Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘শ্ৰীমদ্ ভাগৱত গীতা’ৰ শ্লোক সন্দৰ্ভত প্ৰণিত পাণ্ডুলিপি উন্মোচন কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পা

‘শ্ৰীমদ্ ভাগৱত গীতা’ৰ শ্লোক সন্দৰ্ভত প্ৰণিত পাণ্ডুলিপি উন্মোচন কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পা


কাৰ্যক্ৰমত মোৰ সৈতে উপস্থিত থকা কাশ্মীৰৰ উপ ৰাজ্যপাল শ্ৰীমান মনোজ সিন্হা জী, ‘ধৰ্মাৰ্থ ন্যাস’ৰ অধ্যক্ষ ন্যাসৰক্ষী ড০ কৰণ সিংহ জী, কাৰ্যক্ৰমত উপস্থিত থকা মহানুভৱ, আইসকল আৰু সজ্জনসকল,

আজি আমি ‘শ্ৰীমদ্ ভাগৱত গীতা’ৰ ২০টা ব্যাখ্যাৰ একেলগে সংকলিত ১১টা সংস্কৰণ উন্মোচন কৰাৰ ব্যৱস্থা কৰিছো। মই এই পূণ্য কৰ্যৰ বাবে প্ৰয়াস কৰা সকলো বিদ্বান, এই কাৰ্যৰে জড়িত প্ৰতিগৰাকী ব্যক্তি আৰু তেওঁলোকৰ প্ৰতিটো প্ৰয়াসক কৰযোৰে প্ৰণিপাত জনাইছো। তেওঁলোক আটাইকে অভিনন্দন জনাইছো। আমাৰ জ্ঞানৰ ইমান বৃহত্ কোষক আজিৰ প্ৰজন্মৰ লগতে আগন্তুক সময়ত আহিবলগীয়া প্ৰজন্মসমূহৰ বাবে সুলভ কৰি তোলাৰ এক খুবেই মহান কাম সম্পন্ন কৰা হ’ল। মই ড০ কৰণ সিংহ জীকো বিশেষ ভাবে অভিনন্দন জনাইছো, তেখেতৰ মাৰ্গ-দৰ্শনতে এই কাৰ্য সম্পাদিত হৈছে। তেখেতক লগ পালেই যেন জ্ঞান আৰু সংস্কৃতিৰ ধাৰা অবিৰত প্ৰবাহিত হোৱা যেন অনুভৱ কৰো। এয়া নিশ্চয় বিৰল অনুভৱ। আৰু, আজি কৰণ সিংহ জীৰ শুভ জন্মদিনো হোৱা বাবে দিনটোৱে বিশেষ মহত্ব লাভ কৰিছে বুলিয়ে অনুভৱ কৰিছো। যেন ৯০বছৰ জোৰা এয়া এক সাংস্কৃতিক যাত্ৰাহে! মই তেখেতক অন্তৰৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো। মই আপোনাৰ দীৰ্ঘজীৱন, সু-স্বাস্থ্যও কামনা কৰিছো। ড০ কৰণ সিংহ জীয়ে ভাৰতীয় দৰ্শনৰ বাবে যিখিনি কৰিছে, এই পবিত্ৰ কামৰ বাবে যেনেদৰে নিজৰ জীৱন সমৰ্পিত কৰিছে, ভাৰতৰ শিক্ষা জগতত তাৰ প্ৰকাশ আৰু প্ৰভাৱ স্পষ্ট ভাবেই প্ৰত্যক্ষ কৰিব পাৰি। আপোনাৰ এই প্ৰয়াসে জম্মু-কাশ্মীৰৰ সেই পৰিচিতিকো পুনৰুজ্জীৱিত কৰিছে, যিয়ে বহু শতাব্দী ধৰি ভাৰতীয় চিন্তা-পৰম্পৰাক নেতৃত্ব প্ৰদান কৰি আহিছে। কাশ্মীৰৰ ভট্ট ভাস্কৰ, অভিনৱ গুপ্ত, আনন্দবৰ্দ্ধন, অগণিত বিদ্বান, যিয়ে গীতাৰ ৰহস্যসমূহক আমাৰ বাবে উন্মোচিত কৰাৰ দিহা কৰিছে। আজি সেই মহান পৰম্পৰা আকৌ এবাৰলৈ, দেশৰ সংস্কৃতিক সমৃদ্ধ কৰিবলৈ সাজু হৈ উঠিছে। এয়া কাশ্মীৰৰ লগতে সমগ্ৰ দেশৰ বাবেও গৌৰৱৰ বিষয়।

