সমূহ দেশবাসীলৈ সাদৰ প্ৰণাম যাচিছোঁ৷
ক’ৰোনা সংক্ৰমণৰ সৈতে হোৱা যুদ্ধখন আজি চাৰি মাহতকৈও অধিক হ’ল৷ এই সময়ছোৱাত সমগ্ৰ বিশ্বৰ ৪২ লাখতকৈও অধিক লোক সংক্ৰমিত হৈছে৷ ২.৭৫ লক্ষাধিক লোকৰ মৃত্যু হৈছে৷ ভাৰততো জনসাধাৰণে নিজৰ আত্মীয়-স্বজনক হেৰুৱাবলগীয়া হৈছে৷ মই সকলোৰে প্ৰতি নিজৰ সমবেদনা প্ৰকাশ কৰিছো৷
বন্ধুসকল,
এটা ভাইৰাছে সমগ্ৰ বিশ্ব তচনচ কৰি তুলিছে৷ সমগ্ৰ বিশ্বতে কোটি কোটি লোক সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে৷ সমগ্ৰ বিশ্বই জীৱন ৰক্ষাৰ যুদ্ধত নামি পৰিছে৷ আমি এনে সংকট দেখাও নাছিলো আৰু শুনাও নাছিলো৷ নিশ্চিতৰূপত এয়া মানৱ জাতিৰ বাবে অকল্পনীয় হৈ পৰিছে, এই সংকট অভুতপূৰ্ব হৈ পৰিছে৷ কিন্তু ভাগৰি পৰা, পৰাজয় বৰণ কৰা, ভাঙি পৰা মানৱ জাতিৰ তেজত নাই৷ সতৰ্ক হৈ থাকি এই যুদ্ধৰ সকলো নিয়ম পালন কৰি আমি বাচিবও লাগিব আৰু আগবাঢ়িও যাব লাগিব৷ আজি সমগ্ৰ বিশ্ব সংকটৰ সন্মুখীন হোৱাৰ সময়ত আমি এই সংকল্প অধিক শক্তিশালী কৰিব লাগিব৷ আমাৰ সংকল্প এই সংকটতকৈও বৃহৎ হ’ব লাগিব৷
বন্ধুসকল,
আমি যোৱা শতাব্দীৰ পৰাই শুনি আহিছো যে একবিংশ শতাব্দী ভাৰতৰ শতাব্দী৷ আমি ক’ৰোনাৰ পূৰ্বে বিশ্বক, বিশ্বৰ ব্যৱস্থাপনাক বিস্তাৰিতভাৱে দেখা আৰু বুজাৰ সুবিধা লাভ কৰিছো৷ ক’ৰোনাৰ সংকটৰ পিছতো বিশ্বৰ যি স্থিতি হৈছে সেয়া আমি নিৰন্তৰে দেখিছো৷ এই দুয়োটা কালখণ্ড ভাৰতৰ দৃষ্টিকোণেৰে প্ৰত্যক্ষ কৰিলে এনে ধাৰণা হয় যে একবিংশ শতাব্দী ভাৰতৰ হওক, এয়া কেৱল আমাৰ সপোনেই নহয়, এয়া আমাৰ দায়িত্বও৷ কিন্তু ইয়াৰ পথ কি? বিশ্বৰ আজিৰ স্থিতিয়ে আমাক এয়েই শিকাইছে যে ইয়াৰ এটাই পথ আছে আৰু সেয়া হ’ল ‘‘আত্মনিৰ্ভৰ ভাৰত৷’’ আমাৰ ইয়াত শাস্ত্ৰসমূহতো কোৱা হৈছে যে এষঃ পন্থাঃ অৰ্থাৎ এয়াই পথ-আত্মনিৰ্ভৰ ভাৰত৷
বন্ধুসকল,
এখন ৰাষ্ট্ৰ হিচাপে আজি আমি এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত উপস্থিত হৈছো৷ এনে ডাঙৰ বিপদে ভাৰতৰ বাবে সংকেত কঢ়িয়াই আনিছে, এক সুযোগ কঢ়িয়াই আনিছে৷ মই এক উদাহৰণৰ সৈতে নিজৰ কথা প্ৰতিপন্ন কৰিব বিচাৰিছো৷ যেতিয়া ক’ৰোনাৰ সংকট আৰম্ভ হৈছিল তেতিয়া ভাৰতত এটাও পিপিই কিট নাছিল৷ এন-৯৫ মাস্ক নামমাত্ৰহে ভাৰতত উৎপাদন হৈছিল৷ আজি এনে স্থিতি উদ্ভৱ হৈছে যে প্ৰতিদিনে ২ লাখ পিপিই কিট আৰু ২ লাখ এন-৯৫ মাস্ক ভাৰতত উৎপাদন হ’বলৈ ধৰিছে৷ এয়া সম্ভৱ হৈছে এইকাৰণেই কিয়নো ভাৰতে বিপদক সম্পদলৈ ৰূপান্তৰিত কৰিছে৷ বিপদক সম্পদলৈ ৰূপান্তৰিত কৰা ভাৰতৰ এই দৃষ্টিকোণ, আত্মনিৰ্ভৰ ভাৰতৰ আমাৰ সংকল্পৰ বাবে প্ৰভাৱী হিচাপে সিদ্ধ হ’ব৷
বন্ধুসকল,
আজি বিশ্বত আত্মনিৰ্ভৰ শব্দৰ অৰ্থ সলনি হৈছে, বিশ্বত আত্মনিৰ্ভৰতাৰ সংজ্ঞা পৰিৱৰ্তিত হৈছে৷ অৰ্থকেন্দ্ৰিক গোলকীকৰণ বনাম মানৱকেন্দ্ৰিক গোলকীকৰণৰ চৰ্চা হ’বলৈ ধৰিছে৷ বিশ্বৰ সন্মুখত ভাৰতৰ মূলভুতঃ চিন্তন আশাৰ কিৰণ হিচাপে বিবেচিত হৈছে৷ ভাৰতীয় সংস্কৃতি, ভাৰতীয় সংস্কাৰে সেই আত্মনিৰ্ভৰতাৰ কথা বৰ্ণনা কৰে যাৰ আত্মা হ’ল বসুধৈৱ কুটুম্বকম৷ ভাৰতে যেতিয়া আত্মনিৰ্ভৰতাৰ কথা কয় তাৰ অৰ্থ আত্মকেন্দ্ৰিকতা নহয়৷
