প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে আধাৰ ক্ষৰণ আৰু লাভ স্থানান্তৰণ প্ৰতিৰোধ কৰাৰ বাবে কৰ সম্বন্ধীয় উপায়সমূহ প্ৰৱৰ্তন কৰাৰ বাবে বহুপক্ষীয় বুজাবুজিক(এমএলআই)স্বীকৃতি প্ৰদানৰ বাবে অনুমোদন প্ৰদান কৰিছে৷
প্ৰভাৱঃ
এই বুজাবুজিৰ ফলত ভাৰতৰ সন্ধি পত্ৰৰ সংশোধন হ’ব যাতে সন্ধিৰ অপপ্ৰয়োগ তথা আধাৰ ক্ষৰণ আৰু লাভ স্থানান্তৰণৰ ৰণনীতিৰ জৰিয়তে হোৱা ৰাজহৰ লোকচান হ্ৰাস কৰিব পাৰি৷ ইয়াৰ অধীনত সুনিশ্চিত কৰা হৈছে যে সেই স্থানত লাভসমূহত কৰ প্ৰৱৰ্তন কৰা হ’ব য’ত লাভ অৰ্জিত হোৱা ব্যাপক আৰ্থিক গতিবিধি সঞ্চালিত কৰিব পাৰি আৰু তাৰ পৰা যাতে মূল্যৰ সৃষ্টি হয়৷
বিৱৰণঃ
১. ভাৰতে আধাৰ ক্ষৰণ আৰু লাভ স্থানান্তৰণৰ প্ৰতিৰোধৰ বাবে কৰ সম্বন্ধীয় উপায়সমূহ প্ৰৱৰ্তন কৰাৰ বাবে বহুপক্ষীয় বুজাবুজি চুক্তিৰ স্বীকৃতি প্ৰদান কৰিছে য’ত মাননীয় বিত্তমন্ত্ৰী শ্ৰী অৰুণ জেটলীৰ ভাৰতৰ তৰফৰ পৰা ৭ জুন ২০১৭ তাৰিখে পেৰিচত হস্তাক্ষৰ কৰিছিল৷
২. বহুপক্ষীয় বুজাবুজি আধাৰ ক্ষৰণ আৰু লাভ স্থানান্তৰণ (বিইপিএছ পৰিযোজনা)ৰ মোকাবিলা কৰাৰ সৈতে জড়িত অ’ইচিডি/জি২০ পৰিযোজনাৰ এক পৰিণাম হিচাপে বিবেচিত হৈছে৷ আধাৰ ক্ষৰণ আৰু লাভ স্থানান্তৰণক ব্যাপক ৰূপত মোকাবিলা কৰাৰ অৰ্থে বিপিএছ পৰিযোজনাৰ অধীনত ১৫টা কাৰ্যকলাপৰ চিনাক্ত কৰা হৈছে৷
৩. ভাৰত ১০০ত কৈও অধিক দেশৰ মণ্ডলী আৰু জি২০, অ’ইচিডি, বিইপিএছৰ সহযোগী তথা এনে অন্য ইচ্ছুক দেশৰ ক্ষেত্ৰাধিকাৰৰ অংশীদাৰ আছিল যিসকলে বহুপক্ষীয় বুজাবুজিৰ চুক্তিপত্ৰৰ মূল পাঠক অন্তিম ৰূপ প্ৰদান কৰাৰ বাবে সমানে কাৰ্য কৰিছিল আৰু ইয়াৰ আৰম্ভণি মে’ ২০১৫ত হৈছিল৷ চুক্তিপত্ৰৰ সৈতে সম্বন্ধীয় বিশ্লেষণাত্মক বক্তব্যৰ মূল পাঠক মণ্ডলসমূহৰ দ্বাৰা ২৪ নৱেম্ব ২০১৬ত স্বীকাৰ কৰি লোৱা হৈছিল৷
