আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেট্ৰ’লিয়াম ও প্ৰাকৃতিক গেছ মন্ত্ৰালয় আৰু পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে যুটীয়াভাৱে অনুষ্ঠিত কৰা বিশ্ব পৰিবেশ দিৱসৰ কাৰ্য্যসূচী ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সম্বোধন কৰে। এই কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনেৰ এজন কৃষকৰ সৈতে মত-বিনিময় কৰে য’ত তেওঁ জৈৱিক কৃষি কাৰ্য্য আৰু কৃষিত জৈৱিক ইন্ধন ব্যৱহাৰৰ অভিজ্ঞতা জনায়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে “২০২০-২০২৫ ত ভাৰতৰ ইথানল ব্লেণ্ডিঙৰ অৰ্থে লক্ষ্য সন্দৰ্ভত বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদন” উন্মোচন কৰে। তেখেতে তদুপৰি সমগ্ৰ দেশখনত ইথানল উৎপাদন আৰু বিতৰণৰ অৰ্থে পুনেত অভিলাষী ই-১০০ পৰীক্ষামূলক প্ৰকল্পটোৰ শুভাৰম্ভ কৰে। এই বৰ্ষৰ কাৰ্য্যসূচীৰ বাবে বিষয়বস্তু হৈছে ‘এটা উত্তম পৰিবেশৰ বাবে জৈৱিক ইন্ধনৰ প্ৰোৎসাহন’। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী শ্ৰী নীতিন গাডকাৰী, শ্ৰী নৰেন্দ্ৰ সিং টোমৰ, শ্ৰী প্ৰকাশ জাভড়েকাৰ, শ্ৰী পীয়ূষ গোৱেল আৰু শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান উপস্থিত থাকে।
এই কাৰ্য্যসূচীত ভাষণ প্ৰদান কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিশ্ব পৰিবেশ দিৱস উপলক্ষে ইথানল খণ্ডৰ উন্নয়নৰ অৰ্থে সবিশেষ ৰোডমেপ প্ৰকাশৰদ্বাৰা ভাৰতে আন এটা খোজ আগুৱালে। তেখেতে কয় যে ২১ শ শতিকাৰ ভাৰতৰ মূল অগ্ৰাধিকাৰসমূহৰ ভিতৰত ইথানল অন্যতম হৈ পৰিছে। তেখেতে লগতে কয় যে ইথানলৰ ওপৰত গুৰুত্ব আৰোপে পৰিবেশৰ ওপৰত উত্তম প্ৰভাৱ পেলোৱাৰ সমান্তৰালভাৱে কৃষকসকলৰ জীৱনতো প্ৰভাৱ বিস্তাৰ কৰিছে। তেখেতে কয় যে চৰকাৰখনে ২০২৫ ৰ ভিতৰত পেট্ৰ’লৰ ইথানল ব্লেণ্ডিঙৰ লক্ষ্যত উপনীত হোৱাৰ সংকল্প গ্ৰহণ কৰিছে। পূৰ্বে, ২০৩০ ৰ ভিতৰত এই লক্ষ্যত উপনীত হোৱাৰ সংকল্প গ্ৰহণ কৰা হৈছিল যাক এতিয়া ৫ বছৰ আগুৱাই অনা হয়। তেখেতে লগতে কয় যে ২০১৪ লৈকে, গড় হিচাপত, ভাৰতত মাত্ৰ ১.৫ শতাংশ ইথানল ব্লেণ্ডিং কৰিব পৰা গৈছিল যি এতিয়া প্ৰায় ৮.