প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰপ্ৰদেশৰ আমেথিৰ কৌহাৰ ভ্ৰমণ কৰে৷ এই উপলক্ষে তেওঁ কালাছনিকভ এছল্ট ৰাইফল উৎপাদনৰ বাবে ভাৰত–ৰাছিয়া ৰাইফল প্রাইভেট লিমিটেড শীৰ্ষক যৌথ উদ্যোগ দেশবাসীৰ নামত উচর্গা কৰে৷
আমেথিত তেওঁ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামতো উচৰ্গা কৰে৷
এই উপলক্ষে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন প্ৰেৰণ কৰা বাৰ্তা পাঠ কৰি শুনায় প্ৰতিৰক্ষা মন্ত্রী নির্মলা সীতাৰমনে৷ বার্তাটোত ৰাষ্ট্ৰপতি পুটিনে কয়, “ৰাছিয়া–ভাৰতৰ নতুন এই যৌথ উদ্যোগৰ জৰিয়তে অত্যাধূনিক ২০০ ছিৰিজৰ বিশ্ববিখ্যাত কালাছনিকভ এছল্ট ৰাইফল নিৰ্মাণ কৰা হ’ব৷ থলুৱা প্ৰযুক্তিৰে ইয়াৰ উৎপাদন হ’বলৈ গৈ আছে৷ এই উদ্যোগৰ জৰিয়তে ভাৰতৰ প্ৰতিৰক্ষা উদ্যোগ ক্ষেত্রত ৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থাসমূহৰ চাহিদা পূৰণ কৰাটো সম্ভৱ হৈ পৰিব৷ একেদৰে, ৰাছিয়াৰ আধুনিক প্ৰযুক্তিৰ ভিত্তিত সৰু জোখৰ অস্ত্ৰ–শস্ত্ৰও নিৰ্মাণ কৰা হ’ব৷”
এই উপলক্ষে আয়োজিত সভাত সমবেত ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্রীয়ে এই যৌথ উদ্যোগৰ বাবে ৰাষ্ট্ৰপতি পুটিনক ধন্যবাদ জনায়৷ তেওঁ কয় যে আমেথিৰ এই কাৰখানাৰ পৰা লাখ লাখ ৰাইফল নিৰ্মাণ কৰা হ’ব, যি দেশৰ নিৰাপত্তা বাহিনীসমূহক আৰু অধিক শক্তিশালী কৰিব৷
প্ৰধানমন্ত্রীয়ে লগতে কয় যে এই উদ্যোগ বিভিন্ন কাৰণত বিলম্ব হৈছিল৷ দেশৰ সেনাবাহিনীৰ বাবে আধুনিক ৰাইফলৰ উৎপাদনত বিলম্ব কৰাটো প্ৰকৃতাৰ্থত জোৱানসকলৰ প্ৰতি কৰা এক চৰম অন্যায়৷ ২০০৯ত জোৱানসকলৰ বাবে বুলেট প্রুফ জেকেটৰ প্ৰয়োজনীয়তাৰ কথা দোঁহাৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪লৈকে এই ধৰণৰ জেকেট সংগ্ৰহ কৰাই হোৱা নাছিল৷ বর্তমান কেন্দ্রীয় চৰকাৰে জোৱানসকলৰ এই চাহিদা পূৰণ কৰিছে৷ তেওঁ লগতে কয় যে পূৰ্বতে বহু ক্ষেত্রত গুৰুত্বপূর্ণ অস্ত্ৰ–শস্ত্ৰ আৰু সা–সৰঞ্জাম সংগ্ৰহতো এনে ধৰণৰ পলম কৰিছিল৷ প্ৰধানমন্ত্ৰীয়ে প্ৰসংগক্ৰমে ৰাফেল যুদ্ধ বিমানৰ কথা উল্লেখ কৰি কয় যে অহা কেইমাহ মানৰ ভিতৰতে বায়ু সেনাবাহিনীত অত্যাধুনিক এই যুদ্ধ বিমান অন্তৰ্ভূক্ত কৰা হ’ব৷ বর্তমান কেন্দ্রীয় চৰকাৰৰ আন্তৰিক প্ৰচেষ্টাৰ ফলতেই এই সফলতা লাভ কৰা বুলি কয় প্ৰধানমন্ত্ৰীয়ে৷