ভাৰতৰ আত্মনিৰ্ভৰতাত সংসাৰৰ সুখ, সহযোগিতা আৰু শান্তিৰ চিন্তা কৰা হয়৷ যি সংস্কৃতি জগতত বিশ্বাসৰ সৃষ্টি কৰে, যি জীৱমাত্ৰৰ কল্যাণ সাধন কৰে, যি সমগ্ৰ বিশ্বকে পৰিয়াল হিচাপে আঁকোৱালি লয়, যি নিজৰ আস্থাৰ জৰিয়তে ‘‘মাতা ভূমিঃ পুত্ৰৌ অহম পৃথ্বীঃ’’ৰ চিন্তাধাৰা আঁকোৱালি লয়, যিয়ে ধৰণীক মাতৃ জ্ঞান কৰে, সেই সংস্কৃতি, সেই ভাৰতভূমি যেতিয়া আত্মনিৰ্ভৰ হৈ উঠে, তেতিয়া এক সুখী-সমৃদ্ধ বিশ্বৰ সম্ভাৱনা নিশ্চিত হৈ উঠে৷
ভাৰতৰ প্ৰগতিত সদায়েই বিশ্বৰ প্ৰগতি সমাহিত হৈ থাকে৷ ভাৰতৰ লক্ষ্যসমূহৰ প্ৰভাৱ, ভাৰতৰ কাৰ্যসমূহৰ প্ৰভাৱ বিশ্বৰ কল্যাণৰ বাবে নিয়োজিত হয়৷ যেতিয়া ভাৰত মুক্তস্থানত কৰা শৌচৰ পৰা মুক্ত হয় সেই সময়ত বিশ্বৰ ছবি পৰিৱৰ্তন হয়৷ টিবিয়েই হওক, কুপোষণেই হওক, অথবা পলিঅ’ই হওক, ভাৰতৰ অভিযানসমূহৰ প্ৰভাৱ বিশ্বৰ ওপৰত নিশ্চিতভাৱে পৰে৷ আন্তৰ্জাতিক সৌৰ সহযোগিতা গোলকীয় উত্তাপৰ বিৰুদ্ধে ভাৰতৰ এক উপহাৰ৷ আন্তৰ্জাতিক যোগ দিৱসৰ পদক্ষেপ মানৱ জীৱনক উদ্বেগৰ পৰা মুক্তি দিয়া এক উপহাৰ৷ জীৱন আৰু মৃত্যুৰ যুদ্ধত ব্যস্ত বিশ্বত আজি ভাৰতৰ ঔষধে নতুন আশাৰ উদ্দীপনা জগাইছে৷ এই পদক্ষেপসমূহৰ দ্বাৰা সমগ্ৰ বিশ্বতে ভাৰতৰ ভূয়সী প্ৰশংসা হ’বলৈ ধৰিছে, প্ৰতিজন ভাৰতীয় গৌৰৱান্বিত হৈছে৷ ভাৰতে ভাল কাম কৰিব পাৰে, মানৱ জাতিৰ কল্যাণৰ বাবে বহু কিবা দিব পাৰে বুলি আজি বিশ্ব পতিয়ন গৈছে৷ প্ৰশ্ন এয়াই যে কিদৰে? এই প্ৰশ্নৰ উত্তৰ হ’ল-১৩০ কোটি দেশবাসীৰ আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প৷
বন্ধুসকল,
আমাৰ ইতিহাস শতিকাপুৰণি গৌৰৱময় ইতিহাস৷ ভাৰত যেতিয়া সমৃদ্ধ আছিল, তেতিয়া ইয়াক সোণৰ চৰাই বুলি কোৱা হৈছিল, যেতিয়া ভাৰত সম্পন্ন আছিল তেতিয়াও সদায় বিশ্বৰ কল্যাণৰ বাবে চিন্তা কৰিছিল৷ সময় পৰিৱৰ্তন হ’ল, দেশ দাসত্বৰ বান্ধোনেৰে জৰ্জৰিত হ’ল, আমি বিকাশৰ বাবে তৎপৰ হৈ উঠিলো৷ আজি ভাৰতে বিকাশৰ দিশত সফলতাৰে খোজ পেলাইছে, তথাপিও বিশ্ব কল্যাণৰ পথত নিজকে স্থিৰ কৰি ৰাখিছে৷ মনত পেলাওক, এই শতাব্দীৰ আৰম্ভণিতে ৱাইটুকেৰ সমস্যাই দেখা দিছিল৷ ভাৰতৰ প্ৰযুক্তিৰ বিশেষজ্ঞসকলে বিশ্বক সেই সংকটৰ পৰা মুক্ত কৰিলে৷ আজি আমাৰ ওচৰত সম্বল আছে, আমাৰ ওচৰত সামৰ্থ আছে, আমাৰ ওচৰত বিশ্বৰ শ্ৰেষ্ঠতম প্ৰতভা আছে, আমি উন্নত উৎপাদন কৰিম, আমাৰ গুণগতমান বৃদ্ধি কৰিম৷ যোগান শৃংখলা অত্যাধুনিক কৰিম৷ আমি এয়া কৰিব পাৰো আৰু নিশ্চিতভাৱে কৰিম৷
বন্ধুসকল,
মই নিজৰ চকুৰে কচ্ছ ভূমিকম্পৰ সেই সংহাৰ দেখিছো৷ চৌদিশে কেৱল ভগ্নাৱশেষ৷ সকলো ধ্বংস হৈ গৈছিল৷ এনে ধাৰণা হৈছিল, কচ্ছই যেন মৃত্যুৰ চাদৰ উৰি লৈছে৷ সেই পৰিস্থিতিত কোনেও ভাবিব পৰা নাছিল যে সেই অৱস্থাৰ পৰিৱৰ্তন হ’ব৷ কিন্তু চাওতে চাওতে কচ্ছই মূৰ ডাঙি উঠিল, কচ্ছ আগুৱাই গ’ল৷ এয়াৰ আমাৰ ভাৰতীয়সকলৰ সংকল্প শক্তি৷ আমি যদি মনত বল বান্ধি লও তেন্তে কোনো লক্ষ্য, কোনো পথেই আমাৰ বাবে অসম্ভৱ নহয়৷ আৰু আজি পথো আছে, সদিচ্ছাও আছে৷ এয়াই হ’ল ভাৰতক আত্মনিৰ্ভৰশীল কৰি তোলা৷ ভাৰতৰ সংকল্পশক্তি এনে যে আজি ভাৰত আত্মনিৰ্ভৰশীল হ’ব পাৰে৷
বন্ধুসকল,