৫ শতাংশলৈ বৃদ্ধি পাইছে। ২০১৩-১৪ ত, দেশখনত প্ৰায় ৩৮ কোটি লিটাৰ ইথানল ক্ৰয় কৰা হৈছিল যি এতিয়া ৩২০ কোটিৰো অধিক লিটাৰলৈ বৃদ্ধি পাইছে। তেখেতে কয় যে ইথানল ক্ৰয় এই আঠগুণ বৃদ্ধিৰ এটা বৃহৎ অংশই দেশখনৰ কুঁহিয়াৰ খেতিয়কসকলক লাভান্বিত কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ২১শ শতিকাৰ ভাৰতে কেৱল আধুনিক চিন্তা আৰু ২১শ শতিকাৰ আধুনিক নীতিৰপৰাহে শক্তি লাভ কৰিব পাৰে। এই ভাৱনাৰে, চৰকাৰখনে প্ৰতিটো ক্ষেত্ৰতে অবিৰতভাৱে নীতি সিদ্ধান্তসমূহ গ্ৰহণ কৰি আছে। তেখেতে কয়, আজি, দেশখনত ইথানলৰ উৎপাদন আৰু ক্ৰয়ৰ অৰ্থে যাৱতীয় আন্তঃগাঁথনি গঢ়ি তোলাত বহু গুৰুত্ব আৰোপ কৰা হৈছে। চেনি উৎপাদন অধিক ৪-৫ ৰাজ্যতে গৰিষ্ঠসংখ্যক ইথানল উৎপাদন ইউনিট বিৰাজমান কিন্তু এতিয়া সমগ্ৰ দেশতে এয়া সম্প্ৰসাৰিত কৰিবলৈ খাদ্য শস্য নিৰ্ভৰ ভাঁটিখানা স্থাপন কৰা হৈছে। কৃষিজাত আৱৰ্জনাৰপৰা ইথানল প্ৰস্তুতৰ অৰ্থে আধুনিক প্ৰযুক্তি নিৰ্ভৰ প্লান্টো দেশখনত স্থাপন কৰা হৈছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত হৈছে জলবায়ু ন্যায়ৰ শক্তিশালী প্ৰবক্তা আৰু উচ্চ বৈশ্বিক দৃষ্টি আগত ৰাখি আগুৱাই গৈ আছে। সেইসমূহ হৈছেঃ ওৱান চান, ওৱান ৱৰ্ল্ড, ওৱান গ্ৰীড ৰ দৃষ্টি বাস্তৱায়িতকৰণৰ অৰ্থে ইন্টাৰনেশ্যনেল ছ’লাৰ এলায়েন্স স্থাপন আৰু দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনি পদক্ষেপৰ অৰ্থে সংঘ। তেখেতে উল্লেখ কৰে, জলবায়ু পৰিৱৰ্তন পাৰদৰ্শিতা সূচকাংকত বিশ্বখনৰ শীৰ্ষ ১০ ৰাষ্ট্ৰত ভাৰত অন্তৰ্ভুক্ত হৈছে। তেখেতে লগতে কয় যে জলবায়ু পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত মুখামুখি হোৱা প্ৰত্যাহ্বানসমূহক লৈ ভাৰত তদুপৰি সজাগ আৰু এই সন্দৰ্ভত সক্ৰিয়তাৰেও কাম কৰি আছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে জলবায়ু পৰিৱৰ্তনেৰে যুঁজিবলৈ গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰ সন্দৰ্ভত কয়। কঠোৰ পদক্ষেপ সন্দৰ্ভত, তেখেতে উল্লেখ কৰে যে যোৱা ৬-৭ বছৰত নবীকৰণযোগ্য শক্তিৰ অৰ্থে আমাৰ ক্ষমতা ২৫০ ৰোধিক শতাংশ বৃদ্ধি পাইছে। সংস্থাপিত নবীকৰণযোগ্য শক্তি ক্ষমতাৰ ক্ষেত্ৰত আজি ভাৰত হৈছে বিশ্বখনৰ শীৰ্ষ ৫ খন ৰাষ্ট্ৰৰ অন্যতম। বিশেষকৈ যোৱা ৬ বছৰত সৌৰ শক্তিৰ ক্ষমতা প্ৰায় ১৫ গুণ বৃদ্ধি পাইছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সাধাৰণ পদক্ষেপ হিচাপেও দেশখনে ঐতিহাসিক প্ৰচেষ্টা গ্ৰহণ কৰিছে। আজি দেশখনৰ সাধাৰণ লোকে পৰিবেশৰ-সপক্ষে