈছে। অর্থাৎ যিমান কোৱা হৈছে, কেৱল সিমানেই নহয়, তাৰ পৰাই বেছি বহুখিনি আমাৰ শাস্ত্রসমূহত কোৱা হৈছে,

‘শিবম জ্ঞানম ইতি ব্র্যূ,

শিব শব্দার্থ চিন্তকাঃ’

অর্থাৎ শিৱক লৈ যিসকলে চিন্তা কৰে, তেওঁলোকে শিৱ সম্পর্কে জ্ঞান অর্জন কৰে। সেইবাবে এই কাশী শিৱময়ী এই কাশী জ্ঞানময়ী। আৰু সেইবাবেই জ্ঞান, গৱেষণা অনুসন্ধান, এইবোৰেই কাশী তথা ভাৰতৰ বাবে স্বাভাৱিক নিষ্ঠাৰ বিষয়। ভগবান শিৱই স্বয়ং কৈছে,

‘সর্ব ক্ষেত্রেসু ভূ পৃষ্ঠে, কাশী ক্ষেত্রম চ মে বপুঃ’

অর্থাৎ, পৃথিৱীৰ সকলো ক্ষেত্রৰ ভিতৰত কাশী সাক্ষাৎ মোৰেই শৰীৰ। সেইবাবে ইয়াৰ পাথৰ, ইয়াৰ প্রতিটো মাটিৰ কণাতেই শঙ্কৰ বিৰাজমান। সেইবাবে আমি আমাৰ কাশীক সজীৱ বুলি মানো। আৰু এই ভাবনাৰ পৰা আমাৰ নিজৰ দেশৰ প্রতিটো মাটিৰ কণাত মাতৃভাব জাগি উঠে। আমাৰ শাস্ত্রত কোৱা হৈছে,

“দৃশ্যতে সবর্গ সর্বেঃ, কাশ্যাম্ বিশ্বেশ্বৰঃ তথা”

অর্থাৎ কাশীত সর্বত্র প্রত্যেক জীৱনৰ ভিতৰত ভগৱান বিশ্বেশ্বৰৰ সৈতে দর্শন হয়। সেইবাবে কাশীয়ে জীৱত্বক পোনপটীয়াকৈ শিৱত্বৰ সৈতে যুক্ত কৰে। আমাৰ ঋষিসকলে এইটোও কৈছে,

“বিশ্বেশং শৰণং, জায়াং, সমে বৃদ্ধিং প্রদাস্যতি”

অর্থাৎ ভগৱান বিশ্বেশ্বৰৰ চৰণলৈ আহিলে সমবুদ্ধি ব্যাপ্ত হৈ পৰে। বেনাৰস সেই নগৰী, য’ৰ পৰা জগৎগুৰু শঙ্কৰাচার্যই শ্রী ডোম ৰাজাৰ পৱিত্রতাৰ পৰা প্রেৰণা পাইছে। তেওঁ দেশক একতাৰ সূত্রত বন্ধাৰ সঙ্কল্প লৈছিল। এয়াই সেই স্থান য’ত ভগৱান শঙ্কৰৰ প্রেৰণাই গোস্বামী তুলসী দাসজীয়ে ৰামচৰিত মানসৰ দৰে অলৌকিক ৰচনা সম্পন্ন কৰিছে।

