প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে নিম্নোক্ত বিৱৰণ অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰত ১০০% অধিকৃত টেলিকমিউনিকেছন কনছালটেণ্ট ইণ্ডিয়া লিমিটেড (টিচিআইএল)ৰ চি কৰ্প’ৰেছন গঠনৰ বাবে অনুমোদন জনাইছে৷
১. আমেৰিকা যুক্তৰাষ্ট্ৰ অন্যান্য ৰাজ্যতো সমান্তৰালভাৱে ব্যৱসায় কৰিবলৈ পঞ্জীয়নৰ অনুমোদনৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত কনছালটেণ্ট ইণ্ডিয়া লিমিটেড (টিচিআইএল)ৰ চি কৰ্প’ৰেছন গঠন৷
২. পৰ্যায়ক্ৰমে চি কৰ্প’ৰেছনত ৫ মিলিয়ন আমেৰিকান ডলাৰ পৰিমাণৰ ১০০% টিচিআইলৰ ইকুইটি বিনিয়োগ (৬৭.৬৮ টকা বিনিময় ৰেটত ভাৰতীয় ৩৩.৮৪ কোটি টকাৰ সমপৰ্যায়ৰ)৷
৩. ৫ মিলিয়ন আমেৰিকান ডলাৰৰ টিচিআইলৰ কাউণ্টাৰ গেৰাণ্টী ঋণদাতা/সুবিধাপ্ৰদানকাৰী/ভেণ্ডৰ আৰু বিড বণ্ড/এডভান্স/দক্ষতা গেৰাণ্টী আদিৰ ক্লায়েণ্টক আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰকল্প ৰূপায়নৰ সংযোগৰ বাবে প্ৰদান৷
চি কৰ্প’ৰেছনে দেশৰ বাবে মূল্যৱান বৈদেশিক বিনিময় উপাৰ্জন কৰিব আৰু চৰকাৰী পিএছইউ হিচাপে টিচিআইএলৰ লাভ বৃদ্ধি কৰিব৷
চি কৰ্প’ৰেছন আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰকল্প ৰূপায়নৰ হেতু আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত গঠন কৰা হৈছে৷
নতুনকৈ গঠন হোৱা চি কৰ্প’ৰেছনে প্ৰাৰম্ভিক বৰ্ষত ১০ মিলিয়ন আমেৰিকান ডলাৰৰ টাৰ্ণঅভাৰৰ সৈতে প্ৰায় ১০% লাভ উপাৰ্জন কৰিব যি কামৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি পৰ্যায়ক্ৰমে বৃদ্ধি হ’ব৷
আমেৰিকা যুক্তৰাষ্ট্ৰত চি কৰ্প’ৰেছনৰ গঠনে টিচিআইলক ইয়াৰ ব্যৱসায়/টাৰ্ণঅভাৰ/লাভ প্ৰসাৰণ কৰাত সহায় কৰিব আৰু ৰাজ্যিক পিএছইউ হিচাপে চৰকাৰৰ ডিভিডেণ্ড বৃদ্ধি কৰিব৷ টিচিআইএলৰ অন্তঃৱৰ্তী উৎসৰ পৰা ইকুইটি হিচাপত ৫ মিলিয়ন আমেৰিকান ডলাৰ বিনিয়োগ কৰা হ’ব৷ তাৰোপৰি আমেৰিকাত ব্যৱসায় সম্প্ৰসাৰণৰ বাবে বিত্ত প্ৰাপ্তিত টিচিআইলে ৫ মিলিয়ন আমেৰিকান ডলাৰ কাউণ্টাৰ গেৰাণ্টী হিচাপে প্ৰদান কৰিব লাগিব আৰু চি কৰ্প’ৰেছনৰ হৈ বিড বণ্ড/এডভান্স পে’মেণ্ট গেৰাণ্টী/চৰকাৰী কৰ্তৃপক্ষ/চুড়ান্ত ক্লায়েটক দক্ষতা বেংক গেৰাণ্টীও প্ৰদান কৰিব লাগিব৷ যিহেতু চৰকাৰৰ ফালৰ পৰা কোনো বিত্তীয় প্ৰণয়ন নাথাকিব৷
