প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৩৬সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মুকলি হোৱা বুলি ঘোষণা কৰে৷ অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে লগতে দেছাৰত বিশ্বমানৰ ‘স্বৰ্ণিম গুজৰাট ক্ৰীড়া বিশ্ববিদ্যালয়ো’ উদ্বোধন কৰে৷ প্ৰধানমন্ত্ৰীয়ে লগতে ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰা সমগ্ৰ দেশৰ খেলুৱৈসকলক উদ্দেশ্যি ভাষণ আগবঢ়ায়৷
এই উপলক্ষে দৰ্শক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ উদ্বোধনী অনুষ্ঠানত যি আনন্দৰ পৰিৱেশ সৃষ্টি হৈছে, সেয়া ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি৷ তেওঁ কয় যে এনে এক মহান অনুষ্ঠানৰ অনুভৱ আৰু শক্তি শব্দৰে বুজাব নোৱাৰি। ৭০০০তকৈ অধিক খেলুৱৈ, ১৫০০০তকৈ অধিক অংশগ্ৰহণকাৰী, ৩৫০০০তকৈ অধিক কলেজ, বিশ্ববিদ্যালয় আৰু বিদ্যালয় আৰু ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সৈতে ৫০লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীৰ প্ৰত্যক্ষ সংযোগ হোৱাটো আচৰিত আৰু অভূতপূৰ্ব বুলি তেওঁ কয়৷ “বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামত, বিশ্বৰ এনে এখন যুৱ দেশত আৰু দেশৰ আটাইতকৈ ডাঙৰ ক্ৰীড়া উৎসৱত! অনুষ্ঠানটো যেতিয়া ইমানেই আকৰ্ষণীয় আৰু অনন্য, তেতিয়া ইয়াৰ শক্তিও অসাধাৰণ হোৱা উচিত”, প্ৰধানমন্ত্ৰীয়ে কয়। ষ্টেডিয়ামত উপস্থিত সকলোৰে উত্তেজনাপূৰ্ণ সংগীতেৰে তেওঁ ৰাষ্ট্ৰীয় ক্ৰীড়া সংগীত ‘জুড়েগা ইণ্ডিয়া-জীতেগা ইণ্ডিয়া’ৰ মূল শব্দ আওৰায়। তেওঁ কয় যে খেলুৱৈসকলৰ মুখত জিলিকি থকা আত্মবিশ্বাস ভাৰতীয় ক্ৰীড়াৰ আগন্তুক সোণালী যুগৰ পূৰ্বসূৰী। ইমান কম সময়ৰ ভিতৰতে এনে এক মহান অনুষ্ঠান আয়োজন কৰাৰ বাবে গুজৰাটবাসীৰ সামৰ্থ্যকো তেওঁ প্ৰশংসা কৰে।
কালি আহমেদাবাদত বিশাল ড্ৰোণ প্ৰদৰ্শনীৰ কথা দোঁহাৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এনে এটা দৃশ্য দেখি সকলোৱে আচৰিত আৰু গৌৰৱ অনুভৱ কৰে। “ড্ৰোনৰ দৰে প্ৰযুক্তিৰ এনে সাৱধানতমুলক ব্যৱহাৰে গুজৰাটে ভাৰতক নতুন উচ্চতালৈ লৈ যাব,” প্ৰধানমন্ত্ৰীয়ে লগতে কয়। ৰাষ্ট্ৰীয় ক্ৰীড়া ২০২২ৰ বাবে চৰকাৰী শুভংকৰ এছিয়াটিক সিংহ ছাৱাজ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে এই শুভংকৰে ভাৰতৰ যুৱক-যুৱতীসকলৰ মেজাজ প্ৰতিফলিত কৰে, ক্ৰীড়াক্ষেত্ৰত নিৰ্ভীক প্ৰৱেশৰ প্ৰতি এক আবেগ। এয়া এক বিশ্বজনীন পৰিস্থিতিত উদিত ভাৰতৰ প্ৰতীক বুলিও তেওঁ কয়।
