মাননীয় ডাঃ লোটে শ্বেৰিং,
ভুটান আৰু ভাৰতৰ বিশিষ্ট অতিথিগণ,
নমস্কাৰ!
সকলো ভাৰতীয়ৰ দৰে মোৰ মনতো ভুটানৰ বাবে বিশেষ মৰম আৰু মিত্ৰতা আছে আৰু যেতিয়াই আপোনালোকক লগ পাও তেতিয়াই এক আপোন আপোন ভাৱ মনত জাগি উঠে৷ ভাৰত আৰু ভুটানৰ বিশিষ্ট সম্বন্ধ, আমাৰ বিশেষ মিত্ৰতা, এই দুয়োখন ৰাষ্ট্ৰৰ বাবেই অমূল্য হোৱাই নহয় বৰঞ্চ বিশ্বৰ বাবেও এক উৎকৃষ্ট উদাহৰণ৷
বিগত বৰ্ষৰ মোৰ ভুটান যাত্ৰা অনেক স্মৃতিৰে ভৰা৷ এক প্ৰকাৰে এটা এটা পল কোনো নতুন ঘটনা, নতুন উৎসাহৰে ভৰা আছিল সেয়া এক মধুৰ স্মৃতিৰে ভৰা আছিল৷ আমি আপোনালোকৰ সহযোগত ডিজিটেল, মহাকাশ আৰু উদ্ভাসিত প্ৰযুক্তিৰ দৰে ক্ষেত্ৰসমূহক অন্তৰ্ভুক্ত কৰাৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷
একবিংশ শতিকাত দুয়োখন দেশৰ মাজত আৰু বিশেষকৈ আমাৰ যুৱ প্ৰজন্মৰ বাবে ই যোগাযোগৰ নতুন সূত্ৰ হ’ব৷ মোৰ ভুটান যাত্ৰাৰ সময়ত আমি দুয়োখন দেশৰ মাজত ৰুপে’ কাৰ্ড পৰিযোজনাৰ প্ৰথম পৰ্যায়ৰ শুভাৰম্ভ কৰিছিলো৷
ইয়াৰ দ্বাৰা ভাৰতীয় নাগৰিকসকলক ভাৰতীয় বেংকৰ দ্বাৰা জাৰি কৰা কাৰ্ডৰ দ্বাৰা ভুটানত লেনদেন কৰাৰ সুবিধা লাভ কৰিছিল৷ মই এয়া জানি অতিশয় সুখী হৈছো কিয়নো ভুটানত এই পৰ্যন্ত ১১,০০০ সফল ৰুপে’ কাৰ্ডৰ লেনদেন আৰম্ভ হৈছে৷ যদি ক’ভিড-১৯ মহামাৰী নহ’লহেঁতেন তেন্তে এই সংখ্যা আৰু অধিক হ’লহেঁতেন৷
আজি আমি এই মহত্বকাংক্ষী পৰিযোজনাৰ দ্বিতীয়টো পৰ্যায় আৰম্ভ কৰিছো৷ আজি ইয়াৰ সৈতে আমি ৰুপে’ নেটৱৰ্কত ভুটানক এক ফুল পাৰ্টনাৰ হিচাপে স্বাগতম জনাইছো৷ এই সিদ্ধিৰ বাবে যিসকল ভুটানী আৰু ভাৰতীয় বিষয়াই পৰিশ্ৰম কৰিছে তেওঁলোক সকলোকে মই অভিনন্দন জনাইছো৷
আজিৰ পিছত ভুটান নেচনেল বেংকৰ দ্বাৰা জাৰি কৰা ৰুপে’ কাৰ্ডৰ কাৰ্ডধাৰকে ভাৰতত ১ লাখতকৈও অধিক এটিএম আৰু ২০ লাখতকৈও অধিক পইণ্টছ অব্ ছেল টাৰ্মিনেলৰ সুবিধা ব্যৱহাৰ কৰিব পাৰিব৷ মোৰ বিশ্বাস যে ইয়াৰ দ্বাৰা ভুটানৰ যাত্ৰীসকলে ভাৰতত শিক্ষা, স্বাস্থ্য, তীৰ্থ যাত্ৰা অথবা পৰ্যটনত বহু সুবিধা লাভ কৰিব পাৰিব৷
ইয়াৰ দ্বাৰা ভুটানত ডিজিটেল লেনদেন বৃদ্ধি হ’ব৷ বিগত কিছু বছৰত ভাৰতত ডিজিটেল লেনদেন বৃদ্ধিৰ দ্বাৰা কোটি কোটি লোকৰ জীৱনলৈ পৰিৱৰ্তন আহিছে৷
মহোদয়, বন্ধুসকল,
মহাকাশ খণ্ড আমাৰ মাজত যোগাযোগক শক্তিশালী কৰি তোলাৰ এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হিচাপে বিবেচিত হৈছে৷ ভাৰতে মহাকাশ প্ৰযুক্তিৰ ব্যৱহাৰ সদায়েই বিকাশৰ বাবে কৰিছে৷ ভাৰত আৰু ভুটানে এই উদ্দেশ্যক সাফল্যমণ্ডিত কৰি তুলিছে৷
