নমস্কাৰ, আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ আচাৰ্য ড০ চৈয়দনা মুফদল চৈফুদ্দিন চাহাব, শিক্ষা মন্ত্ৰী ড০ ৰমেশ পখৰিয়াল নিশাংকজী, শিক্ষা ৰাজ্য মন্ত্ৰী শ্ৰীমান সঞ্জয় ধত্ৰেজী, উপাচাৰ্য ভাই তাৰিক মনচুৰজী, সকলো অধ্যাপক, কৰ্মচাৰী, এই কাৰ্যসূচীৰ সৈতে জড়িত এএমইউ–ৰ ছাত্ৰ–ছাত্ৰী, এএমইউ–ৰ লক্ষাধিক এলুমনাই, অন্য মহানুভৱ আৰু সতীৰ্থসকল৷
পোন প্ৰথমে মই আপোনালোক সকলোলৈ কৃতজ্ঞতা ব্যক্ত কৰিছো৷ আপোনালোকে এএমইউ–ৰ শতবাৰ্ষিকী উদযাপন সমাৰোহৰ এই ঐতিহাসিক ক্ষণত আনন্দেৰে সৈতে মোক জড়িত হোৱাৰ অৱকাশ প্ৰদান কৰিছে৷ মই ছবিত দেখা পাইছিলো শতবাৰ্ষিকী গে’ট, ছচিয়েল ছায়েন্স বিভাগ, মাছ কমিউনিকেচন, বিভিন্ন বিভাগৰ ভৱনসমূহ সুন্দৰকৈ সজোৱা হৈছে৷ এয়া কেৱল ভৱন নহয়, ইয়াৰ সৈতে শিক্ষাৰ যি ইতিহাস জড়িত হৈ আছে সেয়াই হ’ল ভাৰতৰ অমূল্য ধৰোহৰ৷
আজি এএমইউ–ৰ পৰা তালিম লৈ ওলোৱা সকলো লোক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ স্থানত আৰু সংস্থাতেই নহয় বৰঞ্চ বিশ্বৰ শতাধিক দেশতে বিয়পি আছে৷ মই বিদেশ যাত্ৰাত প্ৰায়েই ইয়াৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সৈতে সাক্ষাৎ লাভ কৰো, তেওঁলোকে গৰ্বেৰে এএমইউ–ৰ পৰা অধ্যয়ন কৰা বুলি কয়৷ এএমইউ–ৰ এলুমনাইসকলৰ হাস্য–কৌতুক আৰু শ্বায়েৰীৰ অন্য এক আণ্ডাজ আছে৷ তেওঁলোকে বিশ্বৰ য’তেই নাথাকক কিয়ক, ভাৰতীয় সংস্কৃতিৰ প্ৰতিনিধিত্ব কৰে৷
Proud Aligs, এয়াই কয় ন আপোনালোকে, পাৰ্টনাৰসকল, আপোনালোকৰ এই গৰ্বৰ কাৰণো আছে৷ আপোনালোকৰ এশ বছৰৰ ইতিহাসত এএমইউ–য়ে লক্ষাধিক জীৱনক প্ৰভাৱান্বিত কৰিছে, এক আধুনিক আৰু বৈজ্ঞানিক চিন্তাধাৰা প্ৰদান কৰিছে৷ সমাজৰ বাবে, দেশৰ বাবে কিবা এটা কৰাৰ প্ৰেৰণা প্ৰদান কৰিছে৷ মই সকলোৰে নাম ল’লে সময় ক’ম হ’ব৷ এএমইউ–ৰ এই পৰিচয়, এই সন্মানৰ আধাৰ, ইয়াৰ যি মূল্য, সেয়া স্থাপন কৰিছিল ছাৰ চৈয়দ আহমদ খানে৷ এনে প্ৰত্যেক শিক্ষাৰ্থী আৰু এই এশ বছৰত এএমইউ–ৰ জৰিয়তে দেশ সেৱা কৰা প্ৰত্যেকজন শিক্ষক, অধ্যাপকক মই অভিনন্দন জনাইছো৷
এতিয়া ক’ৰোনা এই সংকটৰ সময়ছোৱাতো এএমইউ–য়ে যিদৰে সমাজলৈ সহায় আগবঢ়াইছে সেয়া অভূতপূৰ্ব৷ সহস্ৰাধিক লোকক বিনামূলীয়া পৰাক্ষা কৰা, আইচ’লেছন ৱাৰ্ড নিৰ্মাণ কৰা আৰু পিএম কেয়াৰ ফাণ্ডলৈ বৃহৎ পৰিমাণৰ ধনৰাশি প্ৰদান কৰা আদিৰ জৰিয়তে সমাজৰ প্ৰতি আপোনালোকৰ দায়িত্ব পূৰণ কৰাৰ গম্ভীৰতা প্ৰদৰ্শিত কৰিছে৷ কিছু দিন পূৰ্বে মই আচাৰ্য ড০ চৈয়দনা চাহাবৰ এক পত্ৰ লাভ কৰিছিলো৷ তেওঁ প্ৰতিষেধক প্ৰদানৰ পৰ্যায়তো সহযোগিতা প্ৰদানৰ কথা কৈছে৷ দেশক সৰ্বোপৰি স্থানত ৰাখি এনেকুৱা সংগঠিত প্ৰয়াসৰ ফলত আজি ভাৰতে ক’ৰোনাৰ দৰে বৈশ্বিক মহামাৰীৰ সফলতাৰে মোকাবিলা কৰিব পাৰিছে৷
বন্ধুসকল,
