Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছ’চেম ফাউণ্ডেশ্যন উইক ২০২০ত দিয়া প্ৰধানমন্ত্ৰীৰ মুখ্য ভাষণৰ পা

এছ’চেম ফাউণ্ডেশ্যন উইক ২০২০ত দিয়া প্ৰধানমন্ত্ৰীৰ মুখ্য ভাষণৰ পা


নমস্কাৰ জী,

ASSOCHAMৰ অধ্যক্ষ শ্ৰীমান নিৰঞ্জন হীৰানন্দানী জী, এই দেশৰ জ্যেষ্ঠ উদ্যোগ জগতৰ প্ৰেৰণা পুৰুষ শ্ৰীমান ৰতন টাটা জী, দেশৰ উদ্যোগ জগতক লীডাৰশ্বিপ দিয়া সকলো বন্ধুবৰ্গ, সুধী সমাজ!

 

আমাৰ ইয়াত কোৱা হয় যে कुर्वन्नेह कर्माणि जिजीविषेत् शतं समा:! অৰ্থা কাম কৰি থাকি শত বছৰ জীয়াই থকাৰ আশা কৰক। এই কথা ASSOCHAMৰ ক্ষেত্ৰত সম্পূৰ্ণ ফিট হয়। যোৱা  ১০০ বছৰত আপোনালোক সকলোৱে দেশৰ Economyক, কোটি কোটি ভাৰতীয়ৰ জীৱনক উন্নত কৰাত লাগি আছে। এই কথাই শ্ৰীমান ৰতন টাটা জীৰ ক্ষেত্ৰত, সম্পূৰ্ণ টাটা সমূহৰ ক্ষেত্ৰতো সিমানেই সঠিক। ভাৰতৰ বিকাশত টাটা পৰিয়ালৰ, টাটা সমূহৰ তেওঁলোকৰ যোগদানৰ বাবে তেওঁলোকক আজি ইয়াত সন্মানিতও কৰা হৈছে। টাটা গ্ৰুপৰ দেশৰ বিকাশত বৃহ ভূমিকা আছে।

 

বন্ধুসকল,

যোৱা ১০০ বছৰত আপোনালোকে স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি দেশৰ বিকাশৰ যাত্ৰাৰ প্ৰতিটো উত্থান-পতনত অংশীদাৰ হৈ আহিছে। ASSOCHAMৰ প্ৰতিষ্ঠাৰ পূৰ্বে ২৭ বছৰ দাসত্বৰ অশুভ সময়ত পাৰ হৈছিল। সেই সময়ত দেশৰ স্বাধীনতা, সকলোতকৈ ডাঙৰ লক্ষ্য আছিল। সেই সময়ত আপোনালোকৰ সপোনৰ উড়ণ শৃংখলেৰে বন্ধা আছিল। এতিয়া ASSOCHAMৰ জীৱনলৈ যি পৰৱৰ্তী ২৭ বছৰ আহি আছে, সেয়া খুবেই মহত্বপূৰ্ণ। ২৭ বছৰৰ পিছত ২০৪৭ত দেশে নিজৰ স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ কৰিব। আপোনালোকৰ ওচৰত শিকলি নহয়, আকাশ স্পৰ্শ কৰাৰ সম্পূৰ্ণ স্বাধীনতা আছে আৰু আপোনালোকে ইয়াৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিব লাগে। এতিয়া অনাগত বছৰবিলাকত আত্মনিৰ্ভৰ ভাৰতৰ বাবে আপোনালোকে সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰা দৰকাৰ। এই সময়ত পৃথিৱী চতুৰ্থ ঔদ্যোগিক ক্ৰান্তিৰ ফালে দ্ৰুতগতিত আগুৱাই আছে। নতুন টেকনলজিৰ ৰূপত Challengesও আহিব আৰু তাৰ নতুন সৰল Solutionsও আহিব আৰু সেয়ে আজি সেই সময় হৈছে, য’ত আমি প্লানো কৰিব লাগিব আৰু এক্টো কৰিব লাগিব। আমি প্ৰতিটো বছৰৰ, প্ৰতিটো লক্ষ্যক Nation Buildingৰ এটা Larger Goalৰ সৈতে সংলগ্ন হ’ব লাগিব।

 

