প্ৰধানমন্ত্ৰীয়ে অহা ১৩ অক্টোবৰৰ দিনৰ ১১বজাত ভিডিঅ’ কনফাৰেঞ্চৰ মাধ্যমেৰে ডঃ বালাচাহেব ভিখে পাটিলৰ আত্মজীৱনী উন্মোচন কৰাৰ লগতে প্ৰভাৰা ৰুৰেল এডুকেচন ছ’চাইটীক ‘লোকনেতে ডঃ বালাচাহেব ভিখে পাটিল প্ৰভাৰা ৰুৰেল এডুকেচন ছচাইটী’ নামেৰে পুনৰ নামাকৰণ কৰিব।
ডঃ বালাচাহেব ভিখে পাটিলে কেইবাটাও কাৰ্যকালৰ বাবে লোকসভাৰ সাংসদ ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ আত্মজীৱনীখনৰ নাম হৈছে ‘দেহ ভেচৱা কৰণী’ যাৰ অৰ্থ মহত্ কামৰ বাবে নিজৰ জীৱন উত্সৰ্গা কৰা, আৰু ইয়াক উপযুক্ত ৰূপত নামাকৰণ কৰা গৈছে কাৰণ তেওঁ কৃষি আৰু সমবায় সহ বিভিন্ন ক্ষেত্ৰত নিজৰ পথ প্ৰদৰ্শক কামৰ জৰিয়তে সমাজৰ হিতৰ বাবে নিজৰ সমগ্ৰ জীৱন সমৰ্পণ কৰি দিছে।
গ্ৰামীণ জনসাধাৰণক বিশ্বমানৰ শিক্ষা প্ৰদান আৰু কন্যা শিশুৰ সবলীকৰণৰ লক্ষ্যেৰে ১৯৬৪ চনত আহমেদ নগৰ জিলাৰ লনীত প্ৰভাৰা ৰুৰেল এডুকেচন ছ’চাইটী প্ৰতিষ্ঠা কৰা হৈছিল। এই ছ’চাইটীয়ে বৰ্তমান শিক্ষাৰ্থীসকলৰ শৈক্ষিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, শাৰীৰিক আৰু মানসিক বিকাশক মূল লক্ষ্য হিচাপে লৈ কাম কৰি আছে।
AP/SH/KG
At 11 AM tomorrow, will be releasing the autobiography of Shri Balasaheb Vikhe Patil Ji via video conferencing. His efforts towards strengthening agriculture and cooperatives will always be remembered. Do watch the programme.
— Narendra Modi (@narendramodi) October 12, 2020