আত্মনিৰ্ভৰশীল ভাৰতৰ এই ভব্য সংৰচনা পাঁচটা স্তম্ভৰ ওপৰত থিয় হ’ব৷ প্ৰথম স্তম্ভ অৰ্থনীতিৰ যি ক্ৰমাগত পৰিৱৰ্তন নহয়, এয়া হ’ব কোৱাণ্টাম জাঁপ৷ দ্বিতীয় স্তম্ভ আন্তঃগাঁথনি যি আধুনিক ভাৰতৰ পৰিচয় হ’ব৷ তৃতীয়টো স্তম্ভ আমাৰ প্ৰণালী যি বিগত শতাব্দীৰ ৰীতি-নীতি নহয়, বৰঞ্চ একবিংশ শতিকাৰ সপোন পূৰণ কৰিব পৰা প্ৰযুক্তিচালিত ব্যৱস্থাৰ ওপৰত আধাৰিত হ’ব৷ চতুৰ্থটো স্তম্ভ আমাৰ জনসংখ্যা যি বিশ্বৰ সবাতোকৈ বৃহৎ অনুনাদশীল জনসংখ্যা আমাৰ শক্তি হিচাপে বিবেচিত হ’ব, আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে আমাৰ শক্তিৰ স্ৰোত হ’ব৷ পঞ্চমটো স্তম্ভ চাহিদা- আমাৰ অৰ্থব্যৱস্থাত চাহিদা আৰু যোগান শৃংখলাৰ যি চক্ৰ আছে, যি শক্তি আছে, সেয়া সম্পূৰ্ণ ক্ষমতাৰ সৈতে ব্যৱহাৰ কৰাটো আৱশ্যক৷ দেশত চাহিদা বৃদ্ধিৰ বাবে, চাহিদা পূৰণৰ বাবে আমাৰ যোগান শৃংখলাৰ প্ৰতিজন ষ্টেকহ’ল্ডাৰ সৱলীকৃত হোৱাটো আৱশ্যক৷ আমাৰ যোগান শৃংখলা, আমাৰ চাহিদাৰ সেই ব্যৱস্থাক এইদৰে শক্তিশালী কৰিম য’ত আমাৰ দেশৰ মাটিৰ গোন্ধ থাকিব, আমাৰ শ্ৰমিকসকলৰ ঘামৰ সুবাস থাকিব৷
বন্ধুসকল,
ক’ৰোনা সংকটৰ সন্মুখীন হওতে, নতুন সংকল্পৰ সৈতে আজি মই এক বিশেষ আৰ্থিক পেকেজৰ কথা ঘোষণা কৰিছো৷ এই আৰ্থিক পেকেজে ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ৰ গুৰুত্বপূৰ্ণ অংশ হিচাপে কাম কৰিব৷
বন্ধুসকল,
অলপতে চৰকাৰে ক’ৰোনা সংকটৰ সৈতে জড়িত যি আৰ্থিক ঘোষণা কৰিছিল, যি ৰিজাৰ্ভ বেংকৰ সিদ্ধান্ত আছিল আৰু আজি যি আৰ্থিক পেকেজৰ ঘোষণা হৈছে, সেয়া যোগ কৰি কৰিলে প্ৰায় ২০ লাখ কোটি টকা হয়৷ এই পেকেজ ভাৰতৰ জিডিপিৰ প্ৰায় ১০ শতাংশ হয়৷
ইয়াৰ জৰিয়তে দেশৰ বিভিন্ন শ্ৰেণীয়ে, আৰ্থিক ব্যৱস্থাৰ পৰ্যায়সমূহে ২০ লাখ কোটি টকাৰ সম্বল লাভ কৰিব, সমৰ্থন লাভ কৰিব৷ ২০ লাখ কোটি টকাৰ এই পেকেজ ২০২০ত দেশত বিকাশৰ যাত্ৰাক, আত্মনিৰ্ভৰ ভাৰত অভিযানক এক নতুন গতি প্ৰদান কৰিব৷ আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প সিদ্ধ কৰাৰ বাবে এই পেকেজত ভূমি, শ্ৰমিক, তাৰল্য আৰু আইন, এই সকলোতে গুৰুত্ব আৰোপ কৰা হৈছে৷ এই আৰ্থিক পেকেজ আমাৰ কুটিৰ উদ্যোগ, আমাৰ লঘূ-মজলীয়া উদ্যোগ, আমাৰ এমএছএমইৰ বাবে, যি কোটি কোটি লোকৰ আজীৱিকাৰ সম্বল, যি আত্মনিৰ্ভৰ ভাৰতৰ আমাৰ সংকল্পৰ মজবুত আধাৰ৷ এই আৰ্থিক পেকেজ দেশৰ সেই শ্ৰমিকসকলৰ বাবে, দেশৰ সেই কৃষকসকলৰ বাবে যি প্ৰতিটো স্থিতি, প্ৰতিটো ঋতুৰ দেশবাসীৰ বাবে অহৰ্নিশে পৰিশ্ৰম কৰে৷ এই আৰ্থিক পেকেজ আমাৰ সেই মধ্যবিত্ত শ্ৰেণীসকলৰ বাবে যিয়ে নিষ্ঠাৰে কৰ আদায় দিয়ে, দেশৰ বিকাশত নিজৰ যোগদান দিয়ে৷ এই আৰ্থিক পেকেজ সেই ভাৰতীয় উদ্যোগসকলৰ বাবে যিয়ে ভাৰতৰ আৰ্থিক সামৰ্থৰ উত্তৰণ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ৷ কাইলৈৰ পৰা আৰম্ভ কৰি আগন্তুক কেইটামান দিনলৈ বিত্ত মন্ত্ৰীয়ে আপোনালোকক ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ৰ এই আৰ্থিক পেকেজৰ সবিশেষ বিৱৰণ প্ৰদান কৰিব৷
বন্ধুসকল,
আত্মনিৰ্ভৰ ভাৰত সৃষ্টি কৰিবলৈ সাহসিক সংশোধনৰ প্ৰতিশ্ৰুতিৰ সৈতে এতিয়া দেশে আগবঢ়াটো অনিবাৰ্য হৈ পৰিছে৷ আপোনালোকেও অনুভৱ কৰিছে যে বিগত ছটা বছৰত যিমানবোৰ সংশোধন হৈছে তাৰবাবে আজি সংকটৰ এই সময়চো ভাৰতৰ ব্যৱস্থা অধিক সক্ষম, অধিক সামৰ্থৱান হোৱাটো পৰিলক্ষিত হৈছে৷ অন্যথা এনেদৰে কোনে ভাবিব পাৰে যে ভাৰত চৰকাৰে যি ধন প্ৰদান কৰিব সেয়া সম্পূৰ্ণৰূপে দৰিদ্ৰৰ পকেটলৈ যাব, কৃষকৰ পকেটলৈ যাব৷ এয়াও তেতিয়া সম্পন্ন হ’ল যেতিয়া সমূহ চৰকাৰী বিভাগসমূহ বন্ধ আছিল, পৰিবহণ বন্ধ আছিল৷ জনধন-আধাৰ-ম’বাইল-জেএএমৰ ত্ৰিশক্তিৰ সৈতে জড়িত এয়া কেৱল এক সংশোধন আছিল যাৰ প্ৰভাৱ আমি সকলোৱে দেখিলো৷ এতিয়া সংশোধনৰ সেই পৰিসৰ ব্যাপক কৰি তুলিব লাগিব, নতুন উচ্চতা প্ৰদান কৰিব লাগিব৷
