Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

উত্তৰপ্ৰদেশৰ চিত্ৰকূটত বহুমুখী উন্নয়ণ প্ৰকল্পৰ শুভ উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণ


চিত্ৰকূটৰ এই পবিত্ৰ ভূমিত বিপুল সংখ্যাত উপস্থিত হোৱা মোৰ প্ৰিয় ভাই-ভনীসকল, এই চিত্ৰকূটত ৰামজীয়ে ভাতৃ লক্ষ্মণ আৰু সীতাজীক লগত লৈ কিছুদিন বসবাস কৰিছিল। যাক আমি মৰ্যাদা পুৰুষোত্তম ৰামৰ তপস্যাস্থলী বুলি অভিহিত কৰো, সেই পবিত্ৰ ভূমিত মই আপোনালোক আটাইকে অভিনন্দন জ্ঞাপন কৰিছো।এই ভূমিত বহু বীৰে জন্ম গ্ৰহণ কৰিছিল, বহু বীৰে নিজৰ কৰ্মভূমি হিচাপে স্বীকাৰ কৰি লৈছিল। সেইসকল বীৰকো মই প্ৰণিপাত জনাইছো।

প্ৰিয় ভাই-ভনীসকল, পোন-প্ৰথমে মই আপোনালোকৰ পৰা ক্ষমা বিচাৰিছো, কিয়নো মই হেলিকপ্টাৰৰ পৰা চাওতে সভাস্থলীৰ ভিতৰত যিমান মানুহ দেখিছিলো, সিমান মানুহ সভাস্থলীৰ বহিৰতো থকা দেখিবলৈ পাইছিলো। বাহিৰত থকাসকলে ভিতৰলৈ অহাৰ বাবে চেষ্টা চলাই আছিল যদিও আহিব পৰা নাছিল। এই অসুবিধাৰ বাবে মই সকলোৰে ওচৰত ক্ষমা বিচাৰিছো। পিচে, ইমান বিশাল সংখ্যাৰে সমবেত হোৱা কথাই উন্নয়ণমূলক আঁচনিৰ প্ৰতি থকা আপোনালোকৰ বিশ্বাসকে প্ৰতিপন্ন কৰিছে। গোস্বামী তুলসীদাসে কৈছিল—

‘চিত্ৰকূট কে ঘাট পৰ ভই সন্তন কী ভীৰ’।

আজি আপোনালোকক দেখিও আপোনালোকৰ এই সেৱকৰ ঠিক তেনে এক অনুভৱেই হৈছে। টিত্ৰকূট কেৱল এটুকুৰা সাধাৰণ ঠায়েই নহয়, বৰঞ্চ, ই ভাৰতৰ পুৰাতন সমাজ-জীৱনৰ সংকল্প স্থলী, তপস্যাৰ স্থলীও। এইডোখৰ স্থানে ভাৰতীয়ৰ অন্তৰত মৰ্যাদাৰ নতুন সংস্কাৰৰ গঢ় দিছিল। ইয়াৰ পৰাই ভাৰতীয় সমাজে নতুন আদৰ্শ লাভ কৰিছিল। প্ৰভু শ্ৰীৰাম আদিবাসীসকলৰ দ্বাৰা, বনাঞ্চলত বসবাস কৰাসকলৰ দ্বাৰা, অন্য কামৰে জড়িত থকা বন্ধুসকলৰ দ্বাৰা কেনেকৈ প্ৰভাৱিত হৈছিল, সেয়া সঁচাকৈয়ে কৈ শেষ কৰিব নোৱাৰা কথা।

বন্ধুসকল, ভাৰতে পুৰাতন পৰম্পৰাক পৰিৱৰ্তিত সময়ৰ আৱশ্যকতাসমূহৰ সৈতে সংগতি ৰখাৰ লগতে তাক জীৱন্ত কৰি ৰখাৰ প্ৰয়োগশৈলীও এই ডোখৰ স্থান পৰাই লাভ কৰিছিল। ‘ভাৰতৰত্ন’, ‘ৰাষ্ট্ৰঋষি’ নানাজী দেশমুখও ইয়াৰ পৰাই ভাৰতক স্বাৱলম্বনৰ পথেৰে আগুৱাই নিয়াৰ বাবে ব্যাপক প্ৰয়াসৰ শুভাৰম্ভ কৰিছিল। দুদিন আগতে মাত্ৰ নানাজীৰ পূণ্য তিথিত দেশবাসীয়ে তেওঁক স্মৰণ কৰিছিল।

