Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কলকাটা বন্দৰৰ নাম শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামেৰে নামাংকৃত কৰাৰ প্ৰস্তাৱলৈ কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট সভাই আজি কলকাটা বন্দৰৰ নাম ‘শ্যামা প্ৰসাদ মুখা্ৰ্জী বন্দৰ’ হিচাপে নতুনকৈ নামাকৰণৰ এক প্ৰস্তাৱলৈ অনুমোদন জনাইছে।

কলকাটা বন্দৰৰ ন্যাসৰক্ষী পৰিষদৰ যোৱা ২৫ ফেব্ৰুৱাৰী, ২০২০ত অনুষ্ঠিত সভাই বিশিষ্ট অইনজ্ঞ, শিক্ষাবিদ, চিন্তানায়ক আৰু জননেতা শ্যামা প্ৰসাদ মুখাৰ্জীয়ে দেশৰ প্ৰতি আগবঢ়াই থৈ যোৱা অনবদ্য অৰিহণাৰ স্বীকৃতি প্ৰদানৰ লক্ষ্যৰে কলকাটা বন্দৰৰ নাম ‘শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰ’ হিচাপে ঘোষণা কৰাৰ বাবে এক প্ৰস্তাৱ গৃহীত কৰিছিল।

যোৱা ১২ জানুৱাৰী, ২০২০তাৰিখে অনুষ্ঠিত কলকাটা বন্দৰৰ ডেৰশবছৰীয়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত কলকাটাবাসীৰ হেপাহৰ প্ৰতি লক্ষ্য ৰাখি বন্দৰটোৰ ন কৈ নামকৰণ কৰাৰ কথা উল্লেখ কৰি সেইদিনাই ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামেৰে নামাংকৃত কৰাৰ কথা ঘোষণা কৰা হৈছিল। পশ্চিমবংগৰ সুযোগ্য সন্তান, দেশ একত্ৰীকৰণৰ অগ্ৰণী নেতা, বংগৰ বিকাশৰ স্বপ্নদ্ৰষ্টা, দেশৰ উদ্যোগীকৰণৰ অনুপ্ৰেৰণাদাতা তথা দেশৰ বিশিষ্ট আইনজ্ঞ আছিল এইগৰাকী ব্যক্তি।

***

VRRK/SH/KB