এয়াই সেই মাটি, এই মাটিতেই সাৰনাথত ভগৱান বুদ্ধৰ বোধ বিশ্বৰ বাবে প্রকাশিত হৈছিল, এই মাটিতেই সমাজ সংস্কাৰৰ বাবে কবীৰদাসৰ দৰে মহামানৱসকল জন্ম লৈছে। সমাজক যুক্ত কৰাৰ প্রয়োজনে দেখা দিলে সন্ত ৰবিদাসজীৰ ভক্তিৰ শক্তিৰ কেন্দ্রও আছিল এই কাশী। এই কাশী অহিংসাৰ আৰু তপস্যাৰ প্রতিমূর্তি, চাৰিজন জৈন তীর্থঙ্কৰৰ মাটি। ৰাজা হৰিশ্চন্দ্রৰ সত্যনিষ্ঠাৰ পৰা আৰম্ভ কৰি বল্লভাচার্য আৰু ৰামানন্দজীৰ জ্ঞান চৈতন্য মহাপ্রভু আৰু সমর্থগুৰু ৰামদাসৰ পৰা আৰম্ভ কৰি স্বামী বিবেকানন্দ আৰু মদনমোহন মালব্য পর্যন্ত কত না ঋষি, গুরু এবং আচার্যের সঙ্গে কাশীর এই পবিত্র মাটির নিবিড় সম্পর্ক আছিল। ছত্রপতি শিবাজী মহাৰাজে ইয়াৰ পৰাই প্রেৰণা পাইছে। ৰাণী লক্ষ্মীবাঈৰ পৰা আৰম্ভ কৰি চন্দ্রশেখৰ আজাদ পর্যন্ত কতনা সেনানীৰ কর্মভূমি – জন্মভূমি আছিল এই কাশী। ভাৰতেন্দু হৰিশ্চন্দ্র, জয়শঙ্কৰ প্রসাদ, মুন্সি প্রেমচন্দ্র, পণ্ডিত ৰবিশঙ্কৰ, আৰু বিছমিল্লা খানৰ দৰে প্রতিভাসকলৰ জন্মভূমি এই নগৰী – মই এই স্মৰণক কিমান দূৰলৈ লৈ যাম, আৰু কিমান ক’ম, ভাণ্ডাৰ ভৰা আছে! যেনেকৈ কাশী অনন্ত, তেনেকৈ কাশীৰ অবদানো অনন্ত। কাশীৰ উন্নয়নত এই অনন্ত পুন্যাত্মাসকলৰ প্রাণশক্তিও অন্তৰ্ভুক্ত আছে। এই উন্নয়নত ভাৰতৰ অনন্ত পৰম্পৰাসমূহৰ ঐতিহ্য অন্তৰ্ভুক্ত আছে। সেয়ে প্রত্যেক মত – মতান্তৰৰ মানুহ, প্রত্যেক ভাষা বর্গৰ মানুহ ইয়ালৈ আহে আৰু ইয়াৰ সৈতে নিজৰ আত্মিক নিবিড়তা অনুভৱ কৰে।

বন্ধুসকল,

কাশী আমাৰ ভাৰতৰ সাংস্কৃতিক, আধ্যাত্মিক, ৰাজধানী তো হয়েই। ই ভাৰতাত্মাৰ এক জীৱন্ত অবতাৰো। আপোনালোকে চাওক, পূব আৰু উত্তৰক যুক্ত কৰা উত্তৰপ্রদেশত অবস্থিত এই কাশী, এই বিশ্বনাথ মন্দিৰক ভাঙি পুনৰ্নিৰ্মাণ কৰিছিল। মাতা অহল্যাবাঈ হোলকৰ, যাৰ জন্মভূমি আছিল মহাৰাষ্ট্র, কিন্তু কর্মভূমি আছিল ইন্দোৰ – মাহেশ্বৰ আৰু অনেক এলেকাত। সেই মাতা অহল্যবাঈ হোলকৰক আজি এই উপলক্ষ্যে প্রণাম জনাইছো। আজিৰ পৰা দুই – আঢ়ৈশ বছৰৰ আগতে তেওঁ কাশীৰ বাবে কত কিযে কৰিছে। তাৰ পিছৰ পৰা কাশীৰ বাবে ইমান কাম আকৌ এতিয়াই হ’ল।

