প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘আলীগড় মুছলীম বিশ্ববিদ্যালয়’(এএমইউ)ৰ শতবৰ্ষ অনুষ্ঠান সম্বোধন কৰে। এই উপলক্ষে প্ৰকাশ কৰি উলিওৱা ডাক টিকট এটাও আনুষ্ঠানিক ভাবে উন্মোচন কৰে প্ৰধানমন্ত্ৰীয়ে।
এই সন্দৰ্ভত প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰীয়ে ছাৰ ছৈয়দৰ মন্তব্য স্মৰণ কৰি কয়, দেশৰ বাবে চিন্তা কৰা প্ৰতিগৰাকী ব্যক্তিৰ বাবে সকলো দেশবাসীৰ কল্যাণৰ হকে কাম কৰাটো হ’ব সৰ্ব প্ৰথম কৰ্তব্য। এয়া হ’ব লাগিব জাত-পাত-ধৰ্ম নিৰ্বিশেষে”। প্ৰতিগৰাকী নাগৰিকৰ বাবে সংবিধান প্ৰদত্ত প্ৰতিটো অধিকাৰ সুনিশ্চিত কৰাৰ দিশেৰে দেশে বাট বুলিছে, কেৱল ধৰ্মৰ বাবেই কোনো ব্যক্তি পিচ পৰি থাকিবলগীয়া নহয় আৰু ‘সকলোৰে সৈতে সকলোৰে বিকাশ, সকলোৰে বিশ্বাস’ৰ মন্ত্ৰৰ বুনিয়াদো ইয়েই বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰসংগক্ৰমে শ্ৰী মোডীয়ে চৰকাৰে ৰূপায়ণ কৰা আঁচনিৰ উদাহৰণ দাঙি ধৰি কয় যে কোনোধৰণৰ বৈষম্যৰ অৱকাশ নৰখাকৈয়ে চৰকাৰী আঁচনিসমূহে জনসাধাৰণক উপকৃত কৰি আহিছে। কোনোধৰণৰ বৈষম্য নকৰাকৈয়ে ২ কোটিৰো অধিক দুখীয়-দৰিদ্ৰলৈ পকা ঘৰ আগবঢ়োৱা হৈছে। বৈষম্য নকৰাকৈয়ে ৮ কোটিৰো অধিক মহিলাই লাভ কৰিছে ৰন্ধন গেছৰ সংযোগ। প্ৰায় ৫০ কোটি নাগৰিকে ‘আয়ুষ্মান আঁচনি’ৰ অধীনত ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিত্সা সেৱা লাভ কৰিছে বৈষম্য বিহীন ভাবেই। প্ৰতিগৰাকী নগৰিকেই দেশৰ সম্পদৰ হকদাৰ আৰু সেয়ে ইয়াৰ দ্বাৰা সকলোৱেই উপকৃত হোৱা উচিত। আমাৰ চৰকাৰে এই মানসিকতাৰেই কাম-কাজ অব্যাহত ৰাখিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।
ৰাষ্ট্ৰ আৰু সমাজৰ উন্নয়ণক ৰাজনৈতিক দৃষ্টিকোণৰে চোৱা উচিত নহয় বুলিয়ে নতুন ভাৰতৰ দৃষ্টিভংগী গ্ৰহণ কৰা হৈছে। বিপথে পৰিচালিত কৰিব পৰা অপপ্ৰচাৰৰ বিৰুদ্ধে সতৰ্ক দৃষ্টি ৰখাৰ লগতে সকলোৱে ৰাষ্টৰ স্বাৰ্থ সৰ্বোপৰি বুলি অন্তৰৰে গ্ৰহণ কৰাৰ বাবে শ্ৰী মোডীয়ে আহ্বান জনায়। ৰাজনীতি থমকি ৰ’ব পাৰে, সমাজৰ ক্ষেত্ৰত সেয়া সম্ভৱ নহয়। একেদৰেই, যি জাতি-ধৰ্ম-বৰ্ণৰেই নহওক কিয় দুখীয়ায়ো থমকি ৰ’ব নোৱাৰে। আমি সময়ৰ অপচয় কৰিব নোৱাৰো আৰু এখন আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ বাবে সকলোৱে একত্ৰে কৰ্মত ব্ৰতী হোৱা উচিত। ৰাষ্ট্ৰই নিৰ্দ্ধাৰণ কৰা লক্ষ্যত উপনীত হোৱাৰ বাবে, সকলো মতানৈক্য একাষৰীয়া কৰি থ’বই লাগিব বুলি শ্ৰী মোডীয়ে অভিমত ব্যক্ত কৰে।
