নমস্কাৰ,
হে! বিধাতা, দাও-দাও মোদেৰ গৌৰৱ দাও…গুৰুদেৱে কেতিয়াবা ছাত্ৰ-ছাত্ৰীসকলৰ উজ্বল ভৱিষ্যতৰ বাবে এই কামনা কৰিছিল৷
আজি বিশ্ব ভাৰতীৰ গৌৰৱময় শতবৰ্ষ উপলক্ষে মোৰ ফালৰ পৰা সমগ্ৰ দেশক এই মহান প্ৰতিষ্ঠানৰ বাবে এই কামনাকে কৰিছো৷ হে! বিধাতা, দাও-দাও মোদেৰ গৌৰৱ দাও৷
পশ্চিমবংগৰ ৰাজ্যপাল শ্ৰী জগদীপ ধনখড় জী, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ড০ ৰমেশ পোখৰিয়াল নিশাংক জী, উপাচাৰ্য অধ্যাপক বিদ্যুৎ চক্ৰৱৰ্তী জী, অধ্যাপক, পঞ্জীয়ক, বিশ্ব ভাৰতীৰ শিক্ষকবৰ্গ, ছাত্ৰ-ছাত্ৰীসকল, প্ৰাক্তন শিক্ষাৰ্থী, ভদ্ৰ পুৰুষ মহিলাসকল৷ বিশ্ব ভাৰতীৰ এই বিশ্ববিদ্যালৰ শতবৰ্ষত উপনীত হোৱাটো প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে অতি গৌৰৱৰ কথা৷ মোৰ বাবে অতি সুখৰ কথা যে আজিৰ দিনটোতে এই তপোভূমিৰ পূণ্য স্মৰণ কৰাৰ সূযোগ পাইছো৷
বন্ধুসকল,
বিশ্ব ভাৰতীৰ শতবৰ্ষীয় যাত্ৰা অতি বিশেষ৷ বিশ্বভাৰতী, মা ভাৰতীৰ বাবে গুৰুদেৱৰ চিন্তা, দৰ্শন, আৰু পৰিশ্ৰমৰ বাস্তৱ অৱতাৰ৷ ভাৰতৰ বাবে গুৰুদেৱে যি সপোন দেখিছিল, সেই সপোনৰ বাস্তৱ ৰূপ দিয়াৰ বাবে দেশক নিৰন্তৰ শক্তি প্ৰদান কৰা এয়া এক আৰাধ্যস্থল৷ বহু বিশ্ব প্ৰসিদ্ধ গীতিকাৰ-সংগীতকাৰ, কলাকাৰ-সাহিত্যকাৰ, অৰ্থনীতিবিদ-সমাজশাস্ত্ৰবিদ, বৈজ্ঞানিকে ধৰে বিভিন্ন প্ৰতিভাধৰৰ সৃষ্টিকাৰী বিশ্বভাৰতী নতুন ভাৰত নিৰ্মাণৰ বাবে নিত্য নতুন প্ৰয়াস কৰি আহিছে৷
এই প্ৰতিষ্ঠানক এই স্থানত উপনীত কৰোৱা প্ৰতিগৰাকী ব্যক্তিক আন্তৰিক প্ৰণিপাত জনাইছো, তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছো৷ মই আনন্দিত হৈছো যে বিশ্বভাৰতী, শ্ৰী নিকেতন আৰু শান্তি নিকেতনে ধাৰাবাহিকভাৱে সেই লক্ষ্য উপনীত হোৱাৰ দিশত প্ৰয়াস কৰি আহিছে, যি গুৰুদেৱে কৰিছিল৷ বিশ্বভাৰতীৰ দ্বাৰা বিভিন্ন গাঁৱত বিকাশমূলক কামে একপ্ৰকাৰৰ গ্ৰামোদয়ৰ কাম সদায়েই প্ৰশংসনীয়৷
আপোনালোকে ২০১৫চনত যিটো যোগ বিভাগ আৰম্ভ কৰিলে, তাৰ জনপ্ৰিয়তা ক্ষিপ্ৰতাৰে প্ৰসাৰিত হৈছে৷ প্ৰকৃতিৰ সৈতে মিলি অধ্যয়ন আৰু জীৱন, দুয়োটাৰে বাস্তৱ উদাহৰণ আপোনালোকৰ বিশ্ববিদ্যালয়ৰ চৌহদ৷ আপোনালোকে এইটো দেখিও আনন্দিত হ’ব যে আমাৰ দেশ, বিশ্ব ভাৰতীৰ পৰা প্ৰচাৰিত বাৰ্তাক সমগ্ৰ বিশ্বত প্ৰসাৰিত হৈছে৷ ভাৰতে আজি আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ জৰিয়তে পৰিৱেশৰ সংৰক্ষণৰ বিষয়ত বিশ্বত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ ভাৰত বৰ্তমান সমগ্ৰ বিশ্বৰ একমাত্ৰ দেশ, যি পেৰিছ চুক্তিৰ পৰিৱেশৰ লক্ষ্যত উপনীত হোৱাৰ দিশত শুদ্ধ পথত দ্ৰুতগতিত আগবাঢ়ি গৈছে৷
বন্ধুসকল,
আজি যিসময়ত আমি বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ শতবৰ্ষ পালন কৰিছো, তেতিয়া সেই পৰিস্থিতিৰ কথাও মনত পেলাব লাগিব, যি ইয়াৰ প্ৰতিষ্ঠাৰ আধাৰ হৈছিল৷ এই পৰিস্থিতিত কেৱল ইংৰাজৰ দাসত্ব চলিছিল এনে নহয়৷ ইয়াৰ অন্তৰালত এশ বছৰৰ অভিজ্ঞতা আছিল, এশ বছৰীয়া আন্দোলনৰ পটভূমি আছিল৷
আজি আপোনালোক বিদ্বানসকলৰ মাজত এই বিষয়ত বিশেষ আলোচনা এইবাবে কৰিছো, কাৰণ এই ক্ষেত্ৰত বহু কম আলোচনা হয়, বহুত কম গুৰুত্ব দিয়া হয়৷ ইয়াৰ চৰ্চা কৰাটোও আৱশ্যক, কিয়নো ই পোনপটীয়াকৈ স্বাধীনতা আন্দোলন আৰু বিশ্বভাৰতীৰ লক্ষ্যৰ সৈতে জড়িত৷
বন্ধুসকল,
