সন্ত শিৰোমণি আচাৰ্য শ্ৰী ১০৮ বিদ্যাসাগৰ জী মহাৰাজজীয়ে অলপতে সমাধি লাভ কৰি আমাক সকলোকে শোক সাগৰত পেলাই ইহলীলা সম্বৰণ কৰিছে। তেওঁৰ জীৱন হৈছে গভীৰ জ্ঞান, সীমাহীন সহানুভূতি আৰু মানৱতাৰ উৎকৰ্ষৰ প্ৰতি অটল প্ৰতিশ্ৰুতিৰে ভৰা আধ্যাত্মিকভাৱে পৰিপূৰ্ণ এক জীৱন। মই বহুবাৰ তেওঁৰ আশীৰ্বাদ লাভ কৰাৰ সুযোগ লাভ কৰিছো। সেয়েহে,তেওঁৰ পৰলোকপ্ৰাপ্তিত মই গভীৰ ক্ষতি অনুভৱ কৰিছো। তেওঁ এগৰাকী পথপ্ৰদৰ্শকৰ ৰূপত পোহৰ দেখুৱাই মোৰ লগতে অগণন লোকৰ আত্মাক আলোকিত কৰিছিল। তেওঁৰ সুহৃদ উষ্মতা, মৰম আৰু আশীৰ্বাদত কেৱল সদিচ্ছাৰ ইংগিতেই নাছিল, সেয়া যেন আধ্যাত্মিক শক্তিৰ গভীৰ ব্যাপ্তি আছিল, যিয়ে তেওঁৰ সংস্পৰ্শলৈ অহা সকলো ভাগ্যৱান লোককে শক্তিশালী কৰি তোলাৰ লগতে অনুপ্ৰেৰণা যোগাইছিল।
পুজ্য আচাৰ্য জীক সদায় জ্ঞান, সহানুভূতি আৰু সেৱাৰ ত্ৰিবেণী সংগম হিচাবে স্মৰণ কৰা হ’ব। তেওঁ এজন প্ৰকৃত তপস্বীআছিল, যাৰ জীৱনত ভগৱান মহাবীৰৰ আদৰ্শৰ প্ৰতিফলন ঘটিছিল। তেওঁৰ জীৱনে জৈন ধৰ্মৰ মূল নীতিবোৰ পৰিস্ফূট কৰি তুলিছিল , তেওঁৰ নিজৰ কাৰ্য্য আৰু শিক্ষাৰ জৰিয়তে জৈন ধৰ্মৰ আদৰ্শক মূৰ্ত কৰি তুলিছিল। সকলো জীৱৰ প্ৰতি তেওঁৰ যত্ন আৰু স্নেহ প্ৰৱণতাই জৈন ধৰ্মত থকা জীৱনৰ প্ৰতি গভীৰ সন্মানক প্ৰতিফলিত কৰিছিল। তেওঁ সত্যৰ পথত থাকি জীৱন যাপন কৰিছিল, যি কথাই জৈন ধৰ্মত অন্তৰ্নিহিত হৈ থকা চিন্তা, বাক্য আৰু কাৰ্য্যত সততাৰ বিষয়ক প্ৰতিফলন ঘটাইছিল। তেওঁ এটা অতি সৰল জীৱনশৈলী বজাই ৰাখিছিল। তেওঁৰ দৰে মহান ব্যক্তিসকলৰ বাবেই জৈন ধৰ্ম আৰু ভগৱান মহাবীৰৰ জীৱনৰ দ্বাৰা পৃথিৱীখন অনুপ্ৰাণিত হৈ আহিছে। তেওঁ জৈন সম্প্ৰদায়ৰ মাজত অতি উচ্চতালৈ আৰোহণ কৰিছিল, কিন্তু তেওঁৰ প্ৰভাৱ কেৱল এটা সম্প্ৰদায়ৰ মাজতে সীমাবদ্ধ হৈ নাছিল। বিভিন্ন ধৰ্ম, অঞ্চল আৰু সংস্কৃতিৰ লোকসকল তেওঁৰ ওচৰলৈ আহিছিল । তেওঁ সমাজত আধ্যাত্মিক জাগৰণৰ দিশত, বিশেষকৈ যুৱসকলৰ মাজত আধ্যাত্মিক জাগৰণৰ হকে অক্লান্ত পৰিশ্ৰম কৰিছিল।