ক’ৰোনাৰ সংকটকালত ‘আলীগড় মুছলীম বিশ্ববিদ্যাল’য়ে সমাজলৈ আগবঢ়োৱা অভুতপূৰ্ব অৱদানক প্ৰধানমন্ত্ৰীয়ে ভূয়সী প্ৰশংসা কৰে। এই প্ৰসংগত মন্তব্য কৰি তেওঁ কয় যে বহু সহস্ৰ লোকৰ নমুনা বিনামূলীয়াকৈ পৰীক্ষা কৰা, আইছ’লেশ্যন ৱাৰ্ড নিৰ্মাণ কৰা, প্লাজমা বেংক স্থাপন কৰা, ‘পিএম কেয়াৰ পুঁজি’লৈ বৃহত্ পৰিমাণৰ অৰিহণা আগবঢ়োৱা আদি কাৰ্যই সমাজৰ প্ৰতি থকা দায়িত্ব পালন কৰাত আপোনালোকে দেখুওৱা আন্তৰিকতাৰ মহত্ব প্ৰকট হৈছে। এনেধৰণৰ সংঘবদ্ধ প্ৰয়াসৰ সুবাদতে আজি ভাৰতে ক’ৰোনাৰ দৰে গোলকীয় মহামাৰীক পৰাভূত কৰাৰ ক্ষেত্ৰত অগ্ৰসৰ হ’ব পাৰিছে, দেশ সৰ্বোপৰি মন্ত্ৰক সাৰোগত কৰি আগুৱাব পাৰিছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ১০০টা বছৰত পৃথিৱীৰ বহু দেশৰ সৈতে ভাৰতৰ সম্পৰ্ক প্ৰগাঢ় কৰাৰ বাবেও ‘এএমইউ’-য়ে কাম কৰি আহিছে। ইয়াত সম্পাদিত হোৱা ইছলামিক সাহিত্যৰ লগতে উৰ্দু, আৰবী আৰু পাৰ্ছী ভাষাৰ গৱেষণাই সমগ্ৰ ইছলামিক-বিশ্বৰ সৈতে ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত নতুন শক্তি প্ৰদান কৰিছে। বিশ্ববিদ্যালয়খনৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ ‘ছফ্ট-পাৱাৰ’ বৃদ্ধি কৰাৰ লগতে ৰাষ্ট্ৰ-নিৰ্মাণৰ কৰ্তব্য পূৰণ কৰাৰ দৰে দুইধৰণৰ দায়বদ্ধতা আছে বুলি তেওঁ উল্লেখ কৰে।
ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে বিদ্যালয়ত শৌচাগাৰ নথকাৰ বাবেই এসময়ত মুছলমান জীয়ৰীয়ে আধাতে বিদ্যালয় এৰাৰ পৰিমাণ ৭০শতাংশতকৈয়ো অধিক আছিল বুলি তথ্য স্মৰণ কৰে। এই কথা লক্ষ্য কৰিয়েই চৰকাৰে ‘স্বচ্ছ ভাৰত মিছন’ৰ অধীনত বিদ্যালয়সমূহত ছাত্ৰীসকলৰ বাবে আচুতীয়া শৌচাগাৰ নিৰ্মাণৰ কাম অভিযানৰ ৰূপত সম্পাদিত কৰিলে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ সুবাদতে মুছলমান ছাত্ৰীৰ আধাতে স্কুল এৰাৰ পৰিমাণ ৩০শতাংশ পৰ্যন্ত অৱনমিত কৰিব পৰা গৈছে। এনেদৰে আধাতে স্কুল এৰা ছাত্ৰীসকলৰ বাবে সেঁতুবন্ধন-পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা বাবে প্ৰধানমন্ত্ৰীয়ে আলীগড় মুছলীম বিশ্ববিদ্যালয়ৰ শলাগ লয়।
‘তিনি তালাক’ৰ দৰে প্ৰথাৰ অৱসান ঘটাই এক আধুনিক মুছলমান সমাজ গঢ়াৰ বাবে দেশে প্ৰয়াস অব্যাহত ৰাখিছে বুলি উল্লেখ কৰা প্ৰধানমন্ত্ৰীয়ে কয়, যদি এগৰাকী মহিলাক শিক্ষিত কৰা হয় তেন্তে সমগ্ৰ পৰিয়ালটোৱেই শিক্ষিত হয় বুলি কোৱা হয়। শিক্ষাই নিয়োগ আৰু উদ্যমশীলতাৰ সম্ভাৱনা সৃষ্টি কৰে। নিয়োগ আৰু উদ্যমশীলতাই নিশ্চিত কৰে অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতা। অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতাৰ পৰা সবলীকৰণৰ জন্ম হয়। এগৰাকী সবল মহিলাই আনসকলৰ দৰে সমানেই সিদ্ধান্ত গ্ৰহণত অংশগ্ৰহণৰ সামৰ্থ্য অৰ্জন কৰে।
উচ্চতৰ শিক্ষাৰ ক্ষেত্ৰত ন-ন পাঠ্যক্ৰম সংযোজনৰে ‘এএমইউ’য়ে বহুতকে আকৰ্ষিত কৰিবলৈ সক্ষম হৈ আহিছে বুলি অভিমত ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে। এইখন বিশ্ববিদ্যালয়ত ইতিমধ্যে পঢ়ুৱাই থকাৰ দৰেই এলানি ‘আন্তঃবিভাগীয়-বিষয়’ ‘নতুন শিক্ষা নীতি’য়েও পোষকতা কৰাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। ‘প্ৰথমে ৰাষ্ট্ৰ’-ৰ মন্ত্ৰ আওৰাই যুৱ-প্ৰজন্মই দেশক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি পূৰণত প্ৰবৃত্ত হৈছে। ভাৰতৰ যুৱ-প্ৰজন্মৰ এই আকাংক্ষাকে ‘নতুন শিক্ষা নীতি’ত প্ৰাথমিকতা প্ৰদান কৰা হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।