প্ৰিয় ভাই-ভনীসকল, গ্ৰামোদয়ৰ পৰা ৰাষ্ট্ৰোদয়ৰ যি সংকল্প গ্ৰহণ কৰি নানাজীয়ে নিজৰ জীৱন ব্ৰতীত কৰিছিল, সেই সংকল্পকে সাকাৰ কৰাৰ বাবে বহু সহস্ৰ কোটি টকাৰ পৰিযোজনাৰ আজি চিত্ৰকূটৰ এই পবিত্ৰ ধৰাত শিলান্যাসৰ জৰিয়তে শুভাৰম্ভ কৰিব পৰাটো আমি আমাৰ সৌভাগ্য বুলিয়ে অনুভৱ কৰিছো।

বুন্দেলখণ্ডক বিকাশৰ এক্সপ্ৰেছৱে’ৰে আগুৱাই নিব পৰা, বুন্দেলখণ্ড এক্সপ্ৰেছৱে’ এই সমগ্ৰ অঞ্চলটোৰ জন-জীৱনকে সলাই পেলাব পৰা পৰিৱৰ্তনৰ ধাৰাবাহক হিচাপে পৰিগণিত হ’ব। প্ৰায় ১৫হাজাৰ কোটি টকাৰ বিনিয়োগৰে নিৰ্মিত হ’ব লগা এই এক্সপ্ৰেছৱে’ই এই অঞ্চলত বহু হাজাৰকৰ্ম-সংস্থানৰ সুযোগ সৃষ্টি কৰিব আৰু ইয়াৰ জন-জীৱনক ডাঙৰ ডাঙৰ চহৰ-নগৰত লাভ কৰা সা-সুবিধাৰে জড়িত কৰিব। কেইমুহূৰ্তমান আগতে মাত্ৰ ইয়াত দেশৰ কৃষকসকলৰ আয় বৃদ্ধি কৰাৰ বাবে, কৃষকসকলক সবল কৰি তোলাৰ বাবে ১০,০০০ ‘কৃষক-উত্পাদক সংস্থা’ চমুকৈ ‘এফপিঅ’ গঠনৰ এক আঁচনিৰ শুভাৰম্ভ কৰা হ’ল। অৰ্থাত, কৃষকসকল এই পৰ্যন্ত উত্পাদকতো আছিলেই, এতিয়াৰে পৰা তেওঁলোকে ‘এফপিঅ’-ৰ মাধ্যমেৰে বেহা-বেপাৰো কৰিব। এতিয়া কৃষকসকলে ফচলো উত্পাদন কৰিব আৰু কুশলী বেপাৰীৰ দৰে নিজে উত্পাদন কৰা শস্য-পাতি, ফল-মূল উচিত দামত বিক্ৰী কৰি আয়ো কৰিব। এই কাৰ্যক্ৰমৰ পিচত আপোনালোকে ঘৰলৈ ওভতাৰ বাবে লৰালৰি নকৰিব।ইয়াত ইতিমধ্যে সফলতা লাভ কৰা ‘এফপিঅ’সসমূহৰ এক প্ৰদৰ্শনী অনুষ্ঠিত হৈছে। মই ইতিমধ্যে সেই প্ৰদৰ্শনীখন চাই আহিছো। চাই মোৰ বুকু ফুলি উঠিছে। আপোনালোকেও এপাক প্ৰদৰ্শনীখন চাই যোৱাটো মই বিচাৰিছো। আপপপোনালোকে কথাবোৰ বুজিবৰ চেষ্টা কৰিব…তেওঁলোকে নিজ নিজ ৰাজ্যত এই ‘এফপিঅ’ৰে কিমান সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই সমগ্ৰ অভিযানটোত অহা পাঁচোটা বছৰত প্ৰায় ৫হাজাৰ কোটি টকা ব্যয় কৰা হ’ব। এই সমূহ উন্নয়ণ প্ৰকল্পৰ বাবে মোৰ কৃষক ভাই-ভনীসকলক, বুন্দেলখণ্ডক, বুন্দেলখণ্ডৰ নাগৰিকসকলক, আপোনালোকক বিকাশৰ এই যাত্ৰাত বুন্দেলখণ্ডক জড়িত কৰাৰ বাবে সমগ্ৰ দেশকে অভিনন্দন জ্ঞাপন কৰিছো।