বন্ধুসকল,

বাবা বিশ্বনাথ মন্দিৰৰ আভা বৃদ্ধিৰ বাবে পাঞ্জাবৰ পৰা মহাৰাজা ৰঞ্জিত সিঙে ২৩ মোন সোণ উৎসর্গ কৰিছিল, এই মন্দিৰৰ শিখৰক সোণেৰে সজাইছিল। তাৰ অনেক আগতে পাঞ্জাবৰ পৰা পূজনীয় গুৰু নানক দেবজীও কাশীলৈ আহিছিল। ইয়াত সৎসঙ্গ কৰিছিল। অন্যান্য শিখ গুৰুসকলৰ সৈতেও কাশীৰ বিশেষ সম্পর্ক আছিল। পাঞ্জাবৰ মানুহে কাশীৰ পুননির্মাণৰ বাবে মুক্তহস্তে দান কৰিছিল। আগতে বাংলাৰ ৰাণী ভবানীয়ে বেনাৰসৰ উন্নয়নৰ বাবে তেওঁৰ সৰ্বস্ব অর্পণ কৰিছিল। মাইছোৰৰ ৰজা আৰু অন্যান্য দক্ষিণ ভাৰতীয় ৰজাসকলেও বেনাৰসৰ উন্নয়নৰ বাবে অনেক অবদান ৰাখিছে। এইখন এনে এখন চহৰ, য’ত আপোনালোকে উত্তৰ, দক্ষিণ নেপালি – প্রায় সকলো ধৰণৰ শৈলিত নির্মিত মন্দিৰ দেখিবলৈ পাব। বিশ্বনাথ মন্দিৰ এনেকুৱাই আধ্যাত্মিক চেতনাৰ কেন্দ্র আছিল, আৰু এতিয়া এই বিশ্বনাথ ধাম পৰিসৰে তাৰ অনিন্দ্যসুন্দৰ ৰূপত এই চেতনাক আৰু প্রাণশক্তি জোগাব।

বন্ধুসকল,

দক্ষিণ ভাৰতৰ জনগণৰ কাশীৰ প্রতি আস্থা, কাশীৰ ওপৰত দক্ষিণ ভাৰতৰ প্রভাব, আৰু দক্ষিণ ভাৰতৰ ওপৰত কাশীৰ প্রভাব আমি সকলোৱে খুব ভালদৰে জানো। এখন গ্রন্থত লিখা আছিল,

“তেনো – পয়াথেন কদা – চলাত, বাৰাণসিম পাপ – নিবাৰণন।

আবাদি বাণী বলিনাহ, স্বশিষ্যন, বিলোক্য লীলা-বাসৰে, বলিপ্তান”

– এই কথা কন্নৰ ভাষাত কোৱা হৈছে। অর্থাৎ যেতিয়া জগৎগুৰু মাধবাচার্যজীয়ে তেওঁৰ শিষ্যসকলক লৈ ভ্ৰমণত আছিল, তেতিয়া তেওঁ কৈছিল, যে কাশীৰ বিশ্বনাথে পাপ নিবাৰণ কৰে। তেওঁ নিজৰ শিষ্যসকলক কাশীৰ বৈভব আৰু তাৰ মহিমা সম্পর্কে বুজায়।

বন্ধুসকল,

কেইবা শতাব্দী ধৰি এই ভাবনামালা ক্রমাগত প্রবহমান, তামিল ভাষাৰ মহাকবি সুব্রহমণ্য ভাৰতী কাশী প্রবাসে যাৰ জীৱনৰ পথ পৰিবর্তন কৰি দিছিল। তেওঁ এঠাইত তামিলত লিখিছিল,

‘কাশী নগৰও পুলভৰ পেসুম উৰঈ দান, কাঞ্জিইল –কে পদর্কৌৰ, খৰুভি সেভোম’