বন্ধুসকল,

অহা ২৭ বছৰ ভাৰতৰ Global Role নিৰ্দ্ধাৰণ কৰিব লাগিব ইমানেই নহয়, বৰং ই আমি ভাৰতীয়ৰ Dreams আৰু Dedication, উভয়কে ত্বৰান্বিত কৰিব। এই সময়ত ভাৰতীয় ইণ্ডাষ্ট্ৰীৰ ৰূপত আপোনালোকৰ Capability, Commitment আৰু Courage বিশ্বক আমি এবাৰ বিশ্বাস সহকাৰে দেখুৱাই দিব লাগে। আৰু আমাৰ চেলেঞ্জ কেৱল আত্মনিৰ্ভৰতাই নহয়। বৰং আমি এই লক্ষ্যক কিমান সোনকালে আহৰণ কৰিম, ইও সিমানেই গুৰুত্বপূৰ্ণ।

 

বন্ধুসকল,

ভাৰতৰ সফলতাক লৈ আজি বিশ্বত যিমান Positivity আছে, সম্ভৱ সিমান আগতে কেতিয়াও নাছিল। এই Positivity আহিছে ১৩০ কোটিৰ অধিক ভাৰতীয়ৰ অভূতপূৰ্ব আত্মবিশ্বাসৰ পৰা। এতিয়া অগ্ৰসৰ হ’বৰ বাবে ভাৰতে নতুন পথ নিৰ্মাণ কৰি আছে, নতুন উদ্যমেৰে অগ্ৰসৰ হৈ আছে।

 

বন্ধুসকল,

প্ৰতিটো খণ্ডৰ বাবে চৰকাৰৰ নীতি কি, ৰণনীতি কি, পূৰ্বৰ আৰু বৰ্তমানত কি পৰিৱৰ্তন হৈছে, ইয়াক লৈ বিগত ছেছনবিলাকত চৰকাৰৰ মন্ত্ৰীসকল আৰু অন্য সংগীসকলে আপোনালোকৰ সকলোৰে লগত বিস্তৃতভাবে চৰ্চা কৰিছে। এটা সময়ত আমাৰ ইয়াত যি পৰিস্থিতি আছিল, তাৰ পিছত কোৱা হৈছিল-Why India। এতিয়া যি Reforms দেশত হৈছে, তাৰ যি প্ৰভাৱ দেখা গৈছে, তাৰ পিছত কোৱা হৈ আছে-‘Why not India’ এতিয়া যেনেকৈ আগতে কোৱা হৈছিল যে যিহেতু টেক্স ৰেট ইমান বেছি, সেয়ে Why India? এতিয়া সেইসকল লোকেই কয় যে য’ত সকলোতকৈ অধিক competitive tax rates আছে, তেনেহ’লে Why not India? আগতে ৰেগুলেচনছ আৰু ৰুলছৰ জাল আছিল সেয়ে স্বাভাৱিকভাৱেই বিনিয়োগকাৰীয়ে সাধিছিল যে Why India? আজি তেওঁলোকেই কৈ আছে যে লেবাৰ লত ease of compliance আছে তেন্তে Why not India? আগতে প্ৰশ্ন হৈছিল যে ইমান Red Tape যিহেতু আছে, Why India? এতিয়া সেই লোকসকলেই যেতিয়া Red Carpet পাৰি থোৱা দেখে তেতিয়া কয় Why not India? আগতে অভিযোগ উঠিছিল যে Innovationৰ কালচাৰ সিমান নাই যিহেতু Why India? আজি ভাৰতৰ start-ups ecosystemsৰ শক্তি দেখি বিশ্বই বিশ্বাসেৰে কৈ আছে, Why not India? আগতে সোধা হৈছিল যে প্ৰতিটো কামত ইমান চৰকাৰী দখল আছে, তেন্তে Why India? আজি যেতিয়া প্ৰাইভেট পাৰ্টিচিপেচনৰ ওপৰত ভৰষা কৰি থকা হৈছে, বিদেশী বিনিয়োগকাৰীক encourage কৰি থকা হৈছে, তেতিয়া সেই লোকসকলেই সুধি আছে, Why not India? আগতে অভিযোগ উঠিছিল যে ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ অভাৱৰ বাবে কাম সম্ভৱ নহয়, তেন্তে Why India? আজি যেতিয়া ইমান আধুনিক digital ecosystems আমাৰ ইয়াত আছে সেয়ে ছেণ্টিমেণ্ট আছে, Why not India?