৪. বুজাবুজিৰ ফলস্বৰূপে অন্য দিশসমূহৰ উপৰিও সকলো হস্তাক্ষৰকৰ্তা সন্ধিৰ সৈতে সম্বন্ধীয় সেই ন্যূনতম মানকসমূহ পূৰণ কৰাৰ বাবে সক্ষম হৈছে য’ত অন্তিম বিইপিএছ পেকেজৰ অংশীদাৰৰ হিচাপত সহমতি প্ৰকাশ কৰা হৈছিল৷ ইয়াত কাৰ্যকলাপ ৬ৰ অধীনত সন্ধিৰ অপপ্ৰয়োগ আৰু প্ৰতিৰোধৰ বাবে ন্যূনতম মানকো অন্তৰ্ভুক্ত কৰা হৈছে৷
৫. চুক্তিপত্ৰৰ দ্বাৰা দুই বা ততোধিক পক্ষৰ মাজত সন্ধিপত্ৰৰ সংশোধন সম্ভৱ হৈ উঠিব৷ ইয়াৰ অধীনচ অনাগত চুক্তিসমূহৰ মূল পাঠত প্ৰত্যক্ষৰূপত সংশোধন সম্ভৱ হ’ব৷ ইয়াক বিদ্যমান কৰ সন্ধি পত্ৰৰ সৈতে প্ৰণয়ন কৰা হ’ব যাৰ দ্বাৰা ইয়াৰ অনুপ্ৰয়োগত সংশোধন হ’ব যাতে বিইপিএছৰ উপায়সমূহ প্ৰৱৰ্তন কৰিব পাৰি৷
৬. এই চুক্তিপত্ৰৰ দ্বাৰা ভাৰতৰ সন্ধিপত্ৰত সংশোধন হ’ব যাতে সন্ধিৰ অপপ্ৰয়োগ তথা আধাৰ ক্ষৰণ আৰু লাভ স্থানান্তৰণৰ ৰণনীতিৰ জৰিয়তে হোৱা ৰাজহৰ লোকচান হ্ৰাস কৰিব পাৰি৷ ইয়াৰ অধীনত সুনিশ্চিত কৰা হৈছে যে সেই স্থানত লাভসমূহত কৰ প্ৰৱৰ্তন কৰা হ’ব য’ত লাভ অৰ্জিত হোৱা ব্যাপক আৰ্থিক গতিবিধি সঞ্চালিত কৰিব পাৰি আৰু তাৰ পৰা যাতে মূল্যৰ সৃষ্টি হয়৷
পৃষ্ঠভূমিঃ
উক্ত চুক্তিপত্ৰ দৰাচলতে আধাৰ ক্ষৰণ আৰু লাভ স্থানান্তৰণৰ মোকাবিলাৰ সৈতে জড়িত অ’ইচিডি/জি২০ পৰিযোজনাৰ এক পৰিণাম যাৰ ভাৰতো এক সদস্য৷ এই বুজাবুজিৰ চুক্তিপত্ৰৰ দ্বাৰা সম্বন্ধীয় দেশ বহুপক্ষীয় পথৰ জৰিয়তে অপপ্ৰয়োগ ৰোধী বিইপিএছ পৰিণাম লাভৰ বাবে কৰ সন্ধি সম্বন্ধীয় পৰিৱৰ্তনসমূহ প্ৰণয়ন কৰাৰ বাবে সমৰ্থ হৈ উঠিছে আৰু ইয়াৰ বাবে এনে চুক্তিপত্ৰৰ বাবে দ্বিপাক্ষিক নতুন ধৰণে আলোচনা কৰাৰ প্ৰয়োজন নাই আৰু ইয়াত বহু সময়ৰো প্ৰয়োজন হয়৷ ইয়াৰ দ্বাৰা বহুপক্ষীয় সন্দৰ্ভত বিইপিএছ পৰিযোজনাৰ প্ৰণয়নত নিৰন্তৰতা আৰু নিশ্চয়তা সুনিশ্চিত হয়৷ বহুপক্ষীয় চুক্তি স্বীকৃত হোৱাৰ দ্বাৰা ভাৰতৰ বিদ্যমান কৰ সন্ধিপত্ৰত সংশোধনৰ জৰিয়তে বিইপিএছ সম্বন্ধীয় পৰিণামত ত্বৰিৎ প্ৰণয়ন সম্ভৱ হৈ পৰিব৷
*****
AKT/AK/MANN