অর্থাৎ কাশী নগৰীৰ সন্ন্যাসী কবিৰ ভাষণ কাঞ্চিপুৰত শুনাৰ ব্যবস্থা কৰিব। কাশীৰ পৰা সঞ্চাৰিত প্রতিটো বার্তা ইমানেই ব্যাপক যে, দেশৰ গতি পৰিবর্তন কৰি দিয়ে। এইখিনিতে আৰু এটা কথা ক’ব খুজিম, মোৰ পুৰণি অভিজ্ঞতাৰ পৰা কৈছো, আমাৰ ঘাটবিলাকত বসবাসকাৰী, নৌকা চলোৱা মাঝিসকলৰ দৰে অনেক বেনাৰসবাসীয়ে তো ৰাতি কেতিয়াবা অনুভব কৰিছে যে, তামিল, তেলেগু, কন্নড়, মালয়ালম ইমানেই নিখুঁত কয়, যে ধাৰণা হ’ব তেওঁলোক চাগে কেৰালা, তামিলনাড়ু কিংবা কর্ণাটকৰ পৰা আহিছে। ইমান ভাল তেওঁলোকে ক’ব পাৰে।

বন্ধুসকল,

ভাৰতৰ হাজাৰ হাজাৰ বছৰৰ প্রাণশক্তি এনেকৈয়ে তো সুৰক্ষিত আছে, সংৰক্ষিত আছে। যেতিয়া ভিন্ন ভিন্ন স্থানৰ ভিন্ন ভাষাৰ মানুহে এক সূত্রত যুক্ত হয়, তেতিয়া ভাৰত ‘এক ভাৰত, শ্রেষ্ঠ ভাৰত’ ৰূপে জাগ্রত হৈ উঠে। সেইবাবে আমাৰ ‘সৌৰাষ্ট্রত সোমনাথম’ৰ পৰা আৰম্ভ কৰি, ‘অযোধ্যা, মথুৰা, মায়া, কাশী, কাঞ্চি, অবন্তিকা’ নগৰবিলাকক প্রতিদিন স্মৰণ কৰাৰ কথা শিকোৱা হয়। আমাৰ দেশত তো দ্বাদশ জ্যোতির্লিঙ্গক স্মৰণ কৰাৰ সুফলক এনেদৰে কোৱা হৈছে – ‘তস্য তস্য ফলপ্রাপ্তিকঃ, ভবিষ্যতি নসংশয়াকঃ।।’ অর্থাৎ সোমনাথৰ পৰা আৰম্ভ কৰি বিশ্বনাথ পর্যন্ত দ্বাদশ জ্যোতির্লিঙ্গক স্মৰণ কৰাৰ মাধ্যমত প্রতিটো সংকল্প যে সিদ্ধ হয়, ইয়াত কোনো সংশয় নাই। এই সংশয় এইবাবে নাই, কাৰণ এই স্মৰণৰ সূত্রত আমাৰ মনত গোটেই ভাৰতৰ ঐক্যভাব ফুটি উঠে। আৰু যেতিয়া ভাৰতৰ ঐক্যভাব মনৰ মাজত জাগি উঠে, তেতিয়া কোনো সংশয় আৰু বাকী নাথাকে, অসম্ভব বুলি আৰু একো নাথাকে।

