Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

উত্তৰপ্ৰদেশৰ অযোধ্যাত দীপোৎসৱ উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবা

উত্তৰপ্ৰদেশৰ অযোধ্যাত দীপোৎসৱ উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবা


চিয়াবৰ ৰামচন্দ্ৰ কী জয়,

চিয়াবৰ ৰামচন্দ্ৰ কী জয়,

চিয়াবৰ ৰামচন্দ্ৰ কী জয়,

মঞ্চত উপবিষ্ট উত্তৰপ্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেল, জনপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, দেৱতুল্য অৱধবাসী, দেশ আৰু বিশ্বৰ বিভিন্ন স্থানত থকা সকলো ৰামভক্ত, ভাৰতভক্ত, ভদ্ৰ পুৰুষ-মহিলাসকল,

আজি অযোধ্যা বন্তিৰে দিব্য, ভাৱনাৰে ভব্য৷ আজি অযোধ্যা নগৰ ভাৰতৰ সাংস্কৃতিক নৱজাগৰণৰ সোণালী অধ্যায়ৰ প্ৰতিফলন। ৰাম অভিষেকৰ পিছত যেতিয়া মই ইয়ালৈ আহি আছিলো, তেতিয়া মোৰ মনত অনুভৱ, আৱেগৰ ঢৌ উঠিছিল। মই ভাবিছিলো ১৪ বছৰ বনবাসৰ পিছত যেতিয়া ভগৱান শ্ৰী ৰাম অযোধ্যালৈ আহিছিল, অযোধ্যাক কেনেকৈ সজোৱা হৈছিল? ত্ৰেতাৰ সেই অযোধ্যা আমি দেখা নাপালোঁ, কিন্তু আজি ভগৱান ৰামৰ আশীৰ্বাদেৰে অমৃতকালত অমৰ অযোধ্যাৰ অলৌকিকতাৰ সাক্ষী হৈ ৰৈছে।

বন্ধুসকল,

আমি সেই সভ্যতা আৰু সংস্কৃতিৰ বাহক, যাৰ পৰ্ব আৰু উৎসৱবোৰ জীৱনৰ এক স্বাভাৱিক অংশ হৈ আহিছে। ইয়াত যেতিয়াই সমাজে নতুন কিবা এটা কৰিছিল, আমি এটা নতুন উৎসৱৰ সৃষ্টি কৰিছিলোঁ। সত্যৰ প্ৰতিটো বিজয়, অসত্যৰ প্ৰতিটো অন্তৰ মানৱীয় বাৰ্তা আমি যিদৰে জীয়াই ৰাখিছো, তাৰ লগত ভাৰতৰ কোনো মিল নাই। ভগৱান শ্ৰীৰামে হাজাৰ বছৰ আগতে ৰাৱণৰ অত্যাচাৰৰ অন্ত পেলাইছিল, কিন্তু আজি হাজাৰ হাজাৰ বছৰৰ পাছতো সেই ঘটনাৰ প্ৰতিটো মানৱীয় বাৰ্তা, আধ্যাত্মিক বাৰ্তা দীপৰ ৰূপত অবিৰতভাৱে আলোকিত হৈ আছে।