যেতিয়া আমি স্বাধীনতা সংগ্ৰামৰ কথা কও, তেতিয়া আমাৰ মনত প্ৰথমে ঊনৈশ আৰু বিংশ শতিকাৰ চিন্তাধাৰা মনলৈ আহে৷ কিন্তু এইটো বহুতে জানে যে এই আন্দোলনৰ সুত্ৰপাত বহু পূৰ্বেই আৰম্ভ হৈছিল৷ ভাৰতৰ স্বাধীনতাৰ আন্দোলনে শ শ বছৰৰ পূৰ্বে চলি অহা বহু আন্দোলনৰ জৰিয়তে শক্তি লাভ কৰিছিল৷
ভাৰতৰ আধ্যাত্মিক আৰু সাংস্কৃতিক একতাক ভক্তি আন্দোলনে শক্তিশালী কৰাৰ কাম কৰিছিল৷
ভক্তি যুগত ভাৰতৰ প্ৰতিটো অঞ্চল, পূব-পশ্চিম-উত্তৰ-দক্ষিণ প্ৰত্যেক দিশত আমাৰ সন্তসকলে, মহন্তসকলে, আচাৰ্যসকলে দেশক চেনতাৰে জাগ্ৰত কৰি ৰখাৰ অবিৰত, অবিৰাম প্ৰয়াস কৰিছিল৷ দক্ষিণৰ কথা ক’বলৈ গ’লে মধ্যাচাৰ্য, নিম্বাচাৰ্য, বল্লভাচাৰ্য, ৰামানুচাৰ্য; পশ্চিমৰ ফালে চালে মীৰাবাঈ, একনাথ, তুকাৰাম, ৰামদাস, তৰচী মেহতা; উত্তৰৰ ফালে চালে সন্ত ৰামানন্দ, কবীৰদাস, গোস্বামী তুলসীদাস, সুৰদাস, গুৰুনানক দেব, সন্ত ৰৈদাসৰ লগতে এনে অগণন মহাপুৰুষ আৰু পূবৰ দিশে চাবলৈ গ’লে চৈতন্য মহাপ্ৰভূ আৰু শ্ৰীমন্ত শংকৰদেৱৰ দৰে মহাপুৰুষসকলৰ চিন্তাধাৰাৰ জৰিয়তে সমাজে শক্তি লাভ কৰি আহিছে৷
ভক্তিকালৰ এই সময়ছোৱাত ৰসখান, সুৰদাস. মলিক মহম্মদ জায়সী, কেশৱদাস, বিদ্যাপতিৰ লগতে নাজানো কিমান মহান ব্যক্তিত্ব আছিল, যিসকলে নিজৰ ৰচনাৱলীৰে সমাজ সংস্কাৰ কৰা, আগুৱাই নিয়া আৰু প্ৰগতি মাগদৰ্শন কৰিছিল৷ ভক্তি কালৰ এই পূণ্যাত্মাসকলক প্ৰতিগৰাকী ব্যক্তিৰ অন্তৰত একতাৰে মাৰবান্ধি থিয় দিয়াৰ মনোভাৱ গঢ় দিছিল৷ ইয়াৰ বাবে আন্দোলনৰ প্ৰতিটো এলেকাৰ সীমাৰ পৰা বাহিৰ হৈ ভাৰতৰ চুকে কোণে পাইছিল৷ প্ৰতিটো পন্থা, প্ৰতিটো শ্ৰেণী, প্ৰতিটো জাতিৰ লোকে ভক্তিৰ অধিষ্ঠানত স্বাভিমান আৰু সাংস্কৃতিক ঐতিহ্যৰ বাবে সমৰ্থন দিছিল৷
ভক্তি আন্দোলন সেই সময়ত আছিল, যি শ শ বছৰৰ সংঘৰ্ষৰত ভাৰতক সামূহিক চেতনা আৰু আত্মবিশ্বাসৰ ভৰ দিছিল৷
বন্ধুসকল,
ভক্তিৰ এই বিষয় তেতিয়ালৈকে আগ নাবাঢ়ে, যেতিয়ালৈকে মহান কালী ভক্ত শ্ৰীৰামকৃষ্ণ পৰমহংসৰ চৰ্চা নহয়৷ সেই মহান মহাপুৰুষগৰাকীৰ বাবেই ভাৰতে স্বামী বিবেকানন্দক লাভ কৰিছিল৷ স্বামী বিবেকানন্দ ভক্তি, জ্ঞান আৰু কৰ্ম, এই তিনিওটা তেওঁৰ মাজত বিদ্যমান৷ তেওঁ ভক্তিৰ পৰিসৰ বৃদ্ধি কৰিছিল, য’ত প্ৰতিগৰাকী ব্যক্তিয়ে দিব্যতা দেখিবলৈ আৰম্ভ কৰিছিল৷ তেওঁ ব্যক্তি আৰু প্ৰতিষ্ঠান নিৰ্মাণত জোৰ দি কৰ্মকো অভিব্যক্তি আৰু প্ৰেৰণা দিছিল৷
বন্ধুসকল,
ভক্তি আন্দোলনৰ ১৫০ বছৰীয়া সময়ৰ লগে লগে দেশত কৰ্ম আন্দোলনো হৈছিল৷ শ শ বছৰৰ পৰা ভাৰতৰ লোকসকলে দাসত্ব আৰু সাম্ৰাজ্যবাদৰ বিৰুদ্ধে যুঁজি আহিছিল৷ সেয়া লাগিলে ছত্তপতি শিৱাজী মহাৰাজেই হওক, মহাৰানা প্ৰতাপেই হওক, ঝান্সি ৰাণী লক্ষ্ণীবায়ে হওক, কিট্টুৰৰ ৰাণী চেনম্মাই হওক, অথবা ভগৱান বীৰছা মুণ্ডাৰ সশস্ত্ৰ সংগ্ৰামেই হওক৷ অন্যায় আৰু শোষণৰ বিৰুদ্ধে সাধাৰণ নাগৰিকসকলে তপ-ত্যাগ আৰু তৰ্পণ কৰ্ম কঠোৰ সাধনা চূড়ান্ত অৱস্থাত উপনীত হৈছিল৷ ই ভৱিষ্যতে আমাৰ স্বাধীনতা সংগ্ৰামক বহুত প্ৰেৰণাত পৰিণত হৈছিল৷
বন্ধুসকল,
যেতিয়া ভক্তি আৰু কৰ্মৰ ধাৰা প্ৰচলিত হৈছিল, তেতিয়া ইয়াৰ সমান্তৰালভাৱে জ্ঞান চৰিতাৰ এই নতুন ত্ৰিবেনী সংগম, স্বাধীনতাৰ আন্দোলনৰ চেতনাত পৰিণত হৈছিল৷
স্বাধীনতাৰ লালসাত ভাৱ ভক্তিৰ প্ৰেৰণাৰে ভৰপুৰ আছিল৷ সময়ৰ দাবী আছিল যে জ্ঞানৰ অধিষ্ঠানত স্বাধীনতা যুঁজত জয়ী হোৱাৰ বাবে আনুষ্ঠানিক আন্দোলনো আৰম্ভ কৰা হওক আৰু ইয়াৰ সমান্তৰালভাৱে সম্ভাব্য উজ্বল ভাৰত নিৰ্মাণৰ বাবে নতুন প্ৰজন্মকো সাজু কৰা হওক আৰু এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল সেই সময়ত স্থাপিত বিভিন্ন শিক্ষা প্ৰতিষ্ঠান, বিশ্ববিদ্যালয়সমূহে৷