অভিযানসমূহত যোগদান কৰিছে আৰু নেতৃত্ব প্ৰদান কৰিছে। যথাঃ এবাৰ ব্যৱহৃত প্লাষ্টিক পৰিহাৰ, সমুদ্ৰ তীৰ পৰিস্কাৰ বা স্বচ্ছ ভাৰত। তেখেতে লগতে কয় যে প্ৰদান কৰা ৩৭ কোটিৰো অধিক এলইডি বাল্ব আৰু ২৩ লাখৰো অধিক শক্তি কুশল ফেনৰ প্ৰভাৱ সন্দৰ্ভত প্ৰায়েই আলোচনা নহয়। তেখেতে আৰু কয়, কোটি-কোটি দৰিদ্ৰ লোকলৈ উজ্জ্বলা আঁচনিৰ অধীনত বিনামূলীয়া গেছ সংযোগ প্ৰদানৰ জৰিয়তে, সৌভাগ্য আঁচনিৰ অধীনত বিদ্যুৎ সংযোগ প্ৰদানৰ জৰিয়তে, খৰিৰ ওপৰত তেওঁলোকৰ নিৰ্ভৰশীলতা লক্ষ্যণীয়ভাৱে হ্ৰাস পাইছে। প্ৰদূষণ হ্ৰাসৰ ওপৰিও, ই স্বাস্থ্যৰ উন্নতিত বহু পৰিমাণে সহায় কৰিছে আৰু পৰিবেশ সুৰক্ষা সুদৃঢ় কৰিছে। তেখেতে কয়, পৰিবেশ সুৰক্ষাৰ অৰ্থে উন্নয়ন ৰুদ্ধ কৰাটো যে প্ৰয়োজনীয় নহয়, সেই ক্ষেত্ৰত ভাৰতে বিশ্বখনৰ সন্মুখত দৃষ্টান্ত দাঙি ধৰিছে। তেখেতে গুৰুত্ব আৰোপ কৰি কয় যে ইকনমি আৰু ইকলজি উভয়ে একেলগে যাব পাৰে আৰু আগুৱাবলৈ সক্ষম। আৰু ভাৰতে বাছি লোৱা পথ এইটোৱেই। তেখেতে কয়, অৰ্থনীতি সুদৃঢ়কৰণৰ লগতে, যোৱা কেইটামান বছৰত আমাৰ বননিও ১৫ হাজাৰ বৰ্গ কিলোমিটাৰ বৃদ্ধি পাইছে। আমাৰ দেশৰ বাঘৰ সংখ্যা দুগুণ হৈ পৰিছে আৰু যোৱা কেইটামান বছৰত চিতাবাঘৰ সংখ্যাও প্ৰায় ৬০ শতাংশ বৃদ্ধি পাইছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, স্বচ্ছ আৰু কুশল শক্তি প্ৰণালী, স্থিতিস্থাপক নগৰীয়া আন্তঃগাঁথনি আৰু পৰিকল্পিত পৰিবেশ-পুনৰুদ্ধাৰ হৈছে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ এটা অতিশয় গুৰুত্বপূৰ্ণ অংশ। তেখেতে কয়, পৰিবেশ সম্পৰ্কীয় সকলো প্ৰচেষ্টা গ্ৰহণৰ পৰিপ্ৰেক্ষিতত, দেশখনত নতুন বিনিয়োগৰ সুযোগ সৃষ্টি হৈছে, লাখ-লাখ যুৱক-যুৱতীয়ে নিয়োগো লাভ কৰিছে। তেখেতে কয়, বায়ু প্ৰদূষণ ৰোধৰ অৰ্থে ভাৰতে নেশ্যনেল ক্লীন এয়াৰ প্লেনৰ জৰিয়তে এটা সমগ্ৰ দৃষ্টিকোণেৰে কাম কৰি আছে। তেখেতে কয়, জলমাৰ্গ আৰু মাল্টিমডেল যোগাযোগৰ কামে কেৱল সেউজ পৰিবহণৰ মিছনকে সুদৃঢ় নকৰে, বৰঞ্চ দেশখনৰ লজিষ্টিক কুশলতাৰ অগ্ৰগতি সাধন কৰিব। আজি, দেশখনত মেট্ৰ’ ৰেলৰ সেৱা ৫ চহৰৰপৰা ১৮ চহৰলৈ বৃদ্ধি কৰা হৈছে যিয়ে ব্যক্তিগত বাহনৰ ব্যৱহাৰ হ্ৰাসত সহায় কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি, দেশখনৰ ৰেলৱে নেটৱৰ্কৰ এক বৃহৎ অংশৰ বৈদ্যুতীকৰণ হৈছে। দেশখনৰ বিমানবন্দৰসমূহতো তীব্ৰ গতিৰে সৌৰ শক্তিৰপৰা বিদ্যুতৰ ব্যৱহাৰ কৰা হৈছে। তেখেতে উল্লেখ কৰে যে ২০১৪ ৰ পূৰ্বে, মাত্ৰ ৭ টা বিমানবন্দৰত সৌৰ শক্তিৰ ব্যৱস্থা আছিল, ইয়াৰ বিপৰীতে আজি এই সংখ্যা ৫০ ৰোধিকলৈ বৃদ্ধি পাইছে। ৮০ টাৰো অধিক বিমানবন্দৰত এলইডি লাইট সংস্থাপিত কৰা হৈছে যিয়ে শক্তিৰ কুশলতা বৃদ্ধি কৰিব।
