প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযন্তা দিৱসত দেশৰ সকলো অভিযন্তাক শুভেচ্ছা জ্ঞাপন কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে লগতে ছাৰ এম.বিশ্বেশ্বাৰায়াক তেওঁৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে৷
“অভিযন্তা হ’ল পৰিশ্ৰম আৰু দৃঢ়তাৰ প্ৰতীক৷ তেওঁলোকৰ উদ্ভাৱনীমূলক চিন্তা-চৰ্চা অবিহণে মানৱ প্ৰগতি সম্ভৱ নহয়৷ সকলো পৰিশ্ৰমী অভিযন্তালৈ অভিযন্তা দিৱসৰ শুভকামনা আৰু অভিনন্দন জনাইছো৷ আদৰ্শ অভিযন্তা ছাৰ এম. বিশ্বেশ্বাৰায়ালৈ তেওঁৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো৷”,—প্ৰধানমন্ত্ৰীয়ে কয়৷
******
VRRK/SH/MS
Engineers are synonymous with diligence and determination. Human progress would be incomplete without their innovative zeal. Greetings on #EngineersDay and best wishes to all hardworking engineers. Tributes to the exemplary engineer Sir M. Visvesvaraya on his birth anniversary.
— Narendra Modi (@narendramodi) September 15, 2019