প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইৰানৰ ৰাষ্ট্ৰপতি ড০ ছেইদ ইব্ৰাহিম ৰাইছীৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।
দুয়োগৰাকী নেতাই পশ্চিম এছিয়া অঞ্চলৰ জটিল পৰিস্থিতি আৰু ইজৰাইল-হামাছৰ সংঘাতৰ সন্দৰ্ভত মত বিনিময় কৰে।
প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদ, হিংসা আৰু সাধাৰণ নাগৰিকৰ প্ৰাণ হেৰুওৱা ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। ইজৰাইল-পেলেষ্টাইন বিষয়ত তেওঁ ভাৰতৰ দীৰ্ঘদিনীয়া আৰু পূৰ্বৰে চলি অহা স্থিতি পুনৰ দোঁহাৰে।
ৰাষ্ট্ৰপতি ৰাইছীয়ে পৰিস্থিতিৰ সন্দৰ্ভত তেওঁৰ মূল্যায়ন অৱগত কৰে।
দুয়োগৰাকী নেতাই সংঘাতৰ তীব্ৰতা বৃদ্ধি ৰোধ, মানৱীয় সাহায্য অব্যাহত ৰখা আৰু শান্তি আৰু সুস্থিৰতা সোনকালে ঘুৰাই অনাটো নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
দুয়োগৰাকী নেতাই বহুমুখী দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা আৰু ইতিবাচক দিশ মূল্যায়ন কৰে। আঞ্চলিক সংযোগ উন্নত কৰাৰ বাবে ইৰানৰ চাবাহাৰ বন্দৰক দিয়া গুৰুত্ব আৰু অগ্ৰাধিকাৰক তেওঁলোকে আদৰণি জনায়।
আঞ্চলিক শান্তি, নিৰাপত্তা আৰু সুস্থিৰতাৰ ক্ষেত্ৰত মিলিত আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি দুয়োপক্ষই সঘনে যোগাযোগ অব্যাহত ৰাখিবলৈ সহমতত উপনীত হয়।
*****
DS/DB
Good exchange of perspectives with President @raisi_com of Iran on the difficult situation in West Asia and the Israel-Hamas conflict. Terrorist incidents, violence and loss of civilian lives are serious concerns. Preventing escalation, ensuring continued humanitarian aid and…
— Narendra Modi (@narendramodi) November 6, 2023