প্ৰধানমন্ত্ৰীগৰাকীয়ে ইলেকট্ৰিক বাহনৰ চহৰ হিচাপে কেভাদিয়াক গঢ়ি তুলিবলৈ অব্যাহত থকা প্ৰকল্প সন্দৰ্ভত কয়। তেখেতে কয়, ইয়াত যাৱতীয় আন্তঃগাঁথনি গঢ়ি তোলা হৈছে যাতে ভৱিষ্যতে কেভাদিয়াত কেৱল বেটাৰী চালিত বাছ, দু-চকীয়া বাহন, চাৰি-চকীয়া বাহন চলিব পাৰিব। তেখেতে কয়, ৱাটাৰ চাইকলৰে জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যক্ষ সম্পৰ্ক আছে আৰু ৱাটাৰ চাইকলৰ ভাৰসাম্যহীনতাই জল সুৰক্ষাত পোনপটীয়াভাৱে প্ৰভাৱ বিস্তাৰ কৰিব। তেখেতে কয় যে জল জীৱন অভিযানৰ জৰিয়তে দেশখনৰ জল সম্পদসমূহ ব্যৱহাৰৰ অৰ্থে সৃষ্টি আৰু সুৰক্ষাৰ সমগ্ৰ দৃষ্টিকোণেৰে কাম সম্পন্ন কৰা হৈছে। এহাতেদি, সকলো গৃহস্থীক পাইপেৰে সংযোজিত কৰাৰ বিপৰীতে অন্যহাতেদি, অটল ভূজল যোজনা আৰু বৰষুণৰ পানী ধৰাৰ দৰে অভিযানৰ জৰিয়তে ভূ জলৰ স্তৰ বৃদ্ধিত গুৰুত্ব আৰোপ কৰা হৈছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে চৰকাৰখনে এনে ১১ টা খণ্ড চিনাক্ত কৰি উলিয়াইছে যিয়ে সম্পদসমূহক আধুনিক প্ৰযুক্তিৰ দ্বাৰা ৰিচাইক্লিঙৰ জৰিয়তে ইয়াৰ সু ব্যৱহাৰ কৰিব পাৰে। তেখেতে গুৰুত্ব আৰোপ কৰি কয় যে জলবায়ু সুৰক্ষিত কৰিবলৈ, পৰিবেশ সুৰক্ষিত কৰিবলৈ আমাৰ প্ৰচেষ্টা সংগঠিত কৰাটো অতিশয় গুৰুত্বপূৰ্ণ। তেখেতে আহ্বান জনাই কয় যে আমি আহি থকা প্ৰজন্মসমূহক তেতিয়াহে এটা সুৰক্ষিত পৰিবেশ প্ৰদান কৰিবলৈ সক্ষম হ’ম, যেতিয়া দেশখনৰ প্ৰতিজন নাগৰিকে পানী, বায়ু আৰু মাটিৰ সন্তুলন বৰ্তাই ৰাখিবলৈ সমন্বিত প্ৰচেষ্টা গ্ৰহণ কৰিব।
***
Addressing a programme on #WorldEnvironmentDay. #IndiasGreenFuture https://t.co/4S0pEuKcVx
— Narendra Modi (@narendramodi) June 5, 2021
आज विश्व पर्यावरण दिवस के अवसर पर, भारत ने एक और बड़ा कदम उठाया है।
— PMO India (@PMOIndia) June 5, 2021
इथेनॉल सेक्टर के विकास के लिए एक विस्तृत रोडमैप अभी जारी हुआ है।