 

বন্ধুসকল,

নতুন ভাৰতে নিজৰ সামৰ্থ্যৰ ওপৰত ভৰষা কৰি, নিজৰ সম্পদৰ ওপৰত ভৰষা কৰি আত্মনিৰ্ভৰ ভাৰতক আগবঢ়াই আছে। আৰু এই লক্ষ্যত উপনীত হ’বলৈ মেনুফেকচাৰিঙৰ ওপৰত আমাৰ বিশেষ ফ’কাছ আছে। মেনুফেকচাৰিঙক উসাহিত কৰিবৰ বাবে আমি নিৰন্তৰ Reforms কৰি আছো। Reformsৰ লগতে Rewardsক আজি দেশৰ নীতিৰ বিশেষ মাধ্যম বনোৱা হৈছে। প্ৰথমবাৰ ১০তকৈ অধিক ছেক্টৰক efficiency আৰু productivity আধাৰিত incentivesৰ পৰিসৰলৈ অনা হৈছে। মই আনন্দিত যে বহুত কম সময়তে ইয়াৰ পজিটিভ ৰিজাল্টো দেখিবলৈ পোৱা গৈছে। এনেদৰেই উন্নত কানেক্টিভিটি, উন্নত সুবিধা আৰু Logisticsক Competitive বনাবলৈ চলি থকা সকলো প্ৰয়াসো ইণ্ডাষ্ট্ৰীৰ বাবে Rewardয়েই হয়। আমাৰ লাখ লাখ MSMEsৰ বাবে, লাগে তাৰ পৰিভাষা সলনি কৰিবলগীয়া হওক, Criteriaত সলনি কৰিবলগীয়া হওক, চৰকাৰী Contractsত Priority হওক বা Liquidityৰ সৈতে জড়িত সমস্যাৰ সমাধান কৰা হওক, এয়াও বহুত ডাঙৰ উদগনি।

 

বন্ধুসকল,

দেশে আজি কোটি কোটি যুৱকক সুযোগ দিয়া Enterprises আৰু Wealth Creatorsৰ লগত আছে। আজি ভাৰতৰ যুৱক Innovationৰ, Startupsয়ে বিশ্বত নিজৰ নাম কৰি আছে। চৰকাৰৰ এটা Efficient আৰু Friendly Ecosystem বনাবৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত আছে। এতিয়া ASSOCHAMৰ দৰে এছ’চিয়েচনে, আপোনালোকৰ সকলো সদস্যই এই কথা সুনিশ্চিত কৰিব লাগিব যে ইয়াৰ লাভ Last Mile পৰ্যন্ত যাওক। ইয়াৰ বাবে Industryৰ ভিতৰতো আপোনালোকে Reformsক Encourage কৰিব লাগিব। যি পৰিৱৰ্তন আমি নিজৰ বাবে চাব বিচাৰো, সেই পৰিৱৰ্তন আমি নিজৰ সংস্থানতো কৰিব লাগিব। যিমান Liberty, যিমান Inclusion, যিমান Hand-holding, যিমান Transparency, আপোনালোকে চৰকাৰৰ পৰা, সমাজৰ পৰা বিচাৰে, সিমানেই ইণ্ডাষ্ট্ৰীৰ ভিতৰত Womenৰ বাবে, যুৱ টেলেণ্টৰ বাবে, সৰু উদ্যোগৰ বাবে, আমি সকলোৱে সুনিশ্চিত কৰিবই লাগিব। আমি Corporate Governanceৰ পৰা লৈ Profit Sharing পৰ্যন্ত, বিশ্বৰ Best Practicesক অতি সোনকালে প্ৰয়োগ কৰিব লাগিব। Profit Centric Approachৰ সৈতেই আমি তাক Purpose Orientedও যদি বনাওঁ তেন্তে ছচাইটিৰ সৈতে অধিক Integration সম্ভৱ হ’ব।

 