বন্ধুসকল,

এইটো কেৱল সংযোগৰ বিষয় নহয়, কাশীয়ে যেতিয়াই আলস্য ভাঙিছে, তেতিয়াই নতুন কিবা হৈছে, দেশৰ ভাগ্য সলনি হৈছে। বিগত ৭ বছৰত কাশীত যি উন্নয়নৰ মহাযজ্ঞ চলিছে, সেয়া আজি এটা নতুন প্রাণশক্তিত উজ্জ্বীৱিত হৈ উঠিছে। কাশী – বিশ্বনাথ ধামৰ এই “লোকার্পণ সমাৰোহে” ভাৰতক এক নির্ণায়ক দিশ প্রদান কৰিব। এক উজ্জ্বল ভবিষ্যতৰ দিশে লৈ যাব। এই পৰিসৰ আমাৰ সামর্থ আৰু আমাৰ কর্তব্যৰ সাক্ষী। যদি আমি ভাবি লওঁ যে কৰিম, আমি যদি দৃঢ় প্রতিজ্ঞ হওঁ, তেন্তে একোৱেই অসম্ভব নহয়। প্রত্যেক ভাৰতবাসীৰ বাহুত যি বল আছে, সি অকল্পনীয়ক মূর্ত কৰি তোলে। আমি জপ জানো, তপস্যা জানো, দেশৰ বাবে দিনে –নিশাই পৰিশ্রম কৰিব জানো। প্রতিকূলতা যিমানেই ডাঙৰ নহওক কিয়, আমি সমস্ত ভাৰতবাসী লগ হৈ তাক পৰাস্ত কৰিব পাৰো। বিনাশকাৰী শক্তি কেতিয়াও ভাৰতৰ শক্তি, আৰু ভাৰতৰ ভক্তিতকৈ ডাঙৰ হ’ব নোৱাৰে। মনত ৰাখিব, যি দৃষ্টিৰে আমি নিজকে চাম, সেই দৃষ্টিৰে বিশ্বই আমাক চাব। মই অত্যন্ত আনন্দিত যে অনেক শতাব্দীৰ দাসত্বই আমাৰ ওপৰত যি প্রভাব পেলাইছিল, ভাৰতবাসীৰ মনক যি হীনভাবনাই আকীর্ণ কৰি তুলিছিল, আজি ভাৰতে সেই হীনভাবৰ পৰা ওলাই আহিছে। আজিৰ ভাৰত কেৱল সোমনাথ মন্দিৰৰ সৌন্দর্যায়ন কৰা নাই। সমুদ্রতলত হাজাৰ হাজাৰ কিলোমিটাৰ দীর্ঘ অপটিকেল ফাইবাৰো বিয়পাই দিব পাৰে। আজিৰ ভাৰতে কেৱল বাবা কেদাৰনাথ মন্দিৰৰ পুনর্নির্মাণ কৰা নাই, নিজৰ শক্তিৰে অন্তৰীক্ষ্যলৈ ভাৰতীয়সকলক পঠোৱাৰ প্রস্তুতি চলাই যাব পাৰে। আজিৰ ভাৰতে কেৱল অযোধ্যাত প্রভু শ্রীৰামৰ মন্দিৰ নির্মাণ কৰা নাই, দেশৰ প্রত্যেক জিলাত মেডিকেল কলেজো খুলিছে। আজিৰ ভাৰতে কেৱল বাবা বিশ্বনাথ ধামক পুনর্নির্মাণ কৰি অনিন্দ্যসুন্দৰ কৰি তোলা নাই, দেশৰ অসংখ্য দৰিদ্র মানুহৰ বাবে ঘৰো সাজি দিছে।

বন্ধুসকল,

নতুন ভাৰতত আমাৰ সংস্কৃতিক লৈ গর্বও আছে। আৰু আমাদৰ সামর্থক লৈ সিমানেই ভৰসাও আছে। নতুন ভাৰতত ঐতিহ্যও আছে। আৰু উন্নয়নো আছে। আপোনালোকে চাওক, অযোধ্যাৰ পৰা জনকপুৰলৈ যাতায়াত সহজ কৰি তোলাৰ বাবে ‘ৰাম – জানকী মার্গ’ নির্মিত হৈছে। আজি ভগৱান ৰামৰ সৈতে জড়িত স্থানসমূহক ৰামায়ণ ছার্কিটৰ মাধ্যমত যুক্ত কৰা হৈছে। আৰু সমান্তৰালকৈ ৰামায়ণ ট্রেনো চলোৱা হৈছে। বুদ্ধ ছার্কিটক লৈ যেনেকৈ কাম হৈছে, তেনেকৈ কুশীনগৰত আন্তর্জাতিক বিমানবন্দৰো প্ৰস্তুত কৰা হৈছে। এফালে যেনেকৈ কর্তাৰপুৰ চাহিব কৰিডৰ নির্মাণ কৰা হৈছে, তেনেকৈ আনফালে হেমকুণ্ড চাহিবজীৰ দর্শন সহজ কৰি তোলাৰ বাবে ৰোপৱে নির্মাণৰ প্রস্তুতি চলিছে। উত্তৰাখণ্ডত ‘চাৰি ধাম পথ মহাপৰিযোজনা’ক লৈ দ্রুত গতিত কাম চলিছে। ভগৱান ভিঠ্ঠলৰ কোটি কোটি ভক্তৰ আশীৰ্বাদত ‘শ্রী সন্ত জ্ঞানেশ্বৰ মহাৰাজ পালখী মার্গ’ আৰু ‘সন্ত তুকাৰাম মহাৰাজ পালখী মার্গ’ নির্মাণৰ কামো এই কেইসপ্তাহ মানৰ আগতে আৰম্ভ হৈ গৈছে।