বন্ধুসকল, আমাৰ দেশত কৃষকসকলৰে জড়িত নীতিসমূহক আমাৰ চৰকাৰে সদায়ে নতুন মাত্ৰা প্ৰদানৰ প্ৰয়াস কৰি আহিছে, এই নীতি-নিয়মসমূহক কৃষকসকলৰ আয়ৰ সৈতে জড়িত কৰি আহিছে। খেতিৰ ব্যয় কমাই, উত্পাদন বৃদ্ধি কৰাৰ লগতে উত্পাদিত সামগ্ৰীৰ উচিত দাম পোৱা পৰিৱেশ সৃষ্টিৰ বাবে বিগত পাঁচোটা বছৰত বীজৰ পৰা বজাৰ পৰ্যন্ত বিভিন্ন পৰ্যায়ৰ বাবে অনেক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ন্যূনতম সমৰ্থন মূল্যৰ সিদ্ধান্ত হওক অথবা ভূমি স্বাস্থ্য পত্ৰ হওক, ইউৰিয়াৰ ১০০শতাংশ ‘নীম কোটিঙ’ৰ সিদ্ধান্ত হওক কিম্বা বহু দশক ধৰি আধৰুৱা হৈ থকা জলসিঞ্চন প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত হওক, সকলো স্তৰতে চৰকাৰে কাম কৰিছে। খেতিয়কসকলৰ আয় বঢ়োৱাৰ গুৰুত্বপূৰ্ণ যাত্ৰাত আজিৰ এই পদক্ষেপকো এক গুৰুত্বপূৰ্ণ প্ৰয়াস বুলি অভিহিত কৰিব লাগিব। আজি ইয়াত ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি’ৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সমাৰোহ অনুষ্ঠিত কৰা হৈছে। মোৰ মনত আছে এবছৰৰ আগতে যেতিয়া এই আঁচনিখনৰ শুভাৰম্ভ কৰা হৈছিল তেতিয়া কেনে ধৰণৰ শংকাৰ সৃষ্টি কৰিবলৈ অপচেষ্টা চলোৱা হৈছিল। পিছে ইমান কম সময়তে দেশৰ প্ৰায় চাৰে ৮কোটি পৰিয়ালৰ বেংক একাউণ্টত পোন-পতীয়াকৈ ৫০হাজাৰ কোটিৰো অধিক টকা জমা হ’ল। চিত্ৰকূটকে ধৰি সমগ্ৰ উত্তৰপ্ৰদেশৰ ২কোটিৰো অধিক কৃষক পৰিয়ালৰ একাউণ্টতো প্ৰায় ১২হাজাৰ কোটি টকা জমা হৈছে। এবাৰ ভাবকচোন, মাত্ৰ এটা বছৰত ৫০হাজাৰ কোটিৰো অধিক। তাকো পোন-পতীয়াকৈ বেংক একাউণ্টত, কোনো মধ্যভোগীৰ উপস্থিতি নথকাকৈ, কোনো ধৰণৰ পোষকতা নথকাকৈ, কোনো ধৰণৰ পক্ষপতিত্ব নথকাকৈ!!

বন্ধুসকল, আপোনালোকে বিগত দশকসমূহত বুন্দেলখণ্ডৰ নামত, কৃষকসকলৰ নামত হাজাৰ হাজাৰ কোটি টকীয়া পেকেজ ঘোষিত হোৱা নিশ্চয় দেখিছিল। কিন্তু তাৰ লাভ কৃষকসকলে পোৱা নাছিল। এতিয়া দেশে সেইবোৰ দিন পিছত এৰি থৈ নতুন দিগন্তৰ পথত আগুৱাই আহিছে। এতিয়া দিল্লীয়ে মোকলাই দিয়া প্ৰতিটো পইচা প্ৰকৃত হিতাধিকাৰীসকলে পোনপতীয়াকৈ লাভ কৰিছে। এই দিশত আজি ‘কিষাণ সন্মান নিধি’ৰ পৰিসৰ আৰু অধিক প্ৰসাৰিত কৰাৰ ব্যৱস্থা কৰা হ’ল। এতিয়া এই যোজনাৰ হিতাধিকাৰীসকলে বেংকৰ পৰা সহজেই ঋণ লাভ কৰিব পৰাকৈ প্ৰতিগৰাকী কৃষকক ‘ক্ৰেডিট কাৰ্ড’ ব্যৱস্থাৰে সংযোজিত কৰা হৈছে। আমাৰ দুখীয়া খেতিয়কসকলৰ, ক্ষুদ্ৰ খেতিয়কসকলৰ, সূদখোৰৰ শৰণাপন্ন হোৱাৰ প্ৰয়োজন নোহোৱা হ’ব, বৰং ‘কিষাণ ক্ৰেডিট কাৰ্ড’ৰ জৰিয়তে তেওঁলোকে বেংকৰ পৰা ঋণ লাভ কৰিব পাৰিব। বেংকৰ পৰা সুলভ হাৰত, সহজে ঋণ পোৱাৰ সুবিধা পোৱাৰ পিচত আপোনালোকে আৰু ইফালে সিফালে ঋণ বিচাৰি দৌৰি ফুৰিবলগীয়া নহয়।

