Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অস্কাৰ বঁটা লাভ কৰাৰ বাবে ‘নাটু নাটু’ৰ সমগ্ৰ দলটোক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰআৰআৰ চলচ্চিত্ৰখনৰ ‘নাটু নাটু’ গীতটিৰ বাবে শ্ৰেষ্ঠ মূল গীতৰ অস্কাৰ বঁটা লাভ কৰাৰ বাবে ভাৰতীয় সংগীতকাৰ এম এম কীৰাৱানী, গীতিকাৰ, চন্দ্ৰবসু আৰু সমগ্ৰ দলটোক অভিনন্দন জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে এয়া অসাধাৰণ আৰু ‘নাটু নাটু’ৰ জনপ্ৰিয়তা বিশ্বব্যাপী হৈছে।

একাডেমীৰ এক টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

“অসাধাৰণ!

‘নাটু নাটু’ৰ জনপ্ৰিয়তা বিশ্বব্যাপী হৈছে। এই গানটো এনে এটা গান যিটো আগন্তুক দিনবোৰতো সকলোৱে মনত ৰাখিব। এই গুৰুত্বপূৰ্ণ সন্মানৰ বাবে @mmkeeravaani, @boselyricist আৰু সমগ্ৰ দলটোক অভিনন্দন জনাইছোঁ।

ভাৰত উৎফুল্লিত আৰু গৌৰৱান্বিত। #Oscars”

*************************

DS /ST/KG