বন্ধুসকল,

কেৰালাত গুৰু ভায়ুৰ মন্দিৰৰ পৰা আৰম্ভ কৰি তামিলনাড়়ুত কাঞ্চিপুৰম – ভেলনকানী, তেলেঙ্গানাত জোবুলাম্বা দেৱী মন্দিৰৰ পৰা আৰম্ভ কৰি পশ্চিমবঙ্গত বেলুড়মঠ, গুজৰাটৰ দ্বাৰকাজীৰ পৰা আৰম্ভ কৰি অৰুণাচলপ্রদেশৰ পৰশুৰামকুণ্ড দেশৰ ভিন্ন ভিন্ন ৰাজ্যত আমাৰ আধ্যাত্মিকতা আৰু সংস্কৃতিৰ সৈতে যুক্ত এনেকুৱা অনেক স্থানত সম্পূর্ণ ভক্তিভাব লৈ কাম কৰা হৈছে, অথবা কাম চলিছে।

ভাতৃ আৰু ভগ্নীসকল,

আজিৰ ভাৰতে তাৰ হেৰাই যোৱা ঐতিহ্যক আকৌ সঞ্জীবিত কৰি তুলিছে, পুনৰুজ্জীবিত কৰি তুলিছে। ইয়াত কাশীত তো মা অন্নপূর্ণা স্বয়ং বিৰাজমান। মই অত্যন্ত আনন্দিত, কাশীৰ পৰা চুৰি কৰি নিয়া মা অন্নপূর্ণাৰ মূর্তি এক শতাব্দী অপেক্ষাৰ পিছত, এশ বছৰ পিছত আকৌ এবাৰ কাশীত স্থাপন কৰা হৈছে। মা অন্নপূর্ণাৰ কৃপাত কৰোণাৰ কঠিন সময়ত দেশে নিজৰ অন্ন ভাণ্ডাৰ খুলি দিছে, যাতে দেশৰ কোনো দৰিদ্র মানুহে খালীপেটে শুবলগীয়া নহয়, সেই দিশত লক্ষ্য ৰখা হৈছে, বিনামূল্যে ৰেছনৰ ব্যৱস্থা কৰা হৈছে।