পৃষ্ঠভূমিঃ
টিচিআইএল হ’ল ভাৰত চৰকাৰৰ ১০০% অধিকৃত ISO – 9001: 2008 আৰু ISO 14001:2004 স্বীকৃত, অনুসূচী-ক, ১-শাখাৰ মিনিৰত্ন কোম্পানী৷ ই টেলিকমিউনিকেছন আৰু তথ্য প্ৰযুক্তি বিষয়ত ৭০ খনতকৈও অধিক দেশত প্ৰকল্প ৰূপায়িত কৰিছে৷ তাৰোপৰি টেলিকমিউনিকেচন, তথ্য প্ৰযুক্তি আৰু চিভিল আন্তঃগাঁথনি বিষয়ত ই পৰামৰ্শ প্ৰদানকাৰী তথা ধাৰণাৰ পৰা সম্পন্নলৈ প্ৰকল্প ৰূপায়ন সেৱাও প্ৰদান কৰে৷
৩১.০৩.২০১৭ তাৰিখ পৰ্যন্ত কোম্পানীটোৰ সংবদ্ধ মুঠ মূল্য আছিল ২৪৩৩.৬৬ কোটি টকা৷ কোম্পানীটোৰ একক মুঠ মূল্য আছিল ৫৮৮.৯২ কোটি টকা৷ ৩১.০৩.২০১৭ তাৰিখ পৰ্যন্ত কোম্পানীটোৱে ভাৰত চৰকাৰক মুঠ ১৯২.৯৯ কোটি টকাৰ ডিভিডেণ্ড পৰিশোধ কৰিছে৷
‘গুগল ফাইবাৰ’ হ’ল আমেৰিকাৰ গুগলৰ ‘ফাইবাৰ-টু-দা-প্ৰিমাইছেছ’ নামৰ এক প্ৰকল্প যি সকলো চহৰলৈ উচ্চ ক্ষমতাৰ ব্ৰডবেণ্ড ইণ্টাৰনেট আৰু কেবল টেলিভিচন সেৱা প্ৰদান কৰে৷ গুগলে তেওঁলোকৰ প্ৰযুক্তিগত সহযোগী হিচাপে কেইটামান আন্তঃৰাষ্ট্ৰীয় কোম্পানী যেনে এৰিকচন, মাছটেক, এটিএণ্ডটি, জয়া আদিক বাচনি কৰিছে যি পৰৱৰ্তী পৰ্যায়ত বিভিন্ন কোম্পানীক বিভিন্ন কামৰ বাবে উপ ঠিকা প্ৰদান কৰে৷ টেলটেক হ’ল এনেকুৱা এটা কোম্পানী যিয়ে মাছটেক আৰু এৰিকছনৰ সৈতে অষ্টিন (টেক্সাছ) তথা ছান জ’ছ (কেলিফৰ্ণিয়া)ত নেটৱৰ্ক প্ৰদানৰ বাবে মাষ্টাৰ সেৱা চুক্তিত স্বাক্ষৰ কৰিছে৷ টেলটেকে টিচিআইএলক তিনিটা প্ৰকল্পৰ সম্পূৰ্ণ বাণিজ্যিক প্ৰযুক্তি তথা ল’জিষ্টিক সমৰ্থনৰ বাবে আহ্বান কৰিছিল৷ ১৩.০৪.২০১৬ তাৰিখে টেলটেক দলে টিচিআইলৰ সৈতে এক বুজাবুজিৰ চুক্তিপত্ৰত স্বাক্ষৰ কৰি ২৭.০৫.২০১৬ তাৰিখে যৌথ সহযোগিতা চুক্তিত স্বাক্ষৰ কৰে৷ চি কৰ্প’ৰেছন গঠনৰ বাবে টিচিআইএল এক বৈদেশিক গোট প্ৰয়োজনীয়তা হিচাপে বিবেচিত হৈছে যি এক পৃথক কৰদাতা গোট হিচাপে স্বীকৃত হ’ব৷ ইয়াৰ জৰিয়তে মানৱ সম্পদ জড়িত কৰোৱাৰ বাবে টিচিআইএলে এল-১ ভিছাৰ আবেদন কৰিব পাৰিব৷
****
AKT/VBA/SH/MANN