ভদ্ৰ পুৰুষ-মহিলাসকল,
কিছু সময় দেৰিকৈ উপস্থিত হোৱাৰ বাবে মই ক্ষমা বিচাৰিছো৷ সৰ্বপ্ৰথমে মই সকলোকে লীলাধৰ বালাগোপাল নন্দলানৰ ভূমিৰ পৰা শুভেচ্ছা জনাইছো৷
আজি যেতিয়া ভগৱানৰ কৃষ্ণৰ লীলাৰ সাক্ষী ব্রজধামত মই এই মহত্বপূৰ্ণ পবিত্র অনুষ্ঠানত আহিছো, তেতিয়া আপোনালোকৰ ভগৱদ্গীতাৰ এটি শ্লোক শুনাব বিচাৰিছো৷ ভগৱান কৃষ্ণই কৈছিল–
দাতব্য মিতি য়দ্দানম্ দীয়তে নুপকাৰিণে।
দেশে কালে চ পাত্রে চ তদ্দানং সাত্ত্বিকং স্মৃতম্।।
অর্থাৎ, যি দানক কর্তব্য ভাবি কোনোধৰণৰ উপকাৰৰ ভাৱনা অবিহনে সঠিক সময়ত, সঠিক স্থানত আৰু যোগ্য ব্যক্তিক দান কৰা হয় – তাকেই সাত্ত্বিক দান বোলা হয়।
অক্ষয় পাত্র সংস্থানে বিগত ১৮ বছৰ ধৰি দেশৰ শৈশৱক পুষ্টিকৰ আহাৰ প্রদানৰ জৰিয়তে এই সাত্ত্বিক দান কৰি আহিছে৷ সেইবাবে আপোনালোক সকলোকে বহুত বহুত প্রশংসা আৰু শুভেচ্ছা জনাইছো।
বন্ধুসকল, আৰু কিছু সময়ৰ পাছত একাংশ শিশুক মোৰ আহাৰ পৰিৱেশনৰ সৌভাগ্য হ’ব। আজি যিমান থালি পৰিৱেশন কৰা হ’ব তাৰ ভিতৰত এই সংস্থাৰ দ্বাৰা প্রদত্ত ৩০০ কোটিতম থালিও থাকিব৷ ইয়াত মই শুনিছো যে ১,৫০০ শিশুক খাদ্যৰ দিয়াৰ পৰা অভিযান আৰম্ভ হৈছিল৷ আৰু এতিয়া… অলপ আগতে মোহনদাসে কৈছিল যে এতিয়া দৈনিক ১৭ লাখ শিশুক পুষ্টিকৰ আহাৰ পৰিৱেশন কৰা হৈছে।
মই অতিশয় আনন্দিত যে আপোনালোক সকলোৱে শ্রদ্ধাৰ অটল বিহাৰী বাজপেয়ীৰ আমোলত প্রথম থালি পৰিৱেশন কৰিছিল৷ আজি মোৰ ৩০০ কোটিতম থালিটো পৰিৱেশনৰ সৌভাগ্য হৈছে৷
বন্ধুসকল, আপোনালোতে যি কাম কৰিছে সেয়া অসাধাৰণ সেৱা আৰু অতুলনীয় সমর্পণৰ কাম৷ এয়া আমাৰ সেই সংস্কাৰৰ বিস্তাৰ যি আমি হাজাৰ হাজাৰ বছৰৰ মহান পৰম্পৰাৰ পৰা উত্তৰাধিকাৰ সূত্রে পাইছো৷ মই জানি যে সেৱা আৰু সমর্পণ কোনোৱে কিবা পোৱাৰ বাবে, আনকি সন্মান পোৱাৰ বাবেও নকৰে৷ কিন্তু আপোনালোকৰ এই প্রচেষ্টাত সমগ্ৰ দেশত সাধাৰণ জনতাৰ মনত বিশেষ সমীহ আদায় কৰিবলৈ সক্ষম হৈছে৷
লাখ লাখ শিশুক খাদ্য খুওৱাৰ বাবে অক্ষয় পাত্র ফাউণ্ডেশ্যনক গান্ধী শান্তি পুৰস্কাৰেৰে সন্মানিত কৰা হৈছে৷ তদুপৰি, স্বামী মধুপণ্ডিত দাসক পদ্মশ্রী পুৰস্কাৰেৰে বিভূষিত কৰা হৈছে৷ সেইবাবে আপোনালোক সকলোকে বহুত বহুত শুভেচ্ছা জনাইছো৷