ভাই-ভনীসকল, ‘প্ৰধানমন্ত্ৰী কিষাণ যোজনা’ৰ প্ৰতিগৰাকী হিতাধিকাৰীকে ‘কিষাণ ক্ৰেডিট কাৰ্ড’ প্ৰদানৰ বাবে চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে। এই মুহূৰ্তত দেশৰ প্ৰায় ২কোটি হিতাধিকাৰী এই সুবিধাৰ পৰা বঞ্চিত হৈ আছে। এই ব্যৱধান হ্ৰাস কৰাৰ বাবেই এই মাহত ১৫দিনীয়া এক বিশেষ অভিযান চলোৱাৰ ব্যৱস্থা কৰা হৈছিল। এইচোৱা সময়ত ৪০লাখৰো অধিক কৃষকক ‘কিষাণ ক্ৰেডিট কাৰ্ড’ ব্যৱস্থাৰে জড়িত কৰা হ’ল। ইয়াৰ কিছুসংখ্যক বন্ধুক এই অনুষ্ঠানতে কাৰ্ডো প্ৰদান কৰা হৈছে।

ভাই-ভনীসকল, ‘প্ৰধানমন্ত্ৰী কিষাণ যোজনা’ৰ হিতাধিকাৰীসকলক ‘প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা’ আৰু ‘প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা’ৰ সৈতেও সংযোজিত কৰা হৈছে। ইয়াৰ সুবাদত খেতিয়ক ৰাইজে সংকটৰ মুহূৰ্তত ২লাখ টকা পৰ্যন্ত বীমা সুৰক্ষাৰ নিশ্চয়তা লাভ কৰিব।

বন্ধুসকল, অতি সম্প্ৰতি চৰকাৰে ‘প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা’ সন্দৰ্ভত এক বৃহত্ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া এই যোজনাৰে জড়িত হোৱাটো স্বেচ্ছামূলক কৰা হৈছে। আগতে বেংকৰ পৰা ঋণ লোৱা প্ৰতিগৰাকী কিষাণ বন্ধু ইয়াৰে জড়িত হোৱাটো বাধ্যতামূলক আছিল, কিন্তু এতিয়া এয়া সংশ্লিষ্ট কৃষকগৰাকীৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰশীল হ’ল। এতিয়ালৈ নিজেই এই যোজনাৰে জড়িত হ’বলৈ আগবাঢ়ি অহা কৃষকৰ সংখ্যা নিৰন্তৰ বাঢ়ি অহাৰ পৰিপ্ৰেক্ষিততে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যিহেতু ১৩হাজাৰ কোটি টকাৰ প্ৰিমিয়ামৰ বিপৰীতে তিনি বছৰত কৃষকসকলক ৫৬হাজাৰ কোটি টকাৰ দাবী মঞ্জুৰীআদায় দিয়াৰ পৰিপ্ৰেক্ষিততে এই যোজনাৰে জড়িত হোৱাটো লাভদায়ক হিচাপে বিবেচিত হৈছে। অৰ্থাত সংকটৰ সময়ত এইখন আঁচনি কৃষক ৰাইজৰ বাবে বৰদান স্বৰূপ বুলিয়ে চিহ্নিত হৈছে।

বন্ধুসকল, এই বছৰৰ বাজেটতো অনেক মহত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সিদ্ধান্তসমূহে নিশ্চিত ৰূপতে কৃষক ৰাইজক উপকৃত কৰিব। ইফালে কৃষক ৰাইজৰ আয় বৃদ্ধিৰ বাবে ১৬দফীয়া এক কাৰ্যক্ৰম যুগুতাই উলিওৱা হৈছে।

গাঁৱত ফচল সংৰক্ষণৰ বাবে আধুনিক ভঁড়াল, পঞ্চায়ত পৰ্যায়ত শীতলীকৃত ভঁড়ালঘৰ নিৰ্মাণ কৰা, পশুধনৰ বাবে যথেষ্ট পৰিমাণে দানা উপলব্ধ কৰাৰ বাবেও এক বিস্তৃত যোজনা যুগুতাই উলিওৱা হৈছে। তদুপৰি ফল, শাক-পাচলী, মাছ আদিৰ দৰে সোনকালে অনিষ্ট হোৱা বয়-বস্তু সুৰক্ষিত বজাৰলৈ তত্পৰতাৰে পঠিয়াব পৰাকৈ ‘কিষাণ ৰে’ল’ৰ দৰে সুবিধাও ঘোষণা কৰিছে চৰকাৰে।