মোক বহুতো লোকে কয় যে এএমএউ প্ৰাংগন এখন চহৰৰ দৰে৷ অনেক বিভাগ, ডজনসংখ্যক হোষ্টেল, সহস্ৰাধিক শিক্ষক, অধ্যাপক, লক্ষাধিক শিক্ষাৰ্থীৰ মাজত এখন ক্ষুদ্ৰ চহৰ প্ৰতিফলিত হয়৷ এএমইউ–ৰ ভিতৰত এফালে উৰ্দু পঢ়োৱা হয়, এফালে হিন্দী, এফালে আৰবী, সংস্কৃত ভাষাৰ ক্ষেত্ৰত ই এক শতিকাপুৰণি সংস্থা৷ ইয়াৰ পুথিভঁৰালত কোৰাণৰ বাণীৰ উপৰিও গীতা–ৰামায়ণৰ অনুবাদো উপলব্ধ৷ এই বিবিধতা এএমইউ–ৰ দৰে প্ৰতিষ্ঠিত সংস্থাৰেই নহয় বৰঞ্চ দেশৰো এক শক্তি৷ আমি এই শক্তিক পাহৰিব নালাগে আৰু ইয়াক দুৰ্বলো হ’বলৈ দিব নালাগে৷ এএমইউ–ৰ প্ৰাংগনত এক ভাৰত–শ্ৰেষ্ঠ ভাৰতৰ ভাৱনা দিনে দিনে শক্তিশালী হৈ পৰাৰ বাবে আমি কাম কৰিব লাগিব৷
বন্ধুসকল,
বিগত ১০০ বছৰত এএমইউ–য়ে বিশ্বৰ বিভিন্ন দেশ সৈতে ভাৰতৰ সম্বন্ধ গাঢ় কৰি তুলিছে৷ উৰ্দু, আৰবী আৰু ফাৰ্চী ভাষাৰ ওপৰত ইয়াত যি গৱেষণা হয়, ইছলামিক সাহিত্যৰ যি চৰ্চা ইয়াত হয়, ইয়েই সমূহ ইছলামিক বিশ্বৰ সৈতে ভাৰতৰ সংস্কৃতিৰ সম্বন্ধক নতুন শক্তি প্ৰদান কৰে৷ মোক কোৱা হৈছে যে এতিয়া প্ৰায় এহেজাৰ বিদেশী শিক্ষাৰ্থীয়ে ইয়াত অধ্যয়ন কৰি আছে৷ এই ক্ষেত্ৰত এএমইউ–ৰ দায়িত্ব এয়াই যে আমাৰ দেশৰ ভালখিনি, দেশৰ শক্তিসমূহ এই শিক্ষাৰ্থীসকলক দেখুৱাওক যাতে তেওঁলোকে নিজৰ দেশত এয়া দেখুৱাব পাৰে৷ কাৰণ তেওঁলোকে এএমইউ–ত যি দেখিব–শিকিব, তাৰে ভিত্তিতেই ভাৰতৰ সৈতে একাত্ম হ’ব পাৰিব৷ সেয়ে আপোনালোকৰ দুটা দায়িত্ব আছে৷ এটা নিজৰ সন্মান বৃদ্ধি আৰু আনটো নিজৰ দায়িত্ব সুন্দৰকৈ পালনৰ৷ আপোনালোকে এফালে নিজৰ বিশ্ববিদ্যালয়ৰ soft power অধিক বৃদ্ধি কৰিব লাগিব আৰু এফালে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰতো নিজৰ দায়িন্ত নিৰন্তৰে পালন কৰিব লাগিব৷ মোৰ বিশ্বাস, এএমইউ–ৰ সৈতে জড়িত প্ৰত্যেকজন ব্যক্তি, প্ৰত্যেক শিক্ষাৰ্থীয়ে নিজৰ কৰ্তব্য সুঁৱৰি আগবাঢ়িব৷ মই আপোনালোকক ছাৰ চৈয়দে কোৱা এটা কথা স্মৰণ কৰাবলৈ বিচাৰিছো৷ তেওঁ কৈছিল– ‘‘নিজৰ দেশৰ বাবে চিন্তা কৰা প্ৰথমটো আৰু সবাতোকৈ ডাঙৰ কৰ্তব্যটো হ’ল সকলো লোকৰ কল্যাণ কৰা৷ তেওঁ যি জাতি–ধৰ্মৰেই নহওক কিয়৷’’
বন্ধুসকল,
তেওঁ নিজৰ এই কথা সম্প্ৰসাৰিত কৰি এটা উদাহৰণো দিছিল৷ তেওঁ কৈছিল– ‘‘যিদৰে মানৱ জীৱন আৰু তেওঁৰ সুস্বাস্থ্যৰ বাবে শৰীৰৰ প্ৰতিটো অংগ সুস্থ হৈ থকাটো আৱশ্যক, ঠিক সেইদৰে দেশৰ সমৃদ্ধিৰ বাবেও ইয়াৰ প্ৰতিটো পৰ্যায়ত বিকশা হোৱাটো আৱশ্যক৷’’
বন্ধুসকল,