বন্ধুসকল, স্বাধীনতাৰ পূৰ্বৰ পৰাই দেশৰ বিদ্যালয়সমূহত মধ্যাহ্নভোজনৰ প্রথা আৰম্ভ হৈছিল৷ পৰাধীনতাৰ সুদীর্ঘ কালছোৱাত বিদেশী শোষণৰ ফলত আমাৰ দেশত যি সম্পদৰ অভাৱ সৃষ্টি হৈছিল, দাৰিদ্ৰতাই চৰম পৰ্যায় পাইছিল, জনগণে কর্মসংস্থাপনৰ বাবে প্রতিক্ষণতে সংঘর্ষ কৰিব লাগিছিল, ইয়াৰ পৰা সকলোতে নেতিবাচক প্রভাব পৰিছিল দেশৰ শিশুসকলৰ স্বাস্থ্যৰ ওপৰত৷ এতিয়া পৰিৱর্তিত পৰিস্থিতিত শিশুসকলৰ পুষ্টিৰ লগতে পর্যাপ্ত আৰু সুষম খাদ্য প্রদান সুনিশ্চিত কৰা হৈছে৷ এইদৰে আপোনালোকে ৰন্ধনৰ পৰা আৰম্ভ কৰি খাদ্য প্ৰদান আৰু পৰিৱেশনৰ জৰিয়তে দেশৰ সেৱা কৰিছে৷
বন্ধুসকল, এক মজবুত অট্টালিকা নিৰ্মাণ কৰিবলৈ যেনেকৈ শক্তিশালী আধাৰৰ প্রয়োজন হয়, শক্তিশালী ভাৰত গঢ়ি তুলিবলৈও সুষম পুষ্টিসম্পন্ন সুস্থ শৈশৱৰ প্রয়োজন৷ দেশৰ শৈশৱ দুর্বল হ’লে, উন্নয়নৰ গতি মন্থৰ হৈ পৰিব৷ জন্মৰ আগতে তথা সদ্যোজাতকক যথাযথ আহাৰৰ ব্যৱস্থা কৰিলে, বিভিন্ন ৰোগৰ বিৰুদ্ধে যুঁজাৰ উপযোগী কৰি তুলিব পাৰিলে ভৱিষ্যতে তেওঁলোকৰ স্বাস্থ্যক লৈ সমস্যা কম হয়৷
ভগৱদ্গীতাত কোৱা হৈছে–
য়ুক্তাহাৰবিহাৰস্য য়ুক্তচেষ্টস্য কর্মসু।
য়ুক্তস্বপ্নাববোধস্য য়োগো ভবতি দুঃখহা।।
অর্থাৎ, যিসকলৰ আহাৰ, আচাৰ আৰ চলন ভাৰসাম্যযুক্ত, যিসকলে নিয়ম মানি শোঁৱে আৰু উঠে, ধ্যানৰ পথত তেওঁলোকে সকলো দুঃখ দূৰ কৰিব পাৰে৷ এই ভাৱনাৰে আগুৱাই গৈ বিগত ৫৫ মাহত কেন্দ্রীয় চৰকাৰে শিশুসকলৰ সুস্থ জীৱন সুনিশ্চিত কৰাৰ বাবে মাতৃ আৰু শিশুসকলৰ পুষ্টিসাধনক অগ্রাধিকাৰ প্ৰদান কৰিছে৷
বন্ধুসকল, স্বাস্থ্যৰ সৈতে পুষ্টিৰ পোনপটীয়া সম্পর্ক আছে৷ সেইবাবে আমি যদি পুষ্টি অভিযানক প্রত্যেক মাতৃ আৰু শিশুক প্ৰদান কৰাত সফল হও, তেতিয়াহ’লে বহুত জীৱন ৰক্ষা হ’ব৷ এই ভাৱনাৰে আমাৰ চৰকাৰে যোৱা বছৰ ছেপ্টেম্বৰ মাহত ৰাজস্থানৰ ঝুনঝুনুৰ পৰা সমগ্ৰ দেশত ৰাষ্ট্রীয় পোষণ অভিযান আৰম্ভ কৰিছে৷
