Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অটল ভূজল যোজনাত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ৫ বছৰৰ(২০২০-২১ৰ পৰা ২০২৪-২৫লৈ) বাবে সৰ্বমুঠ ৬,০০০ কোটি টকা ব্যয়সাপেক্ষ অটল ভূজল যোজনা (অটল জল) শীৰ্ষক এক কেন্দ্ৰীয় আঁচনি ৰূপায়ণত অনুমোদন জনাইছে৷

এই আঁচনিৰ লক্ষ্য হৈছে পানী কম থকা অঞ্চল হিচাপে ইতিমধ্যে চিহ্নিত ৭খন ৰাজ্য ক্ৰমে—গুজৰাট, হাৰিয়ানা, কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু উত্তৰপ্ৰদেশৰ স্থানীয় ৰাইজৰ সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে ভূগৰ্ভষ্ঠ পানী ব্যৱস্থাপনাৰ স্তৰ উন্নীত কৰা৷ এই আঁচনিখন ৰূপায়ণৰ ফলত এই ৰাজ্যসমূহৰ ৭৮খন জিলাৰ প্ৰায় ৮,৩৫০খন গাঁও পঞ্চায়ত উপকৃত হ’ব৷ অটল জলে পঞ্চায়তভিত্তিক জল ব্যৱস্থাপনা আৰু চাহিদাৰ ভিত্তিত আচৰণগত পৰিৱৰ্তন অনাত প্ৰাথমিক গুৰুত্ব প্ৰদান কৰিব৷

আঁচনিৰ সৰ্বমুঠ ব্যয় ৬,০০০ কোটিৰ ৫০% বিশ্ব বেংকৰ পৰা ঋণ হিচাপে গ্ৰহণ কৰা হ’ব, যিটো কেন্দ্ৰীয় চৰকাৰে পৰিশোধ কৰিব৷ বাকী ৫০% বাজেটীয় সাহায্যৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব৷ বিশ্ব বেংকৰ ঋণ আৰু কেন্দ্ৰীয় সাহায্য ৰাজ্যসমূহক অনুদান হিচাপে প্ৰদান কৰা হ’ব৷

অটল জলৰ দুটা প্ৰধান উপাদান হৈছেঃ

ক) প্রতিষ্ঠানগত উপায়েৰে ভূগর্ভস্থ জলৰ নিৰীক্ষণ নেটৱর্ক উন্নয়ন তথা অংশীদাৰৰ দক্ষতা বৃদ্ধি, ভূগর্ভৰ জলস্তৰ সংক্রান্তীয় তথ্য সংৰক্ষণ, বিনিময়, বিশ্লেষণ আৰু ভাগ-বতৰা কৰাৰ ক্ষেত্রত সহায় কৰিব৷

খ) এই যোজনাৰ অধীনত যিবোৰ এলেকাত জল জীৱন অভিযান প্রকল্প ৰূপায়ণ কৰা হৈছে, তাৰ স্থানীয় লোকৰ সক্রিয় অংশগ্রহণৰ জৰিয়তে বহনক্ষম উন্নয়ন ঘটোৱা, কৃষকৰ আয় দুগুণ কৰা, ভূগর্ভৰ জল ব্যৱস্থাপনাত অংশগ্রহণত উৎসাহ যোগোৱা, সঠিকভাবে পানীৰ ব্যৱহাৰ আৰু কৃষি পদ্ধতিৰ উন্নীত কৰা আৰু সামুহিক পৰ্যায়ত আচৰণগত পৰিৱর্তন আৰু ভূগর্ভস্থ পানী সদ্ব্যৱহাৰত উৎসাহ যোগোৱা ইত্যাদি৷

অটল জলৰ ফলতঃ

১. প্রতিষ্ঠানগত উপায়েৰে ভূগর্ভস্থ জলৰ নিৰীক্ষণ নেটৱর্ক উন্নয়ন তথা অংশীদাৰৰ দক্ষতা বৃদ্ধি, ভূগর্ভৰ জলস্তৰ সংক্রান্তীয় তথ্য সংৰক্ষণ, বিনিময়, বিশ্লেষণ আৰু ভাগ-বতৰা কৰাৰ ক্ষেত্রত সহায় কৰিব

২. উন্নত আৰু বাস্তবায়িক জলৰ বাজেটভিত্তিক ডাটাবেছ উন্নীত কৰাৰ লগতে পঞ্চায়ত পৰ্যায়ত সম্প্ৰদায়ভিত্তিক জল সুৰক্ষাৰ পৰিকল্পনা সাজু কৰা হ’ব

৩. বহনক্ষম ভূগৰ্ভৰ জল ব্যৱস্থাপনাৰ ক্ষেত্ৰত পুঁজিৰ ফলপ্ৰসূ ব্যৱহাৰৰ বাবে জল সুৰক্ষা পৰিকল্পনা ৰূপায়ণৰ জৰিয়তে ইতিমধ্যে ৰূপায়ণ হৈ থকা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি ন্যায়সংগতভাৱে সমাযোজন ঘটোৱা হ’ব৷

৪. ক্ষুদ্ৰ জলসিঞ্চন, শস্য বিভাজন, বৈদ্যুতিক ফিডাৰ পৃথকীকৰণৰ ইত্যাদিৰ দৰে চাহিদাভিত্তিক ব্যৱস্থাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ভূগৰ্ভৰ জলসম্পদৰ উপযুক্ত ব্যৱহাৰ কৰিব পৰা যাব৷

প্ৰভাৱঃ

ক৷ স্থানীয় সমূদায়ৰ সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে প্ৰকল্প ৰূপায়ণ কৰা স্থানত জল জীৱন অভিযানৰ বাবে বহনক্ষণ উৎসৰ সন্ধান;

খ৷ কৃষকৰ আয় দুগুন কৰাৰ দিশত বৰঙণি বৃদ্ধি পাব;

গ৷ ভূগৰ্ভৰ জল ব্যৱস্থাপনাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰিব;

ঘ৷ পানীৰ ব্যৱহাৰত দক্ষতা বৃদ্ধি আৰু খেতি কৰা পদ্ধতিৰ উন্নীতকৰণ;

ঙ৷ সম্প্ৰদায়সমূহৰ মাজত সমান হাৰত ভূগৰ্ভৰ জল সম্পদৰ ব্যৱহাৰৰ দক্ষতা বৃদ্ধি আৰু আচৰণগত পৰিৱৰ্তন কৰা৷

পটভূমিঃ

দেশৰ ৬৫ শতাংশ ভূগর্ভস্থ জল কৃষি কাৰ্যত আৰু ৮৫ শতাংশ গ্রামীণ এলেকাত খোৱাপানী হিচাপে ব্যৱহাৰ হয়৷ দেশৰ ক্রমৱর্ধিত জনসংখ্যা বৃদ্ধি, নগৰীকৰণ আৰু উদ্যোগীকৰণ ফলত ভূগর্ভস্থ জলৰ চাহিদা ক্রমে বৃদ্ধি পাইছে৷ এই ক্রমৱর্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এই প্রকল্প হাতত লোৱা হৈছে৷ অনিয়ন্ত্রিতভাবে ভূগর্ভস্থ জল উত্তোলন নিয়ন্ত্রণৰ বাবে য’তে ত’তে ভূগর্ভস্থ পাম্প লগোৱাত নিষিদ্ধ কৰা হৈছে৷

*****

VRRK/SC/SH/DB