আজি দেশো সেই পথত আগবাঢ়িছে য’ত প্ৰত্যেক নাগৰিকে যাতে বিনা ভেদ–ভাৱে দেশত হৈ থকা বিকাশৰ লাভ আদায় কৰিব পাৰে৷ দেশ আজি সেই পথত আগবাঢ়িছে য’ত প্ৰত্যেক নাগৰিকে সংবিধানৰ পৰা লাভ কৰা অধিকাৰসমূহক লৈ নিশ্চিত থাকিব পাৰে, নিজৰ ভৱিষ্যতক লৈ নিশ্চিত থাকিব পাৰে৷ দেশ আজি সেই পথত আগবাঢ়িছে য’ত ধৰ্মৰ বাবে কোনো যাতে পিছুৱাই থাকিব নালাগে, সকলোৱে আগবঢ়াৰ অধিকাৰ লাভ কৰিব পাৰে, সকলোৱে যাতে নিজৰ সপোন পূৰণ কৰিব পাৰে৷ ‘সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাসে’ই হ’ল ইয়াৰ মূল আধাৰ৷ দেশৰ ইচ্ছা আৰু নীতিত এই সংকল্পই প্ৰতিফলিত হৈছে৷ আজি দেশৰ দৰিদ্ৰৰ বাবে যিসমূহ যোজনাৰ সৃষ্টি কৰা হৈছে সেয়া কোনো ধৰ্মৰ ভেদ–ভাৱ নোহোৱাকৈ সকলোৱে লাভ কৰিছে৷
ভেদ–ভাৱ নোহোৱাকৈ ৪০ কোটিতকৈও অধিক দৰিদ্ৰৰ বেংক একাউণ্ট খোলা হৈছে৷ ভেদ–ভাৱ নোহোৱাকৈ ২ কোটিতকৈও অধিক দৰিদ্ৰক পকী ঘৰ দিয়া হৈছে৷ ভেদ–ভাৱ নোহোৱাকৈ ৮ কোটিতকৈও অধিক মহিলাক গেছৰ সংযোগ দিয়া হৈছে৷ ভেদ–ভাৱ নোহোৱাকৈ এই সময়ছোৱাত ৮০ কোটি দেশবাসীৰ বাবে বিনামূলীয়া অন্ন সুনিশ্চিত কৰা হৈছে৷ ভেদ–ভাৱ নোহোৱাকৈ আয়ুষ্মান যোজনাৰ অধীনত ৫০ কোটি লোকক ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হৈছে৷ যি এই দেশৰ সি প্ৰত্যেক দেশবাসীৰ আৰু ইয়াৰ লাভ প্ৰত্যেক দেশবাসীয়ে আদায় কৰিব পাৰে, আমাৰ চৰকাৰে এই ভাৱনাৰ সৈতেই কাম কৰি আছে৷
বন্ধুসকল,
কিছুদিন পূৰ্বে মই আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ এজন এলুমনাইৰ সৈতে সাক্ষাৎ হৈছিল৷ তেওঁ এজন ইছলামিক পণ্ডিতো৷ তেওঁ মোক এটা অতিশয় আমোদজনক কথা ক’লে যি মই আপোনালোকৰ সৈতে বিনিময় কৰিবলৈ বিচাৰিছো৷ স্বচ্ছ ভাৰত অভিযানৰ অধীনত যেতিয়া ১০ কোটিতকৈও অধিক শৌচালয় নিৰ্মাণ কৰা হ’ল, ইয়াৰ লাভ সকলোৱে পালে৷ এই শৌচালয়ো ভেদ–ভাৱ অবিহনে নিৰ্মাণ কৰা হ’ল৷ কিন্তু ইয়াৰ এক দৃষ্টিভংগী এনেকুৱা, ইয়াৰ চৰ্চাও ইমান নহ’ল আৰু শৈক্ষিক বিশ্বইও ইয়াক গুৰুত্ব নিদিলে৷ মই বিচাৰিছো যে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰতিজন শিক্ষাৰ্থীয়ে যাতে ইয়াৰ ওপৰত গুৰুত্ব দিয়ে৷
বন্ধুসকল,
এটা সময় এনে আছিল য’ত আমাৰ দেশৰ মুছলমান কন্যাসকলক ড্ৰপ আউট হাৰ ৭০%তকৈও অধিক আছিল৷ মুছলমান সমাজৰ প্ৰগতিত কন্যাসকলে এইদৰে আধাতে পঢ়া এৰি দিয়াটো বৃহৎ বাধা হৈ পৰিছে৷ কিন্তু ৭০ বছৰ ধৰি আমাৰ ইয়াত স্থিতি এনে আছিল যে ৭০%তকৈও অধিত মুছলমান কন্যাই নিজৰ অধ্যয়ন শেষ কৰিব নোৱাৰিছিল৷ এই স্থিতিত স্বচ্ছ ভাৰত অভিযানৰ সূচনা হ’ল, গাঁৱে–গাঁৱে শৌচালয়ৰ নিৰ্মাণ হ’ল৷ চৰকাৰে বিদ্যালয়লৈ যোৱা কন্যা শিক্ষাৰ্থীৰ বাবে অভিযানভিত্তিত শৌচালয় নিৰ্মাণ কৰিলে৷ আজিৰ দেশৰ স্থিতি কি? প্ৰথমে মুছলমান কন্যাসকলৰ ড্ৰপ আউট হাৰ ৭০%তকৈ অধিক আছিল, আৰু এতিয়া ৩০%ৰ তললৈ হ্ৰাস হৈ পৰিছে৷
