Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতীয় বৈদেশিক সেৱা দিৱসত দেশৰ বৈদেশিক সেৱা বিষয়াসকললৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


ভাৰতীয় বৈদেশিক সেৱা দিৱস উপলক্ষে দেশৰ বৈদেশিক সেৱা বিষয়াসকললৈ আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনায়।

আজি এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “সকলো ভাৰতীয় বৈদেশিক সেৱা বিষয়াসকললৈ আজি আইএফএছ দিৱসৰ বহু বহু শুভেচ্ছা জনাইছো। দেশৰ প্ৰতি সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত, ৰাষ্ট্ৰীয় কল্যাণক সমূখত ৰাখি তেওঁলোকে যিদৰে কাম কৰি আহিছে সেয়া বিশ্বৰ সকলো স্থানতে প্ৰসংশাৰ যোগ্য। বন্দে ভাৰত মিছন আৰু অন্যান্য ক’ভিড সংক্ৰান্তীয় ক্ষেত্ৰত আমাৰ দেশৰ লগতে আন দেশৰ জনসাধাৰণক যিদৰে তেওঁলোকে সহায় আগবঢ়াই আহিছে সেয়া নিসন্দেহে প্ৰসংশনীয়।

 

***

VRRK/SH/RD