Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘ই-সঞ্জীৱনী এপ’ৰ জৰিয়তে ১০ কোটি ‘টেলি-পৰামৰ্শ’ প্ৰদানৰ অভিলেখ ৰচনা কৰা কাৰ্যক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা


ভাৰতত ডিজিটেল স্বাস্থ্যসেৱাৰ শক্তিশালী বাতাবৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদানকাৰী চিকিত্সকমণ্ডলীক ভূয়সী প্ৰশংসা কৰে

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ই-সঞ্জীৱনী এপ’ৰ জৰিয়তে ১০ কোটি ‘টেলি-পৰামৰ্শ’ প্ৰদানৰ অভিলেখ ৰচনা কৰা কাৰ্যক প্ৰশংসা কৰে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মাণ্ডৱীয়াৰ এটা ‘টুইট’-ৰ প্ৰতি সঁহাৰি জনাই কৰা ‘টুইট’-ত প্ৰধানমন্ত্ৰীয়ে কয়;

“১,০০,০০,০০,০০০ ‘টেলি-পৰামৰ্শ’ এক উল্লেখযোগ্য কৃতিত্ব। ভাৰতত ‘ডিজিটেল স্বাস্থ্যসেৱা’ৰ এক শক্তিশালী বাতাবৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদানকাৰী চিকিৎসকমণ্ডলীক মই প্ৰশংসা কৰিছোঁ।”