Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আইএছএছএফ জুনিয়ৰ বিশ্বকাপত প্ৰদৰ্শনৰ বাবে ভাৰতীয় শ্বুটাৰসকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইএছএছএফ জুনিয়ৰ বিশ্বকাপ, ২০২৩ত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে ভাৰতীয় শ্বুটাৰসকলক অভিনন্দন জনাইছে৷ প্ৰতিযোগিতাত ১৫টা পদকেৰে ভাৰতে পদক তালিকাৰ শীৰ্ষস্থান দখল কৰে৷

প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়ঃ

“আমাৰ শ্বুটাৰসকলে আমাক ধাৰাবাহিকভাৱে গৌৰৱান্বিত কৰি আহিছে৷ আইএছএছএফ জুনিয়ৰ বিশ্বকাপ, ২০২৩ত অবিশ্বাস্য প্ৰদৰ্শনেৰে ১৫টা পদক অৰ্জন কৰি ভাৰতে পদক তালিকাৰ শীৰ্ষ স্থান দখল কৰিছে৷ প্ৰতিটো জয় আমাৰ যুৱ খেলুৱৈসকলৰ আবেগ, নিষ্ঠা আৰু মনোভাৱৰ প্ৰমাণ। তেওঁলোকৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷”

***