বন্ধুসকল,

কোনো এক গ্ৰন্থৰ প্ৰতিটো শ্লোকৰ এয়া বেলেগ বেলেগ ব্যাখ্যা, ইমান সংখ্যক মনিষীৰ অভিব্যক্তি, এয়া গীতাৰ সেই অটল গভীৰতৰে প্ৰতীক, যাৰ সন্ধান কৰি সহস্ৰ বিদ্বানে সমগ্ৰ জীৱনেই পাত কৰি আহিছে। এয়া ভাৰতৰ সেই বৈচাৰিক স্বতন্ত্ৰতা আৰু সহিষ্ণুতাৰো প্ৰতীক, যি প্ৰতিগৰাকী ব্যক্তিক নিজৰ দৃষ্টিকোণ, নিজৰ বিচাৰ প্ৰকট কৰিবলৈ অনপ্ৰাণিত কৰি আহিছে। কৰোবাৰ বাবে গীতা জ্ঞানৰ গ্ৰন্থ, কৰোবাৰ বাবে সাংখ্য সম্বন্ধীয় শাস্ত্ৰ, কাৰোবাৰ বাবে যদি যোগ সূত্ৰ, তেন্তে আন কাৰোবাৰ বাবে আক’ কৰ্মৰ পাঠ। মই যেতিয়াই গীতাৰ পাত লুটিয়াও তেতিয়া ই মোৰ বাবে সেই বিশ্বৰূপৰ সমানেই হৈ উঠে, যাৰ দৰ্শন আমি একাদশ অধ্যায়ত কৰিব পাৰো-‘মম দেহে গুডাকেশ য়চ্ছ অন্যত্ দ্ৰষ্টুম ইচ্ছসি’। অৰ্থা্ত্, মোলৈ যিয়েই চাব খোজা চাব পাৰা। সকলো বিচাৰ, সকলো শক্তিৰে দৰ্শন কৰিব পাৰা।

বন্ধুসকল,

গীতাৰ বিশ্বৰূপে মহাভাৰতৰ সময়ৰ পৰা স্বাধীনতা সংগ্ৰাম পৰ্যন্ত, সময়ৰ প্ৰতিটো অন্তৰালতে আমাৰ ৰাষ্ট্ৰক পথ প্ৰদৰ্শন কৰি আহিছে। চাওকচোন, ভাৰতক একতাৰ ডোলেৰে বান্ধিব খোজা আদি শংকৰাচাৰ্যই গীতাক আধ্যাত্মিক চেতনাৰ ৰূপত গ্ৰহণ কৰিছিল। গীতাক ৰামানুজাচাৰ্যৰ দৰে সন্তসকলে আধ্যাত্মিক জ্ঞানৰ অভিব্যক্তি হিচাপে গণ্য কৰিছিল। স্বামী বিবেকানন্দ জীৰ বাবে অটুট কৰ্মনিষ্ঠা আৰু অদম্য কৰ্মনিষ্ঠাৰ স্ৰোত আছিল। গীতা শ্ৰী অৰবিন্দৰ বাবে জ্ঞান আৰু মানৱতাৰ সাক্ষাত অৱতাৰ আছিল। গীতা মহাত্মা গান্ধীৰ কঠিনৰো কঠিন সময়ছোৱাত পথ প্ৰদৰ্শক আছিল। গীতা নেতাজী সুভাষ চন্দ্ৰ বসুৰ বাবে ৰাষ্ট্ৰভক্তি আৰু পৰাক্ৰমৰ প্ৰেৰণা আছিল। সেয়া গীতাই আছিল, যাক বাল গংগাধৰ তিলকে ব্যাখ্যা কৰিছিল আৰু স্বাধীনতা যুঁজক এক নতুন শক্তি প্ৰদান কৰিছিল, এক নতুন ইন্ধন দিছিল। মই ভাবো এই তালিকা ইমনেই দীঘল হ’ব যে বহুকেইটা ঘণ্টাও ইয়াৰ বাবে কমহে হ’বগৈ। আজি যেতিয়া স্বাধীনতাৰ ৭৫বছৰীয়া জয়ন্তী উদযাপন কৰিবলৈ গৈ আছো, আমি গীতাৰ এইটো পক্ষকো দেশৰ সন্মুখত উথ্থাপন কৰা প্ৰায়াস কৰা উচিত। গীতাই কেনেকৈ আমাৰ স্বাধীনতা সংগ্ৰামক শক্তি প্ৰদান কৰিছিল, কেনেকৈ আমাৰ স্বাধীনতা সংগ্ৰামীসকলক দেশৰ বাবে নিজৰ সৰ্বস্ব বলিদান দিয়াৰ বাবে অনুপ্ৰাণিত কৰিছিল, সাহস দিছিল, কেনেকৈ গীতাই দেশৰ একতাক আধ্যাত্মিক সূত্ৰৰে বান্ধি ৰাখিছে, এই সকলো প্ৰসংগত আমি অনুসন্ধান কৰি, লিখা-মেলা কৰি আমাৰ যুৱ প্ৰজন্মক ইয়াৰ সৈতে পৰিচিত কৰাৰ ব্যৱস্থা কৰো আহক।