বন্ধুসকল,

আপোনালোকতকৈ ভালদৰে এই কথা কোনে বুজিব পাৰিব যে Honest opinionৰ উন্নত decision makingত কিমান ডাঙৰ ভূমিকা আছে। কেইবাবাৰো আমি এনেকুৱা মানুহ পাওঁ, কয় যে এই শ্বেয়াৰ বঢ়িয়া, এই ছেক্টৰ বঢ়িয়া, ইয়াত ইনভেষ্ট কৰি দিয়া। কিন্তু আমি প্ৰথমতে চাওঁ যে সেই পৰামৰ্শ দিয়াজন, প্ৰশংসা কৰোতা, নিজেও তাত invest কৰি আছে নে নাই কৰা? এই কথাই economiesৰ ওপৰতো প্ৰযোজ্য হয়। আজি Indian economyৰ ওপৰত পৃথিৱীৰ ভৰষা আছে, ইয়াৰ প্ৰমাণ আছে। Pandemicৰ সময়ত যেতিয়া সমগ্ৰ পৃথিৱী investmentৰ বাবে চিন্তিত, সেই সময়ত ভাৰতত  ৰেকৰ্ড FDI বা PFI আহিছে। বিশ্বৰ এই confidence নতুন স্তৰত উপনীত হওক, ইয়াৰ বাবে, domesticallyও আমি নিজৰ investmentক কেইবাগুণ বৃদ্ধি কৰিব লাগিব। আজি আপোনালোকৰ ওচৰত প্ৰত্যেক ছেক্টৰত ইনভেষ্টমেণ্টৰ বাবে সম্ভাৱনাও আছে আৰু নতুন সুযোগো আছে।

 

বন্ধুসকল,

বিনিয়োগৰ আৰু এটা পক্ষ আছে যাৰ চৰ্চা আৱশ্যকীয়। এইটো হৈছে ৰিছাৰ্চ এণ্ড ডেভেলপমেন্ট-R & Dত হ’বলগীয়া বিনিয়োগ। ভাৰতত R&Dত বিনিয়োগ বঢ়োৱাৰ বহুত প্ৰয়োজন আছে। আমেৰিকাৰ দৰে দেশত য’ত R&Dত ৭০% বিনিয়োগ প্ৰাইভেট ছেক্টৰৰ হয়, আমাৰ ইয়াত সিমানেই পাব্লিক ছেক্টৰৰ দ্বাৰা কৰা হয়। ইয়াতো এটা ডাঙৰ অংশ IT, Pharma আৰু transport ছেক্টৰত হয়। অৰ্থা আজি আৱশ্যকীয় এইটো যে R&Dত প্ৰাইভেট ছেক্টৰৰ অংশীদাৰিত্ব বাঢ়িব লাগে। কৃষি, ডিফেঞ্চ, স্পেচ, এনাৰ্জি, কনষ্ট্ৰাকচন, অৰ্থা প্ৰতিটো ছেক্টৰত, প্ৰতিটো সৰু-বৰ কোম্পানীয়ে R&Dৰ বাবে এক নিশ্চিত এমাউণ্ট নিৰ্দ্ধাৰণ কৰা দৰকাৰ।

 

বন্ধুসকল,

আজি যেতিয়া Localক Global কৰিবলৈ আমি মিছন ম’ডত আগবাঢ়ি আছো, সেয়ে আমি প্ৰত্যেক Geopolitical Developmentৰ ওপৰত দ্ৰুতগতিত ৰিয়েক্ট কৰিব লাগিব। গ্ল’বেল ছাপ্লাই চেইনত অহা যিকোনো আকস্মিকভাবে অহা ডিমাণ্ডক ভাৰতে কেনেকৈ সম্পূৰ্ণ কৰিব, ইয়াৰ বাবে এক প্ৰভাৱশালী মেকানিজম হোৱা জৰুৰী। ইয়াত আপোনালোকে বিদেশ মন্ত্ৰালয়ৰো সহায় ল’ব পাৰে।

 

কোভিডৰ এই সংকটৰ সময়ত আমি দেখিছো যে বিদেশ মন্ত্ৰালয়ৰ সম্পূৰ্ণ নেটৱৰ্কৰ উন্নত ব্যৱহাৰ হ’লে কেনেকৈ আমি দ্ৰুতগতিত নিজৰ লক্ষ্য আহৰণ কৰিব পাৰো। বিদেশ মন্ত্ৰালয়ে Commerce & Trade আৰু ASSOCHAMৰ দৰে ইণ্ডাষ্ট্ৰীৰ সংগঠনৰ মাজত উন্নত ভাৰসাম্য আজি সময়ৰ দাবী। মই আপোনালোকক আহ্বান জনাম যে Global Transformationsৰ ওপৰত দ্ৰুতগতিত ৰিয়েক্ট কৰিবলৈ, দ্ৰুতগতিত response কৰিবলৈ মেকানিজম উন্নত কেনেকৈ হ’ব, ইয়াৰ বাবে আপোনালোকে আমাক নিশ্চিতভাৱে নিজৰ পৰামৰ্শ দিয়ক। আপোনালোকৰ পৰামৰ্শ মোৰ বাবে বহুত মূল্যৱান।