বিশ্ব ভাৰতী বিশ্ববিদ্যালয়েই হওক, বেনাৰস হিন্দ বিশ্ববিদ্যালয়েই হওক, আলিগড় মুছলিম বিশ্ববিদ্যালয়েই হওক, নেচনেল কলেজেই হওক, যিখন এতিয়া লাহোৰত আছে, মহীশূৰ বিশ্ববিদ্যালয়েই হওক, ত্ৰিচী নেচনেল কলেজেই হওক, মহাত্মা গান্ধী কাশী বিদ্যাপীঠেই হওক, গুজৰাট বিদ্যাপীঠেই হওক, ৱিলিংটন কলেজেই হওক, জামিয়া মিলিয়াই ইছলামিয়াই হওক, লক্ষ্মৌ বিশ্ববিদ্যালয়েই হওক, পাটনা বিশ্ববিদ্যালয়েই হওক, দিল্লী বিশ্ববিদ্যালয়েই হওক, অন্ধ্ৰ বিশ্ববিদ্যালয়েই হওক, অন্নামলাই বিশ্ববিদ্যালয়েই হওক, এনে বহু প্ৰতিষ্ঠান সেই সময়ছোৱাত ভাৰতত প্ৰতিষ্ঠা হৈছিল৷ এই বিশ্ববিদ্যালয়সমূহ ভাৰতৰ এক সম্পূৰ্ণ নতুন বিদ্বতাৰ বিকাশ হৈছিল৷
এই শিক্ষানুষ্ঠানসমূহে ভাৰতক স্বাধীনতাৰ বাবে চলি থকা আনুষ্ঠানিক আন্দোলনক নতুন শক্তি দিছিল, নতুন পথ দিছিল, নতুন অগ্ৰগতি দিছিল৷
ভক্তি আন্দোলনৰ জৰিয়তে একেলগ হৈ জ্ঞান আন্দোলনত বৌদ্ধিক শক্তি প্ৰদান কৰিলে আৰু কৰ্ম আন্দোলনে আমাক নিজৰ অধিকাৰৰ বাবে যুঁজ দিয়া মনোবৃত্তি আৰু সাহস প্ৰদান কৰিলে৷ ১৫০ বছৰীয়া সময়ছোৱাত চলা এই আন্দোলন ত্যাগ, তপস্যা আৰু তৰ্পণৰ এক লেখত ল’বলগীয়া আন্দোলনত পৰিণত হ’ল৷ এই আন্দোলনৰ পৰা প্ৰভাৱিত হৈ হাজাৰ হাজাৰ লোকে স্বাধীনতাৰ যুঁজত আত্মবলিদান দিয়াৰ বাবে এজনৰ পাছত এজনকৈ ওলাই আহি থাকিল৷
বন্ধুসকল,
জ্ঞানৰ এই আন্দোলনক গুৰুদেৱৰ দ্বাৰা স্থাপিত বিশ্বভাৰতী বিশ্ববিদ্যালয়ে নতুন শক্তি প্ৰদান কৰিছিল৷ গুৰুদেৱ যিদৰে ভাৰতৰ সংস্কৃতিৰ সৈতে জড়িত থাকি, নিজৰ পৰম্পৰাসমূহৰ সৈতে জড়ি থাকি বিশ্বভাৰতীৰ যি স্বৰূপ প্ৰদান কৰিলে, তাৰ জৰিয়তে ৰাষ্ট্ৰীয়তাবাদৰ এক শক্তিশালী পৰিচয় দেশৰ সন্মুখত ৰাখিলে৷ ইয়াৰ সমান্তৰালভাৱে তেওঁ বিশ্ব বন্ধুত্বৰ ওপৰতো সমানেই জোৰ দিছিল৷
বন্ধুসকল,
বেদৰ পৰা বিবেকানন্দলৈকে ভাৰতৰ চিন্তনৰ ধাৰা গুৰুদেৱৰ ৰাষ্ট্ৰীয়তাবাদৰ চিন্তনেৰে মুখৰ হৈছিল৷ এই ধাৰা অন্তৰ্মূখী নাছিল৷ তেওঁ ভাৰতক বিশ্বৰ অন্য দেশতকৈ পৃথক কৰা নাছিল৷ তেওঁ দৃষ্টিভংগী আছিল যে যি ভাৰতত সৰ্বশ্ৰেষ্ঠ, তাৰ জৰিয়তে বিশ্ববাসীৰো লাভ হওক আৰু যি বিশ্বত ভাল, ভাৰতেও সেইটো শিকক৷ আপোনালোকৰ বিশ্ববিদ্যালয়ৰ নামটোকে লক্ষ্য কৰক৷ বিশ্বভাৰতী৷ মা ভাৰতী আৰু বিশ্বৰ মাজৰ সমন্বয়৷ গুৰুদেৱ, সৰ্বসমাৱেশী আৰু সৰ্ব স্পৰ্শী, সহ-অস্তিত্ব আৰু সহযোগৰ জৰিয়তে মানৱ কল্যানৰ বৃহৎ লক্ষ্যৰে আগুৱাই গৈছে৷
বিশ্বভাৰতীৰ বাবে গুৰুদেৱৰ এই দৃষ্টিভংগী আত্মনিৰ্ভৰ ভাৰতৰ মুল কথা৷
আত্মনিৰ্ভৰ ভাৰত অভিযানো বিশ্ব কল্যানৰ বাবে ভাৰতৰ কল্যান এক পথ৷ এই অভিযান ভাৰতক শক্তিশালী কৰাৰ অভিযান, ভাৰতৰ সমৃদ্ধিৰে বিশ্ব সমৃদ্ধি কৰাৰ অভিযান৷ ইতিহাস সাক্ষী আছে যে এখন শক্তিশালী আৰু আত্মনিৰ্ভৰ ভাৰতে সদায় সমগ্ৰ বিশ্ব সমূদায়ৰ ভাল চিন্তা কৰিছে৷
আমাৰ বিকাশ একাংকী নহয় বৰঞ্চ বৈশ্বিক, সমগ্ৰ আৰু ইমানেই নহয় আমাৰ শিৰে শিৰে সেয়া সোমাই আছে৷ সৰ্বে ভৱন্তু সুখিনঃ৷ ভাৰত আৰু বিশ্বৰ এই সম্বন্ধ আপোনালোকত অধিক কোনে জানে? গুৰুদেৱে আমাক ‘স্বদেশী সমাজ’ৰ সংকল্প দিছিল৷ তেওঁ আমাৰ গাঁৱে গাঁৱে, আমাৰ কৃষি আত্মনিৰ্ভৰ হোৱাটো বিচাৰিছিল, তেওঁ বাণিজ্য আৰু ব্যৱয়াসক আত্মনিৰ্ভৰ হোৱাটো চাব বিচাৰিছিল, তেওঁ কলা আৰু সাহিত্যক আত্মনিৰ্ভৰ হোৱাটো বিচাৰিছিল৷ তেওঁ আত্মনিৰ্ভৰতাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ‘আত্মশক্তি’ৰ কথা কৈছিল৷
