সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছ,
ৰাষ্ট্ৰপতি মুন,
প্ৰধানমন্ত্ৰী লী,
প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা,
প্ৰধানমন্ত্ৰী এণ্ড্ৰিউ হ’লনেছ,
প্ৰধানমন্ত্ৰী আৰডাৰ্ন,
প্ৰধানমন্ত্ৰী লোটে’ শ্বেৰিং,
মাননীয়সকল, বন্ধুসকল,
আমি সকলোৱে মহাত্মা গান্ধীৰ ১৫০তম জন্মজয়ন্তী উপলক্ষে, আজিৰ যুগত তেওঁৰ প্ৰাসংগিকতা সম্পৰ্কে আলোচনা কৰাৰ বাবে একত্ৰিত হৈছো৷ আপোনালোক সকলো বিশিষ্ট অতিথিক মই স্বাগতম জনাইছো৷
মহাত্মা গান্ধীৰ ডেৰশতম জন্মজয়ন্তী উপলক্ষে এক স্মাৰক ডাকটিকট প্ৰচলন কৰাৰ বাবে মই ৰাষ্ট্ৰসংঘকো বিশেষভাৱে ধন্যবাদ জনাইছো৷ গান্ধীজী ভাৰতীয় আছিল কিন্তু তেওঁ কেৱল ভাৰতৰেই নাছিল৷ আজি এই মঞ্চই সেই কথাক জীৱন্তভাৱে প্ৰমাণিত কৰিছে৷ ইতিহাসত এনেকুৱা ক’তো দেখিবলৈ পোৱা নাযায় যে কোনো ব্যক্তিৰ শাসনতন্ত্ৰৰ সৈতে দূৰ–দুৰণিলৈ কোনো সম্বন্ধ নাই আৰু তেওঁ সত্য আৰু অহিংসাৰ শক্তিৰে, শতিকা পুৰণি সাম্ৰাজ্যৰ ভেঁটি কঁপাই তোলাৰ লগতে অনেক দেশভক্তৰ হৃদয়ত স্বাধীনতাৰ স্পৃহা জগাই তুলিব পাৰে৷ মহাত্মা গান্ধী এনেকুৱাই ব্যক্তি আছিল আৰু ক্ষমতাৰ পৰা ইমান দূৰত অৱস্থান কৰা স্বত্বেও আজিও তেওঁ কোটি কোটি লোকৰ হৃদয়ত বাস কৰি আছে৷ আপোনালোকে কল্পনা কৰিব পাৰে, গান্ধীজীয়ে যাক সোঁ–শৰীৰে লগ পোৱা নাই, তথাপিও তেওঁৰ জীৱন কেনেদৰে প্ৰভাৱান্বিত কৰিব পাৰে৷ মাৰ্টিন লুথাৰ কিং জুনিয়ৰেই হওক অথবা নেলচন মেণ্ডেলা, তেওঁলোকৰ চিন্তা–ধাৰাৰ আধাৰ আছিল মহাত্মা গান্ধী, গান্ধীজীৰ বীক্ষণ তেওঁলোকে আয়ত্ব কৰিছিল৷
বন্ধুসকল,
আজি গণতন্ত্ৰৰ পৰিভাষাৰ এটা সীমিত অৰ্থ হ’ল যে জনসাধাৰণে নিজৰ পছন্দৰ চৰকাৰ বাচনি কৰিব পাৰে আৰু সেই চৰকাৰে জনতাৰ আশা–আকাংক্ষা পূৰণৰ বাবে কাম কৰে৷ কিন্তু মহাত্মা গান্ধীয়ে গণতন্ত্ৰৰ প্ৰকৃত শক্তিক গুৰুত্ব দিছিল৷ জনসাধাৰণে যাতে শাসনৰ ওপৰত নিৰ্ভৰশীল নহৈ স্বাৱলম্বী হ’ব পাৰে, গান্ধীজীয়ে সেই পথ প্ৰদৰ্শন কৰিছিল৷
বন্ধুসকল,
মহাত্মা গান্ধী ভাৰতৰ স্বাধীনতা যুদ্ধৰ কেন্দ্ৰ বিন্ধু আছিল কিন্তু আমি ক্ষন্তেক চিন্তা কৰি চোৱা উচিত যে যদি গান্ধীজীয়ে স্বাধীন ভাৰতত জন্ম গ্ৰহণ কৰিলেহেঁতেন, তেন্তে তেওঁ কি কৰিলেহৈ? তেওঁ স্বাধীনতাৰ যুদ্ধত চামিল হৈছিল, এয়া গুৰুত্বপূৰ্ণ কথা কিন্তু গান্ধীজীৰ কৰ্মসমূহৰ বিস্তৃতি কেৱল এয়াই নাছিল৷ মহাত্মা গান্ধীয়ে এক এনে সমাজ ব্যৱস্থাৰ সৃষ্টি কৰিছিল যি চৰকাৰৰ ওপৰত নিৰ্ভৰশীল নাছিল৷মহাত্মা গান্ধীয়ে পৰিৱৰ্তন আনিছিল এই কথা সৰ্বজনবিদিত৷ কিন্তু এই কথাও কোৱা উচিত যে তেওঁ জনতাৰ হৃদয়ৰ শক্তি জাগ্ৰত