প্ৰথমে লক্ষাধিক মুছলমান কন্যাই শৌচালয়ৰ অভাৱত পঢ়া আধাতে এৰিবলগীয়া হৈছিল৷ এতিয়া পৰিস্থিতিৰ পৰিৱৰ্তন হৈছে৷ মুছলমান কন্যাসকলৰ ড্ৰপ আউট হাৰ ন্যূনতম হওক তাৰবাবে কেন্দ্ৰ চৰকাৰে নিৰন্তৰে প্ৰয়াসে কৰি আছে৷ আপোনালোকৰ আলিগড় মুছলিম বিশ্ববিদ্যালয়তেই বিদ্যালয়ৰ পৰা ড্ৰপ–আউট শিক্ষাৰ্থীসকলৰ বাবে ‘ব্ৰীজ কোৰ্চ’ চলোৱা হৈছে৷ আৰু এতিয়া মোক আন এটা কথাও কোৱা হৈছে যি খুব ভাল কথা৷ এএমইউ–ত এতিয়া মহিলা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি হৈ ৩৫% হৈছে৷ মই আপোনালোক সকলোকে অভিনন্দন জনাবলৈ বিচাৰিছো৷ মুছলমান কন্যাসকলৰ শিক্ষাত, তেওঁলোকৰ সশক্তিকৰণত চৰকাৰে অধিক ধ্যান দিছে৷ বিগত ছমাহত চৰকাৰৰ দ্বাৰা প্ৰায় এক কোটি মুছলমান কন্যাক জলপানি প্ৰদান কৰা হৈছে৷
বন্ধুসকল,
লিংগৰ ভিত্তিত ভেদ–ভাৱ নোহোৱাকৈ সকলোৱে যাতে সম অধিকাৰ লাভ কৰে, দেশৰ বিকাশৰ লাভ যাতে সকলোৱে লাভ কৰে, সেয়া এএমইউ–ৰ স্থাপনৰ প্ৰাথমিকতা আছিল৷ আজিও এএমইউ–ৰ গৌৰৱ এয়াই যে প্ৰতিষ্ঠাতা আচাৰ্যৰ দায়িত্ব বেগম চুলতানে চম্ভালি লৈছিল৷ এশ বছৰ পূৰ্বে তেনে পৰিস্থিতিত কাম কৰাটো কিমান ডাঙৰ কথা আছিল ইয়াৰ ধাৰণা কৰিব পাৰি৷ আধুনিক মুছলমান সমাজৰ নিৰ্মাণৰ প্ৰয়াস যি সেইটো সময়ত আৰম্ভ হৈছিল, তিনি তালাকৰ দৰে কুপ্ৰথাৰ অন্ত পেলাই আজি দেশে সেই প্ৰয়াসক আগুৱাই নিছে৷
বন্ধুসকল,
পূৰ্বে কোৱা হৈছিল যদি যদি এগৰাকী মহিলা শিক্ষিত হয় তেন্তে সমগ্ৰ পৰিয়ালটো শিক্ষিত হৈ পৰে৷ এয়া সত্য৷ কিন্তু পৰিয়ালৰ শিক্ষাৰ বাহিৰেও ইয়াৰ গুৰুত্ব অধিক৷ মহিলাসকল শিক্ষিত এইবাবেই হ’ব লাগে কিয়নো তেওঁলোকে যাতে নিজৰ অধিকাৰৰ উপযুক্ত ব্যৱহাৰ কৰিব পাৰে, নিজৰ ভৱিষ্যত নিজে নিৰ্ধাৰণ কৰিব পাৰে৷ শিক্ষাৰ সৈতে আহে নিয়োজন আৰু উদ্যমিতা৷ নিয়োজন আৰু উদ্যমিতাই নিজৰ সৈতে আনে অৰ্থনৈতিক স্বতন্ত্ৰতা৷ অৰ্থনৈতিক স্বতন্ত্ৰতাৰ পৰা আহে সৱলীকৰণ৷ এগৰাকী সৱলীকৃত মহিলাৰ প্ৰতিটো স্তৰত, প্ৰতিটো সিদ্ধান্তত অন্যৰ সমানেই যোগদান থাকে৷ সেয়া লাগিলে পৰিয়ালক দিশ নিৰ্দেশনা প্ৰদানেই হওক অথবা দেশক নিৰ্দেশনা প্ৰদানেই হওক৷ আজি মই যেতিয়া আপোনালোকৰ সৈতে কথা পাতি থকাৰ সময়ত অন্য শিক্ষা সংস্থাসমূহকো ক’বলৈ বিচাৰিম যে অধিকতম কন্যাক শিক্ষাৰ সৈতে জড়িত কৰক৷ আৰু তেওঁলোকক কেৱল শিক্ষাই নহয়, উচ্চ শিক্ষাও প্ৰদান কৰক৷
বন্ধুসকল,
এএমইউ–য়ে উচ্চ শিক্ষাত নিজৰ পৰম্পৰাগত পাঠ্যক্ৰমৰ দ্বাৰা বহুতক আকৰ্ষিত কৰিছে৷ আপোনালোকৰ বিশ্ববিদ্যালয়ত inter-disciplinary বিষয় পূৰ্বৰ পৰাই পঢ়োৱা হয়৷ যদি কোনো ছাত্ৰ বিজ্ঞানত ভাল আৰু তেওঁ বুৰঞ্জীও ভাল পায়, তেন্তে এনেকুৱা হ’ব নালাগে যে তেওঁ কেৱল এটা বিষয়হে বাচনি কৰিব পাৰে৷ এই ভাৱনা নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিতো আছে৷ ইয়াত একবিংশ শতিকাত ভাৰতৰ শিক্ষাৰ্থীসকলক প্ৰয়োজনীয়তা, তেওঁলোকৰ স্বাৰ্থক সবাতকৌ ঊৰ্ধত ৰখা হৈছে৷ আমাৰ দেশৰ তৰুণ ৰাষ্ট্ৰই সৰ্বপ্ৰথমৰ আহ্বানৰ সৈতে আগবাঢ়ি যাবলৈ প্ৰতিশ্ৰুতিৱদ্ধ৷ তেওঁলোকে নতুন নতুন ষ্টাৰ্ট–আপৰ জৰিয়তে দেশৰ প্ৰত্যাহ্বানসমূহৰ সমাধান সন্ধান কৰি আছে৷ যাদৃচ্ছিক চিন্তা আৰু Scientific outlook হ’ল তেওঁলোকৰ প্ৰথম অগ্ৰাধিকাৰ৷ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত ভাৰতৰ যুৱচামৰ এই প্ৰত্যাশাক প্ৰাথমিকতা প্ৰাদন কৰা হৈছে৷ আমাৰ প্ৰয়াস এয়াই যে ভাৰতৰ শিক্ষাৰ পৰিবেশতন্ত্ৰ বিশ্বৰ আধুনিক শিক্ষা ব্যৱস্থাসমূহৰ ভিতৰত যাতে অন্যতম হয়৷ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত যি বহুমুখী প্ৰৱেশ আছে, প্ৰস্থানৰ ব্যৱস্থা আছে তাৰ দ্বাৰা শিক্ষাৰ্থীসকলে নিজৰ শিক্ষাৰ বিষয়ত সিদ্ধান্ত গ্ৰহণত সহায়ক হ’ব৷ প্ৰতিটো প্ৰস্থান বিকল্পৰ পিছত তেওঁলোকক উপযুক্ত স্বীকৃতিপত্ৰও দিয়া হ’ব৷ ই শিক্ষাৰ্থীসকলক সম্পূৰ্ণ পাঠ্যক্ৰমৰ মাচুলৰ চিন্তা নোহোৱাকৈ নিজৰ সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰিব৷
বন্ধুসকল,
চৰকাৰে উচ্চ শিক্ষাত পঞ্জীয়নৰ সংখ্যা বৃদ্ধি কৰাৰ বাবেও নিৰন্তৰে কাম কৰি আছে৷ ২০১৪ চনৰ বৰ্ষত আমাৰ দেশত ১৬খন আইআইটি আছিল৷ আজি ২৩খন আইআইটি আছে৷ ২০১৪ চনত আমাৰ দেশত ৯খন আইআইআইটি আছিল৷ আজি ২৫খন আইআইআইটি আছে৷ ২০১৪ চনত আমাৰ ১৩খন আইআইএমআছিল৷ আজি ২০খন আইআইএম আছে৷ চিকিৎসা শিক্ষাকলৈও বহু কাম কৰা হৈছে৷ ৬ বছৰ পূৰ্বে দেশত কেৱল ৭খন এইমছ আছিল, আজি দেশত ২২খন এইমছ আছে৷ শিক্ষা অনলাইনেও হওক অথবা অফলাইন, সকলোৱে যাতে এই শিক্ষা লাভ কৰিব পাৰে, সকলোৰে জীৱন যাতে পৰিৱৰ্তন হ’ব পাৰে, সেই লক্ষ্যৰ সৈতে আমি কাম কৰি আছো৷
বন্ধুসকল,
এএমইউ–ৰ শতবাৰ্ষিকী উদযাপন হোৱাৰ প্ৰাকমুহূৰ্তত আপোনালোক সকলো যুৱ ‘সহযোগী’ৰ পৰা মই কিছু আশা কৰিছো৷ এই ১০০ বছৰ পূৰ্তিত এএমইউ–য়ে নিজৰ ১০০টা হোষ্টেলত এক অতিৰিক্ত পাঠ্যক্ৰম বহিৰ্ভূত কাম কৰিব পাৰে নেকি? এই কাম দেশৰ স্বাধীনতাৰ ৭৫তম বৰ্ষ পূৰ্তিৰ সৈতে জড়িত হ’ব লাগিব৷ যিদৰে এএমইউ–ৰ ওচৰত উদ্ভাৱনী আৰু গৱেষণা উন্মুখ প্ৰতিভা আছে, তেওঁলোকে স্বতন্ত্ৰতা সংগ্ৰামী সেনানীসকলৰ ওপৰত গৱেষণা কৰি তেওঁলোকৰ জীৱনক দেশৰ সন্মুখলৈ লৈ আহিব পাৰে৷ কিছুমান শিক্ষাৰ্থীয়ে এনে স্বতন্ত্ৰতা সেনানীসকলৰ জন্মস্থানলৈ গৈ, তেওঁলোকৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি নতুন সম্ভাৱনা বিকশিত কৰিব পাৰে৷ উদাহৰণস্বৰূপে ৭৫টা হোষ্টেলত একোজন একোজন আদিবাসী স্বতন্ত্ৰতা সেনানীৰ ওপৰত গৱেষণা তথ্য প্ৰস্তুত কৰিব পাৰে৷ ঠিক সেইদৰে ২৫টা হোষ্টেলত মহিলা স্বতন্ত্ৰতা সেনানীৰ ওপৰত গৱেষণা কৰিব পাৰে৷