আত্মশক্তিৰ শক্তিৰে ৰাষ্ট্ৰ নিৰ্মাণকে আদি কৰি তেওঁ যি কথা কৈছিল, সেয়া আজিও অতি গুৰুত্বপূৰ্ণ৷ তেওঁ কৈছিল, “ৰাষ্ট্ৰৰ নিৰ্মাণ, একপ্ৰকাৰৰ নিজৰ আত্মাৰ প্ৰাপ্তিৰে বিস্তাৰ৷ যেতিয়া আপোনালোকে নিজৰ বিচাৰৰ জৰিয়তে, নিজৰ কামৰ জৰিয়তে, নিজৰ কৰ্তব্যৰ জৰিয়তে দেশৰ নিৰ্মাণ কৰে, তেতিয়া আপোনাৰ দেশৰ আত্মাতে নিজৰ আত্মা পৰিলক্ষিত হ’ব৷”
বন্ধুসকল,
ভাৰতৰ আত্মা, ভাৰতৰ আত্মনিৰ্ভৰতা আৰু ভাৰতৰ আত্ম-সন্মান এটা আনটোৰ সৈতে সম্পৰ্কযুক্ত৷ ভাৰতৰ আত্মসন্মানক ৰক্ষা কৰাৰ বাবে বংগৰ প্ৰতিটো প্ৰজন্মই নিজকে অৰ্পণ কৰি দিছিল৷ খুদিৰাম বসুক মনত পেলাওক, যি কেৱল ১৮ বছৰ বয়সতে ফাঁচীৰ কাঠত ওলমিচিল৷ প্ৰফুল্ল চাকি ১৯ বছৰ বয়সতে শ্বহীদ হৈছিল৷ বীনা দাস, যি বংগৰ অগ্নিকন্যা নামে জনাজাত, তেওঁক ২১ বছৰ বয়সতে জে’ললৈ প্ৰেৰণ কৰিছিল৷ প্ৰীতিলতা বদ্দেদাৰে কেৱল ২১ বছৰ বয়সতে নিজৰ জীৱন উচৰ্গা কৰিছিল৷
এনে অগণন লোক আছে, যিসকলৰ নাম সম্ভৱতঃ ইতিহাসত লিখা নহ’ল৷ এই সকলোৱে দেশৰ আত্মসন্মানৰ বাবে হাঁহি হাঁহি্ মৃত্যবৰণ কৰিছিল৷ আজি এইসকলৰ পৰা প্ৰেৰণা লৈ আমি আত্মনিৰ্ভৰ ভাৰৰ বাবে জীয়াই থাকিব লাগিব, এই সংকল্প পুৰণ কৰিব লাগিব৷
বন্ধুসকল,
ভাৰতক শক্তিশালী আৰু আত্মনিৰ্ভৰ কৰাৰ বাবে আপোনালোকৰ প্ৰতিটো অৱদান, সমগ্ৰ বিশ্বক এক উন্নত স্থানত পৰিণত কৰিব৷ ২০২২ বৰ্ষত দেশে স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তিৰ দিশে অগ্ৰসৰ হৈছে৷ বিশ্বভাৰতী প্ৰতিষ্ঠাৰ ২৭ বছৰৰ পাছত দেশ স্বাধীন হৈছিল৷ আৰু ২৭ বছৰৰ পাছত ভাৰতে ইয়াৰ স্বাধীনতাৰ ১০০সংখ্যক বৰ্ষপূৰ্তি পালন কৰিব৷
আমি নতুন লক্ষ্য গঢ় দিব লাগিব, নতুন শক্তি আহৰণ কৰিব লাগিব, নতুন ধৰণে নিজৰ যাত্ৰা আৰম্ভ কৰিব লাগিব৷ এই যাত্ৰাত আমাৰ মাৰ্গদৰ্শন আৰু একো নহয়, বৰঞ্চ গুৰুদেৱৰে আলোচনা কৰিম, তেওঁৰ কথাৰ চিন্তা-চৰ্চা কৰিম৷ যেতিয়া প্ৰেৰণা থাকে, প্ৰেৰণা থাকে, তেতিয়া লক্ষ্যতো নিজে নিজে উপনীত হয়৷
বিশ্বভাৰতীৰে যদি কথা কও তেতিয়া হ’লে এই বছৰ ইয়াত ঐতিহাসিক পুহ মেলাৰ আয়োজন কৰিব নোৱাৰিলে৷ ১০০ বছৰৰ যাত্ৰাত তৃতীয়বাৰলৈ এনে হৈছে৷ এই মহামাৰীয়ে আমাক এই মূল্যক উপলব্ধি কৰালে-ভোকেল ফৰ লোকেল পুহ মেলাৰ সৈতে এই মন্ত্ৰ সদায় জড়িত হৈ আছে৷
মহামাৰী বাবে এই মেলালৈ যিসকল কলাকাৰ আহিছিল, যি হস্তশিল্প আহিছিল, সেইবোৰ আহিব নোৱাৰিলে৷ যেতিয়া আমি আত্মসন্মানৰ কথা কও, আত্মনিৰ্ভৰতাৰ কথা কও, তেতিয়া সৰ্বপ্ৰথমে মোৰ আহ্বানত আপোনালোক সকলোৱে মোৰ সহায় কৰক, মোৰ কাম কৰক৷ বিশ্বভাৰতীৰ ছাত্ৰ-ছাত্ৰীসকলে পুহ মেলালৈ অহা শিল্পীসকলৰ সৈতে সম্পৰ্ক স্থাপন কৰক, তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহৰ বিষয়ে তথ্য একত্ৰিত কৰক আৰু এই দুখীয়া শিল্পীসকলৰ সামগ্ৰী অনলাইনত কিদৰে বিক্ৰী কৰিব পাৰি, ছ’চিয়েল মিডিয়াই এই ক্ষেত্ৰত কিদৰে সহায় কৰিব পাৰি, সেইবোৰ চাই, সেই কাম কৰক৷ ইমানেই নহয়, ভৱিষ্যতেও স্থানীয় শিল্পী, হস্তশিল্পৰ সৈতে জড়িত যিসকল লোকে তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিশ্ববজাৰলৈ নিব পাৰি, তাৰ বাবে তেওঁলোকক শিকাওক, মাৰ্গদৰ্শন কৰক৷