এই সংশোধন কৃষিৰ সৈতে জড়িত সম্পূৰ্ণ যোগান শৃংখলত হ’ব যাতে কৃষকো সশক্ত হওক আৰু ভৱিষ্যতে ক’ৰোনা দৰে আন কোনো সংকটৰ প্ৰভাৱো যাতে কৃষিত কম হয়৷ এই সংশোধন, যাদৃচ্ছিক কৰ প্ৰণালী, সৰল আৰু স্পষ্ট নিয়ম-নীতি, উত্তম আন্তঃগাঁথনি, সমৰ্থ আৰু সক্ষম মানৱ সম্পদ আৰু শক্তিশালী বিত্তীয় প্ৰণালীৰ নিৰ্মাণৰ বাবে হ’ব৷ এই সংশোধনে ব্যৱসায়ক উৎসাহিত কৰিব, বিনিয়োগকাৰীক আকৰ্ষিত কৰিব আৰু মেক ইন ইণ্ডিয়াৰ আমাৰ এই সংকল্পক সশক্ত কৰি তুলিব৷
বন্ধুসকল,
আত্মনিৰ্ভৰতা, আত্মবল আৰু আত্মবিশ্বাসৰ দ্বাৰাহে সম্ভৱ হয়৷ আত্মনিৰ্ভৰতাই বিশ্বজনীন যোগান শৃংখলাৰ সকলো স্পৰ্ধাৰ বাবে দেশক প্ৰস্তুত কৰি তোলে৷ আৰু আজি সময়ৰ এয়া দাবী যে ভাৰত প্ৰতিটো স্পৰ্ধাত বিজয়ী হওক, বিশ্বজনীন যোগান শৃংখলাত বৃহৎ ভূমিকা পালন কৰক৷ এয়া অনুধাৱন কৰি আৰ্থিক পেকেজত অনেক ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ দ্বাৰা আমাৰ সকলো খণ্ডৰ দক্ষতা বৃদ্ধি হ’ব আৰু গুণগতমানো সুনিশ্চিত হ’ব৷
বন্ধুসকল,
এই সংকট ইমানেই বৃহৎ যে ই বিশাল ব্যৱস্থাকো কঁপাই তুলিছে৷ কিন্তু এই পৰিস্থিতিত আমি, দেশৰ দৰিদ্ৰ ভাই-ভনীসকলৰ সংঘৰ্ষ শক্তিয়ে, তেওঁলোকৰ সংযম শক্তিক প্ৰতিফলিত কৰি তুলিছে৷ বিশেষকৈ আমাৰ পথৰ ব্যৱসায়ীসকল, ঠেলা ব্যৱসায়ীসকল, পদপথত সামগ্ৰী বিক্ৰী কৰোঁতাসকল, যি আমাৰ শ্ৰমিক সহযোগী, যি ঘৰে ঘৰে কাম কৰে, তেওঁলোকে এই সময়ছোৱাত বহু তপস্যা কৰিছে, বহু ত্যাগ কৰিছে৷ এনে কোন আছে যিয়ে তেওঁলোকৰ অনুপস্থিতি অনুভৱ কৰা নাই৷
এতিয়া আমাৰ কৰ্তব্য এয়াই যে তেওঁলোকক সশক্ত কৰি তোলা, তেওঁলোকৰ আৰ্থিক হিতৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰা৷ ইয়াৰ গুৰুত্ব অনুধাৱন কৰি দৰিদ্ৰই হওক, শ্ৰমিকেই হওক, প্ৰবাসী মজদুৰেই হওক, পশুপালকেই হওক, আমাৰ মাছমৰীয়া বন্ধুসকলেই হওক, সংগঠিত অথবা অসংগঠিত কেন্দ্ৰই হওক, সকলোৰে বাবে আৰ্থিক পেকেজত কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ঘোষণা কৰা হ’ব৷
বন্ধুসকল,
ক’ৰোনা সংকটে আমাক স্থানীয় নিৰ্মাণ, স্থানীয় বজাৰ, স্থানীয় যোগান শৃংখলাৰ মহত্ব অনুধাৱন কৰাইছে৷ সংকটৰ এই সময়ছোৱাত স্থানীয় সামগ্ৰীয়েই আমাৰ চাহিদা পূৰণ কৰিছে, আমাক এই স্থানীয় সামগ্ৰীয়েই ৰক্ষা কৰিছে৷ স্থানীয় সামগ্ৰী কেৱল আৱশ্যকতা নহয়, আমাৰ দায়িত্বও৷ সময়ে আমাক শিকাইছে যে স্থানীয় সামগ্ৰীক আমি আমাৰ জীৱনৰ মন্ত্ৰ হিচাপে গঢ়ি তুলিবই লাগিব৷
আপোনালোকে আজি যি বিশ্বজনীনৰ ব্ৰেণ্ডসমূহ প্ৰত্যক্ষ কৰিছে, সেয়াও এসময়ত স্থানীয়ই আছিল৷ কিন্তু যেতিয়া তাৰে লোকসকলে ইয়াৰ ব্যৱহাৰ আৰম্ভ কৰিলে, ইয়াৰ প্ৰচাৰ আৰম্ভ কৰিলে, সেই সামগ্ৰীৰ ব্ৰেণ্ডিং কৰিলে, গৌৰৱবোধ কৰিলে, তেতিয়া সেই সামগ্ৰী স্থানীয়ৰ পৰা বিশ্বজননীনলৈ পৰ্যৱসিত হ’ল৷ সেইবাবে, আজিৰ পৰা প্ৰতিজন ভাৰতবাসীয়ে নিজৰ ‘লোকেলৰ বাবে ভোকেল’ হ’ব লাগিব, তেওঁলোকে কেৱল স্থানীয় সামগ্ৰী ক্ৰয় কৰাই নহয়, গৌৰৱেৰে প্ৰচাৰো কৰিব লাগিব৷
