Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২০ ফেব্ৰুৱাৰী তাৰিখে নিটি আয়োগৰ ষষ্ঠতম শাসকীয় পৰিষদীয় বৈঠকত সভাপতিত্ব কৰিব প্ৰধানমন্ত্ৰীয়


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ ফেব্ৰুৱাৰী ২০২১ তাৰিখে পুৱা ১০.৩০ বজাত ভিডিঅ’ কনফাৰেন্সিং যোগে নিটি আয়োগৰ ষষ্ঠতম শাসকীয় পৰিষদীয় বৈঠকত অংশগ্ৰহণ কৰিব৷ এই বৈঠকত কৃষি, আন্তঃগাঁথনি, নিৰ্মাণ, মানৱ সম্পদ বিকাশ, তৃণমূল পৰ্যায়ত সেৱা প্ৰদান আৰু স্বাস্থ্য তথা পুষ্টি বিষয়ত আলোচনা কৰা হ’ব৷

শাসকীয় পৰিষদত আন্তঃক্ষেত্ৰীয়, আন্তঃবিভাগীয় আৰু মৈত্ৰীতন্ত্ৰমূলক সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা হয়৷ এই পৰিষদত প্ৰধানমন্ত্ৰী, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, বিধায়ক আৰু ৰাজ্যপালসমূহ থাকে৷ পৰিষদৰ এই ষষ্ঠতম বৈঠকখন প্ৰথমবাৰৰ বাবে লাডাখত অনুষ্ঠিত হ’ব৷ এইবাৰৰ বৈঠকত কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহৰ বিভাগীয় মুৰব্বীসকলো উপস্থিত থাকিব৷

 

*****

 

DS /AKJ/MANN