বন্ধুসকল, এই কথা কোৱা নাই যে এই পুষ্টি অভিযান, স্বচ্ছতা, টিকাকৰণ – এইবোৰক লৈ আগতে কোনেও ভবা নাছিল৷ এই সকলো বিষয়ক লৈ স্বাধীনতাৰ পাছৰ পৰাই বহু চৰকাৰী আঁচনি হাতত লোৱা হৈছে কিন্তু ইমান বছৰে সফলতাৰে ৰূপায়ণ হোৱা নাছিল৷ আমাতকৈ বহুত কম সম্পদ থকা সৰু সৰু দেশেও এইবোৰ ক্ষেত্রত আমাতকৈ বহু আগুৱাই গৈছে৷ ২০১৪ চনত দায়িত্ব গ্রহণৰ পাছত এই পৰিস্থিতিৰ পৰা বাহিৰ হোৱাৰ বাবে আমি নতুন ৰণনীতিৰে কাম আৰম্ভ কৰিছো৷ টিকাকৰণৰ অভিযানক এক মিচন হিচাপে পৰিচালিত কৰাৰ সিদ্ধান্ত ল’লো৷ ‘মিচন ইন্দ্রধনুষ’ৰ জৰিয়তে দেশৰ প্রতিগৰাকী শিশুৰ টিকাকৰণ সুনিশ্চিত কৰাৰ লক্ষ্যৰে কাম কৰি আহিছো৷
বন্ধুসকল, ইতিমধ্যে এই অভিযানৰ জৰিয়তে দেশৰ প্রায় ৩.৪০ কোটি শিশু আৰু প্রায় ৯০ লাখ গর্ভৱতী মহিলাৰ টিকাকৰণ সম্পন্ন হৈছে৷ যি গতিত কাজ চলিছে, মই নিশ্চিত যে অতি সোনকালে আমি সাৰ্বজনীন টিকাকৰণৰ লক্ষ্য পূৰণ কৰিবলৈ সক্ষম হ’ম৷
বন্ধুসকল, আমি টিকাকৰণ অভিযানক ত্বৰান্বিত কৰাৰ লগতে প্রতিষেধক টিকাৰ সংখ্যাও বৃদ্ধি কৰিছো৷ আগতে এই কাৰ্যসূচীৰ জৰিয়তে যিমানবোৰ টিকা প্ৰদান কৰা হৈছিল, এতিয়া তাৰ সৈতে আৰু পাঁচটা নতুন টিকা যোগ কৰা হৈছে৷ ইয়াৰ ভিতৰত এটি হ’ল এনকেফেলাইটিছ বা জাপানীজ জ্বৰৰ প্রতিষেধক৷ আমাৰ উত্তৰপ্রদেশৰ কেতবোৰ এলেকাত এই এনকেফেলাইটিছে ভয়ানক ৰূপ ধাৰণ কৰিছিল৷ ফলত এতিয়া শিশুসকলক মুঠ ১২বিধ প্রতিষেধকৰ টিকাকৰণ প্ৰদান কৰা হয়৷
মই অতিশয় আনন্দিত যে ভাৰতৰ এই প্রচেষ্টা ‘মিচন ইন্দ্রধনুষ’ আজি সমগ্ৰ বিশ্বত উচ্চ প্রশংসা লাভ কৰিছে৷ সম্প্রতি এখন বিশ্বখ্যাত মেডিকেল জার্নালত এই ‘মিচন ইন্দ্রধনুষ’ক বিশ্বৰ ১২টা শ্রেষ্ঠ জনকল্যাণকামী অভিযানৰ অন্যতম হিচাপে বাছনি কৰিছে৷ তদুপৰি,, প্রধানমন্ত্রী সুৰক্ষিত মাতৃত্ব অভিযান, নৱজাতক আৰু প্রসূতি মাতৃৰ স্বাস্থ্য, সুৰক্ষিত গর্ভ আৰু গর্ভধাৰণকালত পুষ্টিকৰ আহাৰৰ বাবে চৰকাৰৰ পৰা যি ৬ হাজাৰ টকাকৈ সাহায্য দিয়া হৈছে, তাৰ ফলত দেশত নৱজাতক শিশু, প্রসূতি আৰু গর্ভৱতী মাতৃৰ মৃত্যুৰ হাৰ যথেষ্ট হ্ৰাস পাইছে৷
বন্ধুসকল, শিশুসকলৰ স্বাস্থ্য সুৰক্ষাৰ এটি গুৰুত্বপূর্ণ ৰক্ষাকবচ হ’ল স্বচ্ছতা৷ পাঁচ বছৰতকৈ কম বয়সীয়া শিশুসকলৰ জীৱনত আটাইতকে ডাঙৰ বিপদ হ’ল ডায়েৰিয়া। আমি স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে এই বিপদৰ পৰা বহু পৰিমানে উদ্ধাৰ হৈছো৷