ষ্টেডিয়ামখনৰ স্বকীয়তা সম্পৰ্কে প্ৰধানমন্ত্ৰীয়ে কয় যে অন্যান্য কমপ্লেক্সসমূহ মাত্ৰ কেইটামান ক্ৰীড়াৰ সুবিধাতে সীমাবদ্ধ থকাৰ বিপৰীতে চৰ্দাৰ পেটেল ক্ৰীড়া কমপ্লেক্সত ফুটবল, হকী, বাস্কেটবল, কাবাডী, বক্সিং, লন টেনিছৰ দৰে বহুতো খেলৰ সুবিধা আছে। ‘এক প্ৰকাৰে ই সমগ্ৰ দেশৰ বাবে এক আৰ্হি। যেতিয়া আন্তঃগাঁথনি এই মানদণ্ডৰ হয়, তেতিয়া খেলুৱৈসকলৰ মনোবলো শীৰ্ষত উপনীত হয়”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়। ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰা খেলুৱৈসকলক ৰাজ্যত নৱৰাত্ৰী অনুষ্ঠান উপভোগ কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে মা দুৰ্গাৰ পূজাৰ দৰে গৰ্বাৰ আনন্দময় উদযাপনও এক উসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে৷ “ইয়াৰ নিজস্ব পৰিচয় আছে”, শ্ৰী মোদীয়ে লগতে কয়।
প্ৰধানমন্ত্ৰীয়ে জাতীয় জীৱনত ক্ৰীড়াৰ গুৰুত্বৰ কথা পুনৰ দোহাৰে। তেওঁ কয়, ‘খেলৰ ক্ষেত্ৰখনত খেলুৱৈসকলৰ জয়, তেওঁলোকৰ শক্তিশালী প্ৰদৰ্শনে আন ক্ষেত্ৰতো দেশৰ জয়ৰ পথ প্ৰশস্ত কৰে। ক্ৰীড়াৰ সুক্ষ্ম শক্তিয়ে দেশৰ পৰিচয় আৰু ভাৱমূৰ্তিৰ বহুমুখীতা বৃদ্ধি কৰে।” তেওঁ লগতে কয় “মই প্ৰায়ে মোৰ ক্ৰীড়াৰ সৈতে জড়িত বন্ধু-বান্ধৱীসকলক কওঁ-সফলতা কাম-কাজৰ পৰা আৰম্ভ হয়! অৰ্থাৎ যি মুহূৰ্তত আপুনি আৰম্ভ কৰে, সেই মুহূৰ্ততে সফলতাও আৰম্ভ হয়। যদি আপুনি গতিশীলতাৰ মনোভাৱ পৰিত্যাগ কৰা নাই, তেন্তে বিজয়ে আপোনাক খেদি ফুৰিছে”।
ক্ৰীড়াৰ ক্ষেত্ৰৰ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৮ বছৰ পূৰ্বে ভাৰতৰ খেলুৱৈয়ে এশতকৈও কম আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। ইয়াৰ বিপৰীতে বৰ্তমান ভাৰতৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা আন্তঃৰাষ্ট্ৰীয় ইভেণ্টৰ সংখ্যা এতিয়া ৩০০লৈ বৃদ্ধি পাইছে। ‘৮ বছৰ আগতে ভাৰতৰ খেলুৱৈসকলে ২০-২৫ খন খেল খেলিবলৈ গৈছিল। এতিয়া ভাৰতৰ পৰা খেলুৱৈসকলে প্ৰায় ৪০টা ভিন্ন খেলত অংশগ্ৰহণ কৰিবলৈ যায়। পদকৰ সংখ্যাৰ লগতে ভাৰতৰ আভাও আজি বৃদ্ধি পাইছে”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়।
প্ৰধানমন্ত্ৰীয়ে কয় যে আনকি ক’ৰোনাৰ কঠিন সময়ছোৱাতো ক্ৰীড়াবিদসকলৰ মনোবল কমি যাবলৈ দিয়া হোৱা নাছিল। “আমি ক্ৰীড়াৰ মনোভাৱেৰে ক্ৰীড়াৰ বাবে কাম কৰিছিলো। টপছৰ দৰে আঁচনিৰ জৰিয়তে বছৰ বছৰ ধৰি মিছন মোডত প্ৰস্তুত চলোৱা হৈছে৷ আজি ডাঙৰ খেলুৱৈৰ সফলতাৰ পৰা আৰম্ভ কৰি ভৱিষ্যতে নতুন খেলুৱৈৰ সৃষ্টিলৈকে টপছে ডাঙৰ ভূমিকা পালন কৰি আছে।” তেওঁ স্মৰণ কৰি কয় যে এইবাৰ টকিঅ’ অলিম্পিকত ভাৰতে অলিম্পিকত সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াইছিল। একেদৰে বেডমিণ্টন দলটোৱে থমাছ কাপত জয়লাভ কৰি