Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ইণ্ডো তিব্বতীয়ান সীমান্ত আৰক্ষী (আইটিবিপি)ৰ গ্ৰূপ ‘এ’ জেনেৰেল ডিউটি (এক্সডিকিউটিভ) কেডাৰ আৰু নন-গেজেটেড কেডাৰ পদৰ পৰ্যালোচনাত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ইণ্ডো তিব্বতীয়ান সীমান্ত আৰক্ষী (আইটিবিপি)ৰ গ্ৰূপ ‘এ’ জেনেৰেল ডিউটি (এক্সডিকিউটিভ) কেডাৰ আৰু নন-গেজেটেড কেডাৰ পদৰ পৰ্যালোচনাৰ প্ৰস্তাৱত অনুমোদন জনাইছে৷ এই ক্ষেত্ৰত নিম্নোলিখিত সিদ্ধান্তসমূহ গ্ৰহণ কৰা হৈছেঃ

(i)                  আইটিবিপিৰ সহকাৰী কমাণ্ডেণ্টৰ পৰা অতিৰিক্ত সঞ্চালক প্ৰধান পদলৈকে বিভিন্ন পর্যায়ত গ্ৰূপ ‘এ’ জেনেৰেল ডিউটি (এক্সিকিউটিভ) কেডাৰ আৰু নন-গেজেটেড কেজাৰ পদৰ দায়িত্ব বৃদ্ধি কৰি ছিনিয়ৰ ডিউটি পদত পৰামৰ্শদাতা কৰ্মচাৰীৰ পদমর্যাদা সম্পন্ন কৰা হৈছে৷

(ii)                অতিৰিক্ত সঞ্চালক প্ৰধান আৰু মহাপৰিদৰ্শকক মুৰব্বী হিচাপে লৈ দুটা নতুন কমাণ্ডেণ্ট (চণ্ডীগড়ত ৱেষ্টাৰ্ণ কমাণ্ডেণ্ট আৰু গুৱাহাটীত ইষ্টাৰ্ণ কমাণ্ডেণ্ট) গঠন কৰা হ’ব৷

 

মুখ্য প্ৰভাৱঃ

  • আইটিবিপিত গ্ৰূপ ‘এ’ পদ সৃষ্টিৰ পাছত বাহিনীটোৰ কাৰ্যক্ষমতা আৰু দক্ষতা বৃদ্ধি পাব৷ গ্ৰূপ ‘এ’ পদ সৃষ্টিৰ ক্ষেত্ৰত সময়মতে কৰা পৰ্যালোচনাই বাহিনীটোৰ কাৰ্যক্ষমতাৰ লগতে প্ৰশাসনিক দক্ষতাও বৃদ্ধি কৰিব৷
  • প্ৰস্তাৱ অনুসৰি বিভিন্ন পৰ্যায়ত গ্ৰূপ ‘এ’ জেনেৰেল ডিউটি (এক্সিকিউটিভ) কেডাৰত ৬০টা পদ আৰু গ্ৰূপ ‘এ’ নন-গেজেটেড কেডাৰৰ ০২টা পদ সৃষ্টি কৰা হৈছে৷
  • অতিৰিক্ত সঞ্চালক প্ৰধান আৰু মহাপৰিদৰ্শকক মুৰব্বী হিচাপে লৈ দুটা নতুন কমাণ্ডেণ্ট (চণ্ডীগড়ত ৱেষ্টাৰ্ণ কমাণ্ডেণ্ট আৰু গুৱাহাটীত ইষ্টাৰ্ণ কমাণ্ডেণ্ট) গঠন কৰাৰো প্ৰস্তাৱ লোৱা হৈছে৷

ৰূপায়ণঃ

আনুষ্ঠানিক জাননী/অনুমোদন লাভ কৰাৰ পাছতে নতুনকৈ সৃষ্টি কৰা পদসমূহ নিয়ুক্তি অধিনিয়মৰ অনুসৰি পুৰণ কৰা হ’ব৷

মুল বৈশিষ্ট্যঃ

(ক) গেজেটেড কেডাৰ

গ্ৰূপ ‘এ’ৰ পূৰ্বৰ ১,১৪৭টা পদৰ পৰা ১,২০৭ টা নিম্নোলিখিত ধৰণে বৃদ্ধি কৰা হৈছেঃ

১.  ২টা অতিৰিক্ত সঞ্চালক প্ৰধানৰ পদ

২.  ১০টা মহাপৰিদৰ্শকৰ পদ

৩. ১০ উপ-মহাপৰিদৰ্শক পদ

৪. ১৩টা কমাণ্ডেণ্টৰ পদ

৫. ১৬টা ২১চিৰ পদ

৬.  ০৯টা ডেপুটি কমাণ্ডেণ্টৰ পদ৷

(খ)  নন-গেজেটেড কেডাৰ

(গ) নতুন ২টা মহাপৰিদৰ্শক পদ সৃষ্টি৷

পটভূমিঃ

উল্লেখ্য যে ১৯৬২ চনত আমাৰ উত্তৰ-পূব সীমান্তইদি চীনৰ আগ্ৰাসনৰ পৰিপ্ৰেক্ষিতত ইণ্ডো তিব্বতীয়ান সীমান্ত আৰক্ষী (আইটিবিপি)ৰ গঠন কৰা হয়৷ প্ৰথম অৱস্থাত ইয়াত ৪টা ছাৰ্ভিচ বেটেলিয়নেৰে প্ৰতিষ্ঠা কৰা হৈছিল৷ ইয়াৰ পাছত ১৯৭৮ আৰু ১৯৮৭ত পৰ্যায়ক্ৰমে বিভিন্ন বিভাগত প্ৰয়োজনীয়তাৰ ভিত্তিত ইয়াক সম্প্ৰসাৰণ কৰা হয়৷

১৯৮৮ চনত প্ৰথম কেডাৰ পৰ্যালোচনা হোৱা বাহিনীটোৰ জোৱানৰ সংখ্যা ২৭,২৯৮লৈ বৃদ্ধি কৰা হয়৷ ইয়াৰ পাছত ২০০১ চনত ৩২,৩৮৬ আৰু বৰ্তমান ইয়াৰ সৈন্যৰ সংখ্যা ৮৯,৪২৯গৰাকীলৈ বৃদ্ধি কৰা হৈছে৷

*****

VRRK/SC/SH/DB