আৰু এটা কাম দেশৰ বাবে এএমইউ–ৰ শিক্ষাৰ্থীসকলে কৰিব পাৰে৷ এএমইউ–ৰ ওচৰত দেশৰ বহু অমূল্য প্ৰাচীন পাণ্ডুলিপি আছে৷ এই সকলোবোৰ আমাৰ সংস্কৃতিৰ ধৰোহৰ৷ মই বিচাৰছো যে আপোনালোকে প্ৰযুক্তিৰ জৰিয়তে এইসমূহক ডিজিটেল অথবা ভাৰ্চুৱেলী সমগ্ৰ বিশ্বৰ সন্মুখত দাঙি ধৰক৷ আত্মনিৰ্ভৰ ভাৰত অভিযানক সফল কৰি তোলাৰ বাবে, ভ’কেল ফ’ৰ ল’কেলক সফল কৰি তোলাৰ বাবে বহু কাম কৰিবলৈ বাকী আছে৷ ইয়াৰ বাবে যদি এএমইউ–ৰ পৰা প্ৰস্তাৱনা লাভ কৰো, এএমইউ–ৰ এলুমনাইৰ পৰা প্ৰস্তৱনা লাভ কৰো, তেন্তে মই অতিশয় সুখী হ’ম৷
বন্ধুসকল,
আজি সমগ্ৰ বিশ্বই আমাক প্ৰত্যক্ষ কৰি আছে৷ যিটো শতিকা ভাৰতৰ শতিকা বুলি কোৱা হৈছে সেই লক্ষ্যৰ দিশে ভাৰত কিদৰে আগবাঢ়ে তাকে লৈ সমগ্ৰ বিশ্বতেই কৌতুহলৰ সৃষ্টি হৈছে৷ সেইবাবে আজি আমাৰ সকলোৰে একমাত্ৰ আৰু একনিষ্ট লক্ষ্য এয়াই হ’ব লাগে যে ভাৰতক কিদৰে আত্মনিৰ্ভৰ কৰি তুলিব পাৰি৷ আমি ক’ত আৰু কি পৰিয়ালত জন্ম হৈছো, কি ধৰ্মৰ সৈতে জড়িত, ইয়াতকৈও ডাঙৰ কথা এয়াই যে প্ৰতিজন নাগৰিক আকাংক্ষা আৰু তেওঁলোকৰ প্ৰয়াসত দেশৰ আকাংক্ষা কিদৰে সংবদ্ধ কৰিব পাৰি৷ যেতিয়া ইয়াক লৈ এক শক্তিশালী ভেঁটিৰ সৃষ্টি হ’ব তেতিয়া লক্ষ্যত উপনীত হোৱা অধিক সহজ হৈ পৰিব৷
বন্ধুসকল,
সমাজত বিচাৰধাৰা পৃথক হ’ব পাৰে, এয়া স্বাভাৱিক৷ কিন্তু যেতিয়া ৰাষ্ট্ৰীয় লক্ষ্যপ্ৰাপ্তিৰ কথা কোৱা হয় তেতিয়া মতভেদ আঁতৰাই ৰাখিব লাগে৷ যেতিয়া আপোনালোক সকলো যুৱ সহযোগীয়ে এই চিন্তাৰ সৈতে আগবাঢ়িব তেতিয়া এনে কোনো লক্ষ্য নাই যাক আমি প্ৰাপ্ত কৰিব নোৱাৰিম৷ শিক্ষাই হওক, আৰ্থিক বিকাশেই হওক, উন্নত জীৱন–প্ৰণালীয়েই হওক, মহিলাসকলৰ অধিকাৰেই হওক, সুৰক্ষাই হওক, ৰাষ্ট্ৰবাদেই হওক, এই আটাইবোৰ প্ৰতিজন নাগৰিকৰ বাবে প্ৰয়োজনীয়৷ এনেকুৱা কিছুমান বিষয় আছে য’ত আমি ৰাজনৈতিক অথবা বিচাৰগত হিচাপত অসহমত হ’ব নোৱাৰো৷ ইয়াত আলীগড় মুছলিম বিশ্ববিদ্যালয়ত মই এই বিষয়ে কোৱাৰ কাৰণ হ’ল ইয়াৰ পৰা স্বতন্ত্ৰতাৰ অনেক সেনানী ওলাইছে৷ এই ভূমিৰ পৰা ওলাইছে৷ এই স্বতন্ত্ৰতা সেনানীসকলৰো নিজৰ পাৰিবাৰিক, সামাজিক চিন্তা–ধাৰা আছিল৷ কিন্তু যেতিয়া দাসত্বৰ পৰা মুকলি হোৱাৰ কথা আহিল তেতিয়া সকলোৱে স্বাধীনতাৰ এটা লক্ষ্যৰ সৈতে জড়িত হৈ পৰিল৷
বন্ধুসকল,
আমাৰ পূৰ্বজসকলে স্বাধীনতাৰ বাবে যি কৰিলে সেই কামেই এতিয়া আপোনালোকে ভাৰত নিৰ্মাণৰ বাবে কৰিব লাগিব৷ নতুন ভাৰত আত্মনিৰ্ভৰ হ’ব, সকলো প্ৰকাৰে সম্পন্ন হ’ব, তেতিয়া ১৩০ কোটি ভাৰতীয়ই ইয়াৰ দ্বাৰা উপকৃত হ’ব৷ এই চিন্তা–ধাৰা সমাজৰ সকলো দিশলৈ যাতে প্ৰচাৰিত হয়, এই কাম আপোনালোকে কৰিব পাৰে, যুৱ সহযোগীসকলে কৰিব পাৰে৷
বন্ধুসকল,
আমি এয়া বুজিব লাগিব যে শাসন ব্যৱস্থা সমাজৰ এটা গুৰুত্বপূৰ্ণ অংশ৷ কিন্তু সমাজত শাসন ব্যৱস্থাৰ উপৰিও অন্য সমস্যাও আছে৷ ৰাজনীতিৰ ঊৰ্ধতো সমাজক আগুৱাই লৈ যোৱাৰ বাবে বিভিন্ন পৰ্যায় আছে৷ এইসমূহ অন্বেষণ কৰাটো অতিশয় আৱশ্যক৷ এই কাম আমাৰ এএমইউৰ দৰে প্ৰাংগনত কৰিব পাৰে, আপোনালোক সকলোৱে কৰিব পাৰে৷
