‘টাউক্টে’ ঘূৰ্ণিয়ে চলোৱা তাণ্ডৱৰ পৰিণতিত গুজৰাটত সৃষ্টি হোৱা অনাহূত পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্ত পৰিভ্ৰমণ কৰে। আকাশ মাৰ্গৰে চলোৱা এই যাত্ৰাত তেওঁ গুজৰাট আৰু ডিউৰ উনা(গিৰ সোমনাথ), জাফৰাবাদ(আমৰেলি), মহুৱা(ভাৱনগৰ) আদি অঞ্চল সামৰি লয়।
ইয়াৰ পিচতে তেওঁ আহমেদাবাদত অনুষ্ঠিত এক সভাত ৰাজ্যখনত অব্যাহত ৰখা সাহায্য আৰু পুনৰ সংস্থাপন অভিযানৰ সমীক্ষা কৰে।
তেওঁ ঘূৰ্ণি প্ৰভাৱিত গুজৰাটৰ ৰাইজৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে ৰাজ্যখনত তাত্ক্ষণিক ভাবে সাহায্য অভিযান চলাব পৰাকৈ ১,০০০কোটি টকাৰ বিত্তীয় সহযোগিতা পুঁজি আৱণ্টণ দিয়াৰ কথা ঘোষণা কৰে। ইফালে,
ৰাজ্যখনত সংঘটিত ক্ষয়-ক্ষতিৰ সমীক্ষা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অচিৰেই এটি আন্তঃ মন্ত্ৰালয়ৰ প্ৰতিনিধিৰে গঠিত দল প্ৰেৰণ কৰাৰ কথাও ঘোষণা কৰে প্ৰধানমন্ত্ৰীয়ে। এই দলৰ প্ৰতিবেদনৰ আধাৰতে পৰৱৰ্তি সময়ত সাহায্য আগবঢ়োৱা হ’ব।
প্ৰধানমন্ত্ৰীয়ে, ক্ষতিগ্ৰস্ত এলেকাসমূহত হোৱা আন্তঃগাঁথনিৰ পুনৰ-কাৰ্যক্ষম কৰি তোলা তথা পুনৰ্নিৰ্মাণৰ বাবে সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱা হ’ব বুলিও আশ্বাস দিয়ে।
পৰিদৰ্শনৰ সময়ছোৱাতে প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ ক’ভিড-১৯ৰ শেহতীয়া পৰিস্থিতিৰো বুজ লয়। ৰাজ্যখনৰ বিষয়াবৰ্গই এই সম্পৰ্কীয় যাৱতীয় তথ্যৰে প্ৰধানমন্ত্ৰীক ক’ভিড পৰিস্থিতি সন্দৰ্ভত সবিশেষ অৱগত কৰাৰ ব্যৱস্থা কৰে।
এই যাত্ৰাত প্ৰধানমন্ত্ৰীক সংগ দিয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানী আৰু অন্যান্য শীৰ্ষ বিষয়াবৰ্গই।
ইফালে, দেশৰ বিভিন্ন ৰাজ্যত ‘টাউক্টে’ৰ তাণ্ডৱত ক্ষতিগ্ৰস্থ হোৱা ৰাইজৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে প্ৰধনমন্ত্ৰীয়ে এই দুৰ্যোগত হতাহত হোৱা লোকসকলৰ নিকটাত্মীয়লৈ সমবেদনা জ্ঞাপন কৰে।
তেওঁ ‘টাউক্টে’ৰ সংহাৰত কেৰালা, কৰ্ণাটক, গোৱা, মহাৰাষ্ট্ৰ, গুজৰাট, ৰাজস্থান আৰু কেন্দ্ৰীয় শাসিত অঞ্চল ক্ৰমে দমন আৰু দিউ আৰু দাদ্ৰা আৰু নগৰ হাভেলীত নিহত হোৱাসকলৰ নিকটাত্মীয়লৈ ২লাখ আৰু আহতসকললৈ ৫০,০০০টকাৰ এককালীন সাহায্যও ঘোষণা কৰে।
এই সন্দৰ্ভত কৰা মন্তব্যত প্ৰধানমন্ত্ৰীয়ে ক্ষতিগ্ৰস্থ হোৱা ৰাজ্যসমূহে তেওঁলোকৰ ক্ষয়-ক্ষতিৰ প্ৰতিবেদন দাখিল কৰিলেই বিত্তীয় সহযোগিতা আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে।
*****
DS /AKJ/KB
Undertook an aerial survey over parts of Gujarat and Diu to assess the situation in the wake of Cyclone Tauktae. Central Government is working closely with all the states affected by the cyclone. pic.twitter.com/wGgM6sl8Ln
— Narendra Modi (@narendramodi) May 19, 2021
Ex-gratia of Rs. 2 lakh would be given to the next of kin of those who lost their lives due to Cyclone Tauktae in all the affected states. Rs. 50,000 would be given to the injured. GOI is in full solidarity with those affected and will provide them all possible support.
— Narendra Modi (@narendramodi) May 19, 2021