প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৭ লোক কল্যাণ মাৰ্গত আফগানিস্তানৰ শিখ-হিন্দু প্ৰতিনিধি দলৰ সদস্যসকলক সাক্ষাৎ কৰে। সাক্ষাতৰ সময়ত সদস্যসকলে প্ৰধানমন্ত্ৰীক সন্মানিত কৰে আৰু আফগানিস্তানৰ পৰা শিখ আৰু হিন্দুসকলক সুৰক্ষিতভাৱে ভাৰতলৈ অনাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে প্ৰতিনিধি দলটোৰ সদস্যসকলক আদৰণি জনায় আৰু কয় যে তেওঁলোক অতিথি নহয়, তেওঁলোকৰ নিজৰ ঘৰতেই আছে। ভাৰত তেওঁলোকৰ নিজৰ ঘৰ। আফগানিস্তানত তেওঁলোকে সন্মুখীন হোৱা নানা অসুবিধা সন্দৰ্ভত প্ৰতিনিধি দলটোৰ সদস্যসকলে প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা কৰে। তেওঁলোকক সুৰক্ষিতভাৱে ভাৰতলৈ অনাৰ বাবে চৰকাৰে প্ৰদান কৰা সহায়ৰ বিষয়েও আলোচনা কৰা হয়। এই পৰিপ্ৰেক্ষিতত তেওঁ সংশোধিত নাগৰিকত্ব আইনৰ (চিএএ) তাৎপৰ্য আৰু সমাজৰ বাবে ইয়াৰ লাভালাভৰ বিষয়েও আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰতিনিধি দলটোক ভৱিষ্যতে সকলো অসুবিধা আৰু সমস্যা সমাধানৰ বাবে নিৰন্তৰ সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে।
প্ৰধানমন্ত্ৰীয়ে গুৰু গ্ৰন্থ চাহিবক সন্মান জনোৱাৰ পৰম্পৰাৰ তাৎপৰ্যৰ বিষয়েও উল্লেখ কৰে। এই কাৰণেই আফগানিস্তানৰ পৰা গুৰু গ্ৰন্থ চাহিবৰ স্বৰূপক ভাৰতলৈ ঘূৰাই অনাৰ বাবে বিশেষ ব্যৱস্থা কৰা হয়। তেওঁ দীৰ্ঘদিন ধৰি আফগানসকলৰ পৰা লাভ কৰা অপৰিসীম মৰমৰ বিষয়েও উল্লেখ কৰে আৰু তেওঁৰ কাবুল ভ্ৰমণৰ কথাও স্মৰণ কৰে।
শিখ-হিন্দু সম্প্ৰদায়ৰ লোকসকলক সুৰক্ষিতভাৱে ওভতাই অনাৰ বাবে ভাৰতৰ পৰা যি ব্যৱস্থা কৰা হৈছিল তাৰ বাবে শ্ৰী মনজিন্দৰ সিং চিৰছাই প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে যেতিয়া কোনেও তেওঁলোকৰ সৈতে থিয় হোৱা নাছিল, তেতিয়া প্ৰধানমন্ত্ৰীয়ে সকলো সময়তে সকলোধৰণৰ সহায় নিশ্চিত কৰিছিল। প্ৰতিনিধি দলটোৰ আন সদস্যসকলেও দুখৰ সময়ত তেওঁলোকৰ কাযত থিয় দিয়াৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকে কয় যে আফগানিস্তানৰ পৰা ভাৰতলৈ যথোচিত মৰ্যাদাৰে গুৰু গ্ৰন্থ চাহিবৰ স্বৰূপ ঘূৰাই অনাৰ বিশেষ ব্যৱস্থা কৰাৰ কথা যেতিয়া তেখেতৰ মুখত জানিব পাৰিছিল তেতিয়া তেওঁলোকৰ চকুত চকুপানী ওলাইছিল। তেওঁলোকে চিএএ অনাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে, যি তেওঁলোকৰ সম্প্ৰদায়ৰ সদস্যসকলৰ বাবে যথেষ্ট সহায়ক হ’ব। তেওঁলোকে কয় যে তেওঁ কেৱল ভাৰতৰ প্ৰধানমন্ত্ৰী নহয়, তেওঁ বিশ্বৰ প্ৰধানমন্ত্ৰী যিহেতু তেওঁ সমগ্ৰ বিশ্বৰ হিন্দু আৰু শিখসকলে সন্মুখীন হোৱা অসুবিধাবোৰ উপলব্ধি কৰিব পাৰিছে আৰু এনে সকলো ক্ষেত্ৰত তাৎক্ষণিক সহায় আগবঢ়োৱাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা চলাইছে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰী আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী মীনাক্ষী লেখীও অনুষ্ঠানত উপস্থিত থাকে।
***
DS/KG
Earlier today, had the opportunity to interact with Hindu and Sikh refugees from Afghanistan. pic.twitter.com/qhshHb4E7o
— Narendra Modi (@narendramodi) February 19, 2022
Glimpses from the interaction with Hindu and Sikh refugees who came from Afghanistan. pic.twitter.com/Joo9YPFbNc
— Narendra Modi (@narendramodi) February 19, 2022