অষ্ট্ৰেলিয়াৰ বিৰোধী দলৰ নেতা মহামহিম শ্ৰীযুত পিটাৰ ডাটনে ২০২৩ চনৰ ২৪ মে’ত ছিডনীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত্ কৰে।
দুয়োগৰাকী নেতাৰ মাজত হোৱা আলোচনাত প্ৰধানমন্ত্ৰীয়ে ‘ভাৰত-অষ্ট্ৰেলিয়া ব্যাপক কৌশলগত অংশীদাৰীত্ব’-ই লাভ কৰা শক্তিশালী দ্বিপাক্ষিক সহযোগিতাৰ শলাগ লয়।
আলোচনাত দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশসমূহক সামৰি লোৱা হয়, যাৰ ভিতৰত আছে জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ প্ৰসংগও। দুয়োগৰাকী নেতাই আঞ্চলিক উন্নয়ন সন্দৰ্ভতো আলোচনা কৰে।
*******