কৰি তেওঁলোকক স্ব–পৰিৱৰ্তনৰ দিশত উৎসাহিত কৰিবলৈ সমৰ্থ হৈছিল৷ যদি স্বাধীনতাৰ দায়িত্ব গান্ধীজীৰ কান্ধত নাথাকিলহেঁতেন তেন্তে তেওঁ স্বৰাজ আৰু স্বাৱলম্বনৰ দিশত অগ্ৰসৰ হ’লহেঁতেন৷ গান্ধীজীৰ এই বীক্ষণে আজি ভাৰতৰ বৃহৎ প্ৰত্যাহ্বানসমূহৰ সমাধান হিচাপে বিবেচিত হৈছে৷ বিগত পাঁচ বছৰত আমি জনসাধাৰণৰ অংশগ্ৰহণক গুৰুত্ব প্ৰদান কৰিছো৷ সেয়া লাগিলে স্বচ্ছ ভাৰত অভিযানেই হওক, ডিজিটেল ভাৰতেই হওক, জনসাধাৰণে এতিয়া এই অভিযানৰ নেতৃত্ব নিজে প্ৰদান কৰিছে৷
বন্ধুসকল,
মহাত্মা গান্ধীজীয়ে কৈছিল যে তেওঁৰ জীৱনেই তেওঁৰ বাণী৷ গান্ধীজীয়ে কেতিয়াও নিজৰ জীৱনৰ দ্বাৰা প্ৰভাৱান্বিত কৰিবলৈ প্ৰয়াস কৰা নাছিল, কিন্তু তেওঁৰ জীৱনেই প্ৰেৰণাৰ কাৰক হৈ পৰিছিল৷ আজি আমি ‘কেনেদৰে আকৰ্ষিত কৰিব পাৰি’ দৌৰত অৱতীৰ্ণ হৈছো, কিন্তু গান্ধীজীৰ বীক্ষণ আছিল– কিদৰে অনুপ্ৰাণিত কৰিব পাৰি৷ গান্ধীজীৰ গণতন্ত্ৰৰ প্ৰতি নিষ্ঠাৰ শক্তি কি আছিল, ইয়াৰ সৈতে জড়িত এটা বাক্য মই আপোনালোকক শুনাব বিচাৰিছো৷ কিছু বছৰ আগেয়ে যেতিয়া মই ব্ৰিটেইনৰ মহাৰাণী এলিজাবেথক সাক্ষাৎ কৰিলো তেতিয়া তেওঁ মোক আবেগিকভাৱে এখন ৰুমাল দেখুৱালে৷ সেই ৰুমাল খাদীৰ দ্বাৰা প্ৰস্তুত কৰা আছিল, গান্ধীজীয়ে তেওঁৰ বিয়াৰ সময়ত সেই ৰুমাল উপহাৰ দিছিল৷ চিন্তা কৰক, যাৰ সৈতে সিদ্ধান্তৰ মতভেদ আছিল, তেওঁলোকৰ সৈতে সম্বন্ধক লৈ তেওঁৰ মনত কিমান সংবেদনশীলতা আছিল৷ তেওঁ তেওঁলোকৰো ভাল হোৱাটো বিচাৰিছিল, সন্মান কৰিছিল যি তেওঁৰ বিৰোধী আছিল৷ যাৰ সৈতে স্বাধীনতাৰ যুদ্ধ কৰিবলগীয়া হৈছিল৷
বন্ধুসকল,
সিদ্ধান্তসমূহৰ এই প্ৰতিশ্ৰুতিয়ে গান্ধীজীৰ ধ্যান এনে সাতটা দুৰ্বৃত্তিৰ প্ৰতি আকৰ্ষিত কৰিছিল যাৰ প্ৰতি সকলো সজাগ হোৱাটো আৱশ্যক৷ সেয়া হ’ল–
কৰ্ম অবিহনে সম্পত্তি
বিবেক অবিহনে সন্তুষ্টি
চৰিত্ৰ অবিহনে জ্ঞান
নৈতিকতা অবিহনে ব্যৱসায়
মানৱতা অবিহনে বিজ্ঞান
ত্যাগ অবিহনে ধৰ্ম
আদৰ্শ অবিহনে ৰাজনীতি
লাগিলে সেয়া জলবায়ু পৰিৱৰ্তনেই হওক অথবা সন্ত্ৰাসবাদ, ভ্ৰষ্টাচাৰেই হওক অথবা স্বাৰ্থপৰ সামাজিক জীৱন, গান্ধীজীৰ এই সিদ্ধান্তসমূহে আমাক মানৱতাৰ ৰক্ষাৰ দিশত কাম কৰাৰ বাবে পথ প্ৰদৰ্শকৰ দৰে কাম কৰে৷ মোৰ বিশ্বাস যে গান্ধীজীয়ে প্ৰদৰ্শিত কৰা এই পথে উন্নত বিশ্ব নিৰ্মাণত প্ৰেৰক হিচাপে বিবেচিত হ’ব৷ মই ভাবো যে যেতিয়ালৈ মানৱতাৰ সৈতে গান্ধীজীৰ চিন্তাধাৰাৰ এই প্ৰবাহ প্ৰবাহিত হ’ব, সেই পৰ্যন্ত গান্ধীজীৰ প্ৰেৰণা আৰু প্ৰাসংগিকতাও আমাৰ মাজত প্ৰবাহমান হৈ ৰ’ব৷
পুনৰবাৰ আপোনালোক সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো!
