Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ইণ্ডিয়া টুডে কনক্লেভত প্ৰধানমন্ত্ৰীৰ ভাষণ

ইণ্ডিয়া টুডে কনক্লেভত প্ৰধানমন্ত্ৰীৰ ভাষণ

ইণ্ডিয়া টুডে কনক্লেভত প্ৰধানমন্ত্ৰীৰ ভাষণ

ইণ্ডিয়া টুডে কনক্লেভত প্ৰধানমন্ত্ৰীৰ ভাষণ


প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ইণ্ডিয়া টুডে কনক্লেভত ভাষণ আগবঢ়ায়৷

প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযানৰ ক্ষেত্ৰত সজাগতা সৃষ্টিত ‘ইণ্ডিয়া টুডে গ্রুপে’ গ্ৰহণ কৰা প্ৰয়াসৰ প্ৰশংসা কৰে৷
প্ৰধানমন্ত্রী হিচাপে তেওঁৰ কাৰ্যকালৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ সামান্য অভিজ্ঞতাই অভিশাপৰ পৰিৱর্তে আশীর্বাদ হৈ পৰিছে৷

দেশৰ বৈদেশিক নীতি প্ৰসংগত হোৱা আশংকাৰ সন্দৰ্ভত প্ৰধানমন্ত্রীয়ে কয় যে বিগত কেইটামান দিনৰ ঘটনাৱলীয়ে এই নীতিক লৈ যি সন্দেহ আছে, সেয়া নাইকিয়া কৰাত সহায় কৰিব৷

প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে বৰ্তমানৰ ভাৰত এক নতুন ভাৰত তথা এখন পৃথক ভাৰত। তেওঁ কয় যে প্ৰতিগৰাকী সেনাৰ জীৱন অমূল্য আৰু আজি ভাৰতৰ সৈতে কোনেও বেমেজালি সৃষ্টি কৰাৰ সাহস দেখুৱাব নোৱাৰে। ৰাষ্ট্ৰীয় স্বার্থত যি কোনো সিদ্ধান্ত গ্ৰহণত তেওঁৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

প্ৰধানমন্ত্রীয়ে কয় যে দেশৰ ভিতৰে-বাহিৰে একাংশ অশুভ শক্তি আছে, যিসকলে দেশৰ বিৰুদ্ধে তথা ভাৰতৰ এই একতা দেখি ভয় খাইছে৷ তেওঁ কয় যে এই ভীতিগ্ৰস্ততা এফালৰ পৰা দেশৰ পক্ষে ভাল। ভাৰতৰ শৌর্য দেখি শত্রুসকল ভীতিগ্ৰস্ত হয়, দুর্নীতিগ্ৰস্ত ব্যক্তিসকল আইনৰ ওচৰত ভীতিগ্ৰস্ত, কিছু ক্ষেত্ৰত এই ভীতিগ্ৰস্ততা মংগলজনক। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে নতুন ভাৰতে এই সক্ষমতা আৰু সম্পদক লৈ আগুৱাই গৈছে৷

চৰকাৰ আৰু সামৰিক বাহিনীসমূহৰ সদিচ্ছাক লৈ যিসকলে সন্দেহ প্ৰকাশ কৰে, তেওঁলোকৰ উদাৰতাকলৈ প্ৰশ্ন উত্থাপন কৰে প্ৰধানমন্ত্রীয়ে৷ তেওঁ কয় যে নৰেন্দ্ৰ মোদীৰ বিৰোধিতা কৰিবলৈ গৈ প্ৰকৃততে তেওঁলোকে দেশৰ বিৰোধিতা কৰিছে। ফলস্বৰূপে, এই বিৰোধিতাই দেশৰ ক্ষতি কৰিছে। তেওঁ কয় যে ভাৰতীয় সামৰিক বাহিনীক যিসকলে সন্দেহ প্ৰকাশ কৰে, তেওঁলোকে দেশত সন্ত্রাসবাদক উদ্গনি যোগোৱাসকলকহে বিশ্বাস কৰে। তেওঁ স্পষ্টকৈ কয় যে ভাৰতে বৰ্তমান ৰাফেল যুদ্ধ বিমানৰ অভাৱ বৰকৈ অনুভৱ কৰিছে। ইফালে, এই যুদ্ধ বিমানক লৈ বহুতে ৰাজনৈতিক খেল খেলিছে। যাৰ কেতবোৰ পদক্ষেপে ৰাষ্ট্ৰীয় নিৰাপত্তাত বিৰূপ প্ৰভাৱ পেলাইছে বুলি ক্ষুৰধাৰ সমালোচনা কৰে প্ৰধানমন্ত্রীয়ে৷