মোৰ সম্পূৰ্ণ বিশ্বাস যে আমাৰ দেশে এয়া কৰিব পাৰে৷ আপোনালোকৰ প্ৰয়াসে প্ৰতিবাৰে আপোনালোকৰ প্ৰতি শ্ৰদ্ধা বঢ়াই তুলিছে৷ মই গৰ্বেৰে এটা কথা অনুভৱ কৰিব পাৰো, মনত পেলাব পাৰো৷ যেতিয়া মই আপোনালোকক, দেশৰ পৰা খাদী ক্ৰয় কৰিবলৈ আহ্বান জনাইছিলো, লগতে এয়াও কৈছিলো যে দেশৰ হস্ততাঁত কৰ্মীসকলকো সমৰ্থন জনাওক৷ আপোনালোকে চাওক, অতি কম সময়তেই খাদী আৰু হস্ততাঁত, দুয়োটাৰেই চাহিদা আৰু বিক্ৰীয়ে অভিলেখ স্থাপন কৰিলে৷ এয়াই নহয়, আপোনালোকে ইয়াক বৃহৎ ব্ৰেণ্ডলৈও পৰ্যৱসিত কৰিলে৷ ক্ষুদ্ৰ প্ৰয়াস আছিল, কিন্তু পৰিণাম পোৱা গ’ল, ভাল পৰিণাম পোৱা গ’ল৷
বন্ধুসকল,
বিভিন্ন বিশেষজ্ঞ, বিজ্ঞানীসকলে কৈছে যে ক’ৰোনা দীৰ্ঘসময়লৈ আমাৰ জীৱনৰ অংশ হৈ থাকিব৷ কিন্তু লগতে আমি এয়াও হ’ব দিবলৈ নোৱাৰো যে ক’ৰোনাৰ ফলত আমাৰ জীৱন স্তব্ধ হৈ যায়৷ আমি মাস্ক পৰিধান কৰিম, দুই গজৰ দূৰত্ব পালন কৰিম কিন্তু নিজৰ লক্ষ্যৰ পৰা বিচলিত নহও৷ সেয়ে লকডাউনৰ চতুৰ্থটো পৰ্যায় অৰ্থাৎ লকডাউন ৪ সম্পূৰ্ণ নতুন ৰূপৰেখাৰ হ’ব, নতুন নীতিৰ হ’ব৷ ৰাজ্যসমূহৰ পৰা আমি যি পৰামৰ্শ লাভ কৰিছো তাৰে আধাৰত লকডাউন ৪ৰ সৈতে জড়িত সকলো সবিশেষ আপোনালোকে ১৮ তাৰিখৰ পূৰ্বে লাভ কৰিব৷ মোৰ সম্পূৰ্ণ বিশ্বাস যে নিয়মসমূহৰ পালন কৰি আমি ক’ৰোনাৰ সৈতেও যুদ্ধ কৰিম আৰু আগলৈও ধাৱমান হ’ম৷
বন্ধুসকল,
আমাৰ ইয়াত কোৱা হয়, ‘‘সৰ্বম আত্ম বশং সুখম’’ অৰ্থাৎ যি আমাৰ বশত আছে, যি আমাৰ নিয়ন্ত্ৰণ আছে সেয়াই সুখ৷ আত্মনিৰ্ভৰতাই আমাক সুখ আৰু সন্তোষৰ সৈতে সৱলীকৰণো কৰিব পাৰে৷ একবিংশ শতাব্দীক ভাৰতৰ শতাব্দী হিচাপে গঢ়ি তোলাৰ আমাৰ দায়িত্ব, আত্মনিৰ্ভৰ ভাৰতৰ প্ৰতিজ্ঞাৰ দ্বাৰাই পূৰণ হ’ব৷ এই দায়িত্ব ১৩০ কোটি দেশবাসীৰ প্ৰাণশক্তিৰ দ্বাৰা উজ্বীৱিত হ’ব৷ আত্মনিৰ্ভৰ ভাৰতৰ এই যুগ, প্ৰতিজন ভাৰতবাসীৰ বাবে নতুন প্ৰতিজ্ঞাও হ’ব, নতুন পৰ্বও হ’ব৷
এতিয়া এক নতুন প্ৰাণশক্তি, নতুন সংকল্পশক্তিৰ সৈতে আমি আগবাঢ়িব লাগিব৷ যেতিয়া আচৰণ কৰ্তব্য ভাৱৰ দ্বাৰা সন্মিলিত হয়, নিষ্ঠাৰ সমবেশ হয়, দক্ষতাৰ পুঞ্জী হয়, তেন্তে আত্মনিৰ্ভৰ ভাৰত হোৱাৰ পৰা আমাক কোনে ৰুধিব পাৰে? আমি ভাৰতক আত্মনিৰ্ভৰ হিচাপে গঢ়ি তুলিমেই৷ এই সংকল্পৰ সৈতে, এই বিশ্বাসৰ সৈতে মই আপোনালোকলৈ শুভেচ্ছা যাচিছোঁ৷ আপোনালোকে নিজৰ স্বাস্থ্যৰ, নিজৰ পৰিয়ালৰ, আত্মীয়-স্বজনৰ ধ্যান ৰাখক৷
অশেষ ধন্যবাদ!!!
*****
VRRK/KP/MANN
सभी देशवासियों को आदर पूर्वक नमस्कार,
— PMO India (@PMOIndia) May 12, 2020
कोरोना संक्रमण से मुकाबला करते हुए दुनिया को अब
चार महीने से ज्यादा हो रहे हैं: PM @narendramodi
साथियों,
— PMO India (@PMOIndia) May 12, 2020
एक वायरस ने दुनिया को
तहस-नहस कर दिया है।
विश्व भर में करोड़ों जिंदगियां संकट का सामना कर रही हैं।
सारी दुनिया,
जिंदगी बचाने की जंग में जुटी है: PM @narendramodi
लेकिन
— PMO India (@PMOIndia) May 12, 2020
थकना,
हारना,
टूटना-बिखरना,
मानव को मंजूर नहीं है।
सतर्क रहते हुए,
ऐसी जंग के सभी नियमों का पालन करते हुए,
अब हमें बचना