যোৱা বছৰ এক আন্তঃৰাষ্ট্ৰীয় সমীক্ষাত কোৱা হৈছে যে কেৱল ‘স্বচ্ছ ভাৰত অভিযান’ৰ জৰিয়তে শৌচালয় ব্যৱহাৰ আৰম্ভ কৰাৰ ফলত প্রায় ৩ লাখ লোকৰ জীৱন ৰক্ষা কৰাটো সম্ভৱ৷ স্বচ্ছতাৰ শক্তি ইমানেই যে দুখীয়াসকলে বিনা খৰচত জীৱন ৰক্ষা কৰিব পাৰিছে৷
অলপ আগতে মুখ্যমন্ত্রী যোগীয়ে মোক কৈছিল যে এইবাৰৰ কুম্ভমেলা স্বচ্ছতাৰ ক্ষেত্রত দৃষ্টান্ত প্ৰতিষ্ঠা কৰিছে। অৱশ্যে শতিকাৰ পাছত শতিকা ধৰি কুম্ভমেলাই সামাজিক বার্তা প্রদানৰ বাবে এক বিশেষ অৱকাশ গঢ়ি উঠিছে৷ সাধাৰণতে দেশৰ লগতে বিশ্বৰ সর্বত্র খবৰৰ কাগজত কুম্ভমেলা সম্পর্কে কিছু ছপা হ’লে তাত নাগা সাধুসকলৰ সম্পর্কে সংবাদ আৰু ফটো ছপা হয়। কিন্তু এইবাৰ প্রথমবাৰলৈ নিউয়র্ক টাইম্ছে কুম্ভমেলাৰ স্বচ্ছতাক লৈ প্রশংসাসূচক প্রতিবেদন প্ৰকাশ কৰিছে৷
মোক কোৱা হৈছে যে অক্ষয় পাত্র ফাউণ্ডেশ্যনেও বিদ্যালয়সমূহত স্বচ্ছতাৰ প্রতি সজাগতা বৃদ্ধিৰ বাবে স্বচ্ছ ছাত্র, স্বচ্ছ বিদ্যালয় আৰু স্বচ্ছ গৃহৰ প্রতিযোগিতাৰ আয়োজন কৰিছে। এই পবিত্র কর্মৰ বাবে বহুত বহুত শুভেচ্ছা জনাইছো৷
বন্ধুসকল, শিশুসকলৰ স্বাস্থ্য, সুষম আহাৰ আৰু পুষ্টিৰ ক্ষেত্রত মাতৃৰ অপুষ্টি আৰু ৰোগীয়া স্বাস্থ্যৰ ভূমিকা আছে৷ দুখীয়া পৰিয়ালৰ মাতৃসকলে সদায় ৰান্ধনিশালত ধোঁৱাৰ সৈতেও যুদ্ধ কৰিবলগীয়া হৈছিল৷ বিগত চাৰে চাৰি বছৰ ধৰি আমি এই পৰিস্থিতিৰ পৰা উত্তৰণৰ বাবে কার্যকৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হৈছো৷ প্রত্যেক মাতৃ-ভগ্নীৰ ৰান্ধনীশালত উজ্জ্বলা যোজনাৰ মাধ্যমেৰে বিনামূল্যে ৰন্ধন গেছ সংযোগ প্রদানৰ অভিযান সাফল্য অৰ্জন কৰিছে৷ ইতিমধ্যে ৬ কোটি ২৫ লাখ গেছ সংযোগ প্রদান সম্ভৱ হৈছে, ইয়াৰ ভিতৰত ১ কোটি এই উত্তৰপ্রদেশৰ দুখীয়া ভনীসকলে পাইছে৷ তেওঁলোকে ৰন্ধন-কাৰ্যৰ বাবে কাঠ কটা অথবা সেই যোগাৰ কৰা অথবা গোৱৰ সংগ্ৰহ কৰি জ্বলোৱা দৰে জঞ্জালৰ পৰা মুক্তি পাইছে,ফলত নিজৰ লগতে ঘৰৰ শিশুসকলৰ নৈমিত্তিক ধোঁৱাৰ কবলৰ পৰা মুক্তি দিয়া হৈছে৷
বন্ধুসকল, আন এগৰাকী মাতৃয়ে আমাৰ শৈশৱৰ সুৰক্ষাত, আমাৰ জীৱনৰ পুষ্টিসাধনত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। গোকুলৰ ভূমিত থিয় হৈ মই তেওঁৰ প্রতি কৃতজ্ঞতা জনাব বিচাৰিছো৷ সেইগৰাকী মা হ’ল গো–মাতা। ভাৰতবাসীয়ে কেতিয়াও গো–মাতাৰ গাখীৰৰ ঋণ পৰিশোধ কৰিব নোৱাৰে৷ বাল গোপালৰ দৰে দেশৰ প্রতিগৰাকী শিশুৰ পুষ্টিসাধনত গাখীৰ, দৈ, মাখনেৰ উৎপাদনে গো–মাতাৰ ভূমিকা অনস্বীকার্য।