বন্ধুসকল,

গীতাতো ভাৰতৰ একতা, সমত্বৰ ভাৱনাৰ মূল পাঠ, কিয়নো গীতাই কয়-‘সমম্ সৰ্ৱেষু ভুতেষু তিষ্ঠন্তম্ পৰমেশ্বৰম্’। অৰ্থাত্, ‘প্ৰাণী মাত্ৰেই ঈশ্বৰৰ নিবাস। নৰেই নাৰায়ণ’। গীতা আমাৰ জ্ঞান আৰু অন্বেষণৰ প্ৰবৃত্তিৰ প্ৰতীক, কিয়নো গীতাই কয়-‘ন হি জ্ঞানেন সদৃশম্ পবিত্ৰম্ ইহ বদ্যতে’। অৰ্থাত্, ‘জ্ঞানতকৈ পবিত্ৰ আন একোৱেই হ’ব নোৱাৰে’। গীতা ভাৰতৰ বৈজ্ঞানিক চিন্তনৰ, ‘ছায়েণ্টিফিক টেম্পেৰামেণ্ট’ৰো শক্তিস্ৰোত, কিয়নো গীতাত কোৱা হৈছে-‘জ্ঞানম্ বিজ্ঞানম্ সহিতম্ য়তজ্ঞাত্বা মোক্ষ্যছে অসুভাত্’। অৰ্থাত্, ‘জ্ঞান আৰু বিজ্ঞান যেতিয়া একেলগ হয়, তেতিয়াই সমস্যাৰ, দুখৰ সমাধান হয়’। গীতা শতাব্দীৰ পিচত শতাব্দী ধৰি ভাৰতৰ কৰ্মনিষ্ঠাৰ প্ৰতীক হৈ আহিছে, কিয়নো গীতাই কয়-‘যোগঃ কৰ্মসু কৌশলম্’। অৰ্থাত্, ‘নিজৰ কৰ্তব্যক কুশলতাপূৰ্বক সমাপণ কৰাই যোগ’।

