মহামান্য প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা জী, নমস্কাৰ।
বিজয় দিৱসৰ বহুত অভিনন্দন আৰু পৌশ পৰ্বনৰ শুভেচ্ছা জ্ঞাপন কৰিলো।
আজি সমগ্ৰ বিশ্বই ভাৰ্চুৱেল সন্মিলন আয়োজন কৰিছে। কিন্তু আপোনাৰ আৰু মোৰ বাবে এই মাধ্যম নতুন নহয়। আমি বহু বছৰ ধৰি ভিডিঅ’কনফাৰেন্সৰ মাধ্যেমেৰে মতবিনিময় কৰি আহিছো।
ভিডিঅ’কনফাৰেন্সৰ মাধ্যেমেৰে আমি বহু সময়ত প্ৰকল্প মুকলি আৰু উদ্বোধনো কৰিছো।
মহামান্য,
বিজয় দিৱস উপলক্ষে আজি আমাৰ বৈঠক বিশেষ গুৰুত্বপূৰ্ণ হৈ পৰিছে।
আপোনাৰ সৈতে বাংলাদেশৰ ঐতিহাসিক বিজয় দিৱস উদযাপন কৰিবলৈ পোৱাটো আমাৰ বাবে এক গৌৰৱৰ বিষয়।
বাংলাদেশে আজি স্বাধীনতাৰ ৪৯বছৰ সম্পূৰ্ণ কৰিলে। মই উভয় দেশৰ শ্বহীদসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো, যিয়ে দেশৰ বাবে নিজৰ জীৱন ত্যাগ কৰিছে।
বিজয় দিৱস উপলক্ষে, কালি মই ভাৰতত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছো আৰু এক ‘গ’ল্ডেন ভিক্ট’ৰী ট’ৰ্ছ’ প্ৰজ্বলিত কৰো।
এই চাৰিটা ভিক্ট’ৰী ট’ৰ্ছে সমগ্ৰ ভাৰতবৰ্ষ পৰিভ্ৰমণ কৰিব আৰু আমাৰ শ্বহীদসকলৰ গাঁওসমূহলৈ ইয়াক লৈ যোৱা হ’ব।
১৬ ডিচেম্বৰৰ পৰা আমি ‘গ’ল্ডেন ভিক্ট’ৰী বৰ্ষ’ উদযাপন কৰিছো আৰু এই সময়ছোৱাত ভাৰতৰ ভিন্ন প্ৰান্তত বহুতো অনুষ্ঠান আযোজন কৰা হৈছে।
মহামান্য,
‘মুজিব বৰ্ষ’ উপলক্ষে মই সমগ্ৰ ভাৰতবাসীৰ হৈ আপোনাক অভিনন্দন জনাইছো।
অহা বছৰ বাংলাদেশ ভ্ৰমণলৈ আমন্ত্ৰণ জনোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ সৈতে বংগবন্ধুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ পোৱাটো মোৰ বাবে এক গৌৰৱৰ ক্ষণ হ’ব।
মহামান্য,
বাংলাদেশ হ’ল আমাৰ ‘চুবুৰীয়া প্ৰথম’ নীতিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। প্ৰথম দিনাৰ পৰাই বাংলাদেশৰ সৈতে আমাৰ সম্পৰ্ক শক্তিশালী আৰু বিকশিত কৰাটো মোৰ বাবে বিশেষ প্ৰাধান্যৰ বিষয় হৈ আছে।
এয়া সত্য যে এই বছৰটো গোলকীয় মহামাৰীৰ বাবে আমাৰ বাবে প্ৰত্যাহ্বানজনক হৈ উঠিছে।
কিন্তু সন্তোষৰ বিষয়ে যে ভাৰত আৰু বাংলাদেশৰ মাজত এই কঠিন সময়তো ভাল সু-সমন্বয় অব্যাহত আছে।
ঔষধেই হওক অথবা মেডিকেল সজুলিয়েই হওক, আমাৰ স্বাস্থ্য পেছাদাৰীসকলে সুসমন্বয়েৰে কাম কৰিছে। আমি ভেকছিনৰ ক্ষেত্ৰতো সহযোগিতা অটুট ৰাখিছো। এই সন্দৰ্ভত আপোনালোকৰ প্ৰয়োজনীয়তাৰ ওপৰত আমি বিশেষভাৱে গুৰুত্ব দিম।
ছাৰ্ক ফ্ৰেমৱৰ্কৰ অধীনত বাংলাদেশৰ অৱদানৰ বাবে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো।
স্বাস্থ্যৰ বাহিৰে অন্যান্য ক্ষেত্ৰতো আমাৰ বিশেষ সম্পৰ্ক সুদৃঢ়ভাৱে আগবাঢ়িছে।
আমি ভূমি সীমান্ত বাণিজ্যৰ কঠিনতা হ্ৰাস কৰিছো আৰু উভয় দেশ মাজত যোগাযোগ ব্যৱস্থা সম্প্ৰসাৰিত কৰিছো।
এই সকলোৱে আমাৰ সম্পৰ্কক অধিক শক্তিশালী কৰাৰ লক্ষ্যক প্ৰতিফলিত কৰে।
মহামান্য,
“মুজিব চিৰন্তৰ“বাংলাদেশ বাৰ্তা হ’ল চিৰস্থায়ী। আৰু এই উদ্যমেৰে আমি তেওঁৰ লিগেচীক সন্মান জনাও।
বাংলাদেশ লিগেচী স্পষ্টকৈ প্ৰতিফলিত হয় আপোনাৰ নেতৃত্বত। লগতে, আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰতি আপোনাৰ ব্যক্তিগত দায়বদ্ধতাও অতি স্পষ্ট।
এয়া মোৰ বাবে গৌৰৱৰ বিষয় যে আজি মই বংগবন্ধুৰ সন্মানাৰ্থে এটা ডাক টিকট মুকলি আৰু বাপু আৰু বংগবন্ধু সন্দৰ্ভত এক ডিজিটেল প্ৰদৰ্শনী উদ্বোধন কৰাৰ সৌভাগ্য অৰ্জন কৰিছো।
মই আশা কৰিছো যে বাপু আৰু বংগবন্ধুৰ প্ৰদৰ্শনীয়ে আমাৰ যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিব।
মহামান্য,
এতিয়া মই আপোনাক আদৰণি ভাষণ আৰম্ভ কৰিবলৈ আমন্ত্ৰণ জনাইছো।
***********
DS/SH/MS
Addressing the India-Bangladesh virtual summit with PM Sheikh Hasina. https://t.co/ewHLRWvVLZ
— Narendra Modi (@narendramodi) December 17, 2020