देशभर में इथेनॉल के उत्पादन और वितरण से जुड़ा महत्वाकांक्षी E-100 पायलट प्रोजेक्ट भी पुणे में लॉन्च किया गया है: PM @narendramodi
अब इथेनॉल, 21वीं सदी के भारत की बड़ी प्राथमिकताओं से जुड़ गया है।
— PMO India (@PMOIndia) June 5, 2021
इथेनॉल पर फोकस से पर्यावरण के साथ ही एक बेहतर प्रभाव किसानों के जीवन पर भी पड़ रहा है।
आज हमने पेट्रोल में 20 प्रतिशत इथेनॉल ब्लेंडिंग के लक्ष्य को 2025 तक पूरा करने का संकल्प लिया है: PM @narendramodi
21वीं सदी के भारत को, 21वीं सदी की आधुनिक सोच, आधुनिक नीतियों से ही ऊर्जा मिलेगी।
— PMO India (@PMOIndia) June 5, 2021
इसी सोच के साथ हमारी सरकार हर क्षेत्र में निरंतर नीतिगत निर्णय ले रही है: PM @narendramodi
One Sun, One World, One Grid के विजन को साकार करने वाला International Solar Alliance हो,
— PMO India (@PMOIndia) June 5, 2021
या फिर Coalition for Disaster Resilient Infrastructure की पहल हो,
भारत एक बड़े वैश्विक विजन के साथ आगे बढ़ रहा है: PM @narendramodi
क्लाइमेट चेंज की वजह से जो चुनौतियां सामने आ रही हैं, भारत उनके प्रति जागरूक भी है और सक्रियता से काम भी कर रहा है: PM @narendramodi
— PMO India (@PMOIndia) June 5, 2021
6-7 साल में Renewable Energy की हमारी capacity में 250 प्रतिशत से अधिक की बढ़ोतरी हुई है।
— PMO India (@PMOIndia) June 5, 2021
Installed रिन्यूएबल एनर्जी Capacity के मामले में भारत आज दुनिया के टॉप-5 देशों में है।
इसमें भी सौर ऊर्जा की capacity को बीते 6 साल में लगभग 15 गुणा बढ़ाया है: PM @narendramodi
आज भारत, दुनिया के सामने एक उदाहरण प्रस्तुत कर रहा है कि जब पर्यावरण की रक्षा की बात हो, तो जरूरी नहीं कि ऐसा करते हुए विकास के कार्यों को भी अवरुद्ध किया जाए।
— PMO India (@PMOIndia) June 5, 2021
Economy और Ecology दोनों एक साथ चल सकती हैं, आगे बढ़ सकती हैं, भारत ने यही रास्ता चुना है: PM @narendramodi
आज देश के रेलवे नेटवर्क के एक बड़े हिस्से का बिजलीकरण किया जा चुका है।
— PMO India (@PMOIndia) June 5, 2021
देश के एयरपोर्ट्स को भी तेज़ी से सोलर पावर आधारित बनाया जा रहा है।
2014 से पहले तक सिर्फ 7 एयरपोर्ट्स में सोलर पावर की सुविधा थी, जबकि आज ये संख्या 50 से ज्यादा हो चुकी है: PM @narendramodi