আনন্দ উল্লাসক অধিক সতেজ কৰিলে। তেওঁ লগতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত পেৰা-এথলীটসকলৰ সাফল্যকো প্ৰশংসা কৰে। তেওঁ এই পুনৰুত্থানত মহিলা খেলুৱৈসকলৰ সমান আৰু শক্তিশালী অংশগ্ৰহণক লৈ আনন্দ প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই সফলতা পূৰ্বতে সম্ভৱ আছিল যদিও ভাৰতত ক্ৰীড়াক প্ৰয়োজনীয় পেছাদাৰিত্বৰ পৰিৱৰ্তে দুৰ্নীতি আৰু স্বজন-তোষণৰ দ্বাৰা ঘেৰি ধৰিছিল। “আমি সেইটো পৰিষ্কাৰ কৰিলো আৰু যুৱক-যুৱতীসকলৰ সপোনৰ বাবে বিশ্বাস বৃদ্ধি কৰিলো”, তেওঁ কয়। কেৱল নীতি নিৰ্ধাৰণত বিশ্বাস নকৰা, দেশৰ যুৱক-যুৱতীসকলৰ সৈতে মিলি আগবাঢ়ি যোৱা নতুন ভাৰতৰ সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে ফিট ইণ্ডিয়া আৰু খেলো ইণ্ডিয়াৰ দৰে কাৰ্যসূচী এক গণ আন্দোলনত পৰিণত হোৱা বুলি উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ৮ বছৰত দেশৰ ক্ৰীড়া বাজেট প্ৰায় ৭০ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ ফলত খেলুৱৈসকলৰ বাবে অধিক সম্পদ উপলব্ধ কৰা হৈছে যিয়ে খেলুৱৈসকলৰ বাবে অধিক সুযোগ সৃষ্টি কৰাত সহায় কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে আৰু দেশৰ প্ৰতিটো চুকে-কোণে উন্নত ক্ৰীড়া আন্তঃগাঁথনি স্থাপন কৰা হৈছে। শ্ৰী মোদীয়ে লগতে কয় যে অৱসৰপ্ৰাপ্ত খেলুৱৈসকলৰ জীৱন সহজ কৰাৰ বাবেও প্ৰচেষ্টা চলোৱা হৈছে। এই দিশতো কাম কৰা হৈছে যাতে অৱসৰপ্ৰাপ্ত খেলুৱৈসকলৰ অভিজ্ঞতাৰ পৰা নতুন প্ৰজন্ম লাভৱান হ’ব পাৰে।
ভাৰতৰ সভ্যতা আৰু সংস্কৃতিৰ ইতিহাসৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ক্ৰীড়া হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতৰ উত্তৰাধিকাৰ আৰু বিকাশৰ যাত্ৰাৰ এক অংশ হৈ আহিছে। “আজাদী কা অমৃত কালত দেশে নিজৰ ঐতিহ্যক লৈ গৌৰৱ কৰি এই পৰম্পৰাক পুনৰুজ্জীৱিত কৰিছে।” প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে দেশৰ প্ৰচেষ্টা আৰু উৎসাহ কেৱল এটা খেলতে সীমাবদ্ধ নহয়, বৰঞ্চ ‘কালৰীপায়ট্টু’, যোগাসনৰ দৰে ভাৰতীয় ক্ৰীড়াইও গুৰুত্ব লাভ কৰিছে। তেওঁ লগতে কয়, “মই আনন্দিত যে এই খেলসমূহক ৰাষ্ট্ৰীয় গেমছৰ দৰে ডাঙৰ ইভেণ্টত অন্তৰ্ভুক্ত কৰা হৈছে”। ক্ৰীড়াসমূহক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয়, “মই এটা কথা বিশেষভাৱে ক’ব বিচাৰিছো। আপোনালোকে এফালে, হাজাৰ হাজাৰ বছৰ পুৰণি পৰম্পৰাক আগুৱাই লৈ গৈছে, একে সময়তে ক্ৰীড়া জগতৰ ভৱিষ্যতক নেতৃত্ব দিছে। আগন্তুক সময়ত যেতিয়া এই ক্ৰীড়াসমূহে বিশ্বজুৰি স্বীকৃতি লাভ কৰিব, তেতিয়া আপোনালোকৰ নাম এই ক্ষেত্ৰসমূহত কিংবদন্তি হিচাপে গণ্য কৰিব৷”
ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে খেলুৱৈসকলৰ সৈতে পোনপটীয়াকৈ কথা পাতি তেওঁলোকৰ সৈতে এটা মন্ত্ৰ শ্বেয়াৰ কৰে। তেওঁ কয়, “যদি আপোনালোকে প্ৰতিযোগিতাত জয়ী হ’ব বিচাৰে, তেন্তে আপুনি প্ৰতিশ্ৰুতি আৰু ধাৰাবাহিকতা জীয়াই থাকিবলৈ শিকিব লাগিব।” ক্ৰীড়া মনোভাৱৰ কথা কওঁতে প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে ক্ৰীড়াত পৰাজয় আৰু জয়ক কেতিয়াও চূড়ান্ত ফলাফল বুলি গণ্য কৰা উচিত নহয়। শ্ৰী মোদীয়ে লগতে কয় যে ভাৰতৰ দৰে এখন যুৱ দেশৰ সপোন তেতিয়াহে বাস্তৱায়িত হ’ব যেতিয়া ক্ৰীড়া মনোভাৱ আপোনাৰ জীৱনৰ অংশ হৈ পৰে। “এইটো কথা মনত ৰখা উচিত, য’ত সংগ্ৰাম আছে, তাত প্ৰগতি আছে”, শ্ৰী মোদীয়ে লগতে কয়। “আপুনি তৃণমূল পৰ্যায়ৰ পৰাই এই গতিবেগ বজাই ৰাখিব লাগিব। এই গতি আপোনাৰ জীৱনৰ মিছন হোৱা উচিত৷ মই নিশ্চিত, ৰাষ্ট্ৰীয় ক্ৰীড়াত আপোনালোকৰ বিজয়ে দেশবাসীক উদযাপনৰ সুযোগ দিব আৰু ভৱিষ্যতৰ প্ৰতিও নতুন বিশ্বাস জগাই তুলিব৷”
এই উপলক্ষে অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য্য দেৱব্ৰত, কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ, সাংসদ শ্ৰী চি আৰ পাটিল, গুজৰাটৰ গৃহমন্ত্ৰী শ্ৰী হৰ্ষ সংঘৱী আৰু আহমেদাবাদৰ মেয়ৰ শ্ৰী কিৰিত পাৰমাৰ উপস্থিত থাকে৷
পটভূমিঃ
গুজৰাটত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছে৷ ২৯ ছেপ্টেম্বৰৰ পৰা ১২ অক্টোবৰ, ২০২২ লৈকে এই ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১৫,০০০ খেলুৱৈ, প্ৰশিক্ষক আৰু বিষয়াবৰ্গই ৩৬টা ক্ৰীড়া শাখাত অংশগ্ৰহণ কৰিব, যিটো এতিয়ালৈকে অনুষ্ঠিত প্ৰতিযোগিতাৰ ভিতৰত সৰ্ববৃহৎ ৰাষ্ট্ৰীয় ক্ৰীড়া হিচাপে পৰিগণিত হ’ব। আহমেদাবাদ, গান্ধীনগৰ, ছুৰাট, বদোদৰা, ৰাজকোট, ভাৱনগৰ আদি ৬খন চহৰত এই ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰা হৈছে। তদানিন্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গুজৰাটে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ এক শক্তিশালী ক্ৰীড়া আন্তঃগাঁথনি গঢ়ি তোলাৰ যাত্ৰাত অৱতীৰ্ণ হৈছিল, যিটো অতি কম সময়ৰ ভিতৰতে ৰাজ্যখনক খেলৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰিছিল।
***
DS/TS/DB
Sports is a great unifier. Inaugurating the National Games being held in Gujarat. https://t.co/q9shNsjA3A
— Narendra Modi (@narendramodi) September 29, 2022
विश्व का सबसे बड़ा स्टेडियम,
— PMO India (@PMOIndia) September 29, 2022
विश्व का इतना युवा देश,
और देश का सबसे बड़ा खेल उत्सव!