ভাই-ভনীসকল, আমাৰ গাঁও অঞ্চলৰ বজাৰসমূহক, পাইকাৰী বজাৰ তথা আন্তৰ্জাতিক বজাৰৰ সৈতে সংযোজিত কৰাটো নিতান্তই আৱশ্যক। এই উদ্দেশ্যেই চৰকাৰে গ্ৰামীণ খুচুৰা কৃষি বজাৰসমূহৰ সম্পসাৰণৰ কাম কৰি আছে। দেশত থকা ২২হাজাৰ গ্ৰামীণ হাটৰ প্ৰয়োজনীয় আন্তঃগাঁথনি বিকশিত কৰাৰ ব্যৱস্থা কৰা হৈছে। খেতিয়কসকলক তেওঁলোকৰ খেতি-পথাৰৰ পৰা কেই কিলোমিটাৰ মান ব্যাসাৰ্দ্ধৰ ভিতৰতে দেশৰ যিকোনো বজাৰৰ সৈতে জড়িত হ’ব পৰা এক ব্যৱস্থা উপলব্ধ কৰোৱাৰ বাবে চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে। আহিব লগা সময়ত এই গ্ৰামীণ হাটসমূহ কৃষি অৰ্থনীতিৰ নতুন কেন্দ্ৰত পৰিণত হ’বগৈ। এনে উদ্দেশ্যেই গাঁৱৰ বজাৰসমূহক অৰ্থাত ‘এপিএমচি’ক পৃথিৱীৰ বজাৰৰে সংযোজিত কৰাৰ দিহা কৰা হৈছে। এই প্ৰয়াসৰ আধাৰতে ‘এপিএমচি’সমূহক ‘ই-নাম’-ৰে জড়িত কৰাৰ প্ৰয়াস অব্যাহত ৰখা হৈছে।

এই ‘ই-নাম’ মঞ্চ অৰ্থাত ৰাষ্ট্ৰ জুৰি চলা এক পাইকাৰী বজাৰ-ব্যৱস্থা, য’ত কৃষকসকলে নিজৰ উত্পাদিত সা-সামগ্ৰী মোবাইল ফোন অথবা কম্পিউটাৰৰ জৰিয়তে দেশৰ যি কোনো প্ৰান্ততে বেচিব পাৰে। এই ব্যৱস্থা কম সময়ৰ ভিতৰতে খুবেই জনপ্ৰিয় হৈ উঠিছে। কেৱল উত্তৰপ্ৰদেশৰে ১০০ৰো অধিক পাইকাৰী বজাৰ এই মঞ্চৰে ইতিমধ্যে সংযোজিত কৰা হৈছে। এই ব্যৱস্থাৰে দেশৰ কৃষক ৰাইজে এই পৰ্যন্ত প্ৰায় ১লাখ কোটিৰো অধিক টকাৰ ক্ৰয়-বিক্ৰয় কৰিবলৈ সক্ষম হৈছে। প্ৰযুক্তিৰ সহায়ত কৃষকৰাইজে একলাখ কোটিৰো অধিক টকাৰ বেহা কৰিছে।

একতাৰে শক্তি লাভ কৰিব পাৰি আৰু এই একতাৰ শক্তিৰেই কৃষকসকলেও সমৃদ্ধিৰ পথত অগ্ৰসৰ হ’ব পাৰিব। কৃষক ৰাইজক তেওঁলোকৰ উতপাদিত সামগ্ৰী বাবে উচিত দাম আদায়ৰ ক্ষেত্ৰত কৃষকৰ সমূহীয়া শক্তিৰ সদ্ব্যৱহাৰ কৰা হ’ব। আজি চিত্ৰকূটত যিসমূহ ‘কৃষক-উত্পাদক সংস্থা’, চমুকৈ ‘এফপিঅ’-ৰ শুভাৰম্ভ কৰা হৈছে, সেইসমূহ সংস্থা গঠনৰ নেপথ্যতো এই চিন্তাই ক্ৰিয়া কৰিছে। এই সংস্থাসমূহে দেশৰ অটাইতকৈ ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কসকলক বাৰুকৈয়ে উপকৃত কৰিব। উল্লেখ্য যে দেশত এনে খেতিয়কৰ সংখ্যাই সবাতোকৈ অধিক। এজন খেতিয়কৰ পৰিৱৰ্তে যদি গাঁৱৰ সকলো খেতিয়কে একত্ৰিত ভাবে বীজৰ পৰা বজাৰ পৰ্যন্ত সকলো পৰ্যায়ৰ কাম-কাজখিনি জোঁট-বান্ধি কৰিবলৈ লয়, তেন্তে তেওঁলোকৰ ক্ষমতা নিশ্চিত ৰূপতে অধিক হ’বই।