বন্ধুসকল, গুৰুদেৱে কৈছিল-সংগীত আৰু কলা অবিহনে এখন ৰাষ্ট্ৰই ইয়াৰ নিজা অভিব্যক্তিৰ বাস্তৱিক শক্তি হেৰুৱাই পেলায় আৰু তাৰফলত নাগৰিকসকলৰ শ্ৰেষ্ঠতা বাহিৰ হৈ নাহে৷ গুৰুদেৱে আমাৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ, পোষণ আৰু বিস্তাৰক অতি গুৰুত্ব প্ৰদান কৰিছিল৷ যদি সেই সময়ত বংগক লক্ষ্য কৰো তেতিয়া আৰু এটা অদ্ভূত কথা প্ৰত্যক্ষ কৰো৷ যিসসময় সকলোফালে স্বাধীনতা আন্দোলন ভৰপক দিছিল, তেতিয়া বংগই সেই আন্দোলনক দিশদৰ্শন কৰাৰ লগতে সংস্কৃতিৰ পোষক হিচাপে ধৰা দিছিল৷ বংগত সকলো ধৰণৰ সংস্কৃতি, সাহিত্য, সংগীতৰ অনুভূতিও একপ্ৰকাৰৰ স্বাধীনতা আন্দোলনক শক্তি প্ৰদান কৰিছিল৷
বন্ধুসকল,
গুৰুদেৱে কেইবা দশকৰ পূৰ্বে ভৱিষ্যদ্বাণী কৰিছিল- সেই ভৱিষ্যদ্বাণী হৈছে-তেওঁ কৈছিল “ओरे नोतून जुगेर भोरे, दीश ने शोमोय कारिये ब्रिथा, शोमोय बिचार कोरे, ओरे नोतून जुगेर भोरे, ऐशो ज्ञानी एशो कोर्मि नाशो भारोतो-लाज हे, बीरो धोरमे पुन्नोकोर्मे बिश्वे हृदय राजो हे।” গুৰুদেৱৰ এই উপদেশক বাস্তৱত পৰিণত কৰা দায়িত্ব আমাৰ সকলোৰে আছে৷
বন্ধুসকল,
গুৰুদেৱে বিশ্ব ভাৰতীৰ প্ৰতিষ্ঠা কেৱল শিক্ষাগ্ৰহণৰ এক কেন্দ্ৰ হিচাপে কৰা নাছিল৷ তেওঁ ইয়াৰ ‘শিক্ষণৰ আসন’, শিকাৰ এক পবিত্ৰ স্থান হিচাপে চাইছিল৷ পঢ়া আৰু শিকা দুয়োটাৰে মাজত যি পাৰ্থক্য আছে, তাক গুৰুদেৱৰ এটা বাক্যৰ পৰা বুজিব পাৰি৷ তেওঁ কৈছিল, “মোৰ মনত নাই যে মোক কি পঢ়ুৱালে৷ মোৰ মাত্ৰ সেইটোহে মনত আছে, যি মই শিকিলো৷”
ইয়াক আৰু বিস্তৃতভাৱে সদৰি কৰি গুৰুদেৱ ঠাকুৰে কৈছিল-আটাইতকৈ ডাঙৰ শিক্ষা হৈছে সেইটো, যি আমাক কেৱল জ্ঞান দিয়ে, বৰঞ্চ আমাক সকলোৰে সৈতে জীয়াই থকাটো শিকায়৷ সমগ্ৰ বিশ্বৰ বাবে তেওঁৰ বাৰ্তা আছিল যে আমি জ্ঞানক এটা নিৰ্দিষ্ট এলেকাত সীমাবদ্ধ কৰি ৰাখিব নালাগিব৷
তেওঁ যজুবেদৰ মন্ত্ৰক বিশ্ব ভাৰতীৰ মন্ত্ৰত পৰিণত কৰিলে৷ ‘यत्र विश्वम भवत्येक नीड़म’ অৰ্থাৎ য’ত সমগ্ৰ বিশ্ব এক পক্ষী হৈ পৰে, বাঁহ হয়৷ সেই স্থান য’ত নিত্য নতুন অনুসন্ধন হয়, সেই স্থান য’ত সকলোৱে একেলগ হৈ আগবাঢ়ি যায় আৰু যিদৰে আমাৰ শিক্ষামন্ত্ৰীয়ে বিস্তৃতভাৱে কয়৷ গুৰুদেৱে কৈছিল-‘चित्तो जेथा भय शुन्नो, उच्चो जेथा शिर, ज्ञान जेथा मुक्तो’ অৰ্থাৎ আমি এক এনে ব্যৱস্থা গঢ় দিও, য’ত আমাৰ মতত কোনো ভয় নাথাকে, আমাৰ শিৰ উচ্চ হয় আৰু জ্ঞান বন্ধনৰ পৰা মুক্ত হয়৷ বৰ্তমান দেশে নতুন শিক্ষা নীতিৰ জৰিয়তে এই উদ্দেশ্য পুৰণ কৰাৰ প্ৰয়াস কৰি আছে৷ এই শিক্ষা নীতি ৰূপায়ণ কৰাত বিশ্বভাৰতীৰ ডাঙৰ ভূমিকা আছে৷ আপোনালোকৰ ওচৰত ১০০ বছৰৰ অভিজ্ঞতা আছে, বিদ্ধতা আছে, দিশা আছে, দৰ্শন আছে আৰু গুৰুদেৱৰ আশীৰ্বাদ আছে৷ যিমান বেছি শিক্ষানুষ্ঠানৰ সন্দৰ্ভত বিশ্ব ভাৰতীয়ে জানে, অন্য প্ৰতিষ্ঠানক বুজাতো সহজ হ’ব৷
বন্ধুসকল,
মই যেতিয়া গুৰুদেৱৰ কথা কও, তেতিয়া এটা মোহৰ পৰা নিজকে ৰখাব নোৱাৰো৷ যোৱাবাৰ আপোনালোকৰ তালৈ আহিছিলো, তেতিয়াও মই ইয়াৰ বিষয়ে অলপ উল্লেখ কৰিছিলো৷ মই পুনৰবাৰ গুৰুদেৱ আৰু গুজৰাটৰ আত্মীয়তাক স্মৰণ কৰিছো৷ এইটো বাৰে বাৰে মনত পেলোৱাটো এইবাবে প্ৰয়োজন কাৰণ আমি এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ভাৱনাৰে পৰিপূৰ্ণ হৈ আছো৷
এইটোৱে দেখুৱাই যে পৃথক ভাষা, দোৱান, খাদ্যাভাসৰে ভৰপূৰ আমাৰ দেশৰ ইটোৰ লগ সিটোৰ কিমান সম্পৰ্ক আছে৷ এইটো প্ৰদৰ্শিত কৰে যে কিদৰে বৈচিত্ৰতাৰে ভৰা দেশ এজনে আনজনৰ পৰা কিমান কি কি শিকে৷