বন্ধুসকল,

দীপাৱলীৰ বন্তিগছি আমাৰ বাবে কেৱল এক সামগ্ৰী নহয়। ই ভাৰতৰ আদৰ্শ, মূল্যবোধ আৰু দৰ্শনৰ জীৱন্ত শক্তি। আপোনালোকে দেখিছে, চকুৱে যিমানদূৰলৈকে চাব পাৰে, পোহৰৰ এই আলোকসজ্জা, পোহৰৰ এই প্ৰভাৱ, ৰাতিৰ কপালত ৰশ্মিৰ এই প্ৰসাৰণ, ভাৰতৰ মূল মন্ত্ৰ ‘সত্যমেৱ জয়তে’ৰ ঘোষণা। এয়াই আমাৰ উপনিষদ বাক্যৰ ঘোষণা “সত্যমেৱ জয়তে নানৃতম সত্যেন পন্থা বিততো দেৱায়ণঃ”। অৰ্থাৎ বিজয় সত্যৰ, অসত্যৰ নহয়। এয়া আমাৰ ঋষিৰ কথাৰ ঘোষণা- “ৰামো ৰাজামনি: সদা বিজয়তে”। অৰ্থাৎ বিজয় সদায় ৰামৰ সৎ আচৰণৰ বাবেহে হয় আৰু ৰাৱণৰ অসৎ আচৰণৰ বাবে নহয়। সেইবাবেই আমাৰ ঋষিসকলে ভৌতিক প্ৰদীপতো চেতনা শক্তিক দেখি কৈছিল– দীপো জ্যোতিহ পৰব্ৰহ্ম দীপো জ্যোতি: জনাৰ্দন। অৰ্থাৎ দীপ-পোহৰ ব্ৰহ্মাৰ ৰূপ। মোৰ বিশ্বাস, এই আধ্যাত্মিক পোহৰে ভাৰতৰ প্ৰগতিৰ পথ প্ৰদৰ্শন কৰিব, ভাৰতৰ উত্থানক পথ প্ৰদৰ্শন কৰিব।

বন্ধুসকল,

আজি এই শুভ ক্ষণত এই লাখ লাখ বন্তিৰ পোহৰত আৰু এটা কথা দেশবাসীক সোঁৱৰাই দিব বিচাৰিছো। ৰামচৰিত মানসত গোস্বামী তুলসীদাস জীয়ে কৈছে– “জগত প্ৰকাশ্য প্ৰকাশক ৰামু”। অৰ্থাৎ ভগৱান ৰাম সমগ্ৰ জগতৰ পোহৰৰ দাতা। তেওঁ গোটেই বিশ্বৰ এক জ্যোতিপুঞ্জৰ দৰে। এই পোহৰ কেনেধৰণ? এয়াই দয়া আৰু কৰুণাৰ পোহৰ। এই পোহৰ-মানৱতা আৰু মৰ্যাদাৰ। এইটোৱেই সমভাৱ আৰু প্ৰেমৰ পোহৰ। এই পোহৰ সকলোৰে বাবে, এই পোহৰ সকলোকে লগত লৈ যোৱাৰ বাৰ্তাৰ বাবে। মোৰ মনত আছে, ল’ৰালি কালত হয়তো বহু বছৰ আগতে গুজৰাটী ভাষাত বন্তিৰ ওপৰত এটা কবিতা লিখিছিলোঁ৷ আৰু কবিতাটোৰ শিৰোনাম আছিল- দিয়া-, গুজৰাটীত কোৱা হৈছে-દીવો। ইয়াৰে কেইটামান শাৰী মোৰ মনত পৰিছে৷ মই লিখিছিলো – દીવા જેવી આશ ને દીવા જેવો તાપ, દીવા જેવી આગ ને દીવા થકી હાશ. ઊગતા સૂરજને હર કોઈ પૂજે, એ તો આથમતી સાંજે’ય આપે સાથ. જાતે બળે ને બાળે અંધાર, માનવના મનમાં ઊગે રખોપાનો ભાવ. অৰ্থাৎ প্ৰদীপে আশা দিয়ে আৰু প্ৰদীপে তাপ দিয়ে। বন্তিয়েও জুই দিয়ে আৰু বন্তিয়ে জিৰণি দিয়ে। সকলোৱে উদিত সূৰ্য্যক পূজা কৰে, কিন্তু আন্ধাৰ সন্ধিয়াত বন্তিয়েও তেওঁলোকক সমৰ্থন কৰে। প্ৰদীপটো নিজেই জ্বলে আৰু লগতে জ্বলাই দিয়ে আন্ধাৰ, প্ৰদীপটোৱে মানুহৰ মনত আত্মসমৰ্পণৰ ভাৱ আনে। আমি নিজেই জ্বলো, নিজকে জ্বলাই দিওঁ, নিজকে সমৰ্পন কৰো, কিন্তু যেতিয়া সাফল্যৰ পোহৰ উদয় হয়, তেতিয়া আমি নিস্বাৰ্থ মনোভাৱেৰে সমগ্ৰ পৃথিৱীলৈ বিয়পাই দিওঁ, সমগ্ৰ পৃথিৱীৰ ওচৰত সমৰ্পণ কৰোঁ।

