প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতা কেন্দ্রীয় কেবিনেটৰ বৈঠকত আজি ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছার্চ(আইচিএমআৰ) আৰু ফ্রান্সৰ ইনষ্টিটিউট নেচনেল ডে লা ছান্টিট ডে লা ৰিছার্চ মেডিকেল (ইনছার্ম)ৰ মাজত ২০১৮ৰ মাৰ্চ মাহত স্বাক্ষৰিত বুজাবুজি চুক্তি সন্দৰ্ভত অৱগত কৰে।
চুক্তিখনৰ বৈশিষ্ট্যসমূহ হ’লঃ
এই চুক্তিখনৰ লক্ষ্য হৈছে ভাৰত আৰু ফ্রান্সৰ মাজত চিকিৎসা, জীৱন বিজ্ঞান আৰু স্বাস্থ্য-গৱেষণাৰ দৰে দ্বিপাক্ষিক স্বার্থজড়িত নিম্নোলিখিত ক্ষেত্রসমূহত সহযোগিতা গঢ়ি তোলা।
১। মধূমেহ আৰু বিপাক সংক্রান্তীয় সমস্যা।
২। জিন সংক্রান্তীয় বিষয়ত নৈতিকতাৰ ভিত্তিত গুৰুত্ব আৰোপ।
৩। দুৰাৰোগ্য ৰোগ
৪। দ্বিপাক্ষিক আলোচনাৰ ভিত্তিত পাৰস্পৰিক স্বার্থজড়িত ক্ষেত্রত সহযোগিতা।
এই বুজাবুজি চুক্তিয়ে আন্তঃৰাষ্ট্ৰীয বৈজ্ঞানিক আৰু প্রযুক্তিগত সহযোগিতাৰ পৰিকাঠামোৰ মাজৰ পৰাই আইচিএমআৰ আৰু ইনছার্মৰ মাজত দ্বিপাক্ষিক স্বার্থজড়িত বিষয়ত কাম কৰাত সহায় কৰিব। তদুপৰি, স্বাস্থ্য গৱেষনাৰ বিশেষ কেতবোৰ ক্ষেত্রতো বৈজ্ঞানিক উৎকর্ষতা বৃদ্ধিত এই চুক্তিয়ে সহায় কৰিব।
*****
AKT/VBA/DB