বন্ধুসকল, গো–মাতাই যুগ যুগ ধৰি আমাৰ সংস্কৃতি, আমাৰ পৰম্পৰা, গ্রামীণ অর্থনীতিত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে৷ ইয়াৰ মথুৰাতো গো–সেৱাৰ সমৃদ্ধ ঐতিহ্য আছে৷ বৰ্তমান সুদেৱী দাসী ভনীক পদ্মশ্রী উপাধিৰে সন্মানীত কৰা হৈছে, তেওঁৰ জীৱনে আমাৰ সংস্কাৰৰ শক্তি প্রদর্শন কৰে৷
বন্ধুসকল, গোকুলৰ এই ভাৱনা, দেশৰ ভাৱনাক বিস্তাৰ কৰিবলৈ কেন্দ্রীয় চৰকাৰে ৰাষ্ট্রীয় গোকুল অভিযান আৰম্ভ কৰিছিল৷ এইবাৰৰ বাজেটত সেই প্রকল্পক আৰু আগবঢ়াই ‘ৰাষ্ট্রীয় কামধেনু আয়োগ’ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ এই আয়োগৰ জৰিয়তে গো–মাতা আৰু গো–বংশৰ চোৱা-চিতা আৰু সংশ্লিষ্ট নিয়ম-কানুনক কার্যকৰীভাৱে বাস্তবায়িত কৰাৰ বাবে ৫০০ কোটি টকা আবণ্টন কৰা হৈছে৷
বন্ধুসকল, পশুপালক পৰিয়ালসমূহক সহায় কৰাৰ বাবে এতিয়া বেংকৰ দৰ্জা খুলি দিয়া হৈছে৷ ফচলৰ বাবে ঋণৰ দৰেই কিষাণ ক্রেডিট কার্ডৰ জৰিয়তে বেংকৰ পৰা ৩ লাখ টকালৈকে ঋণ পোৱাটো সুনিশ্চিত কৰা হৈছে৷ ইয়াৰ মাধ্যমেৰে সকলো পশুপালক ভাই–ভনীসকলৰ যথেষ্ট উপকাৰ হ’ব৷ ইয়াৰ সমান্তৰালভাৱে এই পদক্ষেপ দেশৰ দুগ্ধ শিল্পও জোৱাৰ আনিব৷ ফলস্বৰূপে, পশুপালকসকলৰ সংস্থাপন বৃদ্ধি পোৱাৰ লগতে তেওঁলোকৰ জীৱনো সহজ হ’ব৷
বন্ধুসকল, আমাৰ অন্নদাতা কৃষকসকলৰ বাবেও চৰকাৰে ডাঙৰ প্রকল্প হাতত লৈছে৷ ইয়াৰ জৰিয়তে আটাইতকৈ বেছি উপকৃত হ’ব উত্তৰপ্রদেশৰ কৃষকসকল৷ কাৰণ এই ৰাজ্যৰ অধিকাংশ কৃষকৰ দুইৰ পৰা পাঁচ একৰতকৈ কম ভূমি আছে৷ নতুন প্রকল্পত পাঁচ একৰ বা তাতকৈ কম ভূমি যিসকলৰ আছে, প্রতি বছৰে সেইসকল কৃষকৰ বেংক একাউণ্টত তিনিটা কিস্তিত ২ হাজাৰ টকাকৈ মুঠ ৬ হাজাৰ টকা জমা কৰা হ’ব৷