বন্ধুসকল,

যেতিয়াই মই ভগৱানৰ দর্শন কৰিবলৈ আহো, মন্দিৰলৈ আহো, বহুবাৰ ঈশ্বৰৰ ওচৰত কিবা বিচাৰো, কিবা সংকল্প লৈ আহো, মোৰ বাবে তো জনগণেশেই ঈশ্বৰৰ ৰূপ। মোৰ বাবে প্রত্যেক ভাৰতবাসী ঈশ্বৰৰেই অংশ। সমস্ত মানুহে যেনেকৈ ভগবানৰ কাষলৈ আহি কিবা বিচাৰে, তেনেকৈ ময়ো আপোনালোকক ভগৱান বুলি ভাবোঁ। জনগণেশকে ঈশ্বৰৰ ৰূপ বুলি মানো। সেয়ে আজি আপোনালোকৰ ওচৰত কিছু প্রার্থনা জনাব বিচাৰো। আপোনালোকৰ পৰা কিছু ভিক্ষা বিচাৰো। মই নিজৰ বাবে, আমাৰ দেশৰ বাবে তিনিটা সংকল্প গ্রহণৰ অনুৰোধ জনাওঁ। এই কথা নাপাহৰিব, তিনিটা সংকল্প। আৰু এই অনুৰোধ মই বাবাৰ পৱিত্র মাটিৰ পৰা কৰিছো। প্রথমটো হ’ল, পৰিচ্ছন্নতা, দ্বিতীয়টো সৃষ্টিশীলতা, আৰু তৃতীয়টো আত্মনির্ভৰ ভাৰত গঠনৰ বাবে ক্রমাগত চেষ্টা। পৰিচ্ছন্নতা এটা জীৱনশৈলী, পৰিচ্ছন্নতাই আমাৰ জীৱনক অনুশাসনত ৰাখে। আমাৰ জীৱনত কর্তব্যৰ এটা ডাঙৰ শৃঙ্খলা লৈ আহে। ভাৰেত যিমানেই উন্নয়ন নকৰক কিয়, পৰিচ্ছন্ন নাথাকিলে আমাৰ বাবে আগবাঢ়ি যোৱা কঠিন হ’ব। এই লক্ষ্যত আমি বহু কাম কৰিছো। কিন্তু আমাৰ নিজৰ চেষ্টা আৰু বঢ়াব লাগিব। কর্তব্যৰ ভাবনাত উজ্জীবিত আপোনালোকৰ এটি ক্ষুদ্র প্রচেষ্টাই দেশক বহু সহায় কৰিব। ইয়াত বেনাৰসতো চহৰৰ অলিয়েগলিয়ে, ঘাটবিলাকত পৰিচ্ছন্নতাক আমি এটা নতুন স্তৰলৈ লৈ যাব লাগিব। গঙ্গাজীৰ পৰিচ্ছন্নতাৰ বাবে উত্তৰাখণ্ডৰ পৰা আৰম্ভ কৰি পশ্চিমবঙ্গ পর্যন্ত কত যে প্রচেষ্টা চলিছে! ‘নমামি গঙ্গে অভিযান’ যেন সফল হয়, সেই দিশত সজাগ থাকি আমি কাম কৰি যা লাগিব।

বন্ধুসকল,

দাসত্বৰ দীর্ঘ কালখণ্ডই আমাৰ আত্মবিশ্বাসক এনেকৈ ভাঙিছিল যে ভাৰতবাসীয়ে নিজৰ সৃষ্টিৰ ওপৰত, সৃজনশীলতাৰ ওপৰত বিশ্বাস হেৰুৱাইছিল। আজি হাজাৰ হাজাৰ বছৰ পুৰণি এই কাশীৰ পৰা প্রত্যেক ভাৰতবাসীৰ প্রতি মই এটা আহ্বান জনাব বিচাৰো, সম্পূর্ণ আত্মবিশ্বাস লৈ সৃষ্টিৰ পথত আগুৱাই যাওক, উদ্ভাৱন কৰক, উদ্ভাবক পদ্ধতিত কৰক। যেতিয়া ভাৰতৰ যুৱ সম্প্রদায়ে কৰোণাৰ এই কঠিন সময়ত হাজাৰ হাজাৰ ষ্টাৰ্টআপ গঢ়ি তুলিব পাৰে, ইমান প্রতিকূলতাৰ মাজত ৪০টাৰো বেছি ইউনিকর্ন গঢ়ি তুলিব পাৰে, ইয়াৰ পৰাই বুজা যায় যে, ভাৰতবাসীয়ে যি মন যায় কৰিব পাৰে। আপোনালোকে ভাবক, একো একোটা ইউনিকর্ন এনে ষ্টার্টআপ যিবিলাক প্রায় ৭০০০ কোটি টকাৰো বেছি, আৰু যি মাত্র যোৱা দেড় বছৰৰ ভিতৰত গঢ়ি উঠিছে। এইটো অভূতপূর্ব। প্রত্যেক ভাৰতবাসীয়ে যি য’ত আছে, যি ক্ষেত্রৰ কাম কৰে, তেওঁলোকে দেশৰ বাবে নতুন কিবা কৰাৰ চেষ্টা কৰিব। তেতিয়াই আমি নতুন পথ বিচাৰি পাম। নতুন পথ প্ৰস্তুত হ’ব, আৰু আমি প্রত্যেকেই নতুন গন্তব্যত অৱশ্যেই উপনীত হ’ম।

