প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চৰকাৰী ভ্ৰমণসূচীৰে ‘ইউএই’-ৰ আবু ধাবিত উপস্থিত হয়। বিমানবন্দৰত তেওঁক ‘ইউএই’-ৰ ৰাষ্ট্ৰপতি মহামান্য শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানে বিশেষ ভংগীমাৰে উষ্ম আদৰণি জনোৱাৰ লগতে দেশখনৰ তৰফৰ পৰা তেওঁক আনুষ্ঠানিক আদৰণি জনোৱা হয়।
দুয়োগৰাকী নেতাই পৰস্পৰে মিলিত হোৱাৰ লগতে পৰৱৰ্তী পৰ্যায়ত প্ৰতিনিধি পৰ্যায়ৰ আলোচনাতো অংশগ্ৰহণ কৰে। তেওঁলোকে দ্বিপাক্ষিক অংশীদাৰিত্বমূলক প্ৰসংগসমূহ পৰ্যালোচনা কৰাৰ উপৰি সহযোগিতাৰ নতুন ক্ষেত্ৰসমূহৰ বিষয়েও আলোচনা কৰে। তেওঁলোকে বাণিজ্য আৰু বিনিয়োগ, ডিজিটেল আন্তঃগাঁথনি, ‘ফিনটেক’, শক্তি, আন্তঃগাঁথনি, সাংস্কৃতিক বিনিময় তথা দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ পাৰিস্পৰিক সম্পৰ্ক সহ বিভিন্ন ক্ষেত্ৰত ব্যাপক কৌশলগত অংশীদাৰিত্ব গাঢ় কৰাৰ প্ৰয়াসক আদৰণি জনায়। আলোচনাত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহকো সামৰি লোৱা হয়।
দুয়োগৰাকী নেতাই নিম্নলিখিত প্ৰসংগসমূহত হোৱা আলোচনা প্ৰত্যক্ষ কৰে:
• দ্বিপাক্ষিক বিনিয়োগ চুক্তি: এইখন চুক্তি দুয়োখন দেশতে অধিক বিনিয়োগক উত্সাহিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ সহায়ক হ’ব। ভাৰতে ‘ইউএই’-ৰ সৈতে ‘দ্বিপাক্ষিক বিনিয়োগ চুক্তি’ আৰু এক ‘ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্বমূলক চুক্তি’ দুয়োখনতে স্বাক্ষৰ কৰিছে।
• বৈদ্যুতিক আন্তঃসংযোগ আৰু বাণিজ্য সহযোগিতা সম্পৰ্কীয় বুজাবুজি চুক্তিঃ ই শক্তি সুৰক্ষা আৰু শক্তি বাণিজ্যকে ধৰি শক্তিখণ্ডৰ সহযোগিতাৰ নতুন ক্ষেত্ৰ মুকলি কৰিব।
• ডিজিটেল আন্তঃগাঁথনি প্ৰকল্পত সহযোগিতা সম্পৰ্কীয় বুজাবুজি চুক্তিঃ ই ‘ডিজিটেল আন্তঃগাঁথনি খণ্ড’ত বিনিয়োগ সহযোগিতাকে ধৰি এক বিস্তৃত সহযোগিতাৰ বাবে এক পৰিকাঠামো সৃষ্টি কৰাৰ লগতে কাৰিকৰী জ্ঞান, দক্ষতা আৰু পাৰদৰ্শিতাৰ বিনিময়ত সহায় কৰিব।
• দুয়োখন দেশৰ ৰাষ্ট্ৰীয় অভিলেখাগাৰৰ মাজত সহযোগিতা সম্পৰ্কীয় ‘প্ৰটোকল’: এই ‘প্ৰটোকল’ৰ দ্বাৰা এই ক্ষেত্ৰত ব্যাপক দ্বিপাক্ষিক সহযোগিতা গঢ়ি তোলা হ’ব, যাৰ ভিতৰত আছে পুৰাতাত্বিক সামগ্ৰীৰ পুনৰুদ্ধাৰ আৰু সংৰক্ষণ।
• ঐতিহ্য আৰু সংগ্ৰহালয়ৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তি: ইয়াৰ ফলত গুজৰাটৰ লোথালত ‘সামুদ্ৰিক ঐতিহ্য চৌহদ’লৈ সহযোগিতা আগবঢ়োৱাৰ লক্ষ্যৰে দুয়োখন দেশৰ মাজত সম্পৰ্ক বৃদ্ধি পাব।
• তাৎক্ষণিক পৰিশোধ মঞ্চ- ‘ইউপিআই’(ভাৰত) আৰু ‘এএএনআই’ (ইউএই)ৰ আন্তঃসংযোগ সম্পৰ্কীয় চুক্তি: এই চুক্তিয়ে দুয়োখন দেশৰ মাজত নিৰৱচ্ছিন্ন লেনদেনত সহায় কৰিব। ই যোৱা বছৰ জুলাইত মাননীয় প্ৰধানমন্ত্ৰীৰ আবু ধাবি ভ্ৰমণৰ সময়ত স্বাক্ষৰিত ‘পৰিশোধ আৰু বাৰ্তা প্ৰণালীৰ আন্তঃসংযোগ সম্পৰ্কীয় বুজাবুজি চুক্তি’খনক অনুসৰণ কৰিব।