তেওঁ কয়, নামভৰ্তিৰ সংখ্যা বৃদ্ধিৰ লগতে উচ্চতৰ শিক্ষা প্ৰতিষ্ঠানসমূহত আসনৰ সংখ্যা বৃদ্ধিৰ বাবেও চৰকাৰে কাম কৰি আছে। ‘অফলাইনে’ই হওক কিম্বা ‘অনলাইনে’ই হওক সকলোৰে বাবে শিক্ষাৰ সুযোগ সম্ভৱ কৰাৰ লগতে শিক্ষাৰ জৰিয়তে সকলোৰে জীৱন সলাব পৰাকৈ পৰিৱেশ সৃষ্টিৰ বাবে চৰকাৰে অহৰহভাবে কাম কৰি আছে। ইফালে, ‘এএমইউ’-ৰ শতবৰ্ষ উপলক্ষে দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক জয়ন্তী উদযাপন কৰাৰ সময়লৈ অল্প-খ্যাত স্বাধীনতা সংগ্ৰামীসকলৰ সন্দৰ্ভত গৱেষণা কৰাৰ দৰে এক পাঠ্যক্ৰমোত্তৰ কামত ব্ৰতী হ’বলৈ বিশ্ববিদ্যালয়খনৰ ১০০টা ছাত্ৰাবাসৰ আবাসীসকলক আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে।
***
DS/AK
Speaking at the Aligarh Muslim University. Watch. https://t.co/sNUWDAUHIH
— Narendra Modi (@narendramodi) December 22, 2020
अभी कोरोना के इस संकट के दौरान भी AMU ने जिस तरह समाज की मदद की, वो अभूतपूर्व है।
— PMO India (@PMOIndia) December 22, 2020
हजारों लोगों का मुफ्त टेस्ट करवाना, आइसोलेशन वार्ड बनाना, प्लाज्मा बैंक बनाना और पीएम केयर फंड में बड़ी राशि का योगदान देना, समाज के प्रति आपके दायित्वों को पूरा करने की गंभीरता को दिखाता है: PM
बीते 100 वर्षों में AMU ने दुनिया के कई देशों से भारत के संबंधों को सशक्त करने का भी काम किया है।
— PMO India (@PMOIndia) December 22, 2020
उर्दू, अरबी और फारसी भाषा पर यहाँ जो रिसर्च होती है, इस्लामिक साहित्य पर जो रिसर्च होती है, वो समूचे इस्लामिक वर्ल्ड के साथ भारत के सांस्कृतिक रिश्तों को नई ऊर्जा देती है: PM
आज देश जो योजनाएँ बना रहा है वो बिना किसी मत मजहब के भेद के हर वर्ग तक पहुँच रही हैं।
— PMO India (@PMOIndia) December 22, 2020
बिना किसी भेदभाव, 40 करोड़ से ज्यादा गरीबों के बैंक खाते खुले।
बिना किसी भेदभाव, 2 करोड़ से ज्यादा गरीबों को पक्के घर दिए गए।
बिना किसी भेदभाव 8 करोड़ से ज्यादा महिलाओं को गैस मिला: PM
बिना किसी भेदभाव आयुष्मान योजना के तहत 50 करोड़ लोगों को 5 लाख रुपए तक का मुफ्त इलाज संभव हुआ।
— PMO India (@PMOIndia) December 22, 2020
जो देश का है वो हर देशवासी का है और इसका लाभ हर देशवासी को मिलना ही चाहिए, हमारी सरकार इसी भावना के साथ काम कर रही है: PM
सरकार higher education में number of enrollments बढ़ाने और सीटें बढ़ाने के लिए भी लगातार काम कर रही है।