এতিয়া ধৰক, গাঁৱৰ সকলো খেতিয়কে একলগ হৈ সাৰ কিনিবলৈ গ’ল, আৰু তেওঁলোকে কিনা সাৰখিনি একেখন গাড়ীতে গাঁৱলৈ অনাৰ ব্যৱস্থা কৰিলে, ভাৱকচোন কিমান পইচা ৰাহি কৰিব পাৰিব তেওঁলোকে। তদুপৰি একেলগে বয়-বস্তু সৰহকৈ কিনিলে দামৰ ক্ষেত্ৰতো অধিক ৰেহাইৰ সুবিধা লাভ কৰিব পাৰে। ফচল উত্পাদনৰ পিছত বজাৰলৈ নিয়াৰ বেলিকাও ৰাইজে মিলি যদি একেলগে বজাৰলৈ নিয়াৰ ব্যৱস্থা কৰিব পাৰে, তেতিয়াও এই সামূহিকতাৰ সুফল লাভ কৰিব পৰা যায়। বজাৰতো বেপাৰী-কাৰোবাৰীৰ সৈতে আপোনালোকে অধিক প্ৰভাৱী ৰূপত কথা-বতৰা পতাৰ সুযোগ পোৱাৰ লগতে দৰ-দামো ভালকৈ কৰিব পাৰিব।

ভাই-ভনীসকল, এই ‘এফপিঅ’বিলাকে বিগত কেইটামান বছৰত দেখুউৱা অভুতপূৰ্ব সাফল্য দেখিয়েই এই ব্যৱস্থাৰ সম্প্ৰসাৰণ কৰা হৈছে। কৃষক আৰু উত্পাদকৰ এই সংস্থাসমূহৰ মাধ্যমৰে কৃষি উত্পাদনৰ ৰপ্তানীৰ বাবে ব্যাপক আন্তঃগাঁথনি নিৰ্মাণ কৰি থকা হৈছে। এতিয়া আলুয়েই হওক কিম্বা জংঘলত উত্পাদিত আন কিবা উত্পাদিত সামগ্ৰীয়েই হওক, সেইবোৰৰ দাম কম হয়। কিন্তু তাকে যদি চিপ্ছ তৈয়াৰ কৰি ভালকৈ পেকেজিঙৰ ব্যৱস্থা কৰি বজাৰত উলিয়াই দিব পৰা যায়, তেতিয়া তাৰ অধিক দাম পোৱা যাব। এনেধৰণৰ উদ্যোগকে এইসমূহ ‘এফপিঅ’ৰ মাধ্যমেৰে স্থাপন কৰাৰ ব্যৱস্থা কৰা হৈছে। আৰু ইয়াৰ বাবে প্ৰতিটো ‘এফপিঅ’-ক ১৫লাখ টকা পৰ্যন্ত সহযোগিতা আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে ভাৰত চৰকাৰে। যেনেকৈ ইয়াত যোগীজীয়ে ‘এক জনপদ এক উত্পাদন’ আঁচনি ৰূপায়ণ কৰিছে, তাৰ সৈতেও এই সংস্থাসমূহক জড়িত কৰা হৈছে। আদিবাসী এলেকাসমূহৰ লগতে দেশৰ ১০০ৰো অধিক ‘আকাংক্ষী জিলা’ত এনে সংগঠনসূহক অধিক উত্সাহ যোগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।এনেজিলাৰপ্ৰতিটো উন্নয়ণ খণ্ডতে কমেও এটা ‘এফপিঅ’ৰ গঠন অৱশ্যেই কৰা হ’ব। আদিবাসী এলেকাসমূহৰ বনাঞ্চলৰ সা-সামগ্ৰীৰ উচিত মূল্য নিৰ্দ্ধাৰণত এই ব্যৱস্থাই বাৰুকৈয়ে সহায় কৰিব। আৰু এইবোৰ সংগঠনেৰে যিমান পৰাযায় বেছিকৈ মহিলাসকলক জড়িত কৰাৰো প্ৰয়াস অব্যাহত ৰখা হৈছে।