ভাতৃ আৰু ভগ্নীসকল,

তৃতীয় এটা সংকল্প যি আমি ল’ব লাগিব, সেইটো হ’ল আত্মনির্ভৰ ভাৰতৰ বাবে আমাৰ চেষ্টা বঢ়োৱা। এতিয়া স্বাধীনতাৰ অমৃতকাল চলিছে। আমি স্বাধীনতাৰ ৭৫তম বর্ষ পালন কৰিছো। যেতিয়া ভাৰতে স্বাধীনতাৰ শতবর্ষ সমাৰোহ পালন কৰিব, তেতিয়াৰ ভাৰত কেনেকুৱা হ’ব, তাৰবাবে আমি এতিয়াৰে পৰা কাম কৰিব লাগিব। আৰু সেই বাবে আমি আত্মনির্ভৰ হৈ উঠা অত্যন্ত প্রয়োজনীয়। যেতিয়া আমি দেশৰ প্ৰস্তুত বস্তুবিলাকৰ বাবে গর্ব অনুভৱ কৰিম, যেতিয়া ‘লোকেলৰ বাবে ভোকেল’ হ’ম, যেতিয়া আমি এনেকুৱা বস্তুবিলাকহে কেৱল কিননিম, যিবোৰে প্ৰস্তুত কৰিবলৈ কোনোবা ভাৰতবাসীৰ ঘাম সৰিছে, তেতিয়া আমি এই অভিযানক সহায় কৰা হ’ব। অমৃতকালত ভাৰতে ১৩০ কোটি দেশবাসীৰ প্রচেষ্টাত আগবাঢ়ি গৈছে, মহাদেৱৰ কৃপাত, প্রত্যেক ভাৰতবাসীৰ প্রচেষ্টাত আমি আত্মনির্ভৰ ভাৰতৰ স্বপ্ন বাস্তবায়িত কৰি দেখুৱাম। এই বিশ্বাস লৈ মই বাবা বিশ্বনাথৰ, মা অন্নপূর্ণাৰ, কাশী কোতোৱালৰ, আৰু সমস্ত দেৱদেৱীৰ চৰণত আকৌ এবাৰ প্রণাম জনাইছো। ইমান বিপুল সংখ্যক মানুহ দেশৰ নানা প্রান্তৰ পৰা আহি একত্ৰিত হৈছে, ইমান পূজনীয় সন্ন্যাসী আৰু মহাত্মা পুৰুষ আহিছে, এয়া আমাৰ বাবে, মোৰ দৰে সাধাৰণ নাগৰিকসকলৰ বাবে এটা সৌভাগ্যৰ মুহূর্ত। মই সমস্ত সন্ন্যাসীসকলক, সমস্ত পূজনীয় মহাত্মাসকলক মূৰ দোঁৱাই হৃদয়ৰ পৰা অভিনন্দন জনাইছো, প্রণাম জনাইছো। মই আজি সমস্ত কাশীবাসীক, সমস্ত দেশবাসীক আকৌ এবাৰ শুভেচ্ছা জনাইছো, বহুত বহুত অভিনন্দন জনাইছো, বহুত বহুত শুভ কামনা। হৰ হৰ মহাদেৱ।