Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অতিৰিক্ত সচিব আৰু যুটীয়া সবিচৰ সৈতে বাৰ্তালাপত মিলিত প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ভাৰত চৰকাৰৰ ৭০ জনীয়া অতিৰিক্ত সচিব আৰু যুটীয়া সবিচৰ এটা গোটৰ সৈতে বাৰ্তালাপত মিলিত হয়। প্ৰধানমন্ত্ৰীয়ে কৰিব লগীয়া পাঁচ বাৰ্তালাপৰ ভিতৰত এয়া প্ৰথম বাৰ্তালাপ।

বাৰ্তালাপৰ সময়ত বিষয়াসকলে ডিজিটেল আৰু স্মাৰ্ট প্ৰশাসন, প্ৰশাসনিক ব্যৱস্থা আৰু দায়ৱদ্ধতা, স্বচ্চ আৰু নিকা ব্যৱস্থা, কৃষকৰ আয় দুগুন কৰা, দক্ষতা বিকাশ, স্বচ্চ ভাৰত, উপভোক্তাৰ অধিকাৰ, পৰিৱেশ সুৰক্ষা আৰু ২০২২ৰ ভিতৰত নতুন ভাৰত গঢ় দিয়া ইত্যাদি বিষয় সন্দৰ্ভত তেওঁলোকৰ অভিজ্ঞতাৰ বিনিময় কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে উন্নয়ন আৰু সু-প্ৰশাসন, দুয়োটাই দেশৰ নাগৰিৰ কল্যান আৰু সন্তুষ্টিৰ বাবে আৱশ্যক। তেওঁ কয় যে বিষয়াসকলে সু-প্ৰশাসনক অগ্ৰাধিকাৰ দিয়া উচিত। এক উন্নত ফলাফল লাভৰ বাবে চৰকাৰৰ সকলো বিভাগে সংহতিপূৰ্ণ আৰু শৃখলাৱদ্ধতাৰে কাম কৰা প্ৰয়োজন বুলি গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় বিষয়াসকলে সমাজৰ একেবাৰে দুখীয়া আৰু প্ৰান্তীয় লোকজনৰ কথা ভাবিহে কোনো সিদ্ধান্ত ল’ব লাগিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি বিশ্বই ভাৰতৰ প্ৰতি ইতিবাছক দৃষ্টিভংগীৰে চাবলৈ লৈছে। বৈশ্বিক ভাৰসাম্য প্ৰতিষ্ঠাত ভাৰতৰ সফলতা অতি গুৰুত্বপূৰ্ণ ভূমিকা বুলি সমগ্ৰ বিশ্বই অনুভৱ কৰে। প্রধানমন্ত্রীয়ে লগতে কয় যে ভাৰতৰ সাধাৰণ নাগৰিকসকলৰ মাজতো কর্মদক্ষতাৰ এক শক্তিশালী স্রোত আছে। অতি দৰিদ্র পৰিয়ালৰ যুৱক-যুৱতীসকলে সীমিত আর্থিক সামর্থ্যক কামত লগাই প্রতিযোগিতামূলক পৰীক্ষা তথা খেলাধূলাৰ ক্ষেত্রত চমকপ্ৰদ সাফল্য অৰ্জন কৰিছে। এই স্বতঃস্ফূৰ্ত প্রতিভাক উৎসাহিত কৰি কাম কৰাৰ বাবে তেওঁ বিষয়াসকলক নির্দেশ দিয়ে। তেওঁ এই প্রসংগত পৰিয়ালৰ প্রথম তিনিটা বছৰত যি মানসিকতা আৰু শক্তিক লৈ তেওঁলোকৰ কাম কৰিছে, সেই বিষয়ে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰৰ উন্নতিৰ বাবে সর্বশক্তি প্ৰয়োগ কৰি ভাল কাম কৰাৰ বাবে বিষয়াসকলৰ এয়াই অন্যতম সুযোগ বুলি কয়। তেওঁ ছিল’ছ ভংগ কৰা মহত্ব আৰু চৰকাৰৰ বিভিন্ন বিভাগৰ মাজত সুদক্ষ অভ্যন্তৰীণ যোগাযোগৰ ওপৰত জোৰ দিয়ে। সিদ্ধান্ত গ্রহণৰ ক্ষেত্রত ক্ষীপ্ৰতা আৰু দক্ষতাৰ প্ৰয়োজনা কথাও প্ৰধানমন্ত্ৰীয়ে দোঁহাৰে। তেওঁ কেন্দ্রীয় চৰকাৰে সদ্বিচ্ছাৰে গৃহীত সিদ্ধান্তক সদায় উৎসাহিত কৰিব বুলি কয়। তেওঁ ভাৰতৰ আটাইতকৈ পিছপৰা ১০০খন জিলাৰ ওপৰত দৃষ্টি নিৱদ্ধ কৰাৰ বাবে বিষয়াসকলক নির্দেশ দিয়ে, যাতে বিভিন্ন ধৰণৰ উন্নয়নমূলক কামৰ নিৰিখত এই জিলাসমূহে ৰাষ্ট্ৰীয় গড়ৰ পর্যায়লৈ উন্নীত কৰিব পাৰে।

*****

AKT/AK/DB