বন্ধুসকল, আমাৰ অন্নদাতাসকলে আজি অভিলেখ পৰিমাণৰ শস্য উৎপাদন কৰিছে৷ আৰ আপোনালোকৰ দৰে সমর্পিত প্রাণ কর্মকর্তাই সেই অন্ন শিশুসকলৰ মুখত তুলি দি দেশৰ ভৱিষ্যতক শক্তিশালী কৰাৰ কাম কৰিছে৷ এই প্রচেষ্টা ‘মই’ৰ পৰা ‘আমি’লৈ পোৱাৰ প্রচেষ্টাৰ উৎকৃষ্টতম উদাহৰন৷ সেইবাবে আপোনালোকক কৃতজ্ঞতা জনাইছো। আমি যেতিয়া এইদৰে ব্যক্তি স্বার্থৰ ঊর্ধ্বত থাকি সমূহৰ বাবে কাম কৰিব পাৰিম, তেতিয়া আমাৰ চিন্তাৰ পৰিধি প্রসাৰিত হয়। এই সামূহিক চিন্তাধাৰাই নিজৰ দেশ, নিজৰ সংস্কৃতি আৰু ঐতিহ্যক ব্যক্তিতকৈও অধিক গুৰুত্বপূর্ন কৰি তোলে৷ আমাৰ দেশত এই সামূহিক চিন্তাধাৰা শ্বাশ্বত আৰু অতি পুৰণি৷
বন্ধুসকল, ‘নতুন ভাৰতে’ দেশৰ এই শ্বাশ্বত চিন্তাধাৰাক আৰু অধিক শক্তিশালী কৰিব৷ আমি পৰস্পৰৰ সহযোগিতাত, সকলোৰে বাবে অর্থাৎ ‘সবকা সাথ, সবকা বিকাশ’ৰ পথত আগুৱাই যাম। পুনৰবাৰ আপোনালোৰ সেৱাৰ এই মহান সাফল্যৰ বাবে বহুত বহুত শুভেচ্ছা জনাইছো। আপোনালোকৰ এই সেৱাভাৱ অক্ষয় থাকক তাৰে কামনা কৰিলো৷
বহুত বহুত ধন্যবাদ৷
***
AKT/KP/IG/MG/AK/DB
आज थोड़ी देर बाद मुझे कुछ बच्चों को अपने हाथ से खाना परोसने का अवसर मिलने वाला है।
— PMO India (@PMOIndia) February 11, 2019
जितनी थालियां परोसी जाएंगी, उसमें से एक थाली 3 अरबवी है।
जैसा कि यहां बताया गया है कि 1500 बच्चों से ये अभियान शुरु हुआ था और आज 17 लाख बच्चों को पोषक आहार से जोड़ रहा है: PM
अब बदली परिस्थितियों में पोषकता के साथ, पर्याप्त और अच्छी गुणवत्ता वाला भोजन बच्चों को मिले, ये सुनिश्चित किया जा रहा है।
— PMO India (@PMOIndia) February 11, 2019
इस काम में अक्षय पात्र से जुड़े आप सभी लोग, खाना बनाने वालों से लेकर खाना पहुंचाने और
परोसने वाले तक के काम में जुटे सभी व्यक्ति देश की मदद कर रहे हैं: PM
यदि हम सिर्फ पोषण के अभियान को हर माता, हर शिशु तक पहुंचाने में सफल हुए तो अनेक जीवन बच जाएंगे।
— PMO India (@PMOIndia) February 11, 2019
इसी सोच के साथ हमारी सरकार ने पिछले वर्ष राजस्थान के झूंझनू से देशभर में राष्ट्रीय पोषण मिशन की शुरुआत की थी।
पिछले वर्ष सितंबर के महीने को पोषण के लिए ही समर्पित किया गया था: PM
मिशन इंद्रधनुष के तहत देश के हर बच्चे तक पहुंचने का लक्ष्य लिया गया।
— PMO India (@PMOIndia) February 11, 2019
अब तक इस मिशन के तहत देश में लगभग 3 करोड़ 40 लाख बच्चों और करीब 90 लाख गर्भवती महिलाओं का टीकाकरण करवाया जा चुका है।
