ইউৰোপীয়ান বেংক ফৰ ৰিকন্সষ্ট্ৰাকশ্যন এণ্ড ডেভেলপমেন্টত (ই বি আৰ ডি)ভাৰতৰ সদস্যভুক্তিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে৷
ই বি আৰ ডি ৰ সদস্য লাভৰ বাবে বিত্ত মন্ত্ৰালয়ৰ অৰ্থনীতি বিভাগে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব৷
প্ৰভাৱঃ–
বিত্তীয় তাৎপৰ্য্যঃ–
ই বি আৰ ডি ৰ সদস্যভূক্তিৰ বাবে প্ৰাৰম্ভিক বিনিয়োগৰ পৰিমাণ প্ৰায় ১নিযুত ডলাৰ হ’ব৷ অৱশ্যে, সদস্যভূক্তিৰ বাবে প্ৰয়োজন হোৱা নূন্যতম অংশীদাৰীত্ব (১০০)ক্ৰয় কৰাৰ ক্ষেত্ৰত ভাৰতৰ সিদ্ধান্তৰ ওপৰত এই বিনিয়োগৰ পৰিমাণে নিৰ্ভৰ কৰিব৷ অধিক সংখ্যক অংশীদাৰিত্ব ক্ৰয় কৰিলে বিত্তীয় তাৎপৰ্য্য অধিক বৃদ্ধি পাব৷
পটভূমিঃ–
ই বি আৰ ডি ৰ সদস্যলাভৰ বিষয়টো ভাৰত চৰকাৰে বিচাৰাধীন কৰি আহিছিল৷ যোৱা কিছুবছৰত দেশৰ অৰ্থনৈতিক বিকাশৰ প্ৰতি লক্ষ্যৰাখি চৰকাৰে আন্তঃৰাষ্ট্ৰীয় উন্নয়নক প্ৰসাৰ কৰাৰ সিদ্ধান্ত লয় আৰু ৱলৰ্ড বেংক, এচিয়ান ডেভেলপমেন্ট বেংক আদিৰ উপৰি আন বেংকৰ সৈতে সহযোগিতা বৃদ্ধিৰ দিশে আগবাঢ়ে৷
***
AKT/VBA/SH/BM