বন্ধুসকল, বুন্দেলখণ্ডৰ লগতে সমগ্ৰ দেশেই ব্যাপক ভাবে উপকৃত হ’ব পৰা আন এটা অভিযান হৈছে ‘জল জীৱন অভিযান’। এতিয়া দেশৰ প্ৰতিগৰাকী ব্যক্তিয়ে ভাৰতক জলযুক্ত আৰু খৰাং-মুক্ত কৰাৰ সংকল্পৰে সৈতে আগবাঢ়িব খুজিছে। আগন্তুক ৫টা বছৰত দেশৰ প্ৰায় ১৫কোটি পৰিয়াললৈ বিশুদ্ধ পানীৰ যোগান নিশ্চিত কৰাৰ সংকল্পৰে দ্ৰুতগতিত কামৰ শুভাৰম্ভ কৰা হৈছে। এইক্ষেত্ৰতো ‘আকাংক্ষী জিলা’সমূহক প্ৰাথমিকতা প্ৰদান কৰা হৈছে। এই আঁচনিৰ কাম-কাজ এনেকৈ সম্পাদিত কৰাৰ পৰিকল্পনা কৰা হৈছে যে, ইয়াৰ সঞ্চালন আপোনালোক আটায়েই কৰিব লাগিব, প্ৰতিখন গাঁৱেই কৰিব লাগিব। চৰকাৰে আপোনালোকৰ হাতত পইচা দিব, পুঁজিৰ যোগান ধৰিব…আপোনালোকে আঁচনি ৰূপায়ণ কৰিব লাগিব। ক’ৰ পৰা নল ক’লৈ যাব, ক’ত পানী জমা কৰা হ’ব, পানীৰ ভালকৈ সংৰক্ষণ কৈনেকৈ কৰা হ’ব, এইসকলোবোৰৰ সিদ্ধান্ত আপোনালোক গাঁওবাসীয়ে কৰিব লাগিব। আমাৰ বাই-ভনীসকলে এইক্ষেত্ৰত ডাঙৰ ভূমিকা গ্ৰহণ কৰিব লাগিব। এয়াই স্বাৱলম্বন, এয়াই গাঁৱৰ সবলীকৰণৰ ভাৱনা, এয়াই গান্ধীজীৰ গ্ৰাম স্বৰাজৰ পৰিকল্পনা আৰু এই উদ্দেশ্যেই নানাজীয়ে নিজৰ জীৱন সমৰ্পিত কৰিছিল।

বন্ধুসকল, উত্তৰপ্ৰদেশৰ কৃষক, বেপাৰী, উদ্যোগীৰ দ্ৰুত বিকাশ ইয়াৰ যাতায়ত ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ বাবে যোগীজী আৰু তেওঁৰ চৰকাৰে একপ্ৰকাৰ এক্সপ্ৰেছ গতিৰে কাম কৰি আছে। বুন্দেলখণ্ড এক্সপ্ৰেছ ৱে’ই হওক, পূৰ্বাঞ্চল এক্সপ্ৰেছ ৱে’ই হওক, কিম্বা গংগা এক্সপ্ৰেছ ৱে’ই হওক, ইয়ে উত্তৰপ্ৰদেশৰ পথ-যোগাযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণতো কৰিবই, কৰ্মসংস্থাপনৰো অনেক সুযোগ সৃষ্টি কৰিব। ইমানদিনে এক্সপ্ৰেছ ৱে’ দিল্লী-মুম্বাইৰ দৰে ডাঙৰ ডাঙৰ চহৰ-নগৰবোৰতহে দেখিবলৈ পোৱা গৈছিল, এতিয়া চিত্ৰকূট, বান্দা, মহোৱা, হামিৰপুৰ, জালৌন,ঔৰেয়াৰ ৰাইজেও এক্সপ্ৰেছ ৱে’ৰে যাতায়াত কৰিব পাৰিব। প্ৰায় ৩০০কিলোমিটাৰ দৈৰ্ঘ্যৰ এই আধুনিক পথচোৱা তৈয়াৰ হৈ উঠিলেই আপোনালোকে অতি কম সময়তে লক্ষ্ণৌ অথবা দিল্লীত উপস্থিত হ’বগৈ পাৰিব।

প্ৰিয় ভাই-ভনীসকল, এনেধৰণৰ আধুনিক আন্তঃগাঁথনিয়ে ইয়াত নতুন নতুন উদ্যোগ আৰু নতুন উদ্যমশীলতাক বিকশিত কৰিব। যোৱা বছৰ ঝান্সিলৈ আহিছিলো ‘উত্তৰপ্ৰদেশ প্ৰতিৰক্ষা কৰিড’ৰ’ৰ আধাৰশিলা স্থাপন কৰিবলৈ আৰু এইবাৰ আহিছো বুন্দেলখণ্ড এক্সপ্ৰেছ ৱে’ৰ আধাৰশিলা স্থাপন কৰিবলৈ। এক অৰ্থত এয়া এক কাকতালীয় সংযোগেই। এইবাৰৰ বাজেটত ‘উত্তৰপ্ৰদেশ প্ৰতিৰক্ষা কৰিড’ৰ’ৰ বাবে ৩৭০০কোটি টকাৰ পুঁজি আৱণ্টনৰ ব্যৱস্থা কৰা গৈছে। এই দুয়োটা প্ৰকল্পৰে পৰস্পৰৰ মাজত এক গভীৰ সম্পৰ্ক আছে। বুন্দেলখণ্ড এক্সপ্ৰেছ ৱে’ৰ জৰয়তে ‘উত্তৰপ্ৰদেশ প্ৰতিৰক্ষা কৰিড’ৰে’ও এক গতি লাভ কৰিব।