 

বন্ধুসকল,

ভাৰতে নিজৰ প্ৰয়োজনীয়তা পূৰণ কৰি পৃথিৱীৰ সহায় কৰিবলৈও সক্ষম। Farmersৰ পৰা Pharmaলৈকে ভাৰতে এই কাম কৰি দেখুৱাইছে। কৰোণা কালতো বহু বিপদ সত্বেও ভাৰতে Pharmacy of the worldৰ দায়িত্ব পালন কৰি বিশ্বজুৰি আৱশ্যকীয় ঔষধৰ যোগান ধৰিছে। এতিয়া ভেক্সিনৰ ক্ষেত্ৰতো ভাৰতে নিজৰ আৱশ্যকতা তো পূৰণ কৰিবই, বিশ্বৰ অনেক দেশৰ আশাও পূৰ্ণ কৰিব।

 

বন্ধুসকল,

Rural আৰু Urban divide কম কৰিবলৈ যি প্ৰয়াস চৰকাৰে যোৱা ৬ বছৰ ধৰি কৰি আছে, Industryয়ে সেই প্ৰয়াসক Multiply কৰিব পাৰে। ASSOCHAMৰ মেম্বাৰ্ছে আমাৰ গাঁৱৰ Productsক গ্ল’বেল প্লেটফৰ্ম দিয়াৰ ক্ষেত্ৰত বহুত সহায় কৰিব পাৰে। আজিকালি আপোনালোকে হয়তো দেখিছে শুনিছে যে কোনো ষ্টাডী আহি গৈছে যে এই বস্তুটোত বহুত প্ৰ’টিন আছে, ই বহুত প্ৰ’টিনৰিচ, তেতিয়া মানুহে তাক খাবলৈ আৰম্ভ কৰি দিয়ে। আমি তাক ইম্প’ৰ্ট কৰিবলৈ আৰম্ভ কৰি দিওঁ। আমি নাজানো যে আমাৰ ঘৰত আমাৰ টেবুলত আমাৰ কাঁহীত কেনেকৈ বিদেশী বস্তু সোমাই গ’ল। আমাৰ ইয়াত দেশত এনেকুৱাই বস্তুৰ কিমান ডাঙৰ ভাণ্ডাৰ আছে। আৰু এই ভাণ্ডাৰ দেশৰ কৃষকৰ ওচৰত আছে, দেশৰ গাঁওসমূহত আছে। আমাৰ অৰ্গেনিক ফাৰ্মিং, হাৰ্বেল প্ৰডাক্টত এনেকুৱা বহুত বস্তু আছে যাক ASSOCHAMৰ দ্বাৰা প্ৰম’ট কৰা উচিত, পৃথিৱীৰ বজাৰত ভাৰতৰ জন্মদাতাসকলৰ ডংকা বজা উচিত। ইয়াৰ সৈতে জড়িত কম্পিটিচন আৰু তাৰ বাবে ধাৰাবাহিকভাৱে প্ৰতিদ্বন্দ্বিতা হৈ থাকক, competition কৰাই, ইয়াৰ প্ৰচাৰ-প্ৰসাৰ কৰি, ইয়াৰ ষ্টাৰ্টআপবিলাকক উদগণি দি, আপোনালোকে এই কাম কৰিব পাৰে। ভাৰত চৰকাৰ হওক, ৰাজ্য চৰকাৰ হওক, ফাৰ্ম অৰ্গেনাইজেছন হওক, সকলোৱে লগ হৈ এই দিশত কাম কৰাৰ প্ৰয়োজন আছে। যদি আমাৰ Farm Sectorয়ে উন্নত প্ৰমোচন পায়, উন্নত ইনফ্ৰাষ্ট্ৰাকচাৰ পায়, উন্নতা মাৰ্কেট পায়, তেন্তে আমাৰ সমগ্ৰ গ্ৰামীণ অৰ্থ ব্যৱস্থা আশাব্যঞ্জক হৈ উঠিব।

 