বন্ধুসকল,
গুৰুদেৱৰ জ্যেষ্ঠ ভাতৃ সত্যন্দ্ৰনাথ ঠাকুৰে যেতিয়া আইচিএছ আছিল, তেতিয়া তেওঁৰ নিযুক্তি গুজৰাটৰ আহমেদাবাদত হৈছিল৷ ৰবীন্দ্ৰনাথ ঠাকুৰ যেতিয়া গুজৰাটলৈ গৈছিল, তেতিয়া তেওঁ বহু দিন তাত কটায়৷
আহমেদাবাদত থাকিয়েই তেওঁ তেওঁৰ দুটা জনপ্ৰিয় বাংলা কবিতা ‘বন্দী অ’ অমাৰ’ আৰু ‘নিৰৱ ৰজনী দেখো’ৰ ৰচনা কৰিছিল৷ তেওঁৰ বিখ্যাত ৰচনা ‘ক্ষদিত পাশান’ৰ এটা অংশ তেওঁ গুজৰাটত থকা সময়ছোৱাত লিখিছিল৷ ইমানেই নহয়, গুজৰাটৰ এগৰাকী কন্যা শ্ৰীমতী হটিসিং গুৰুদেৱৰ ঘৰলৈ বোৱাৰী হৈ আছিল৷ ইয়াৰ উপৰি আন এটা তথ্য আছে, যিটোক লৈ আমাৰ মহিলা সবলীকৰণত সৈতে জড়িত সংস্থাসমূহে অধ্যয়ন কৰা উচিত৷
সত্যন্দ্ৰনাথ ঠাকুৰ জীৰ পত্নী জ্ঞানন্দিনী দেৱী জী যেতিয়া আহমেদাবাদত আছিল, তেতিয়া তেওঁ দেখিছিল যে স্থানীয় মহিলাসকলে তেওঁলোকৰ শাৰীৰ পতি তেওঁলোকৰ আঁচল কান্ধত ৰাখিছিল৷ সোঁ কান্ধত আঁচল ৰাখিলে মহিলাসকলৰ কাম কৰাত বহুত অসুবিধা হয়৷
সেয়া দেখি জ্ঞানন্দিনী দেৱীয়ে ধাৰণা কৰি শাৰীৰ আঁচল বাও কান্ধত ৰখাৰ ব্যৱস্থা কৰিছে৷ মই সিমান ভালদৰে নাজানো কিন্তু কোৱা হয় যে বাওঁ কান্ধৰ শাৰীৰ আঁচল ৰখাটো তেওঁৰে অৱদান৷
এজনে আনজনৰ পৰা শিকি, এজনে আনজনৰ সৈতে আনন্দৰে থাকি, এটা পৰিয়ালৰ দৰে থাকিয়ে ই আমি সেই সপোন বাস্তৱ কৰিব পাৰো, যি মহান ব্যক্তিসকলে দেখিছিল৷
এই সংস্কাৰ গুৰুদেৱেও বিশ্বভাৰতীক দিছে৷ এই সংস্কাৰসমূহ আমি সকলোৱে মিলি নিৰন্তৰ শক্তিশালী কৰিব লাগিব৷
বন্ধুসকল,
আপোনালোক সকলো য’লৈকে যায়, যিখন ক্ষেত্ৰলৈকে যায়, আপোনালোকৰ পৰিশ্ৰমতে এক নতুন ভাৰতৰ নিৰ্মাণ হ’ব৷ মই গুৰুদেৱৰ পংক্তিৰে মোৰ ভাষণ সামৰিম৷ গুৰুদেৱে কৈছে- ओरे गृहो-बाशी खोल दार खोल, लागलो जे दोल, स्थोले, जोले, मोबोतोले लागलो जे दोल, दार खोल, दार खोल! দেশত নতুন সম্ভাৱনাৰ দুৱাৰে আপোনালোকলৈ অপেক্ষা কৰি আছে৷ আপোনালোক সকলো সফল হওক, আগুৱাই যাওক আৰু দেশৰ সপোন বাস্তৱ কৰক৷
এই শুভকামনাৰে আপোনালোক সকলোকে পুনৰবাৰ বহুত বহুত ধন্যবাদ আৰু এই শতবৰ্ষ আমাৰ ভৱিষ্যতৰ যাত্ৰাৰ বাবে এক শক্তিশালী মাইলৰ খুঁটি হওক, আমাক নতুন শিখৰত উপনীত কৰাওক আৰু বিশ্বভাৰতী যিবোৰ সপোন লৈ প্ৰতিষ্ঠা হৈছিল, তেওঁলোকৰ সপোন বাস্তৱ কৰি বিশ্ব কল্যানৰ পথ প্ৰশস্ত কৰাৰ বাবে ভাৰতৰ কল্যানৰ পথ শক্তিশালী কৰি আগবাঢ়ি যাওক, এয়াই মোৰ আপোনালোকৰ সকলোৰে প্ৰতি শুভকামনা৷ বহুত বহুত ধন্যবাদ৷
विश्वभारती की सौ वर्ष यात्रा बहुत विशेष है।
— PMO India (@PMOIndia) December 24, 2020
विश्वभारती, माँ भारती के लिए गुरुदेव के चिंतन, दर्शन और परिश्रम का एक साकार अवतार है।
भारत के लिए गुरुदेव ने जो स्वप्न देखा था, उस स्वप्न को मूर्त रूप देने के लिए देश को निरंतर ऊर्जा देने वाला ये एक तरह से आराध्य स्थल है: PM
हमारा देश, विश्व भारती से निकले संदेश को पूरे विश्व तक पहुंचा रहा है।
— PMO India (@PMOIndia) December 24, 2020
भारत आज international solar alliance के माध्यम से पर्यावरण संरक्षण में विश्व का नेतृत्व कर रहा है।
भारत आज इकलौता बड़ा देश है जो Paris Accord के पर्यावरण के लक्ष्यों को प्राप्त करने के सही मार्ग पर है: PM
जब हम स्वतंत्रता संग्राम की बात करते हैं तो हमारे मन में सीधे 19-20वीं सदी का विचार आता है।
— PMO India (@PMOIndia) December 24, 2020