जब आयोजन इतना अद्भुत और अद्वितीय हो, तो उसकी ऊर्जा ऐसी ही असाधारण होगी: PM @narendramodi begins his speech as he declares open the National Games
कल अहमदाबाद में जिस तरह का शानदार, भव्य ड्रोन शो हुआ, वो देखकर तो हर कोई अचंभित है, गर्व से भरा हुआ है।
— PMO India (@PMOIndia) September 29, 2022
टेक्नोलॉजी का ऐसा सधा हुआ इस्तेमाल, ड्रोन की तरह ही गुजरात को, भारत को नई ऊंचाई पर ले जाएगा: PM @narendramodi https://t.co/U8FmoPybti
सरदार पटेल स्पोर्ट्स कॉम्प्लेक्स में फुटबाल, हॉकी, बास्केटबॉल, कबड्डी, बॉक्सिंग और लॉन टेनिस जैसे अनेकों खेलों की सुविधा एक साथ उपलब्ध है।
— PMO India (@PMOIndia) September 29, 2022
ये एक तरह से पूरे देश के लिए एक मॉडल है: PM @narendramodi
इस समय नवरात्रि का पावन अवसर भी चल रहा है।
— PMO India (@PMOIndia) September 29, 2022
गुजरात में माँ दुर्गा की उपासना से लेकर गरबा तक, यहाँ की अपनी अलग ही पहचान है।
जो खिलाड़ी दूसरे राज्यों से आए हैं, उनसे मैं कहूंगा कि खेल के साथ ही यहां नवरात्रि आयोजन का भी आनंद जरूर लीजिये: PM @narendramodi
खेल के मैदान में खिलाड़ियों की जीत, उनका दमदार प्रदर्शन, अन्य क्षेत्रों में देश की जीत का भी रास्ता बनाता है।
— PMO India (@PMOIndia) September 29, 2022
स्पोर्ट्स की सॉफ्ट पावर, देश की पहचान को, देश की छवि को कई गुना ज्यादा बेहतर बना देती है: PM @narendramodi
मैं स्पोर्ट्स के साथियों को अक्सर कहता हूँ- Success starts with action!
— PMO India (@PMOIndia) September 29, 2022
यानी, आपने जिस क्षण शुरुआत कर दी, उसी क्षण सफलता की शुरुआत भी हो गई: PM @narendramodi
8 साल पहले तक भारत के खिलाड़ी, सौ से भी कम इंटरनेशनल इवेंट्स में हिस्सा लेते थे।
— PMO India (@PMOIndia) September 29, 2022
अब भारत के खिलाड़ी 300 से भी ज्यादा इंटरनेशनल इवेंट्स में शामिल होते हैं: PM @narendramodi
8 साल पहले भारत के खिलाड़ी 20-25 खेलों को खेलने ही जाते थे।
— PMO India (@PMOIndia) September 29, 2022
अब भारत के खिलाड़ी करीब 40 अलग-अलग खेलों में हिस्सा लेने जाते हैं: PM @narendramodi
हमने स्पोर्ट्स स्पिरिट के साथ स्पोर्ट्स के लिए काम किया।
— PMO India (@PMOIndia) September 29, 2022
TOPS जैसी योजनाओं के जरिए वर्षों तक मिशन मोड में तैयारी की।
आज बड़े-बड़े खिलाड़ियों की सफलता से लेकर नए खिलाड़ियों के भविष्य निर्माण तक, TOPS एक बड़ी भूमिका निभा रहा है: PM @narendramodi
आज फिट इंडिया और खेलो इंडिया जैसे प्रयास एक जन-आंदोलन बन गए हैं।
— PMO India (@PMOIndia) September 29, 2022
इसीलिए, आज खिलाड़ियों को ज्यादा से ज्यादा संसाधन भी दिए जा रहे हैं और ज्यादा से ज्यादा अवसर भी मिल रहे हैं।
पिछले 8 वर्षों में देश का खेल बजट करीब 70 प्रतिशत बढ़ा है: PM @narendramodi
अब देश के प्रयास और उत्साह केवल एक खेल तक सीमित नहीं है, बल्कि ‘कलारीपयट्टू’ और योगासन जैसे भारतीय खेलों को भी महत्व मिल रहा है।
— PMO India (@PMOIndia) September 29, 2022
मुझे खुशी है कि इन खेलों को नेशनल गेम्स जैसे बड़े आयोजनों में शामिल किया गया है: PM @narendramodi
सभी खिलाड़ियों को मैं एक मंत्र और देना चाहता हूं...
— PMO India (@PMOIndia) September 29, 2022
अगर आपको competition जीतना है, तो आपको commitment और continuity को जीना सीखना होगा।
खेलों में हार-जीत को कभी भी हमें आखिरी नहीं मानना चाहिए।
ये स्पोर्ट्स स्पिरिट आपके जीवन का हिस्सा होना चाहिए: PM @narendramodi