বিগত বৰ্ষত ভুটানত মই দক্ষিণ এছিয়া ছেটেলাইট উপযোগিতাৰ বাবে গ্ৰাউণ্ড আৰ্থ ষ্টেচনৰ উদঘাটন কৰিছিলো৷ মই সুখী যে এই ষ্টেচনৰ সহায়ত ভুটান সম্প্ৰচাৰ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে দক্ষিণ এছিয়া ছেটেলাইটক অধিক প্ৰভাৱী কৰি তোলা হৈছে৷
কালি আমি বহিঃ বিশ্বৰ শান্তিপূৰ্ণ ব্যৱহাৰত সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে এক পৰিকাঠামো দস্তাৱেজত হস্তাক্ষৰ কৰিছো৷ ইয়াৰ জৰিয়তে দুয়োখন দেশৰ বিভিন্ন সংস্থাৰ মাজত সহযোগিতাৰ পথ প্ৰশস্ত হ’ব৷
ভাৰতে অলপতে নিজৰ মহাকাশ ক্ষেত্ৰ ব্যক্তিগত উদ্যমৰ বাবে মুকলি কৰিলে, বৃহৎ সংশোধনৰ কাম কৰিছে৷ ইয়াৰ দ্বাৰা সামৰ্থ, উদ্ভাৱন আৰু দক্ষতা বৃদ্ধি হ’ব৷
মই সুখী যে আগন্তুক বৰ্ষত ইছৰ’ৰ দ্বাৰা ভুটানৰ ছেটেলাইটক মহাকাশলৈ প্ৰেৰণৰ কাম দ্ৰুত গতিত সম্পন্ন কৰা হ’ব৷
ইয়াৰ বাবে ভুটানৰ চাৰিজন প্ৰতিভাশালী যুৱ মহাকাশ অভিযন্তা ডিচেম্বৰত ইছৰ’লৈ যাব৷ মই চাৰিওজন অভিযন্তাক শুভেচ্ছা জনাইছো৷ মই জানো যে ভুটানৰ মাননীয় নৃপতিয়ে নিজৰ দেশৰ বিকাশত মহাকাশ প্ৰযুক্তিক আগুৱাই নিয়াৰ ইচ্ছা প্ৰকাশ কৰিছে আৰু ইয়াৰ বাবে তেওঁ উৎসাহো প্ৰদৰ্শিত কৰিছে৷
তেওঁৰ এই বীক্ষণক বাস্তৱায়িত কৰি তোলাৰ বাবে ভাৰতে নিজৰ অনুভৱ আৰু নিজৰ সুবিধা বিনিময় কৰাৰ বাবে সম্পূৰ্ণ প্ৰস্তুত হৈ থাকিব৷ ঠিক সেইদৰে ভুটানত এক ICT-enabled knowledge-based society নিৰ্মাণ কৰাৰ উদ্দেশ্যকো মই সমৰ্থন জনাইছো৷ মই ভুটানৰ বাবে থাৰ্ড ইণ্টাৰনেচনেল গেটৱে’ উপলব্ধ কৰোৱাৰ বাবে বিএছএনএলৰ সৈতে কৰা চুক্তিক হৃদয়েৰে স্বাগতম জনাইছো৷
মহোদয়, বন্ধুসকল,
যদি আমি ব্যক্তিগত পৰ্যায়ত সাক্ষাৎকাৰ কৰি এই পৰ্ব পালন কৰিব পাৰিলে অধিক সুখী হ’লোহেঁতেন৷ কিন্তু ক’ৰোনাৰ ফলত এয়া সম্ভৱ নহ’ল৷
কিন্তু এফালে চাবলৈ গ’লে প্ৰযুক্তিৰ এই পদক্ষেপো আমি প্ৰযুক্তিৰ জৰিয়তেই সম্পন্ন কৰিছো৷
ভুটানৰ জনতা আৰু চৰকাৰে ক’ভিডৰ সংকটৰ সৈতে মোকাবিলা কৰাত যি ধৈৰ্য আৰু অনুশাসন প্ৰদৰ্শিত কৰিছে, মই তাৰ বাবে অভিনন্দন জনাইছো৷ আৰু আপোনালোক সকলোকে সুন্দৰ স্বাস্থ্য আৰু সফলতাৰ বাবে, এশ ত্ৰিশ কোটি ভাৰতীয়ৰ তৰফৰ পৰা কামনা কৰিছো৷
মই আপোনালোকক বিশ্বাস দিবলৈ বিচাৰিছো যে কঠিন সময়তো আমি ভুটানৰ সৈতে আছো আৰু আপোনালোকৰ আৱশ্যকতা আমাৰ বাবে প্ৰাথমিকতাৰ বিষয়৷
আপোনালোকক পুনৰবাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো৷ ৰাজ পৰিয়ালৰ উত্তম স্বাস্থ্যৰ কামনা কৰি তাশী দেলক!
***
DS/AKP/MANN
Boosting ties with Bhutan. https://t.co/LvRhjJNvoE
— Narendra Modi (@narendramodi) November 20, 2020