শিক্ষা তেওঁৰ হৃদয়ৰ সৈতে সংপৃক্ত হৈ থকা এটা বিষয় আছিল। বিদ্যাধৰৰ (তেওঁৰ শৈশৱৰ নাম) পৰা বিদ্যাসাগৰলৈ তেওঁৰ যাত্ৰা জ্ঞান আহৰণ আৰু জ্ঞান প্ৰদানৰ বাবে এক গভীৰ প্ৰতিশ্ৰুতি স্বৰূপ আছিল। তেওঁৰ এই বিষয়ত দৃঢ় বিশ্বাস আছিল যে শিক্ষা হৈছে এক ন্যায়সঙ্গত আৰু আলোকিত সমাজৰ আধাৰশিলা। তেওঁ মানুহক শক্তিশালী কৰি তুলিবলৈ আৰু এক উদ্দেশ্যপূৰ্ণ জীৱন-যাপনেৰে সমাজলৈ অৱদান আগবঢ়াবলৈ জ্ঞানক এক সমল হিচাবে ব্যৱহাৰ কৰিছিল। তেওঁ প্ৰদান কৰা শিক্ষাই আত্ম-অধ্যয়ন আৰু আত্ম-সজাগতাৰ বিষয়ত গুৰুত্বক আৰোপ কৰি প্ৰকৃত জ্ঞানৰ পথ সন্ধান কৰাৰ উপায় দিছিল। তেওঁ তেওঁৰ অনুগামীসকলক জীৱনজোৰা শিক্ষা আৰু আধ্যাত্মিক বিকাশত জড়িত হৈ পৰিবলৈ আহ্বান জনাইছিল।
একে সময়তে সন্ত শিৰোমণি আচাৰ্য বিদ্যাসাগৰ জী মহাৰাজজীয়ে বিচাৰিছিল যে আমাৰ যুৱক-যুৱতীসকলে এনে এক শিক্ষা লাভ কৰক যি শিক্ষা আমাৰ সাংস্কৃতিক নীতিৰ শিপাত নিহিত হৈ আছে। তেওঁ প্ৰায়ে কৈছিল যে আমি অতীতৰ পৰা শিক্ষা গ্ৰহণ নকৰাৰ বাবেই এতিয়া পানীৰ সংকটৰ দৰে মুখ্য প্ৰত্যাহ্বানবোৰৰ সমাধান বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই । তেওঁ এই কথাও বিশ্বাস কৰিছিল যে সামগ্ৰিক শিক্ষা হৈছে তেনে শিক্ষা যিু শিক্ষাই দক্ষতা আৰু উদ্ভাৱনৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁ ভাৰতৰ ভাষিক বৈচিত্ৰ্যকলৈ অপৰিসীম গৌৰৱ কৰিছিল আৰু যুৱক-যুৱতীসকলক ভাৰতীয় ভাষা শিকিবলৈ উৎসাহিত কৰিছিল।
পুজ্য আচাৰ্য জীয়ে নিজে সংস্কৃত, প্ৰাকৃত আৰু হিন্দীত সুন্দৰভাৱে লিখিব পাৰিছিল। এজন সাধু হিচাপে তেওঁ কিদৰে উচ্চতাত উপনীত হৈছিল আৰু মাটিৰ সৈতে কিদৰে তেওঁ মিলি আছিল তাৰ উমান তেওঁৰ বিশেষ কাম মুকমতিত প্ৰতিফলিত হৈছে। তেওঁ তেনে কাৰ্য্যৰ জৰিয়তে সমাজৰ একেবাৰে তলৰ শ্ৰেণীৰ লোকসকলৰ কণ্ঠস্বৰক সবল কৰিছিল।
স্বাস্থ্যসেৱাৰ ক্ষেত্ৰতো পুজ্য আচাৰ্য জীৰ অৱদানে পৰিৱৰ্তনৰ পৰিবেশ ৰচনা কৰিছিল। তেওঁ কেইবাটাও প্ৰচেষ্টাৰ সৈতে জড়িত আছিল, বিশেষকৈ স্বাস্থ্যসেৱাৰ পৰা বাদ পৰি থকা এলেকাত তেওঁ এনে পদক্ষেপ গ্ৰহণ কৰিছিল। স্বাস্থ্যসেৱাৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী আছিল সামগ্ৰিক, শাৰীৰিক সুস্থতাক আধ্যাত্মিক সুস্থতাৰ সৈতে একত্ৰিত কৰা আৰু ইয়াৰ জড়িয়তে সামগ্ৰিকভাৱে ব্যক্তি এগৰাকীৰ প্ৰয়োজনীয়তা পূৰণ কৰা।
