প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ আৰু ১৯৮৩ ত বিশ্ব কাপ-বিজয়ী দলৰ সদস্য যশপাল শৰ্মা জীৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “যশপাল শৰ্মা জী কিংবদন্তি ১৯৮৩ দলকে ধৰি ভাৰতীয় ক্ৰিকেট দলটোৰ এজন অত্যন্ত প্ৰিয় সদস্য আছিল। তেওঁ দলীয় সতীৰ্থসকল, গুণমুগ্ধ তথা একেদৰে বলিষ্ঠ ক্ৰিকেটাৰসকলৰ বাবে আছিল অনুপ্ৰেৰণাৰ উৎস। তেওঁৰ মৃত্যুত মৰ্মাহত হৈছো। তেওঁৰ পৰিয়ালবৰ্গ আৰু অনুৰাগীসকললৈ সমবেদনা জনালো। ঔম শান্তি।”
***
DS/SH/SB
Shri Yashpal Sharma Ji was a much beloved member of the Indian cricket team, including the legendary 1983 squad. He was an inspiration for teammates, fans as well as budding cricketers. Anguished by his passing away. Condolences to his family and admirers. Om Shanti.
— Narendra Modi (@narendramodi) July 13, 2021