বন্ধুসকল,

২১শ শতিকাৰ আৰম্ভনিতে অটল জীয়ে ভাৰতক highwaysৰে connect কৰাৰ লক্ষ্য লৈছিল। আজি দেশত Physical আৰু Digital Infrastructureৰ ওপৰত বিশেষ ফ’কাছ কৰি থকা হৈছে। গাঁৱৰ কৃষকৰ Reachও Digitally Global Markets পৰ্যন্ত হওক, ইয়াৰ বাবে প্ৰতিখন গাঁৱলৈকে ব্ৰডবেণ্ড কানেক্টিভিটিৰ ব্যৱস্থা কৰিবলৈ আমি লাগি আছো। এইদৰে আমাৰ IT ছেক্টৰক অধিক শক্তি দিবৰ বাবে IT আৰু BPOছেক্টৰৰ বাধাবিলাকো আঁতৰ কৰা হৈছে। Digital Spaceৰ ছিকিউৰিটীৰ বাবে এটাৰ পিছত এটাকৈ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

 

বন্ধুসকল,

উন্নত ইনফ্ৰাষ্ট্ৰাকচাৰৰ নিৰ্মাণৰ বাবে Fundingৰ সৈতে জড়িত সকলো Avenueৰ ব্যৱহাৰ কৰিব পৰা যায়। পাব্লিক ছেক্টৰৰ বেংকবিলাকক শক্তিশালী কৰা, Bond Marketsৰ সম্ভাৱনা বঢ়োৱা, এয়া সেই দিশৰে প্ৰয়াস। এনেদৰেই Sovereign Wealth Funds আৰু Pension Fundsক টেক্সত ৰেহাই দিয়া হৈছে, REITs আৰু INVITsক প্ৰমোট কৰা হৈছে। ইনফ্ৰাষ্ট্ৰাকচাৰৰ সৈতে জড়িত assetsকো Monetize কৰি থকা হৈছে।

 

বন্ধুসকল,

জৰুৰী সুবিধাসমূহ দিয়া, সঠিক বাতাবৰণ নিৰ্মাণ কৰা এয়া চৰকাৰে কৰিব পাৰে। চৰকাৰে উদ্গনি দিব পাৰে, চৰকাৰে নীতি সলনি কৰিব পাৰে। কিন্তু এয়া আপোনালোকৰ দৰে ইণ্ডাষ্ট্ৰীৰ সৈতে জড়িত বন্ধুসকলেহে এই ছাপ’ৰ্টক সফলতাত পৰিণত কৰিব। আত্মনিৰ্ভৰ ভাৰতৰ সপোন সাকাৰ কৰিব, ইয়াৰ বাবে নিয়ম-কৌশলৰ প্ৰয়োজনীয় পৰিৱৰ্তনৰ বাবে দেশে মন স্থিৰ কৰিছে, দেশ সংকল্পবদ্ধ। যোৱা ৬ বছৰত আমি ১৫০০তকৈ অধিক পুৰণি কানুন শেষ কৰিছো। দেশৰ আৱশ্যকতাৰ প্ৰতি লক্ষ্য ৰাখি নতুন কানুন প্ৰস্তুত কৰাৰ কামো নিৰন্তৰ চলি আছে। ৬ মাহৰ আগতে যি কৃষি সংস্কাৰ কৰা হৈছে, তাৰ সুফলো এতিয়া কৃষকে পাবলৈ আৰম্ভ কৰিছে। আমি সকলোৱে আত্মনিৰ্ভৰ ভাৰতৰ নিৰ্মাণত একনিষ্ঠ হৈ, সংকল্পবদ্ধ হৈ আগবাঢ়িব লাগিব। ASSOCHAMৰ আপোনালোক সকলো বন্ধুক অনাগত বছৰৰ বাবে মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা, শ্ৰীমান ৰতন টাটা জীকো মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা আৰু ASSOCHAMয়ে নতুন উচ্চতা অতিক্ৰম কৰক আৰু ২০৪৭ স্বাধীনতাৰ এশ বছৰ আপোনালোকৰ বাবে next ২৭ years সেই লক্ষ্য লৈ আজিৰ এই আপোনালোকৰ শতাব্দী সমাৰোহ সম্পন্ন হ’ব এনেকুৱা মোৰ সম্পূৰ্ণ বিশ্বাস আছে। পুনৰ এবাৰ আপোনালোকক বহুত বহুত ধন্যবাদ।

 

ধন্যবাদ!

 

*****

DS/SH/DK