মই বিশেষকৈ আগন্তুক প্ৰজন্মক সন্ত শিৰোমণি আচাৰ্য শ্ৰী বিদ্যাসাগৰ জী মহাৰাজ জীৰ ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি থকা প্ৰতিবদ্ধতাৰ বিষয়ে বিস্তৃতভাৱে অধ্যয়ন কৰিবলৈ অনুৰোধ জনাইছো। তেওঁ সদায় মানুহক যিকোনো পক্ষপাতিত্বমূলক বিবেচনাৰ উৰ্ধত থাকিবলৈ আৰু তাৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় স্বাৰ্থৰ বিষয়ত গুৰুত্ব দিবলৈ আহ্বান জনাইছিল। তেওঁ ভোটদানৰ প্ৰক্ৰিয়াৰ এগৰাকী অন্যতম শক্তিশালী ভোটদাতা আছিল। কাৰণ ভোটদানক তেওঁ গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণৰ এক অন্যতম উপায় হিচাবে গণ্য কৰিছিল। তেওঁ সুস্থ আৰু স্বচ্ছ ৰাজনীতিৰ পোষকতা কৰিছিল, তেওঁ আনকি কৈছিল যে মানুহৰ কল্যাণৰ বাবে নীতি নিৰ্ধাৰণ হ’ব লাগিব, স্বাৰ্থ পূৰণৰ বাবে নহয়।
তেওঁ বিশ্বাস কৰিছিল যে এক শক্তিশালী ৰাষ্ট্ৰ গঢ়ি উঠে নাগৰিকসকলে তেওঁলোকৰ কৰ্তব্যৰ প্ৰতি থকা দায়বদ্ধতাৰ আধাৰত -সেই দায়বদ্ধতা হ’ব পাৰে নিজৰ প্ৰতি, তেওঁলোকৰ পৰিয়ালৰ প্ৰতি, সমাজ আৰু দেশৰ প্ৰতি থকা থকা দায়বদ্ধতা । তেওঁ মানুহক সততা আৰু আত্মনিৰ্ভৰশীলতাৰ দৰে গুণৰ অধিকাৰী হ’বলৈ উৎসাহিত কৰিছিল, যিবোৰ গুণক তেওঁ এক ন্যায়সঙ্গত, সহানুভূতিশীল আৰু সমৃদ্ধ সমাজ গঢ়ি তোলাৰ বাবে অত্যাৱশ্যকীয় বুলি বিবেচনা কৰিছিল। তেওঁৰ কৰ্তব্যৰ প্ৰতি দায়বদ্ধতাৰ আহ্বানক অধিক গুৰুত্বপূৰ্ণ বুলি এইবাবেই বিবেচনা কৰিব পাৰি কাৰণ আমি এখন বিকশিত ভাৰত নিৰ্মাণৰ দিশত কাম কৰি আছো।
এনে এক যুগত, য’ত সমগ্ৰ বিশ্বতে পৰিৱেশৰ অৱক্ষয় ভয়াৱহ হৈ পৰিছে, পুজ্য আচাৰ্যজীয়ে এনে এক জীৱনশৈলীৰ বাবে আহ্বান জনাইছিল যিয়ে প্ৰকৃতিৰ ক্ষেত্ৰত হোৱা ক্ষতি হ্ৰাস কৰিব । একেদৰে তেওঁ আমাৰ অৰ্থনীতিৰ বিকাশত কৃষিয়ে গ্ৰহণ কৰা সৰ্বোচ্চ ভূমিকাৰ কথা ভালদৰে অনুধাবন কৰিব পাৰিছিল। তেওঁ লগতে কৃষিক আধুনিক তথা বহনক্ষম কৰি তোলাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছিল। কাৰাবন্দীসকলৰ জীৱনৰ সংস্কাৰৰ দিশত তেওঁ কৰা কামো উল্লেখনীয় আছিল।