ভাই-ভনীসকল,

যেতিয়া আমি স্বাৰ্থৰ ঊৰ্ধ্বত থাকি পৰমাৰ্থৰ প্ৰতি যাত্ৰা কৰো, তেতিয়া সমাযোজনৰ সংকল্প স্বয়ংক্ৰিয়ভাৱে ইয়াত বিলীন হৈ পৰে। আমাৰ চিন্তা পূৰ্ণ হ’লে আমি কওঁ ‘ইদম ন মম’। অৰ্থাৎ এই সাফল্য মোৰ বাবে নহয়, ই মানৱ জাতিৰ কল্যাণৰ বাবেহে। দীপৰ পৰা দীপাৱলীলৈকে এয়াই ভাৰতৰ দৰ্শন, এয়াই ভাৰতৰ চিন্তা, এয়াই ভাৰতৰ চিৰন্তন সংস্কৃতি। আমি সকলোৱে জানো, মধ্যযুগীয় আৰু আধুনিক যুগলৈকে ভাৰতে কিমান অন্ধকাৰ যুগৰ সন্মুখীন হৈছে। যিবোৰ ধুমুহাত মহান সভ্যতাৰ সূৰ্য্য অস্ত গৈছিল, সেইবোৰত আমাৰ প্ৰদীপ জ্বলি থাকিল, পোহৰ দি থাকিল, তাৰ পিছত সেই ধুমুহাবোৰ শান্ত হৈ উজ্বলি উঠিল। কাৰণ, আমি বন্তি জ্বলোৱা বন্ধ কৰা নাছিলো। আমি বিশ্বাস গঢ়ি তোলাটো বন্ধ কৰা নাছিলো। বহুদিনৰ আগতে ক’ৰোনাৰ আক্ৰমণৰ অসুবিধাৰ মাজতে প্ৰতিজন ভাৰতীয়ই এই মনোভাৱেৰে এক বন্তি লৈ থিয় হৈছিল। আৰু আজি বিশ্বই প্ৰত্যক্ষ কৰিছে ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধত ভাৰতে কিমান শক্তিশালী যুঁজ দিছে। এইটোৱেই প্ৰমাণ যে অন্ধকাৰৰ প্ৰতিটো যুগৰ পৰা ওলাই আহি ভাৰতে অতীতত নিজৰ শক্তিৰ পোহৰ বিয়পাইছে আৰু ভৱিষ্যতেও বিয়পাই থাকিব। যেতিয়া পোহৰ আমাৰ কৰ্মৰ সাক্ষী হৈ পৰে, তেতিয়া আন্ধাৰৰ অন্ত স্বয়ংক্ৰিয়ভাৱে নিশ্চিত হয়। যেতিয়া বন্তিগছি আমাৰ কৰ্মৰ সাক্ষী হৈ পৰে, তেতিয়া নতুন প্ৰভাতৰ, নতুন আৰম্ভণিৰ আত্মবিশ্বাস স্বয়ংক্ৰিয়ভাৱে শক্তিশালী হৈ পৰে। এই বিশ্বাসেৰে পুনৰবাৰ আপোনালোক সকলোকে দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। মোৰ লগত সম্পূৰ্ণ ভক্তিভাৱেৰে কওক-

চিয়াবৰ ৰামচন্দ্ৰ কী জয়,

চিয়াবৰ ৰামচন্দ্ৰ কী জয়,

চিয়াবৰ ৰামচন্দ্ৰ কী জয়৷

***

DS/LP/IG/AK/DB