বন্ধুসকল,

গীতা এনে এখন আধ্যাত্মিক গ্ৰন্থ যিয়ে এয়াও ক’বলৈ সাহস কৰিছিল যে-‘ন অনৱাপ্তম্ অৱাপ্তম্ ৱৰ্ত এৱ চ কৰ্মণি’। অৰ্থাত্, ‘সকলো লাভ-লোকচান আৰু ইচ্ছাৰ পৰা মুক্ত ঈশ্বৰেও কোনো কাম নকৰাকৈ থাকিব নোৱাৰে’। সেয়ে, গীতাই সম্পূৰ্ণ ব্যৱহাৰিকতাৰে এই কথা কয় যে, কোনো ব্যক্তিয়েই কাম নকৰাকৈ থাকিব নোৱাৰে। আমি কামৰ পৰা মুক্ত হ’ব নোৱাৰো। এতিয়া আমি আমাৰ কাম কোন দিশে আগুৱাই নিম, কেনে স্বৰূপ প্ৰদান কৰিম সেয়া নিশ্চিত কৰাতো আমাৰ দায়িত্ব। গীতাই আমাক পথহে দেখুৱাই দিয়ে, আমাৰ ওপৰত হেঁচা প্ৰয়োগ নকৰে। গীতাই অৰ্জুনকো কোনো আদেশ দিয়া নাছিল আৰু এতিয়া ড০ চাহাবেও কৈছিল, গীতাই কোনো উপদেশ নিদিয়ে। শ্ৰীকৃষ্ণই সম্পূৰ্ণ গীতাৰ উপদেশৰ পিচত অন্তিম অধ্যায়ত অৰ্জুনক এই কথাই কৈছিল, অৰ্থাত্, সকলো খিনি কৰাৰ পিচত, যিমান জোৰ দিব লাগে ঠিকেই দিলে, কিন্তু শেহত কি ক’লে-‘যথা ইচ্ছসি তথা কুৰু’। অৰ্থাত্, ‘মই যি ক’ব লাগে ক’লো, এতিয়া তুমি যি ভাল দেখা তাকে কৰা’। ইয়াতকৈ ‘লিবাৰেল থিংকাৰ’ বাৰু আন কোনোবা হ’ব পাৰিবনে! কৰ্ম আৰু দৰ্শনৰ এই স্বতন্ত্ৰতাই ভাৰতৰ গণতন্ত্ৰৰ প্ৰকৃত পৰিচয় বহণ কৰি আহিছে। আমাৰ গণতন্ত্ৰই আমাক চিন্তাৰ স্বাধীনতা দিয়ে, কামৰ স্বাধীনতা দিয়ে, নিজৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰত সমান অধিকাৰ প্ৰদান কৰে। আমি এই স্বাধীনতা সেইসমূহ গণতান্ত্ৰিক সংস্থাৰ পৰা লাভ কৰো, যি আমাৰ সংবিধানৰ সংৰক্ষক হয়। সেয়ে, যেতিয়াই আমি আমাৰ অধিকাৰৰ কথা কও, আমি গণতান্ত্ৰিক কৰ্তব্যকো মনত ৰখা উচিত। আজিকালি কিছুসংখ্যক লোকে এই সাংবিধানিক সংস্থাসমূহক, এনেবোৰ সংস্থাৰ বিশেষনীয়তাক আঘাত কৰাৰ অপচেষ্টা চলাবলৈ চল থাকে। আমাৰ সংসদ, ন্যায়পালিকা, আনকি সেনা বাহিনীও তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থত আক্ৰমণৰ বলি হ’বলগীয়া হয়। এনে প্ৰবৃত্তিয়ে দেশৰ বহুত লোকচান কৰি আহিছে। সন্তোষৰ কথা এয়ে যে এইসকল লোকে দেশৰ মুখ্যধাৰাক প্ৰতিনিধিত্ব নকৰে। দেশেতো আজি নিজৰ কৰ্তব্যকে সংকল্প বুলি গ্ৰহণ কৰি আগুৱাই যোৱাৰ প্ৰয়াস কৰিছে। গীতাৰ কৰ্মযোগক নিজৰ মন্ত্ৰ বুলি গ্ৰহণ কৰি দেশে আজি গাঁও-দুখীয়া, কৃষক-শ্ৰমিক, দলিত-পিচপৰা সমাজৰ প্ৰতিগৰাকী বঞ্চিত ব্যক্তিক সেৱা কৰাৰ বাবে, তেওঁলোকৰ জীৱন সলনি কৰাৰ বাবে প্ৰয়াস কৰি আহিছে।

বন্ধুসকল,

গীতাৰ মাধ্যেমেৰে ভাৰতে দেশ আৰু সময়ৰ সীমাৰ বাহিৰলৈ ওলাই সমগ্ৰ মানৱতাৰে সেৱা কৰিছে। গীতা এনে এখন গ্ৰন্থ যি সমগ্ৰ বিশ্বৰ বাবেই হয়, সকলো জীৱৰ বাবেই হয়। পৃথিৱীৰ কিমান ভাষালৈ ইয়াৰ অনুবাদ হৈছে, কিমান যে দেশত ইয়াৰ গৱেষণা চলিছে, বিশ্বৰ কিমান বিদ্বানে ইয়াৰ সমীক্ষা কৰিছে। এয়া গীতাই হয়, যিয়ে পৃথিৱীক নিঃস্বাৰ্থ সেৱাৰ দৰে ভাৰতৰ আদৰ্শৰে পৰিচিত কৰাইছে। ভাৰতৰ নিঃস্বাৰ্থ সেৱা, বিশ্ব বন্ধুত্বৰ আমাৰ ভাৱনা, এয়া বহুতৰ বাবে কোনো আশ্চৰ্যতকৈ কম নহয়।

