Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ

অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে৷ শ্ৰী মোদীয়ে লগতে সকলো নাগৰিককে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিবলৈ আৰু ইয়াৰ অতুলনীয় নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহ্বান জনায়৷ তেওঁ সংৰক্ষণ প্ৰচেষ্টাত অগ্ৰণী ভূমিকা পালন কৰা মহিলা বনৰক্ষীৰ দল, বন দুৰ্গাৰ সৈতে মত বিনিময় কৰে আৰু প্ৰাকৃতিক ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ নিষ্ঠা আৰু সাহসৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে লক্ষীমাই, প্ৰদ্যুম্ন আৰু ফুলমাই নামৰ হাতী কেইটাক কুঁহিয়াৰ খুৱাই থকা কেইখনমান ফটোও শ্বেয়াৰ কৰে৷

ভ্ৰমণৰ আলোকপাত কৰি এলানি টুইটাৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“আজি পুৱা মই অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আছিলো। সুবিশাল সেউজীয়াৰে পৰিৱেষ্টিত ইউনেস্ক’ৰ এই বিশ্ব ঐতিহ্য ক্ষেত্ৰখন বিশ্বপ্ৰসিদ্ধ এশিঙীয়া গঁড়কে ধৰি বৈচিত্ৰময় উদ্ভিদ আৰু প্ৰাণীজগতেৰে সমৃদ্ধ৷

“আপোনালোক সকলোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰি ইয়াৰ অতুলনীয় নৈসৰ্গিক সৌন্দৰ্য আৰু অসমৰ জনসাধাৰণৰ আদৰ অনুভৱ কৰিবলৈ আহ্বান জনালোঁ। এয়া এনে এক ঠাই, য’ত প্ৰতিটো ভ্ৰমণে আপোনাৰ আত্মাক সমৃদ্ধ কৰি অসমৰ লোকসকলৰ হৃদয়ৰ সৈতে গভীৰভাৱে সংযোগ স্থাপন কৰে।”

“মহিলা বনৰক্ষীৰ দল, বন দুৰ্গাৰ সৈতে মত বিনিময় কৰোঁ, যিসকলে সংৰক্ষণৰ প্ৰচেষ্টাত অগ্ৰণী  ভূমিকা পালন কৰাৰ লগতে সাহসেৰে আমাৰ অৰণ্য আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰি আহিছে৷ আমাৰ প্ৰাকৃতিক ঐতিহ্য সংৰক্ষণ তেওঁলোকৰ নিষ্ঠা আৰু সাহস সঁচাকৈয়ে প্ৰশংসনীয়৷”

“লক্ষীমাই, প্ৰদ্যুম্ন আৰু ফুলমাই নামৰ হাতী কেইটাক কুঁহিয়াৰ খুৱালোঁ৷ কাজিৰঙা গড়ঁৰ বাবে বিখ্যাত যদিও ইয়াত বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ লগতে যথেষ্ট পৰিমাণে হাতী পোৱা যায়৷”

***

DS/TS/DB