সম্পূৰ্ণ ৰূপে ব্যক্তিগতখণ্ডৰ নেতৃত্বত পৰিচালিত আৰু প্ৰতি বছৰে ৩০০০ৰো অধিক চলচ্চিত্ৰ নিৰ্মাণৰে ভাৰত পৃথিৱীৰ ভিতৰতে সৰ্বাধিক চলচ্চিত্ৰ নিৰ্মাতা দেশ হিচাপে পৰিগণিত হৈ আহিছে। চলচ্চিত্ৰ উদ্যোগ খণ্ডক সহযোগিতা আগবঢ়োৱাৰ প্ৰতি থকা দায়বদ্ধতা সাৰোগত কৰিয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেবিনেটৰ সভাই ‘ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ণ নিগম পৰিসীমিত’(এনএফডিচি)ৰ সৈতে চাৰিটা ‘ফিল্ম-মিডিয়া গোট’ৰ সংলগ্নীকৰণৰ এক প্ৰস্তাৱলৈ অনুমোদন জনায়। এনেদৰে সংগলগ্ন কৰা গোটকেইটা হৈছে- ‘ফিল্ম ডিভিজন’, ‘চলচ্চিত্ৰ মহোত্সৱ সঞ্চালকালয়’, ‘ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ অভিলেখাগাৰ’ আৰু ‘শিশু চলচ্চিত্ৰ সমিতি’। ইয়াৰ বাবে ‘এনএফডিচি’ৰ ‘মেম’ৰেণ্ডাম অব আৰ্টিকলছ অব এছোচিয়েশ্যন’ৰ পৰিসৰ সম্প্ৰসাৰিত কৰাৰ দিহা কৰা হৈছে আৰু ইয়াৰ সুবাদত উল্লিখিত গোটকেইটাই ইমান দিনে সম্পাদন কৰি অহা কাৰ্যাৱলী এতিয়াৰে পৰা ‘এনএফডিচি’-য়ে সম্পাদন কৰিব পৰা হ’ব। নিগমৰ সৈতে সংলগ্নীকৰণৰ এই পদক্ষেপে কাম-কাজক সন্মিলিত কৰাৰ উপৰি অধিক সমন্বিত কৰাৰ সুবাদত প্ৰতিটো গোটক অধিক কৰ্ম-দক্ষতা সম্পন্ন আৰু পাৰদৰ্শী কৰি তুলিব।
প্ৰণিধানযোগ্য যে ‘তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়’ৰ অধঃস্তন নিকায় হিচাপে চৰকাৰী কাৰ্যক্ৰমৰ প্ৰচাৰ আৰু ভাৰতীয় ইতিহাসৰ চলচ্চিত্ৰায়িত অভিলেখা নিৰ্মাণৰ বাবে পোণতে তথ্যচিত্ৰ আৰু বাৰ্তালোচনী নিৰ্মাণৰ দায়িত্বৰে ‘ফিল্ম ডিভি়জন’ক ১৯৪৮ চনত স্থাপন কৰা হৈছিল।
সেইদৰে, ‘শিশু চলচ্চিত্ৰ সমিতি’ক এক স্বতন্ত্ৰ সংস্থা হিচাপে ১৯৫৫ চনত, ‘ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ অভিলেখাগাৰ’-ক তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ নিকায় হিচাপে ১৯৬৪ চনত, ‘চলচ্চিত্ৰ মহোত্সৱ সঞ্চালকালয়’ক ১৯৭৩ চনত আৰু ‘এনএফডিচি’ক কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হিচাপে ১৯৭৫ চনত সংযোজিত কৰা হৈছিল।
নিগমৰ সৈতে সংলগ্নীকৰণৰ এই পদক্ষেপে কাম-কাজক সন্মিলিত কৰাৰ উপৰি অধিক সমন্বিত কৰাৰ সুবাদত প্ৰতিটো গোটক অধিক কৰ্ম-দক্ষতা সম্পন্ন আৰু পাৰদৰ্শী কৰি তোলাৰ লগতে ৰাজকোষৰ পুঁজিও ৰাহি কৰিব।
*****
DS/KB