— PMO India (@PMOIndia) December 22, 2020
वर्ष 2014 में हमारे देश में 16 IITs थीं। आज 23 IITs हैं।
वर्ष 2014 में हमारे देश में 9 IIITs थीं। आज 25 IIITs हैं।
वर्ष 2014 में हमारे यहां 13 IIMs थे। आज 20 IIMs हैं: PM
Medical education को लेकर भी बहुत काम किया गया है।
— PMO India (@PMOIndia) December 22, 2020
6 साल पहले तक देश में सिर्फ 7 एम्स थे। आज देश में 22 एम्स हैं।
शिक्षा चाहे Online हो या फिर Offline, सभी तक पहुंचे, बराबरी से पहुंचे, सभी का जीवन बदले, हम इसी लक्ष्य के साथ काम कर रहे हैं: PM
बीते 100 वर्षों में AMU ने कई देशों से भारत के संबंधों को सशक्त करने का काम किया है।
— Narendra Modi (@narendramodi) December 22, 2020
इस संस्थान पर दोहरी जिम्मेदारी है - अपनी Respect बढ़ाने की और Responsibility निभाने की।
मुझे विश्वास है कि AMU से जुड़ा प्रत्येक व्यक्ति अपने कर्तव्यों को ध्यान में रखते हुए आगे बढ़ेगा। pic.twitter.com/LtA5AiPZCk
महिलाओं को शिक्षित इसलिए होना है ताकि वे अपना भविष्य खुद तय कर सकें।
— Narendra Modi (@narendramodi) December 22, 2020
Education अपने साथ लेकर आती है- Employment और Entrepreneurship.
Employment और Entrepreneurship अपने साथ लेकर आते हैं- Economic Independence.
Economic Independence से होता है- Empowerment. pic.twitter.com/PLbUio9jqs
हमारा युवा Nation First के आह्वान के साथ देश को आगे बढ़ाने के लिए प्रतिबद्ध है।
— Narendra Modi (@narendramodi) December 22, 2020
वह नए-नए स्टार्ट-अप्स के जरिए चुनौतियों का समाधान निकाल रहा है।
Rational Thinking और Scientific Outlook उसकी Priority है।
नई शिक्षा नीति में युवाओं की इन्हीं Aspirations को प्राथमिकता दी गई है। pic.twitter.com/JHr0lqyF90
AMU के सौ साल पूरा होने पर सभी युवा ‘पार्टनर्स’ से मेरी कुछ और अपेक्षाएं हैं... pic.twitter.com/qYGQTU3R3t
— Narendra Modi (@narendramodi) December 22, 2020
समाज में वैचारिक मतभेद होते हैं, यह स्वाभाविक है।
— Narendra Modi (@narendramodi) December 22, 2020
लेकिन जब बात राष्ट्रीय लक्ष्यों की प्राप्ति की हो तो हर मतभेद किनारे रख देना चाहिए।
नया भारत आत्मनिर्भर होगा, हर प्रकार से संपन्न होगा तो लाभ भी 130 करोड़ से ज्यादा देशवासियों का होगा। pic.twitter.com/esAsh9DTHv
सियासत और सत्ता की सोच से बहुत बड़ा, बहुत व्यापक किसी भी देश का समाज होता है।
— Narendra Modi (@narendramodi) December 22, 2020
पॉलिटिक्स से ऊपर भी समाज को आगे बढ़ाने के लिए बहुत Space होता है, जिसे Explore करते रहना बहुत जरूरी है। pic.twitter.com/iNSWFcpRxS