বন্ধুসকল,
মোৰ বিশ্বাস যে আমি সকলোৱে একত্ৰিতভাৱে আত্মনিৰ্ভৰ ভাৰতৰ সপোন পূৰণ কৰিম, আমি সকলোৱে মিলি দেশ বিকাশক নতুন উচ্চতাত আৰোহণ কৰোৱাম৷ আপোনালোক সকলোকে এএমইউ–ৰ শতবাৰ্ষিকী অনুষ্ঠান উপলক্ষে অভিনন্দন জনাইছো৷ আৰু এই ১০০ বছৰত যিসকল মহাপুৰুষে এই সংস্থাৰ গৰিমাক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে নিৰন্তৰ প্ৰয়াস কৰিছো, আজি তেওঁলোককো স্মৰণ কৰিছো৷ পুনৰবাৰ আজিৰ এই পবিত্ৰ উপলক্ষত ভৱিষ্যতৰ বাবে অনেক শুভকামনা জনাইছো৷ সমগ্ৰ বিশ্বতে থকা এলুমনাইসকলৰ উত্তম স্বাস্থ্যৰ বাবে শুভকামনা জনাইছো আৰু এএমইউ–ৰো উত্তম ভৱিষ্যতৰ বাবে অনেক শুভকামনাৰ সৈতে মই আপোনালোকক বিশ্বাস দিব খুজিছো যে চৰকাৰে আপোনালোকৰ প্ৰগতিৰ বাবে, আপোনালোকৰ সপোন বাস্তৱায়িত কৰাৰ বাবে কেতিয়াও থমকি নৰয়৷
এই বিশ্বাসৰ সৈতে আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো৷
****
Speaking at the Aligarh Muslim University. Watch. https://t.co/sNUWDAUHIH
— Narendra Modi (@narendramodi) December 22, 2020
अभी कोरोना के इस संकट के दौरान भी AMU ने जिस तरह समाज की मदद की, वो अभूतपूर्व है।
— PMO India (@PMOIndia) December 22, 2020
हजारों लोगों का मुफ्त टेस्ट करवाना, आइसोलेशन वार्ड बनाना, प्लाज्मा बैंक बनाना और पीएम केयर फंड में बड़ी राशि का योगदान देना, समाज के प्रति आपके दायित्वों को पूरा करने की गंभीरता को दिखाता है: PM
बीते 100 वर्षों में AMU ने दुनिया के कई देशों से भारत के संबंधों को सशक्त करने का भी काम किया है।
— PMO India (@PMOIndia) December 22, 2020
उर्दू, अरबी और फारसी भाषा पर यहाँ जो रिसर्च होती है, इस्लामिक साहित्य पर जो रिसर्च होती है, वो समूचे इस्लामिक वर्ल्ड के साथ भारत के सांस्कृतिक रिश्तों को नई ऊर्जा देती है: PM
आज देश जो योजनाएँ बना रहा है वो बिना किसी मत मजहब के भेद के हर वर्ग तक पहुँच रही हैं।
— PMO India (@PMOIndia) December 22, 2020
बिना किसी भेदभाव, 40 करोड़ से ज्यादा गरीबों के बैंक खाते खुले।
बिना किसी भेदभाव, 2 करोड़ से ज्यादा गरीबों को पक्के घर दिए गए।
बिना किसी भेदभाव 8 करोड़ से ज्यादा महिलाओं को गैस मिला: PM
बिना किसी भेदभाव आयुष्मान योजना के तहत 50 करोड़ लोगों को 5 लाख रुपए तक का मुफ्त इलाज संभव हुआ।
— PMO India (@PMOIndia) December 22, 2020
जो देश का है वो हर देशवासी का है और इसका लाभ हर देशवासी को मिलना ही चाहिए, हमारी सरकार इसी भावना के साथ काम कर रही है: PM
सरकार higher education में number of enrollments बढ़ाने और सीटें बढ़ाने के लिए भी लगातार काम कर रही है।
— PMO India (@PMOIndia) December 22, 2020