বন্ধুসকল, এটা সময়ত এইটো অঞ্চল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বহু বীৰ যোদ্ধাৰ জন্মস্থান হিচাপে প্ৰসিদ্ধ আছিল আৰু অনাগত সময়ত এইটো অঞ্চল দেশক সমৰ সা-সৰঞ্জামৰ ক্ষেত্ৰত আত্মনিৰ্ভৰতা প্ৰদান কৰা অঞ্চল হিচাপেও পৰিচিত হ’বগৈ। বুন্দেলখণ্ডৰ এইটো অঞ্চল ‘মে’ক ইন ইণ্ডিয়া’ৰ এক বহুত ডাঙৰ কেন্দ্ৰ হিচাপে পৰিগণিত হ’বলৈ আগবাঢ়িছে। ইয়াত নিৰ্মিত হ’বলগা সা-সামগ্ৰী বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানীও কৰা হ’ব। যেতিয়া ইয়াত ডাঙৰ ডাঙৰ কাৰখানা স্থাপিত হ’বলৈ ধৰিব, তেতিয়া কাষৰ-পাজৰত থকা ক্ষুদ্ৰ আৰু লঘূ উদ্যোগসমূহো বাৰুকৈয়ে লাভান্বিত হ’ব। ইয়াৰ কৃষক ৰাইজেও ইয়াৰ লাভ আদায় কৰিবলৈ সক্ষম হ’ব। ইয়াৰ লগে লগে অঞ্চলটোত কৰ্মসংস্থাপনৰো অভুতপূৰ্ব সম্ভাৱনাৰ সৃষ্টি হ’ব আৰু স্বাভাৱিকতেই প্ৰতিটো পৰিয়ালৰ আয়ো বাঢ়িবলৈ ল’ব।

আধুনিক আন্তঃগাঁথনিৰ নিৰ্মাণে অঞ্চলটোৰ পৰ্যটন উদ্যোগকো বিশেষ ভাবে উপকৃত কৰিব। চিত্ৰকূততো প্ৰকৃতিক সৌন্দৰ্য আৰু আধ্যাত্মিকতাৰ এক আবাস ভূমিয়েই। প্ৰভূ ৰামে যিবোৰ অঞ্চল ভূমি স্পৰ্শ কৰি থৈ গৈছে সেইবোৰ স্থানক সংযোজিত কৰি ‘ৰামায়ণ চাৰ্কিট’ৰ ৰূপত বিকশিত কৰাৰ কাম আগবঢ়াই থকা হৈছে। চিত্ৰকূট এই শৃংখল এক গুৰুত্বপূৰ্ণ অংশ। বিশ্বৰ শ্ৰদ্ধালুসকলক ৰামায়ণ দৰ্শনৰ সুযোগ দিয়াৰ লক্ষ্যৰেই ‘ৰামায়ণ দৰ্শন’ নামৰ এখন বিশেষ ৰে’লগাড়ীৰ চলাচলো ইতিমধ্যে আৰম্ভ কৰা হৈছে। অনাগত সময়ত ইয়াত যেতিয়া যোগাযোগ ব্যৱস্থা বিকশিত হৈ উঠিব তেতিয়া স্বাভাৱিকতেই এই অঞ্চললৈ শ্ৰদ্ধালুসকলৰ আহ-যাহ বাঢ়িব। যিয়ে এই অঞ্চলৰ যুৱক-যুৱতীসকলৰ কৰ্মসংস্হাপনৰ সম্ভাৱনা সৃষ্টি কৰিব।

মোৰ মৰমৰ কৃষক ভাই-বন্ধুসকল, আপোনালোক আটাইকে পুনৰবাৰ অভিনন্দন জনাইছো। বুন্দেলখণ্ডই কেৱল নিজৰে নহয়, বৰং সমগ্ৰ দেশৰে ভাগ্য সলনি কৰিবলৈ সাজু হৈছে।

ভাৰত মাতা কী জয়

ভাৰত মাতা কী জয়

জয় জোৱান জয় কিষাণ

জয় জোৱান জয় কিষাণ

ডিফেন্স কৰিডৰ-য়হ-জোৱান

এফপিঅ’ কী শুৰুৱাত –য়হ-কিষাণ

জয় জোৱান জয় কিষাণ মন্ত্ৰ আওৰাই বুন্দেলখণ্ড আগুৱাই যাওক, এই শুভ কামনাৰেই আপোনালোক আটাইকে বহুত বহুত ধন্যবাদ!!

**********

VRRK/KP/KB