भी है और
आगे भी बढ़ना है: PM @narendramodi
जब हम इन दोनों कालखंडो को भारत के नजरिए से देखते हैं तो लगता है कि
— PMO India (@PMOIndia) May 12, 2020
21वीं सदी भारत की हो,
ये हमारा सपना नहीं,
ये हम सभी की जिम्मेदारी है: PM @narendramodi
विश्व की आज की स्थिति हमें सिखाती है कि इसका मार्ग एक ही है- "आत्मनिर्भर भारत": PM @narendramodi
— PMO India (@PMOIndia) May 12, 2020
एक राष्ट्र के रूप में आज हम एक बहुत ही अहम मोड़ पर खड़े हैं।
— PMO India (@PMOIndia) May 12, 2020
इतनी बड़ी आपदा,
भारत के लिए एक संकेत लेकर आई है,
एक संदेश लेकर आई है,
एक अवसर लेकर आई है: PM @narendramodi
जब कोरोना संकट शुरु हुआ,
— PMO India (@PMOIndia) May 12, 2020
तब भारत में एक भी पीपीई (PPE) किट नहीं बनती थी।
एन-95 मास्क का भारत में नाममात्र
उत्पादन होता था।
आज स्थिति ये है कि भारत में ही
हर रोज
2 लाख PPE और
2 लाख एन-95 मास्क बनाए जा रहे हैं: PM @narendramodi
विश्व के सामने भारत का मूलभूत चिंतन,
— PMO India (@PMOIndia) May 12, 2020
आशा की किरण नजर आता है।
भारत की संस्कृति,
भारत के संस्कार,
उस आत्मनिर्भरता की बात करते हैं
जिसकी आत्मा
वसुधैव कुटुंबकम है: PM @narendramodi #AatmanirbharBharat
भारत जब आत्मनिर्भरता की बात करता है,
— PMO India (@PMOIndia) May 12, 2020
तो आत्मकेंद्रित व्यवस्था की वकालत नहीं करता।
भारत की आत्मनिर्भरता में संसार के
सुख,
सहयोग और
शांति
की चिंता होती है: PM @narendramodi #AatmanirbharBharat
जो पृथ्वी को मां मानती हो,
— PMO India (@PMOIndia) May 12, 2020
वो संस्कृति,
वो भारतभूमि,
जब आत्मनिर्भर बनती है,
तब उससे एक
सुखी-समृद्ध विश्व की संभावना भी सुनिश्चित होती है: PM @narendramodi #AatmanirbharBharat
भारत की प्रगति में तो हमेशा विश्व की प्रगति समाहित रही है।
— PMO India (@PMOIndia) May 12, 2020
भारत के लक्ष्यों
का प्रभाव,
भारत के कार्यों का प्रभाव,
विश्व कल्याण पर पड़ता है: PM @narendramodi #AatmanirbharBharat
जब भारत खुले में शौच से मुक्त होता है तो दुनिया की तस्वीर बदल जाती है।
— PMO India (@PMOIndia) May 12, 2020
टीबी हो,
कुपोषण हो,
पोलियो हो,
भारत के अभियानों का असर दुनिया पर पड़ता ही पड़ता है: PM @narendramodi #AatmanirbharBharat
इंटरनेशनल सोलर अलायंस,
— PMO India (@PMOIndia) May 12, 2020
ग्लोबर वॉर्मिंग
के खिलाफ भारत की सौगात है।
इंटरनेशनल योगा दिवस की पहल,
मानव जीवन को तनाव से मुक्ति दिलाने के लिए भारत का उपहार है: PM @narendramodi
जिंदगी और मौत की लड़ाई लड़ रही दुनिया में आज भारत की दवाइयां एक नई आशा लेकर पहुंचती हैं।
— PMO India (@PMOIndia) May 12, 2020
इन कदमों से
दुनिया भर में भारत की
भूरि-भूरि प्रशंसा होती है,
तो हर भारतीय गर्व करता है: PM @narendramodi #AatmanirbharBharat
दुनिया को विश्वास होने लगा है कि भारत बहुत अच्छा कर सकता है, मानव जाति के कल्याण के लिए बहुत कुछ अच्छा
— PMO India (@PMOIndia) May 12, 2020
दे सकता है।
सवाल यह है -
कि आखिर कैसे?