वर्ष 2014 में हमारे देश में 16 IITs थीं। आज 23 IITs हैं।
वर्ष 2014 में हमारे देश में 9 IIITs थीं। आज 25 IIITs हैं।
वर्ष 2014 में हमारे यहां 13 IIMs थे। आज 20 IIMs हैं: PM
Medical education को लेकर भी बहुत काम किया गया है।
— PMO India (@PMOIndia) December 22, 2020
6 साल पहले तक देश में सिर्फ 7 एम्स थे। आज देश में 22 एम्स हैं।
शिक्षा चाहे Online हो या फिर Offline, सभी तक पहुंचे, बराबरी से पहुंचे, सभी का जीवन बदले, हम इसी लक्ष्य के साथ काम कर रहे हैं: PM
बीते 100 वर्षों में AMU ने कई देशों से भारत के संबंधों को सशक्त करने का काम किया है।
— Narendra Modi (@narendramodi) December 22, 2020
इस संस्थान पर दोहरी जिम्मेदारी है - अपनी Respect बढ़ाने की और Responsibility निभाने की।
मुझे विश्वास है कि AMU से जुड़ा प्रत्येक व्यक्ति अपने कर्तव्यों को ध्यान में रखते हुए आगे बढ़ेगा। pic.twitter.com/LtA5AiPZCk
महिलाओं को शिक्षित इसलिए होना है ताकि वे अपना भविष्य खुद तय कर सकें।
— Narendra Modi (@narendramodi) December 22, 2020
Education अपने साथ लेकर आती है- Employment और Entrepreneurship.
Employment और Entrepreneurship अपने साथ लेकर आते हैं- Economic Independence.
Economic Independence से होता है- Empowerment. pic.twitter.com/PLbUio9jqs
हमारा युवा Nation First के आह्वान के साथ देश को आगे बढ़ाने के लिए प्रतिबद्ध है।
— Narendra Modi (@narendramodi) December 22, 2020
वह नए-नए स्टार्ट-अप्स के जरिए चुनौतियों का समाधान निकाल रहा है।
Rational Thinking और Scientific Outlook उसकी Priority है।
नई शिक्षा नीति में युवाओं की इन्हीं Aspirations को प्राथमिकता दी गई है। pic.twitter.com/JHr0lqyF90
AMU के सौ साल पूरा होने पर सभी युवा ‘पार्टनर्स’ से मेरी कुछ और अपेक्षाएं हैं... pic.twitter.com/qYGQTU3R3t
— Narendra Modi (@narendramodi) December 22, 2020
समाज में वैचारिक मतभेद होते हैं, यह स्वाभाविक है।
— Narendra Modi (@narendramodi) December 22, 2020
लेकिन जब बात राष्ट्रीय लक्ष्यों की प्राप्ति की हो तो हर मतभेद किनारे रख देना चाहिए।
नया भारत आत्मनिर्भर होगा, हर प्रकार से संपन्न होगा तो लाभ भी 130 करोड़ से ज्यादा देशवासियों का होगा। pic.twitter.com/esAsh9DTHv
सियासत और सत्ता की सोच से बहुत बड़ा, बहुत व्यापक किसी भी देश का समाज होता है।
— Narendra Modi (@narendramodi) December 22, 2020
पॉलिटिक्स से ऊपर भी समाज को आगे बढ़ाने के लिए बहुत Space होता है, जिसे Explore करते रहना बहुत जरूरी है। pic.twitter.com/iNSWFcpRxS