Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আচাৰ্য্য বিনোবা ভাবেৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আচাৰ্য্য বিনোবা ভাবেৰ জয়ন্তীত তেওঁলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে।

এলানি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ

“মহাত্মা গান্ধীয়ে তেওঁক এগৰাকী অস্পৃশ্যতাৰ পূৰ্ণ বিৰোধী, ভাৰতৰ স্বাধীনতাৰ অৰ্থে অংগীকাৰত অটল আৰু অহিংসা তথা গঠনমূলক কৰ্মত দৃঢ় বিশ্বাসী লোক হিচাপে অভিহিত কৰিছিল। তেওঁ এগৰাকী মহৎ চিন্তাবিদ আছিল।

আচাৰ্য্য বিনোবা ভাবেৰ জয়ন্তীত তেওঁলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছো।

ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত আচাৰ্য্য বিনোবা ভাবেয়ে মহান গান্ধীবাদী নীতিসমূহ প্ৰচাৰ কৰিছিল। তেওঁৰ গণ জাগৰণৰ আঁৰৰ লক্ষ্য আছিল দৰিদ্ৰ আৰু নিপীড়িতসকলৰ জীৱন-যাত্ৰাৰ এটি উন্নতৰ মানদণ্ড নিশ্চিতকৰণ। তেওঁৰ সমন্বিত উদ্দীপনাত গুৰুত্ব আৰোপে অনাগত প্ৰজন্মসমূহক অনুপ্ৰাণিত কৰি থাকিব।”

****

DS/SH/SB