इस सवाल का भी उत्तर है-
130 करोड़ देशवासियों का आत्मनिर्भर भारत का संकल्प: PM @narendramodi #AatmanirbharBharat
आज हमारे पास साधन हैं,
— PMO India (@PMOIndia) May 12, 2020
हमारे पास सामर्थ्य है,
हमारे पास दुनिया का सबसे बेहतरीन टैलेंट है,
हम Best Products बनाएंगे,
अपनी Quality और बेहतर करेंगे,
सप्लाई चेन को और आधुनिक बनाएंगे,
ये हम कर सकते हैं और हम जरूर करेंगे: PM @narendramodi #AatmanirbharBharat
यही हम भारतीयों की संकल्पशक्ति है।
— PMO India (@PMOIndia) May 12, 2020
हम ठान लें तो कोई लक्ष्य असंभव नहीं,
कोई राह मुश्किल नहीं।
और आज तो चाह भी है,
राह भी है।
ये है भारत को आत्मनिर्भर बनाना: PM @narendramodi #AatmanirbharBharat
आत्मनिर्भर भारत की ये भव्य इमारत,
— PMO India (@PMOIndia) May 12, 2020
पाँच Pillars पर खड़ी होगी।
पहला पिलर Economy
एक ऐसी इकॉनॉमी जो Incremental change
नहीं बल्कि Quantum Jump लाए
दूसरा पिलर Infrastructure
एक ऐसा Infrastructureजो आधुनिक भारत की पहचान बने: PM @narendramodi #AatmanirbharBharat
तीसरा पिलर-
— PMO India (@PMOIndia) May 12, 2020
हमारा System-
एक ऐसा सिस्टम जो बीती शताब्दी की रीति-नीति नहीं,
बल्कि 21वीं सदी के सपनों को साकार करने वाली
Technology Driven व्यवस्थाओं पर आधारित हो: PM @narendramodi
#AatmanirbharBharat
चौथा पिलर-
— PMO India (@PMOIndia) May 12, 2020
हमारी Demography-
दुनिया की सबसे बड़ी Democracy में हमारी
Vibrant Demography
हमारी ताकत है,
आत्मनिर्भर भारत के लिए हमारी ऊर्जा का स्रोत है: PM @narendramodi #AatmanirbharBharat
पाँचवाँ पिलर-
— PMO India (@PMOIndia) May 12, 2020
Demand-
हमारी अर्थव्यवस्था में डिमांड और सप्लाई चेन का जो चक्र है,
जो ताकत है,
उसे पूरी क्षमता से इस्तेमाल किए जाने की जरूरत है: PM @narendramodi
कोरोना संकट का सामना करते हुए, नए संकल्प के साथ मैं आज एक विशेष आर्थिक पैकेज की घोषणा कर रहा हूं।
— PMO India (@PMOIndia) May 12, 2020
ये आर्थिक पैकेज,
'आत्मनिर्भर
भारत अभियान'
की अहम कड़ी के तौर पर काम करेगा: PM @narendramodi #AatmanirbharBharat
हाल में सरकार ने कोरोना संकट से जुड़ी जो आर्थिक घोषणाएं की थीं,
— PMO India (@PMOIndia) May 12, 2020
जो रिजर्व बैंक के फैसले थे,
और आज जिस आर्थिक पैकेज का ऐलान हो रहा है,
उसे जोड़ दें तो ये
करीब-करीब
20 लाख करोड़ रुपए का है।
ये पैकेज भारत की
GDP का
करीब-करीब
10 प्रतिशत है: PM @narendramodi #AatmanirbharBharat
इन सबके जरिए देश के विभिन्न वर्गों को,
— PMO India (@PMOIndia) May 12, 2020
आर्थिक व्यवस्था की कड़ियों को,
20 लाख करोड़ रुपए का संबल मिलेगा,
सपोर्ट मिलेगा।
20 लाख करोड़ रुपए का ये पैकेज, 2020 में देश की विकास यात्रा को,
आत्मनिर्भर भारत अभियान को
एक नई गति देगा: PM @narendramodi #AatmanirbharBharat
आत्मनिर्भर भारत के संकल्प को सिद्ध करने के लिए,
— PMO India (@PMOIndia) May 12, 2020
इस पैकेज में
Land,
Labour,
Liquidity
और
Laws,