আপোনালোকে চাওকচোন,

ক’ৰোনাৰ দৰে মহামাৰীয়ে পৃথিৱীৰ সন্মুখত দেখা দিলেহি, সেই সময়ত সমগ্ৰ বিশ্বই এই সংকটৰ বিষয়ে অজানা আছিল, এক ‘আননৌন ইনেমী’ আছিল ই। পৃথিৱী এনে সংকটৰ বাবে সাজু নাছিল, মানৱ সমাজ ইয়াৰ বাবে সাজু নাছিল আৰু এই স্থিতি ভাৰতৰ বাবেও একেই আছিল। পিচে, ভাৰতে নিজকেতো চম্ভালি ল’লেই, আৰু বিশ্বক সেৱা কৰাৰ বাবে যিখিনি পাৰে, সেই ক্ষেত্ৰত পিচ ভৰি দিয়া নাছিল। পৃথিৱীৰ দেশে দেশে ঔষধ যোগান ধৰিছিল, প্ৰয়োজনীয় সা-সামগ্ৰীৰ যোগান ধৰিছিল। আজি পৃথিৱীৰ এনে বহু দেশ আছে যাৰ প্ৰতিষেধক বিকশিত কৰাৰ সাধন-সংসাধন-সামৰ্থ্য নাই তেনে বহু দেশলৈ কোনো ধৰা-বন্ধা নোহোৱাকৈ, সম্পূৰ্ণ নিঃচৰ্তভাবে প্ৰতিষেধক যোগান ধৰিছে ভাৰতে। সেইবোৰ দেশৰ নাগৰিকৰ বাবে এয়া সঁচাকৈয়ে আনন্দৰে আশ্চৰ্যচকিত হ’বলগীয়া কথাতকৈ কম কথা হোৱা নাই। তেওঁলোকে সঁচাকৈ অনন্য পুলক অনুভৱ কৰিছে।

বন্ধুসকল,

সেইদৰে পৃথিৱীৰ বিভিন্ন দেশত আবদ্ধ হৈ থকা ভাৰতীয়সকলৰ লগতে অন্য দেশৰ নাগৰিকসকলকো সুৰক্ষিত ভাবে উলিয়াই আনি নিজ নিজ দেশত উপস্থিত কৰোৱাৰ ক্ষেত্ৰতো ভাৰতে বিশেষ ভূমিকা পালন কৰিছিল। এইক্ষেত্ৰত ভাৰতে কিন্তু কোনোধৰণৰ লাভ-লোকচানৰ হিচাপ-নিকাচ কৰা নাছিল। মানৱ সেৱাৰ ধৰ্ম মানি ভাৰতে এই কৰ্তব্য পালন কৰিছিল। যেতিয়া পৃথিৱীৰ মানুহে, বিশ্বৰ নেতাসকলে ইয়াক ভাৰতৰ দ্বাৰা কৰা সহায় বুলি অভিহিত কৰে, ভাৰতৰ হৈ মোলৈ ধন্যবাদ জ্ঞাপন কৰে, তেতিয়া মই কও যে এয়া ভাৰতৰ বাবে সহায় নহয়, এয়া আমাৰ সংস্কাৰহে। ভাৰতৰ দৃষ্টিত এয়া মহানতা নহয়, এয়া মানৱতাহে। ভাৰতে সহ্স্ৰ বছৰ ধৰি এই নিষ্কাম ভাৱৰেই মনৱ জাতিৰ সেৱা কৰি আহিছে, এই মৰ্ম পৃথিৱীয়ে তেতিয়াহে বুজি পাই যেতিয়া তেওঁলোকে গীতাৰ পৃষ্ঠা মোকলাই লয়। আমাকতো গীতাই পদে পদে ইয়াকে শিকাই আহিছে-‘কৰ্মণি এৱ অধিকাৰঃ তে মা ফলেষু কদাছন’। অৰ্থাত্, ‘পৰিণামৰ কথা চিন্তা নকৰি নিষ্কাম ভাৱৰে কাম কৰি যোৱা’। গীতাই আমাক কয়-‘যুক্তঃ কৰ্ম ফল ত্যক্ত্বা শান্তিম্ আপ্ৰোতিনৈষ্ঠিকীম্’। অৰ্থাত্, ‘ফল বা লাভৰ চিন্তা নকৰাকৈ কামক কৰ্তব্য বুলি ভাবি, সেৱা ভাৱৰে কাম কৰিলেহে অন্তৰত শান্তি পোৱা যায়। এয়াইহে পৰম সুখ, আটাইতকৈ ডাঙৰ পুৰস্কাৰ’।

