Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আয়ুষ্মান ভাৰতৰ ১ কোটি সংখ্যক হিতাধিকাৰীৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আয়ুষ্মান ভাৰতৰ অধীনত হিতাধিকাৰীৰ সংখ্যা ১ কোটিৰ সীমা অতিক্ৰম কৰাৰ বাবে আনন্দ প্ৰকাশ কৰে৷ এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কয় যে এই সংখ্যাই এক কোটিৰ সীমা অতিক্ৰম কৰাটোৱে প্ৰতিগৰাকী ভাৰতীয়কে গৌৰৱান্বিত কৰিব৷

তেওঁ কয়, “দুবছৰতকৈ কম সময়ৰ ভিতৰতে এই প্ৰচেষ্টাই বহুতৰে জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে৷ মই সকলো হিতাধিকাৰী আৰু তেওঁলোকৰ পৰিয়ালক অভিনন্দন জনাইছো৷ মই তেওঁলোকৰ সু-স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনাইছো৷”

শ্ৰী মোদীয়ে কয় যে তেওঁ আয়ুষ্মান ভাৰতৰ সৈতে জড়িত চিকিসক, নাৰ্ছ, স্বাস্থ্যকৰ্মী তথা অন্যান্য সকলোৱে গ্ৰহণ কৰা প্ৰচেষ্টাৱলীৰ প্ৰশংসা কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয়, “তেওঁলোকৰ প্ৰচেষ্টালীয়ে ইয়াক বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্যসেৱা আঁচনিত পৰিণত কৰিলে৷ এই প্ৰচেষ্টাই বহু ভাৰতীয়, বিশেষকৈ দুখীয়া আৰু পিছপৰা লোকসকলৰ মনত বিশ্বাস জন্মাইছে৷”

আয়ুষ্মান ভাৰতৰ সুবিধাসমূহ ব্যাখ্যা কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াৰ আটাইতকৈ ডাঙৰ সুবিধাটো বহনযোগ্যতা বুলি কয়৷

টুইটাৰত শ্ৰী মোদীয়ে কয়, “হিতাধিকাৰীসকলে আটাইতকৈ উন্নত মানৰ তথা সহজলভ্য স্বাস্থ্য সেৱা কেৱল তেওঁলোকে পঞ্জীয়ন কৰা স্থানতে নহয়, সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত লাভ কৰিব৷ এইটোৱে যিসকল লোকে ঘৰৰ পৰা আঁতৰত কাম কৰে তেওঁলোকক সহায় কৰে আৰু কোনো ঠাইত পঞ্জীয়ন কৰাৰ বেলিকা তেওঁ সেই ঠাইৰ স্থায়ী বাসিন্দা নহ’লেও হয়৷”

প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তেওঁ আয়ুষ্মান ভাৰতৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰিবলৈ অসমৰ্থ৷ অৱশ্যে তেওঁ আয়ুষ্মান ভাৰতৰ ১ কোটি সংখ্যক হিতাধিকাৰী মেঘালয়ৰ পূজা থাপাৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে৷

************

VRRK/VJ/DB