सभी पर बल दिया गया है: PM @narendramodi #AatmanirbharBharat
ये आर्थिक पैकेज हमारे
— PMO India (@PMOIndia) May 12, 2020
कुटीर उद्योग,
गृह उद्योग,
हमारे लघु-मंझोले उद्योग,
हमारे MSME के लिए है,
जो करोड़ों लोगों की आजीविका का साधन है,
जो आत्मनिर्भर भारत के हमारे संकल्प का मजबूत आधार है: PM @narendramodi #AatmanirbharBharat
ये आर्थिक पैकेज देश के उस श्रमिक के लिए है,
— PMO India (@PMOIndia) May 12, 2020
देश के उस किसान के लिए है
जो हर स्थिति,
हर मौसम में देशवासियों के लिए दिन रात परिश्रम कर रहा है।
ये आर्थिक पैकेज हमारे देश के मध्यम वर्ग के लिए है,
जो ईमानदारी से टैक्स देता है,
देश के विकास में अपना योगदान देता है: PM @narendramodi
आपने भी अनुभव किया है कि बीते
— PMO India (@PMOIndia) May 12, 2020
6 वर्षों में जो
Reforms हुए,
उनके कारण आज संकट के इस समय भी भारत की व्यवस्थाएं
अधिक सक्षम,
अधिक समर्थ
नज़र आईं हैं: PM @narendramodi #AatmanirbharBharat
अब Reforms के उस दायरे को व्यापक करना है,
— PMO India (@PMOIndia) May 12, 2020
नई ऊंचाई देनी है।
ये रिफॉर्मस खेती से जुड़ी पूरी सप्लाई चेन में होंगे,
ताकि किसान भी सशक्त हो और भविष्य में कोरोना जैसे किसी दूसरे संकट में कृषि पर कम से कम असर हो: PM @narendramodi #AatmanirbharBharat
साथियों,
— PMO India (@PMOIndia) May 12, 2020
आत्मनिर्भरता,
आत्मबल और
आत्मविश्वास
से ही संभव है।
आत्मनिर्भरता,
ग्लोबल सप्लाई चेन में कड़ी स्पर्धा के लिए भी देश
को तैयार करती है: PM @narendramodi #AatmanirbharBharat
ये संकट इतना बड़ा है,
— PMO India (@PMOIndia) May 12, 2020
कि बड़ी से बड़ी व्यवस्थाएं हिल
गई हैं।
लेकिन इन्हीं परिस्थितियों में हमने,
देश ने हमारे गरीब
भाई-बहनों की संघर्ष-शक्ति,
उनकी संयम-शक्ति का भी दर्शन किया है: PM @narendramodi
आज से हर भारतवासी को अपने लोकल के लिए ‘वोकल’ बनना है,
— PMO India (@PMOIndia) May 12, 2020
न सिर्फ
लोकल Products
खरीदने हैं,
बल्कि उनका गर्व से प्रचार भी करना है।
मुझे पूरा विश्वास है कि हमारा देश ऐसा कर सकता है: PM @narendramodi #AatmanirbharBharat
लॉकडाउन का चौथा चरण, लॉकडाउन 4,
— PMO India (@PMOIndia) May 12, 2020
पूरी तरह नए रंग रूप वाला होगा, नए नियमों वाला होगा।
राज्यों से हमें जो सुझाव मिल रहे हैं, उनके आधार पर लॉकडाउन 4
से जुड़ी जानकारी भी आपको
18 मई से पहले
दी जाएगी: PM @narendramodi
आत्मनिर्भरता हमें सुख और संतोष देने के साथ-साथ सशक्त भी करती है।
— PMO India (@PMOIndia) May 12, 2020
21वीं सदी,
भारत की सदी बनाने का हमारा दायित्व,
आत्मनिर्भर भारत के प्रण से ही पूरा होगा।
इस दायित्व को
130 करोड़ देशवासियों की प्राणशक्ति से ही ऊर्जा मिलेगी: PM @narendramodi #AatmanirbharBharat
आत्मनिर्भर भारत का ये युग,
— PMO India (@PMOIndia) May 12, 2020
हर भारतवासी के लिए
नूतन प्रण भी होगा,
नूतन पर्व भी होगा।
अब एक नई प्राणशक्ति,
नई संकल्पशक्ति के साथ हमें आगे बढ़ना है: PM @narendramodi #AatmanirbharBharat