বন্ধুসকল,

ভগৱান কৃষ্ণই গীতাত তামসিক, ৰাজসিক আৰু সাত্বিক এই তিনি প্ৰকাৰৰ প্ৰবৃত্তিৰ বৰ্ণনা কৰিছে। আপোনালোক একপ্ৰকাৰ গীতাৰে জড়িত, গীতাজ্ঞানৰে পৰিপক্ক লোক মোৰ সন্মুখত উপবিষ্ট হৈ আছে। আপোনালোকে সকলোৱেই জানে যে গীতাৰ ১৭সংখ্যক অধ্যায়ত এই সন্দৰ্ভত বহুকেইটা শ্লোক আছে আৰু মোৰ অনুভৱৰ হিচাপত আমি যদি সৰল ভাবে এই তামসিক, ৰাজসিক আৰু সাত্বিক প্ৰবৃত্তি সন্দৰ্ভত বহলাই কও তেন্তে, সকলোৰে ওচৰত যিয়েই নাথাকক কিয় সেয়াই মোৰ হৈ যাওক, আমাৰ হৈ যাওক, এয়া তামসিক প্ৰবৃত্তি। ইয়াৰ বাবেই পৃথিৱীত যুদ্ধ হয়, অশান্তি হয়, ষড়যন্ত্ৰ হয়। যি মোৰ, সেয়া মোৰ হৈ থাকক। যিবোৰ আন কোনোবাৰ সেয়া তেওঁৰ, তেওঁ তাৰেই জীৱন নিৰ্বাহ কৰক। এয়া ৰজসিক অৰ্থাত্ সাধাৰণ বুনিয়াদী চিন্তা। কিন্তু, যিবোৰ মোৰ সেয়া সিমানেই আনৰো হয়, মোৰ সকলোখিনিয়েই সকলো মানুহৰ বাবেই বুলি ভবাটো সাত্বিক প্ৰবৃত্তি। এই সাত্বিক প্ৰকৃতিৰেই ভাৰতে সদায়ে নিজৰ মানৱীয় প্ৰমূল্যৰ আকাৰ দিছে, সমাজৰ মাপদণ্ড নিৰ্দ্ধাৰণ কৰিছে। আমাৰ দেশত পৰিয়ালসমূহতো শিশুসকলক সকলোৰে আগতে এই কথাই শিকোৱা হয়, কিবা এটা পালেই প্ৰথমে সকলোকে দিবা, তাৰ পিচতহে নিজলৈ ৰাখিবা। মই মোৰ কৰা নহয়, বৰং সকলোৰে সৈতে মিলিজুলিহে আগবঢ়াৰ কথা চিন্তা কৰা হয়। এই সংস্কাৰৰ কৰাণেই ভাৰতে কেতিয়াও নিজৰ পুঁজিক, নিজৰ জ্ঞানক, নিজৰ আৱিষ্কাৰসমূহক কেৱল আৰ্থিক আধাৰ হিচাপে বিবেচনা কৰা নাই। আমাৰ গণিতৰ জ্ঞানেই হওক, বস্ত্ৰশিল্পই হওক, ধাতু-কৰ্মৰ দৰে বিভিন্ন প্ৰকাৰৰ বাণিজ্যিক অভিজ্ঞতাই হওক, অথবা আয়ুৰ্বেদিক বিজ্ঞানেই হওক আমি এই সকলোকে মানৱতাৰ পুঁজি বুলিহে গণ্য কৰি আহিছো। আয়ুৰ্বেদৰ বিজ্ঞানেতো সেই যুগৰ পৰাই মানৱতাৰ সেৱা কৰিয়েই আহিছে, যেতিয়া আধুনিক চিকিত্সা বিজ্ঞান এই ৰূপত নাছিল। আজিও, যি মুহূৰ্তত পৃথিৱীয়ে পুনৰবাৰ ‘হাৰ্বেল’ আৰু ‘নেশ্যাৰেল’ৰ কথা পাতিবলৈ লৈছে, চিকিত্সাৰ আগতে প্ৰতিকাৰত গুৰুত্ব আৰোপ কৰিবলৈ লৈছে, আজি যেতিয়া আয়ুৰ্বেদ সংক্ৰান্তত বেলেগ বেলেগ দেশত অন্বেষণ হ’বলৈ ধৰিছে, ভাৰতে তেনে কৰ্ম-কাণ্ডক উত্সাহিত কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে, নিজৰ সহযোগিতাও দি আছে। অতীততো, আমাৰ প্ৰাচীন বিশ্ববিদ্যালয়সমূহলৈ বিদেশী ছাত্ৰ আহিছিল, বিদেশী যাত্ৰী আহিছিল, তেওঁলোক আটাইকে আমি নিজৰ জ্ঞান-বিজ্ঞান সম্পূৰ্ণ উদাৰতাৰে প্ৰদান কৰিছিলো। আমি যিমান প্ৰগতি কৰিছো, সিমানেই সকলো মানৱৰ প্ৰগতিৰ বাবেও আমি প্ৰয়াস কৰি আহিছো।