• ঘৰুৱা ডেবিট/ক্ৰেডিট কাৰ্ড- ‘জয়ৱান’ (ইউএই)ৰ সৈতে ‘ৰূপে’’ (ভাৰত)ৰ আন্তঃসংযোগ সম্পৰ্কীয় চুক্তি: বিত্তীয় খণ্ডৰ সহযোগিতা গঢ়ি তোলাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ, ই সমগ্ৰ ‘ইউএই’-ত ‘ৰূপে’’ৰ সাৰ্বজনীন গ্ৰহণযোগ্যতা বৃদ্ধি কৰিব।
‘ডিজিটেল ৰূপে ক্ৰেডিট আৰু ডেবিট কাৰ্ড ষ্টেক’ আধাৰিত ‘ইউএই’-ৰ ঘৰুৱা কাৰ্ড ‘জয়ৱান’ মুকলি কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক অভিনন্দন জনায়। নেতাদ্বয়ে ‘জয়ৱান কাৰ্ড’ ব্যৱহাৰ কৰি কৰা এক লেনদেন প্ৰত্যক্ষ কৰে।
দুয়োগৰাকী নেতাই শক্তি অংশীদাৰিত্ব শক্তিশালী কৰাৰ বিষয়েও আলোচনা কৰে। খাৰুৱা আৰু ‘এলপিজি’-ৰ সৰ্ববৃহৎ উৎসসমূহৰ ভিতৰত থকাৰ উপৰিও ভাৰতে এতিয়া ‘ইউএই’ৰ সৈতে ‘এলএনজি’-ৰ বাবে দীৰ্ঘম্যাদী চুক্তি সম্পাদিত কৰাৰ প্ৰসংগক প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ আগতে ‘ৰাইটছ লিমিটেড’-য়ে ‘আবু ধাবি পোৰ্টছ কোম্পানী’ আৰু ‘গুজৰাট মেৰিটাইম ব’ৰ্ড’ৰ সৈতে ‘আবু ধাবি পোৰ্টছ কোম্পানী’য়ে চুক্তি স্বাক্ষৰ কৰে। এই চুক্তিসমূহে বন্দৰৰ আন্তঃগাঁথনি নিৰ্মাণত সহায় কৰাৰ লগতে দুয়োখন দেশৰ মাজৰ যোগাযোগক আৰু অধিক বৃদ্ধি কৰিব।
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি মহামান্য শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক তেওঁৰ ব্যক্তিগত সমৰ্থন আৰু আবু ধাবিত বিএপিএছ মন্দিৰ নিৰ্মাণৰ বাবে ভূমি প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। দুয়োপক্ষই উল্লেখ কৰে যে ‘বিএপিএছ মন্দিৰ’ হৈছে ইউএই-ভাৰতৰ মাজৰ বন্ধুত্ব, গভীৰ সাংস্কৃতিক বন্ধন আৰু সম্প্ৰীতি, সহিষ্ণুতা আৰু শান্তিপূৰ্ণ সহাৱস্থানৰ প্ৰতি ‘ইউএই’-ৰ বিশ্বজোৰা প্ৰতিশ্ৰুতিবদ্ধতাৰ এক প্ৰতিমূৰ্তি।
***
DS/AK/KB
Upon his arrival in Abu Dhabi, PM @narendramodi was warmly received by UAE President, HH @MohamedbinZayed at the airport. pic.twitter.com/U2ONrQU4Tn
— PMO India (@PMOIndia) February 13, 2024
Had an excellent meeting with my brother HH @MohamedBinZayed. India-UAE friendship is growing stronger and stronger, greatly benefitting the people of our nations. pic.twitter.com/QTdYgrMN3o
— Narendra Modi (@narendramodi) February 13, 2024
كان لقاءً ممتازاً مع أخي صاحب السمو الشيخ @MohamedBinZayed. إن الصداقة بين الهند والإمارات العربية المتحدة تنمو بشكل أقوى وأقوى، مما يفيد شعبينا بشكل كبير. pic.twitter.com/HSZlAZRmXX
— Narendra Modi (@narendramodi) February 13, 2024