আমাৰ দেশৰ সৌন্দৰ্য হৈছে এয়াই যে হাজাৰ হাজাৰ বছৰ ধৰি আমাৰ এই পূণ্যভূমিয়ে এনে মহান ব্যক্তি সৃষ্টি কৰিছে, যিয়ে আনক পোহৰ দেখুৱাইছে আৰু আমাৰ সমাজখনক উন্নত কৰি তুলিছে। পূজ্য আচাৰ্য জী সেইসকল মহান সাধু আৰু সমাজ সংস্কাৰকসকলৰ ভিতৰত এক সুউচ্চ স্থানত অধিস্থিত হোৱা ব্যক্তি হিচাবে পৰিগণিত হৈছে। তেওঁ যিয়েই কৰিছিল , সেয়া তেওঁ কেৱল বৰ্তমানৰ বাবেই নহয়, ভৱিষ্যতৰ বাবেও কৰিছিল। যোৱা বছৰৰ নৱেম্বৰ মাহত মই ছত্তীশগড়ৰ ডংগাৰগড়ৰ চন্দ্ৰগিৰি জৈন মন্দিৰ দৰ্শন কৰাৰ সুযোগ পাইছিলো। মই নাজানিছিলো যে সেই ভ্ৰমণেই পুজ্য আচাৰ্য জীৰ সৈতে মোৰ অন্তিমটো সাক্ষাৎ হ’ব। পুজ্য আচাৰ্য জীক লগ পোৱাৰ সেই মুহূৰ্তবোৰ মোৰ বাবে সদায় বিশেষ মুহূৰ্ত হৈ ৰ’ব।
তেওঁ মোৰ সৈতে দীৰ্ঘ সময় ধৰি কথা পাতিছিল আৰু দেশৰ সেৱাত মোৰ প্ৰচেষ্টাৰ বাবে মোক আশীৰ্বাদ দিছিল। তেওঁ আমাৰ ৰাষ্ট্ৰই যি দিশৰে গতি কৰিছে আৰু ভাৰতে বিশ্ব মঞ্চত যি সন্মান লাভ কৰিছে তাকে লৈ আনন্দ প্ৰকাশ কৰিছিল। তেওঁ কৰি থকা কামৰ বিষয়ে কওঁতে তেওঁৰ মন উৎসাহেৰে ভৰি পৰা মই দেখিছিলো।তেতিয়া আৰু সদায়ে, তেওঁৰ স্নেহভৰা দৃষ্টি আৰু মৃদু হাঁহিয়ে মোৰ বাবে শান্তি আৰু উদ্দেশ্যৰ অনুভূতি জাগ্ৰত কৰিবলৈ যথেষ্ট হৈ পৰিছিল। তেওঁৰ আশীৰ্বাদসমূহ আত্মাৰ ওপৰত এক দুখ প্ৰশমনকাৰী মলমৰ দৰে অনুভৱ হৈছিল, যিয়ে আমাৰ ভিতৰত আৰু আমাৰ চাৰিওফালে থকা ঈশ্বৰৰ উপস্থিতিৰ কথাকেই সোঁৱৰাই আহিছে।
সন্ত শিৰোমণি আচাৰ্য শ্ৰী ১০৮ বিদ্যাসাগৰ জী মহাৰাজ জীৰ অবৰ্তমানত তেওঁৰ শূন্যতা সকলোৱে গভীৰভাৱে অনুভৱ কৰিছে। যিসকলে তেওঁক চিনি পাইছিল আৰু তেওঁৰ শিক্ষা তথা তেওঁৰ জীৱন দৰ্শনৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল তেওঁলোক আটাইয়েই মহাৰাজ জী নথকাৰ শূণ্যতা উপলব্ধি কৰিছে। অৱশ্যে তেওঁ সদায় অনুপ্ৰাণিত হোৱাসকলৰ হৃদয় তথা মনত জীয়াই থাকিব। তেওঁৰ স্মৃতিক সন্মান জনাই আমি তেওঁ সমৰ্থন কৰা মূল্যবোধক কঢ়িয়াই নিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এনেদৰে, আমি কেৱল এজন মহান আত্মাক শ্ৰদ্ধাঞ্জলি জনোৱাই নহয়, আমাৰ দেশ তথা জনসাধাৰণৰ বাবে তেওঁ নেতৃত্ব দিয়া অভিযানকো আগুৱাই নিব পাৰিম।