लेकिन ये भी एक तथ्य है कि इन आंदोलनों की नींव बहुत पहले रखी गई थी।
भारत की आजादी के आंदोलन को सदियों पहले से चले आ रहे अनेक आंदोलनों से ऊर्जा मिली थी: PM
भारत की आध्यात्मिक और सांस्कृतिक एकता को भक्ति आंदोलन ने मजबूत करने का काम किया था।
— PMO India (@PMOIndia) December 24, 2020
भक्ति युग में,
हिंदुस्तान के हर क्षेत्र,
हर इलाके, पूर्व-पश्चिम-उत्तर-दक्षिण,
हर दिशा में हमारे संतों ने,
महंतों ने,
आचार्यों ने देश की चेतना को जागृत रखने का प्रयास किया: PM
भक्ति आंदोलन वो डोर थी जिसने सदियों से संघर्षरत भारत को सामूहिक चेतना और आत्मविश्वास से भर दिया: PM
— PMO India (@PMOIndia) December 24, 2020
भक्ति का ये विषय तब तक आगे नहीं बढ़ सकता जब तक महान काली भक्त श्रीरामकृष्ण परमहंस की चर्चा ना हो।
— PMO India (@PMOIndia) December 24, 2020
वो महान संत, जिनके कारण भारत को स्वामी विवेकानंद मिले।
स्वामी विवेकानंद भक्ति, ज्ञान और कर्म, तीनों को अपने में समाए हुए थे: PM
उन्होंने भक्ति का दायरा बढ़ाते हुए हर व्यक्ति में दिव्यता को देखना शुरु किया।
— PMO India (@PMOIndia) December 24, 2020
उन्होंने व्यक्ति और संस्थान के निर्माण पर बल देते हुए कर्म को भी अभिव्यक्ति दी, प्रेरणा दी: PM
भक्ति आंदोलन के सैकड़ों वर्षों के कालखंड के साथ-साथ देश में कर्म आंदोलन भी चला।
— PMO India (@PMOIndia) December 24, 2020
भारत के लोग गुलामी और साम्राज्यवाद से लड़ रहे थे।
चाहे वो छत्रपति शिवाजी हों, महाराणा प्रताप हों, रानी लक्ष्मीबाई हों, कित्तूर की रानी चेनम्मा हों, भगवान बिरसा मुंडा का सशस्त्र संग्राम हो: PM
अन्याय और शोषण के विरुद्ध सामान्य नागरिकों के तप-त्याग और तर्पण की कर्म-कठोर साधना अपने चरम पर थी।
— PMO India (@PMOIndia) December 24, 2020
ये भविष्य में हमारे स्वतंत्रता संग्राम की बहुत बड़ी प्रेरणा बनी: PM
जब भक्ति और कर्म की धाराएं पुरबहार थी तो उसके साथ-साथ ज्ञान की सरिता का ये नूतन त्रिवेणी संगम, आजादी के आंदोलन की चेतना बन गया था।
— PMO India (@PMOIndia) December 24, 2020
आजादी की ललक में भाव भक्ति की प्रेरणा भरपूर थी: PM
समय की मांग थी कि ज्ञान के अधिष्ठान पर आजादी की जंग जीतने के लिए वैचारिक आंदोलन भी खड़ा किया जाए और साथ ही उज्ज्वल भावी भारत के निर्माण के लिए नई पीढ़ी को तैयार भी किया जाए।
— PMO India (@PMOIndia) December 24, 2020
और इसमें बहुत बड़ी भूमिका निभाई, कई प्रतिष्ठित शिक्षण संस्थानों ने, विश्वविद्यालयों ने: PM
इन शिक्षण संस्थाओं ने भारत की आज़ादी के लिए चल रहे वैचारिक आंदोलन को नई ऊर्जा दी, नई दिशा दी, नई ऊंचाई दी।
— PMO India (@PMOIndia) December 24, 2020
भक्ति आंदोलन से हम एकजुट हुए,
ज्ञान आंदोलन ने बौद्धिक मज़बूती दी और
कर्म आंदोलन ने हमें अपने हक के लिए लड़ाई का हौसला और साहस दिया: PM
सैकड़ों वर्षों के कालखंड में चले ये आंदोलन त्याग, तपस्या और तर्पण की अनूठी मिसाल बन गए थे।
— PMO India (@PMOIndia) December 24, 2020
इन आंदोलनों से प्रभावित होकर हज़ारों लोग आजादी की लड़ाई में बलिदान देने के लिए आगे आए: PM
वेद से विवेकानंद तक भारत के चिंतन की धारा गुरुदेव के राष्ट्रवाद के चिंतन में भी मुखर थी।