আমেথিত একাধিক উন্নয়নমূলক প্ৰকল্পৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে এই প্ৰকল্পসমূহ ৰূপায়ণৰ ক্ষেত্রত বিভিন্ন বাধা–বিঘিনিয়ে দেখা দিছিল৷ এতিয়া এই সমস্যাসমূহ দূৰ কৰা হৈছে যাতে এইবোৰৰ দ্ৰতগতিত ৰূপায়ণ কৰিব পৰা যায়৷ প্ৰকল্পসমূহ কাৰ্যকৰী হ’লে ব্যাপক হাৰত কর্মসংস্থাপনৰো সুযোগ সৃষ্টি হ’ব৷ প্ৰধানমন্ত্রীয়ে কয় যে আমেথিত প্ৰধানমন্ত্রী আবাস যোজনা, উজ্জ্বলা যোজনা, সৌভাগ্য যোজনা আৰু শৌচাগাৰ নির্মাণৰ ফলত সাধাৰণ লোকসকলৰ জীৱনধাৰণৰ মান উন্নত কৰিছে৷
কেন্দ্রীয় চৰকাৰে দৰিদ্ৰ লোকসকলক সবলীকৰণ আৰু দাৰিদ্র্যতা দূৰীকৰণৰ কাম কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে কৃষক সমাজৰ কল্যাণৰ ক্ষেত্ৰতো একে প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে৷ প্ৰসংগক্ৰমে তেওঁ প্ৰধানমন্ত্রী কিষাণ সন্মান নিধি শুভাৰম্ভ কৰাৰ কথাও উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই আঁচনিৰ জৰিয়তে অহা ১০ বছৰত কৃষকসকলে ৭.৫০হাজাৰ কোটি টকা লাভ কৰিব৷
*****
AKT/ VJ/DB
आज मैं एक और बहुत महत्वपूर्ण घोषणा करने जा रहा हूँ।
— PMO India (@PMOIndia) March 3, 2019
ये घोषणा अमेठी की नई पहचान, नई शान से जुड़ी है।
अब कोरबा की ऑर्डिनेंस फैक्ट्री में दुनिया की सबसे आधुनिक बंदूकों में से एक, AK-203, बनाया जाएगा।
ये रायफलें रूस और भारत का एक joint venture मिलकर बनाएगा: PM
‘मेड इन अमेठी’ AK-203 राइफलों से आतंकियों और नक्सलियों के साथ होने वाली मुठभेड़ों में हमारे सैनिकों को निश्चित रूप से बहुत बढ़त मिलने वाली है।
— PMO India (@PMOIndia) March 3, 2019
ये फैक्ट्री अमेठी के नौजवानों के लिए रोज़गार के नए अवसर भी ला रही है और देश के विकास और सुरक्षा लिए भी एक नया रास्ता खोल रही है: PM
सेना ने साल 2005 में आधुनिक हथियार की अपनी जरूरत को तब की सरकार के सामने रखा था।
— PMO India (@PMOIndia) March 3, 2019
आपके सांसद ने 2007 में इसका शिलान्यास किया, तब ये कहा गया था कि 2010 से
इसमें काम शुरू हो जाएगा।
शिलान्यास के बाद के 3 साल तक सरकार ये ही तय नहीं कर पाई कि किस तरह के हथियार बनाए जाएंगे: PM
वोट लेकर जनता को भूल जाना कुछ लोगों की प्रवृत्ति रही है।
— PMO India (@PMOIndia) March 3, 2019
वो गरीब को गरीब बनाए रखना चाहते हैं ताकि पीढ़ी दर पीढ़ी गरीबी हटाओ के नारे लगा सकें।
हम गरीब को इतनी ताकत दे रहे हैं कि वो अपनी गरीबी से तेजी से बाहर निकले।
आज भारत में तेजी के साथ गरीबी कम हो रही है: PM