প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ অসামৰিক বিমান পৰিবহণ খণ্ডক অধিক সক্ষম কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ বাবে এক বিস্তৃত বৈঠকত আয়োজন কৰে, য’ত এই সম্পৰ্কীয় কৌশলসমূহৰ সমীক্ষা কৰা হয়৷ বৈঠকত সিদ্ধান্ত লোৱা হয় যে ভাৰত আকাশমাৰ্গক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব লাগিব, যাৰদ্বাৰা উৰণৰ সময় হ্ৰাস কৰি জনসাধাৰণক উপকৃত কৰাৰ লগতে সামৰিক বিভাগৰ সহযোগত ব্যয় হ্ৰাস কৰি বিমান কোম্পানীসমূহ সহায় কৰিব পৰা যায়৷
অধিক ৰাজহ অৰ্জন কৰাৰ লগতে বিমানবন্দৰৰ সক্ষমতা বৃদ্ধিৰ বাবে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে তিনি মাহৰ ভিতৰত নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰি ৬টা অতিৰিক্ত বিমানবন্দৰ পিপিপিৰ আধাৰত হস্তান্তৰন প্ৰক্ৰিয়া দ্ৰুতগতিত সম্পন্ন কৰিবলৈ কয়৷
এই উপলক্ষে ই-ডিজিচিএ আঁচনিৰো পৰ্যালোচনা কৰা হয়৷ এই আঁচনিৰ দ্বাৰা ডিজিচিএ কাৰ্যালয় অধিক কাৰ্যক্ষম হোৱাৰ লগতে বিভিন্ন অনুজ্ঞা তথা স্বীকৃতিৰ সৈতে জড়িত ব্যৱস্থাৰ প্ৰয়োজনীয় সময় হ্ৰাস পাই সকলো অংশীদাৰক সহায় কৰিব৷
বৈঠকত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় আৰু ইয়াৰ অধীনস্ত সংগঠনৰ দ্বাৰা কৰা সংস্কাৰমুলক ব্যৱস্থা এক নিৰ্দিষ্ট সময়ত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷
বৈঠকত গৃহমন্ত্ৰী, বিত্তমন্ত্ৰী, অসামৰিক পৰিবহণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী, বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ লগতে ভাৰত চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷
VRRK/AK/DB
We had a meeting today during which aspects relating to the aviation sector were reviewed. This includes ways to make airports more efficient and integrating the sector with latest technological advancements. https://t.co/IJN13FN8Ar
— Narendra Modi (@narendramodi) May 1, 2020