ধন্যবাদ!
***
VRRK/SH/AK/MANN
Paying tributes to the great Mahatma Gandhi!
— PMO India (@PMOIndia) September 24, 2019
In a short while from now, a programme on ‘Relevance of Mahatma Gandhi in the Contemporary World’ will be held at the @UN. This special event is being hosted by India.
PM @narendramodi will share his thoughts during the programme. pic.twitter.com/kI0AH8dMhQ
हम सभी महात्मा गांधी की 150वीं जन्म जयंती पर, आज के युग में उनकी प्रासंगिकता पर बात करने के लिए एकजुट हुए हैं।: PM
— PMO India (@PMOIndia) September 24, 2019
महात्मा जी की डेढ़ सौ वीं जन्म-जयंती पर एक Commemorative Stamp जारी करने के लिए मैं U.N. का भी विशेष आभार व्यक्त करता हूं। : PM
— PMO India (@PMOIndia) September 24, 2019
गांधी जी भारतीय थे, लेकिन सिर्फ भारत के नहीं थे। आज ये मंच इसका जीवंत उदाहरण है।: PM
— PMO India (@PMOIndia) September 24, 2019
आप कल्पना कर सकते हैं कि जिनसे गांधी जी कभी मिले नहीं, वो भी उनके जीवन से कितना प्रभावित रहे। मार्टिन लूथर किंग जूनियर हों या नेल्सन मंडेला उनके विचारों का आधार महात्मा गांधी थे, गांधी जी का विजन था।: PM
— PMO India (@PMOIndia) September 24, 2019
आज लोकतंत्र की परिभाषा का एक सीमित अर्थ रह गया है कि जनता अपनी पसंद की सरकार चुने और सरकार जनता की अपेक्षा के अनुसार काम करे। लेकिन महात्मा गांधी ने लोकतंत्र की असली शक्ति पर बल दिया। उन्होंने वो दिशा दिखाई जिसमें लोग शासन पर निर्भर न हों और स्वावलंबी बनें।: PM
— PMO India (@PMOIndia) September 24, 2019
महात्मा गांधी ने एक ऐसी समाज व्यवस्था का बीड़ा उठाया, जो सरकार पर निर्भर न हो।
— PMO India (@PMOIndia) September 24, 2019
महात्मा गांधी परिवर्तन लाए, ये सर्वविदित है, लेकिन ये कहना भी उचित होगा कि उन्होंने लोगों की आंतरिक शक्ति को जगा कर उन्हें स्वयं परिवर्तन लाने के लिए जागृत किया।: PM
अगर आजादी के संघर्ष की जिम्मेदारी गांधी जी पर न होती तो भी वो स्वराज और स्वावलंबन के मूल तत्व को लेकर आगे बढ़ते।
— PMO India (@PMOIndia) September 24, 2019
गांधी जी का ये विजन आज भारत के सामने बड़ी चुनौतियों के समाधान का बड़ा माध्यम बन रहा है।: PM
बीते 5 वर्षों में हमने Peoples Participation-जनभागीदारी को प्राथमिकता दी है। चाहे स्वच्छ भारत अभियान हो, डिजिटल इंडिया हो, जनता अब इन अभियानों का नेतृत्व खुद कर रही है।: PM
— PMO India (@PMOIndia) September 24, 2019
गांधी जी ने कभी अपने जीवन से प्रभाव पैदा करने का प्रयास नहीं किया लेकिन उनका जीवन ही प्रेरणा का कारण बन गया। आज हम How to Impress के दौर में जी रहे हैं लेकिन गांधी जी का विजन था- How to Inspire. : PM
— PMO India (@PMOIndia) September 24, 2019
चाहे क्लाइमेट चेंज हो या फिर आतंकवाद, भ्रष्टाचार हो या फिर स्वार्थपरक सामाजिक जीवन, गांधी जी के ये सिद्धांत, हमें मानवता की रक्षा करने के लिए मार्गदर्शक की तरह काम करते हैं।मुझे विश्वास है कि गांधी जी का दिखाया ये रास्ता बेहतर विश्व के निर्माण में प्रेरक सिद्ध होगा।: PM
— PMO India (@PMOIndia) September 24, 2019
मैं समझता हूं कि जब तक मानवता के साथ गांधी जी के विचारों का ये प्रवाह बना रहेगा, तब तक गांधी जी की प्रेरणा और प्रासंगिकता भी हमारे बीच बनी रहेगी।: PM
— PMO India (@PMOIndia) September 24, 2019