जिस गति से काम हो रहा है, उससे तय है संपूर्ण टीकाकरण का लक्ष्य अब ज्यादा दूर नहीं है: PM
हमने टीकाकरण अभियान को तेज़ी तो दी ही है, टीकों की संख्या में भी बढ़ोतरी की है।
— PMO India (@PMOIndia) February 11, 2019
पहले के कार्यक्रम में 5 नए टीके जोड़े गए हैं, जिसमें से एक एनसेफलाइटिस यानि जापानी बुखार का भी है, जिसका सबसे ज्यादा खतरा उत्तर प्रदेश में देखा गया है।
अब कुल 12 टीके बच्चों को लगाए जा रहे हैं: PM
मिशन इंद्रधनुष को आज दुनियाभर में सराहा जा रहा है।
— PMO India (@PMOIndia) February 11, 2019
हाल में ही एक मशहूर मेडिकल जर्नल ने इस कार्यक्रम को दुनिया की 12 Best Practices में चुना है: PM
बच्चों के सुरक्षा कवच का एक और महत्वपूर्ण पहलू है स्वच्छता है।
— PMO India (@PMOIndia) February 11, 2019
स्वच्छ भारत अभियान के माध्यम से इस खतरे को दूर करने का बीड़ा हमने उठाया।
एक अंतर्राष्ट्रीय रिपोर्ट आई है, जिसमें संभावना जताई गई कि सिर्फ स्वच्छ भारत मिशन से,
करीब 3 लाख लोगों का जीवन बच सकता है: PM
ये प्रयास 'मैं से हम’ तक की यात्रा का सबसे अच्छा उदाहरण हैं,
— PMO India (@PMOIndia) February 11, 2019
‘मैं’ जब ‘हम’ बन जाता है तो हम खुद से ऊपर उठकर समाज के बारे में सोचते हैं,
मैं जब ‘हम’ बन जाता है तो सोच का दायरा बढ़ जाता है,
‘हम’ का विचार अपने देश को, अपनी संस्कृति को व्यक्ति से ज्यादा महत्वपूर्ण बनाता है: PM
Had the honour of serving food to children in Vrindavan today. pic.twitter.com/Fs7esScQZA
— Narendra Modi (@narendramodi) February 11, 2019
अक्षय पात्र फाउंडेशन के प्रयास, ‘मैं से हम’ तक की यात्रा का सबसे अच्छा उदाहरण है। pic.twitter.com/IkVVu0cFlX
— Narendra Modi (@narendramodi) February 11, 2019
3 billion meals is a remarkable feat!
— Narendra Modi (@narendramodi) February 11, 2019
Happy to have joined the programme organised by the Akshaya Patra Foundation and interact with these wonderful youngsters. pic.twitter.com/Elcy7pNBgB