जलवायु की रक्षा के लिए, पर्यावरण की रक्षा के लिए हमारे प्रयासों का संगठित होना बहुत ज़रूरी है।
— PMO India (@PMOIndia) June 5, 2021
देश का एक-एक नागरिक जब जल-वायु और ज़मीन के संतुलन को साधने के लिए एकजुट होकर प्रयास करेगा, तभी हम अपनी आने वाली पीढ़ियों को एक सुरक्षित पर्यावरण दे पाएंगे: PM @narendramodi
पुणे के बालू नाथू वाघमारे जी ने बताया कि किस प्रकार जैविक खाद में किसानों की दिलचस्पी काफी बढ़ गई है। इतना ही नहीं इसके उपयोग से खर्च में भी कमी आई है। #IndiasGreenFuture pic.twitter.com/b8HrlAqMUH
— Narendra Modi (@narendramodi) June 5, 2021
आणंद के अमित कुमार प्रजापति जी को बायोगैस प्लांट से कई प्रकार के लाभ हुए हैं। स्वच्छता भी और कमाई भी…#IndiasGreenFuture pic.twitter.com/8Ly0ZyLyHr
— Narendra Modi (@narendramodi) June 5, 2021
हरदोई के अरविंद कुमार जी ने बताया कि वैज्ञानिक विधि से खेती करने से न केवल गन्ने का उत्पादन तीन गुना बढ़ा है, बल्कि इथेनॉल का प्लांट लगाने से उनका जीवन भी काफी सहज हुआ है। #IndiasGreenFuture pic.twitter.com/R2ssfQJH9H
— Narendra Modi (@narendramodi) June 5, 2021
आज से 7-8 साल पहले देश में इथेनॉल की कभी उतनी चर्चा नहीं होती थी। लेकिन अब इथेनॉल 21वीं सदी के भारत की बड़ी प्राथमिकताओं से जुड़ गया है।
— Narendra Modi (@narendramodi) June 5, 2021
इथेनॉल पर फोकस से पर्यावरण के साथ ही इसका बेहतर प्रभाव किसानों के जीवन पर भी पड़ रहा है। #IndiasGreenFuture pic.twitter.com/qsOTq7ggyp
जलवायु परिवर्तन के खतरे से निपटने के लिए जो वैश्विक प्रयास चल रहे हैं, उनमें भारत एक नई रोशनी बनकर उभरा है।
— Narendra Modi (@narendramodi) June 5, 2021
जिस भारत को दुनिया कभी चुनौती के रूप में देखती थी, आज वही भारत Climate Justice का अगुआ बनकर उभर रहा है, एक विकराल संकट के विरुद्ध बड़ी ताकत बन रहा है। #IndiasGreenFuture pic.twitter.com/lhTnI9C8Sd
विकास और पर्यावरण में संतुलन हमारी पुरातन परंपरा का एक अहम हिस्सा है, जिसे हम आत्मनिर्भर भारत की भी ताकत बना रहे हैं। #IndiasGreenFuture pic.twitter.com/AY7u55aV00
— Narendra Modi (@narendramodi) June 5, 2021