— PMO India (@PMOIndia) December 24, 2020
और ये धारा अंतर्मुखी नहीं थी।
वो भारत को विश्व के अन्य देशों से अलग रखने वाली नहीं थी: PM
उनका विजन था कि जो भारत में सर्वश्रेष्ठ है, उससे विश्व को लाभ हो और जो दुनिया में अच्छा है, भारत उससे भी सीखे।
— PMO India (@PMOIndia) December 24, 2020
आपके विश्वविद्यालय का नाम ही देखिए: विश्व-भारती।
मां भारती और विश्व के साथ समन्वय: PM
विश्व भारती के लिए गुरुदेव का विजन आत्मनिर्भर भारत का भी सार है।
— PMO India (@PMOIndia) December 24, 2020
आत्मनिर्भर भारत अभियान भी विश्व कल्याण के लिए भारत के कल्याण का मार्ग है।
ये अभियान, भारत को सशक्त करने का अभियान है, भारत की समृद्धि से विश्व में समृद्धि लाने का अभियान है: PM
Speaking at #VisvaBharati University. Here is my speech. https://t.co/YH17s5BAll
— Narendra Modi (@narendramodi) December 24, 2020
विश्व भारती की सौ वर्ष की यात्रा बहुत विशेष है।
— Narendra Modi (@narendramodi) December 24, 2020
मुझे खुशी है कि विश्व भारती, श्रीनिकेतन और शांतिनिकेतन निरंतर उन लक्ष्यों की प्राप्ति का प्रयास कर रहे हैं, जो गुरुदेव ने तय किए थे।
हमारा देश विश्व भारती से निकले संदेश को पूरे विश्व तक पहुंचा रहा है। pic.twitter.com/j9nhrzv0WL
जब हम स्वतंत्रता संग्राम की बात करते हैं तो हमारे मन में सीधे 19वीं और 20वीं सदी का विचार आता है।
— Narendra Modi (@narendramodi) December 24, 2020
लेकिन इन आंदोलनों की नींव बहुत पहले रखी गई थी। भक्ति आंदोलन से हम एकजुट हुए, ज्ञान आंदोलन ने बौद्धिक मजबूती दी और कर्म आंदोलन ने लड़ने का हौसला दिया। pic.twitter.com/tjKTpaFKKF
गुरुदेव सर्वसमावेशी, सर्वस्पर्शी, सह-अस्तित्व और सहयोग के माध्यम से मानव कल्याण के बृहद लक्ष्य को लेकर चल रहे थे।
— Narendra Modi (@narendramodi) December 24, 2020
विश्व भारती के लिए गुरुदेव का यही विजन आत्मनिर्भर भारत का भी सार है। pic.twitter.com/zel7VOHWoC
विश्व भारती की स्थापना के 27 वर्ष बाद भारत आजाद हो गया था।
— Narendra Modi (@narendramodi) December 24, 2020
अब से 27 वर्ष बाद भारत अपनी आजादी के 100 वर्ष का पर्व मनाएगा।
हमें नए लक्ष्य गढ़ने होंगे, नई ऊर्जा जुटानी होगी, नए तरीके से अपनी यात्रा शुरू करनी होगी। इसमें हमारा मार्गदर्शन गुरुदेव के ही विचार करेंगे। pic.twitter.com/nTha5OJlwx
गुरुदेव ने विश्व भारती की स्थापना सिर्फ पढ़ाई के एक केंद्र के रूप में नहीं की थी। वे इसे ‘Seat of Learning’, सीखने के एक पवित्र स्थान के तौर पर देखते थे।
— Narendra Modi (@narendramodi) December 24, 2020
ऐसे में, नई राष्ट्रीय शिक्षा नीति को लागू करने में विश्व भारती की बड़ी भूमिका है। pic.twitter.com/dwMGTZfKxQ
गुरुदेव का जीवन हमें एक भारत-श्रेष्ठ भारत की भावना से भरता है।
— Narendra Modi (@narendramodi) December 24, 2020
यह दिखाता है कि कैसे विभिन्नताओं से भरा हमारा देश एक है, एक-दूसरे से कितना सीखता रहा है।
यही संस्कार गुरुदेव ने भी विश्वभारती को दिए हैं। इन्हीं संस्कारों को हमें मिलकर निरंतर मजबूत करना है। pic.twitter.com/MGZ8OLI56A