Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ সংশোধিত দৰমহা, গ্ৰেচুইটী, ভাট্টা আৰু পেঞ্চনত কেবিনেটৰ অনুমোদন৷


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সকলৰ দৰমহা, গ্ৰেচুইটী, ভাট্টা আৰু পেঞ্চন আদি সংশোধন কৰাৰ বাবে অনুমোদন জনাইছে৷ কেন্দ্ৰীয় কৰ্মচাৰীৰ ক্ষেত্ৰত সপ্তম দৰমহা আয়োগৰ পৰামৰ্শৱলী কাৰ্যকৰী কৰাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ 

     এই অনুমোদনে দুখন আইন ক্ৰমে উচ্চতম ন্যায়ালয় ন্যায়াধীশ আইন, ১৯৫৮ আৰু উচ্চ ন্যায়ালয় ন্যায়াধীশ আইন,১৯৫৪ৰ সংশোধনৰ পথ মুকলি কৰি দিব৷ এই আইন দুখনে ভাৰতৰ মূখ্যন্যায়াধীশ, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰু উচ্চ ন্যালয়ৰ ন্যায়াধীশ আৰু মুখ্য ন্যায়াধীশৰ দৰমহা সম্পৰ্কীয় বিষয় সামৰি লয়৷ 

     এই দৰমহা আৰু ভাট্টা আদিৰ বৃদ্ধিয়ে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৩১ গৰাকী ন্যায়াধীশ আৰু উচ্চ ন্যায়ালয়ৰ ১০৭৯ গৰাকী ন্যায়াধীশক উপকৃত কৰিব৷ ইয়াৰ উপৰি প্ৰায় ২৫০০ গৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশো ইয়াৰ দ্বাৰা উপকৃত হ’ব৷ 

     সংশোধিত দৰমহা,গ্ৰেচুইটী, ভাট্টা আৰু পেঞ্চন আৰু ফেমেলী পেঞ্চনৰ বকেয়া ধন ২০১৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ এককালীন ভাবে প্ৰদান কৰা হ’ব৷ 

পটভূমিঃ

     উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দৰমহা,গ্ৰেচুইটী, ভাট্টা আৰু পেঞ্চন,ভাট্ৰা আদি উচ্চতম ন্যায়ালয় ন্যায়াধীশ আইন,১৯৫৮ৰ অধীনত আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দৰমহা সমূহ উচ্চ ন্যায়ালয় ন্যায়াধীশ আইন, ১৯৫৪ৰ অধীনত অন্তৰ্ভূক্ত কৰা হৈছে৷ উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দৰমহা, পেঞ্চন,গ্ৰেচুইটী, ভাট্টা আদিৰ পুনৰীক্ষণৰ প্ৰস্তাৱ দাখিল হ’লে এই আইন কেইখনৰ সংশোধণৰ প্ৰয়োজন হয়৷ সেইবাবে চৰকাৰে এই আইন কেইখন সংশোধণৰ বাবে সংসদত বিধেয়ক দাখিল কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে৷ 

*** 

AKT/VBA/SH/BM