বন্ধুসকল,

আমাৰ এই সংস্কাৰ, আমাৰ এই ইতিহাস আজি ‘আত্মনিৰ্ভৰ ভাৰত’ৰ সংকল্পৰ ৰূপত আকৌ এবাৰ জাগ্ৰত হৈছে। আজি আকৌ এবাৰ ভাৰতে নিজৰ সামৰ্থ্যক উজ্জীৱিত কৰিবলৈ ধৰিছে যাতে সমগ্ৰ পৃথিৱীৰ প্ৰগতিক গতি দিবগৈ পাৰে, মানৱতাৰ প্ৰতি আৰু অধিক সেৱা আগবঢ়াব পাৰে। শেহতীয়া মাহচেৰেকত পৃথিৱীয়ে ভাৰতৰ যিধৰণৰ যোগদান দেখিছে, ‘আত্মনিৰ্ভৰ ভাৰত’ত সেই যোগদান আৰু অধিক ব্যাপক ৰূপত পৃথিৱীৰ কামত আহিব। এই লক্ষ্যকে পূৰা কৰিবলৈ আজি দেশক গীতাৰ কৰ্মযোগৰ প্ৰয়োজন হৈছে। শতাব্দি জোৰা অন্ধকাৰৰ পৰা মুক্ত হৈ এক নতুন ভাৰতৰ সূৰ্যোদয়ৰ বাবে, ‘আত্মনিৰ্ভৰ ভাৰত’ নিৰ্মাণৰ বাবে, আমি নিজৰ নিজৰ কৰ্তব্য চিনিও পাব লাগিব, তাক সম্পাদন কৰাৰ বাবে কৃতসংকল্পও হ’ব লাগিব। ভগৱান কৃষ্ণই যেনেকৈ অৰ্জুনক কৈছিল-‘ক্ষুদ্ৰম্ হৃদয় দৌৰ্বল্যম্ ত্যক্তৱা উত্তিষ্ঠ পৰমতপ’! অৰ্থাত্, ‘ক্ষুদ্ৰ চিন্তা, ক্ষুদ্ৰ মন আৰু অন্তৰৰ দুৰ্বলতাবোৰক ত্যাগ কৰি এতিয়া থিয় দিয়া’। ভগৱান কৃষ্ণই এই উপদেশ দিওতে গীতাত অৰ্জুনক ‘ভাৰত’ বুলি সম্বোধন কৰিছিল। আজি গীতাৰ এই সম্বোধন আমাৰ ভাৰতবৰ্ষৰ বাবে, ১৩০কোটি দেশবাসীৰ বাবে। আজি এই আহ্বানৰ প্ৰতিও নতুন জাগৃতি অহা পৰিলক্ষিত হৈছে। আজি পৃথিৱীয়ে ভাৰতৰ প্ৰতি এক নতুন দৃষ্টিৰে চাবলৈ লৈছে। আমি এই পৰিৱৰ্তনক ভাৰতৰ আধুনিক পৰিচিতিক, আধুনিক বিজ্ঞানৰ শিখৰলৈ লৈ যাব লাগিব। আমি সকলো মিলি এই লক্ষ্যত উপনীত হ’বগৈ পাৰিম বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে। স্বাধীনতাৰ ৭৫টা বছৰ এক নতুন ভৱিষ্যতৰ আৰম্ভণীৰ আধাৰ হ’ব। মই আকৌ এবাৰ ড০ চাহাবক, এই ন্যাস পৰিচলনা কৰা সকলো মহানুভৱক আৰু এই কাম কৰাৰ বাবে আপোনালোকে কৰা পৰিশ্ৰমৰ বাবে অন্তৰৰ পৰা বহুত বহুত অভিনন্দন জনাইছো আৰু ‘ৰেফাৰেন্স’ৰ ৰূপত গ্ৰন্থৰ ব্যৱহাৰ কৰোতাসকলৰ বাবে এইখন গ্ৰন্থ অধিক উপযোগী হ’ব বুলি মই ভাবিছো। আমাৰ দৰে ব্যক্তিৰ বাবে এনে গ্ৰন্থৰ প্ৰয়োনীয়তা অলপ বেছি বুলিয়েই অনুভৱ কৰো। এনে গ্ৰন্থ ‘ৰেফাৰেন্স’ৰ বাবে অধিক সুবিধাৰ হয়, আপোনালোকে এক অমূল্য সম্পদ আগবঢ়ালে আৰু মই ভাবো এয়া বিশ্বৰ প্ৰথমখন গ্ৰন্থ, যাক যুদ্ধভূমিত ৰচনা কৰা হৈছিল, শংখনাদৰ মাজত এই গ্ৰন্থ ৰচনা কৰা হৈছিল। যি সময়ত জয়-পৰাজয়ে দুৱাৰত টোকৰ দি আছিল সেইসময়ত এই গ্ৰন্থ ৰচনা কৰা হৈছিল। ইমান প্ৰতিকূল বাতাবৰণত ইমান শান্তচিত্ত বিচাৰধাৰাৰ প্ৰকট হোৱাতো, এয়া অমৃত প্ৰবাহৰ বাহিৰে আন একো হ’ব নোৱাৰে। এনে এক গ্ৰন্থ ‘গীতা’ৰ জ্ঞান ভৱিষ্যত প্ৰজন্মই যি ভাষাৰে কথাবোৰ বুজিব পাৰে, যি ৰূপত বুজিব, সেই ৰূপত দি থকাটো প্ৰতিটো প্ৰজন্মৰে দায়িত্ব। ড০ কৰণ সিংহ জীয়ে, তেখেতৰ সম্পূৰ্ণ পৰিয়ালে, তেখেতসকলৰ মহান পৰম্পৰাই এই কাম সদায়ে জীৱিত ৰাখিছে। ভৱিষ্যত প্ৰজন্ময়ো ইয়াক অব্যাহত ৰাখিব বুলি মোৰ বিশ্বাস আছে। ড০ কৰণ সিংহ জীৰ সেৱাৰ কথা আমি চিৰদিন মনত ৰাখিম। এই মহান কামৰ বাবে মই আদৰৰে তেখেতক প্ৰণিপাত জনাইছো, তেখেত বয়সৰে জ্যেষ্ঠ, সামাজিক জীৱনৰ অভিজ্ঞতাৰে জ্যেষ্ঠ, সেয়ে তেখেতৰ আশীৰ্বাদ যেন আমাৰ প্ৰতি সদায়ে থাকে যাতে আমিও সেই আদৰ্শকে সাৰোগত কৰি দেশৰ বাবে কিবা নহয় কিবা কৰি থাকিব পাৰো।

বহুত বহুত ধন্যবাদ!

***

DS/VJ/AV/AK/KB