Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আইডিবিআই বেংকৰ নিয়ন্ত্ৰণ অংশীদাৰিত্ব অধিগ্ৰহণ এলআইচিৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে আইডিবিআই বেংকত চৰকাৰী শ্বেয়াৰহ’ল্ডিং ৫০%ত কৈ কম কৰাৰ বাবে আপত্তি নথকাৰ অনুমোদন প্ৰদান কৰিছে৷ তাৰোপৰি কেবিনেটে বেংক প্ৰৱৰ্তকৰ ৰূপত ভাৰতীয় জীৱন বীমা নিগম (এলআইচি)ৰ দ্বাৰা পক্ষপাতী আৱণ্টন/ইকুইটিৰ মুক্ত প্ৰদানৰ জৰিয়তে তথা বেংকত চৰকাৰৰ দ্বাৰা প্ৰৱন্ধন নিয়ন্ত্ৰণ ত্যাগ কৰাৰ ফলত বেংকৰ নিয়ন্ত্ৰণকাৰী অংশীদাৰীত্বৰ অধিগ্ৰহণক স্বীকৃতি প্ৰদান কৰিছে৷

প্ৰভাৱঃ

১. এই অধিগ্ৰহণৰ দ্বাৰা উপভোক্তা, এলআইচি তথা বেংকৰ ভাৰসাম্য অটুট থাকিব৷

২. এলআইচি আৰু আইডিবিআই বেংকে বৃহৎ বজাৰ প্ৰাপ্তিৰ বাবে, বিতৰণ ব্যয়ত হ্ৰাস তথা উপভোক্তা অধিগ্ৰহণ, অত্যাধিক ক্ষমতা আৰু সঞ্চালনত লাস্যতা আৰু পৰস্পৰৰ উৎপাদন আৰু সেৱাৰ বিক্ৰীৰ অধিক সুবিধা প্ৰাপ্ত হ’ব৷

৩. ইয়াৰ দ্বাৰা এলআইচি তথা বেংক বিত্তীয় ক্ষেত্ৰত শক্তিশালী হ’ব আৰু তেওঁলোকৰ সহায়ক উদ্যোগক হাউচিং বিত্তপোষণ তথা মিউচুৱেল ফাণ্ডৰ দৰে বিত্তীয় উৎপাদন বজাৰলৈ অনাৰ বাবে সহায়ক হ’ব৷

৪. দুৱাৰমুখতে বেংকিং সেৱা প্ৰদান কৰাৰ বাবে ১১ লাখ এলআইচি এজেণ্টৰ সহায় লোৱা হ’ব আৰু ইয়াৰ দ্বাৰা উপভোক্তা সেৱাসমূহত উন্নত আৰু বিত্তীয় সমাবেশ দৃঢ় কৰাৰ সুবিধা প্ৰদান কৰা হ’ব৷

৫. বেংকত কম ব্যয়ৰ জমাসমূহৰ ক্ৰয় তথা জমা সেৱাৰ বাবে ফীজ আয়ৰ জৰিয়তে বিত্তৰ কম ব্যয়ৰ সন্দৰ্ভত লাভ প্ৰাপ্ত হ’ব৷

৬. এলআইচিয়ে বেংকৰ গেৰাণ্টী প্ৰাপ্ত কৰিব৷ এলআইচিক বেংকৰ নগদ প্ৰৱন্ধন সেৱা প্ৰাপ্ত কৰোৱাৰ উপৰিও বেংকৰ ১৯১৬টা শাখাৰ নেটৱৰ্কৰ দ্বাৰা বীমা সামগ্ৰী বিক্ৰীৰ কৰাৰ লাভ প্ৰাপ্ত হ’ব৷

৭. এলআইচিক বিত্তীয় একত্ৰীকৰণ হিচাপে সপোন বাস্তৱায়িত কৰাৰ দ্বাৰা লাভ প্ৰাপ্ত হ’ব৷

৮. উপভোক্তাসকলে একেখন চালৰ তলতে বিত্তীয় সেৱাৰ সুবিধাৰ লাভ প্ৰাপ্ত কৰিব আৰু এলআইচিৰ জীৱন বীমা ব্যাপ্তি উন্নত ধৰণে প্ৰাপ্ত কৰিব৷

 

পৃষ্ঠভূমিঃ

২০১৬ত বিত্ত মন্ত্ৰীয়ে নিজৰ বাজেট ভাষণত আইডিবিআই বেংকত পৰিৱৰ্তন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ বিষয়ে তথা চৰকাৰে এই প্ৰক্ৰিয়া অব্যাহত ৰাখি নিজৰ অংশীদাৰীত্ব ৫০%তকৈ কম কৰাৰ বিকল্প চিন্তা কৰাৰ কথা ঘোষণা কৰিছিল৷ এই ঘোষণাক গুৰুত্ব প্ৰদান কৰি এলআইচিয়ে ব’ৰ্ডৰ স্বীকৃতিৰ দ্বাৰা আইডিবিআই বেংকত নিয়ন্ত্ৰণকাৰী অংশীদাৰীত্বৰ অধিগ্ৰহণৰ বাবে ভাৰতৰ বীমা নিয়ামক তথা বিকাশ প্ৰাধিকণ (আইআৰডিএআই)ৰ পৰা অনুমতি বিচাৰিছিল৷ এলআইচিয়ে আইআৰডিএআইৰ পৰা স্বীকৃতি প্ৰাপ্ত কৰাৰ পিছত আইডিবিআই বেংকৰ ৫১ শতাংশ নিয়ন্ত্ৰণকাৰী অংশৰ অধিগ্ৰহণৰ বাবে ইচ্ছা প্ৰকাশ কৰিছিল৷ ইয়াৰ ফলত বেংকে ব’ৰ্ডৰ দ্বাৰা বিচাৰ প্ৰক্ৰিয়াৰ পিছত প্ৰস্তাৱিত অধিগ্ৰহণৰ পৰিণামস্বৰূপ চৰকাৰৰ অংশীদাৰীত্ব ৫১ শতাংশতকৈ কম কৰাৰ চৰকাৰৰ সিদ্ধান্তৰ বিষয়ে জানিব বিচাৰিছিল৷  

 

***********

 

AKT/SH/MANN