Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অষ্টাদশ এছিয়ান-ইণ্ডিয়া সন্মিলন(২৮ অক্টোবৰ,২০২১) আৰু ১৬সংখ্যক পূব এছিয়া সন্মিলন(২৭ অক্টোবৰ,২০২১


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ অক্টোবৰত ভাৰ্চুৱেলী অনুষ্ঠিত বলগীয়া ১৮সংখ্যক এছিয়ানইণ্ডিয়া সন্মিলনত ব্ৰুনেইৰ ছুলটানৰ আমন্ত্ৰণক্ৰমে উপস্থিত থাকিব। সন্মিলনত এছিয়ান দেশৰ চৰকাৰী মূৰব্বীসকল উপস্থিত থাকিব।

১৮সংখ্যক এছিয়ানইণ্ডিয়া সন্মিলনত এছিয়ানভাৰত কৌশলগত অংশীদাৰিত্ব পৰ্যালোচনা কৰা আৰু ভিড১৯ তথা স্বাস্থ্য, বেপাৰবাণিজ্য, যোগাযোগ ব্যৱস্থা, শিক্ষা আৰু সংস্কৃতিকে ধৰি গুৰুত্বপূৰ্ণ দিশসমূহৰ প্ৰগতিৰ বুজ লোৱা ব। দৰকাৰী আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ ওপৰত বৈঠকত আলোচনা ব। প্ৰধানমন্ত্ৰীয়ে যোৱা বছৰ নৱেম্বৰত ভাৰ্চুৱেলী অনুষ্ঠিত ১৭সংখ্যক এছিয়ানইণ্ডিয়া সন্মিলনতো অংশ লৈছিল। নৱমবাৰৰ বাবে তেওঁ এই সন্মিলনত উপস্থিত থাকিব।

ভৌগোলিক, ঐতিহাসিক আৰু সভ্যতাকেন্দ্ৰিক সম্পৰ্কৰ ভেটিক লৈ
এছিয়ানভাৰত কৌশলগত অংশীদাৰিত্ব নিৰ্মাণ হৈছে। আমাৰ এক্ট ইষ্ট পলিচী আৰু ভাৰতপ্ৰশান্ত মহাসাগৰীয় দৃষ্টিকোণৰ কেন্দ্ৰবিন্দু এছিয়ান। ২০২২ বৰ্ষটো এছিয়ানভাৰত সম্পৰ্কৰ ৩০ বৰ্ষপূৰ্তি।

ইফালে, প্ৰধানমন্ত্ৰীয়ে ২৭ অক্টোবৰ, ২০২১ত ভাৰ্চুৱেলী অনুষ্ঠিত বলগীয়া ১৬সংখ্যক পূব এছিয়া সন্মিলনতো উপস্থিত থাকিব। পূবএচিয়া সন্মিলন ইণ্ডোপেচিফিক অঞ্চলৰ আগশাৰীৰ নেতাসকলে নেতৃত্ব দিয়া এক গুৰুত্বপূৰ্ণ সন্মিলন। ২০০৫ত আৰম্ভ হোৱাৰে পৰা এই সন্মিলনে পূব এছিয়াৰ কৌশলগত আৰু ৰাজনৈতিক উত্থানত উল্লেখনীয় ভূমিকা পালন কৰি আছে। ১০খন এছিয়ান সদস্য দেশৰ বাহিৰে পূব এছিয়া সন্মিলনে ভাৰত, চীন, জাপান, কোৰিয়া, অষ্ট্ৰেলিয়া, নিউজীলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াক সাঙুৰি লয়।

***

DS/SH/MS