প্ৰধানমন্ত্রীয়ে কয় যে বহু বছৰ ধৰি যিসকলে দেশ শাসন কৰিছিল, তেওঁলোকে কেৱল দুটা বিষয়ৰ প্ৰতি অধিক আগ্ৰহী আছিল। সেয়া হৈছে-সহায় আৰু চুক্তি। ইয়াৰ ফলত দেশৰ জোৱান আৰু কৃষকসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল৷
প্ৰতিৰক্ষা খণ্ডও ক্ষতিগ্ৰস্ত হৈছিল, যিহেতু সেই সময়ত আঙুলিৰ মুৰত গণিব পৰা কেইখনমান চুক্তি স্বাক্ষৰ কৰা হৈছিল৷ কৃষি খণ্ড ক্ষতিগ্ৰস্ত হোৱাৰ কাৰণ হ’ল চুক্তিৰ ক্ষেত্ৰত সঠিক কোনো দৃষ্টিভংগী নাছিল। ৰাজনৈতিক স্বার্থসিদ্ধিৰ বাবে সহায়-দান কৰা হৈছে, যাতে দৰিদ্ৰসকল দৰিদ্ৰ হৈয়ে থাকি যায় আৰু তেওঁলোকৰ বাবে দয়াৰ পাত্ৰ্ হৈ থাকে। কৃষি ঋণ ৰেহাই এই ক্ষেত্ৰত আটাইতকৈ উজ্জ্বল দৃষ্টান্ত৷ তেওঁৰ চৰকাৰে আৰম্ভ কৰা ‘প্ৰধানমন্ত্রী কিষাণ সন্মান নিধি’ৰ উদ্দেশ্য হ’ল কৃষকসকলক সবলীকৰণ কৰা। এই আঁচনি ঘোষণাৰ ২৪ দিন হোৱা বুলি কয় প্ৰধানমন্ত্ৰীয়ে৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁৰ চৰকাৰৰ ৫৫ মাহতে বাকীসকলৰ ৫৫ বছৰ শাসনৰ দুই পৃথক প্ৰয়াসৰ প্ৰতিফলন ঘটিছে৷

তেওঁ কয়, ‘তেওঁলোকৰ প্ৰয়াস আছিল প্ৰতীকি আৰু আমাৰ প্ৰয়াস সামগ্রিক’৷ প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰীয়ে সেনা জোৱানৰ বাবে ‘এক পদ এক পেন্সন’; ‘দুখীয়া লোকসকলৰ বিত্তীয় অন্তর্ভুক্তিকৰণ’; স্বচ্ছ ৰন্ধন গেছ সংযোগ প্ৰদান কৰা ‘উজ্জ্বলা যোজনা’; ‘সকলোৰে বাবে বিদ্যুৎ’ আৰু ‘সকলোৰে বাবে আবাস’ আঁচনিৰ কথা উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে বিৰোধীক উদ্দেশ্যি ভাৰত কিয় এতিয়াও মুকলি স্থানত শৌচ কৰাৰ পৰা মুক্ত হৈ উঠা নাছিল! কেইবা দশকৰ পাৰ হৈ যোৱা পাছতো কিয় যুদ্ধ স্মাৰক বা আৰক্ষী স্মাৰক নিৰ্মাণ কৰা নাছিল বুলি প্ৰশ্ন উত্থাপন কৰে!

প্ৰধানমন্ত্রীয়ে কয় যে ভাৰত আজি দ্রুতগতিত দৰিদ্ৰতা দূৰীকৰণৰ ক্ষেত্ৰত আগুৱাই গৈছে। ভাৰত এতিয়া দ্রুত বিকাশশীল বৃহৎ অর্থনীতিৰ দেশত পৰিণত হৈছে। আন্তঃগাঁথনিৰ ক্ষেত্রত দ্রুত অগ্ৰগতিৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁৰ চৰকাৰ কৰ্মৰ লগতে আইনৰ যুটীয়া প্ৰচেষ্টাত আগুৱাই যোৱাত বিশ্বাসী৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪-১৯ত সকলোৰে মৌলিক চাহিদাসমূহ পূৰণ কৰা হৈছে। সেয়েহে, ২০১৯ৰ পাছৰ বছৰসমূহতো প্ৰত্যাশা পূৰণ আৰু উন্নতিৰ উচ্চ শিখৰত উপনীত হোৱাৰ সময় আহি পৰিছে৷

***

AKT/ VJ/DB