প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে বসৱ জয়ন্তী উপলক্ষে ভগৱান বসৱেশ্বৰলৈ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে আৰু জনসাধাৰণক শুভেচ্ছা জনায়৷
বসৱ জয়ন্তী হ’ল দ্বাদশ শতিকাৰ দাৰ্শনিক আৰু সামাজিক সংস্কাৰক বিশ্বগুৰু বসৱেশ্বৰৰ জন্ম দিৱস উপলক্ষে আয়োজন কৰা এক বাৰ্ষিক অনু্ষ্ঠান৷
ভাৰত আৰু বিদেশৰ ভিন্ন প্ৰান্তৰ অনুগামীসকলৰ মাজত আজি ডিজিটেলী গোলকীয় বসৱ জয়ন্তী ২০২০ উদযাপন কৰা হৈছে৷
তেওঁৰ বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে ভগৱান বসৱেশ্বৰৰ পৰা আশীৰ্বাদ বিচাৰে, যাতে দেশে মহামাৰী ক’ৰোনা ভাইৰাছক পৰাস্ত কৰিবলৈ সক্ষম হয়৷
প্ৰধানমন্ত্ৰীয়ে পূৰ্বে কেইবাবাৰো ভগৱান বসৱেশ্বৰৰ শিক্ষা লাভৰ সৌভাগ্য অৰ্জন কৰা বুলি উল্লেখ কৰে৷ শ্ৰী মোদীয়ে কয় যে ভগৱান বসৱেশ্বৰৰ গ্ৰন্থ দেশৰ ২৩টা ভাষালৈ অনুবাদ হোৱাৰ সময়ত আৰু লণ্ডনত তেওঁৰ প্ৰতিমূৰ্তি উন্মোচনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে উপস্থিত আছিল৷
ভগৱান বসৱেশ্বৰক এগৰাকী মহান সংস্কাৰক আৰু সুপ্ৰশাসক আখ্যা দি প্ৰধানমন্ত্ৰীয়ে কয় যে ভগৱান বসৱেশ্বৰক কেৱল উপদেশৰ পথ বাচি লোৱা নাছিল৷ ব্যক্তি তথা সমাজত তেওঁ যি সংস্কাৰ সাধন হোৱাটো বিচাৰিছিল, সেয়া তেওঁ নিজৰ মাজত প্ৰথমে আৰম্ভ কৰিছিল৷ যেতিয়া আমি পৰিৱৰ্তন অথবা সংস্কাৰক নিজে ধাৰণ কৰো, নিজে উদাহৰণ দাঙি ধৰো, তেতিয়াহে সমাজত ইয়াৰ প্ৰভাৱ দেখিবলৈ পাও৷ ভগৱান বসৱেশ্বৰৰ পৰা আমি দেৱত্ব গুণো শিকিব পাৰো আৰু এগৰাকী সুপ্ৰশাসক হোৱাৰ গুণো আয়ত্ব কৰিব পাৰো৷
প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে ভগৱান বসৱেশ্বৰৰ বাণী, ধৰ্মগ্ৰন্থ, উপদেশসমূহ আধ্যাত্মিক জ্ঞানৰ উৎস আছিল৷ তেওঁৰ উপদেশে আমাক এগৰাকী ভাল মানুহ হোৱাৰ শিক্ষা দিয়ে আৰু আমাৰ সমাজকো অধিক উদাৰ, দয়ালু তথা মানৱীয় গুণসম্পন্ন কৰি তোলে৷ ভগৱান বসৱেশ্বৰে আজিৰ পৰা শতিকা পূৰ্বেই সামাজিক আৰু লিংগ সমতাৰ দৰে বিষয় সন্দৰ্ভত সমাজৰ মাৰ্গদৰ্শন কৰিছিল৷ যেতিয়ালৈকে সমাজৰ দূৰ্বল শ্ৰেণীয়ে সমান অধিকাৰ আৰু সন্মান নাপাব, তেতিয়ালৈকে আমাৰ উন্নতি আধৰুৱা হৈ ৰ’ব৷
২০১৭ত প্ৰধানমন্ত্ৰীয়ে ভগৱান বসৱেশ্বৰৰ ধৰ্মগ্ৰন্থসমূহৰ ডিজিটাইজেচনৰ বাবে আগবঢ়োৱা প্ৰস্তাৱক গুৰুত্ব সহকাৰে লৈ এই বিষয়ত ব্যাপকভৱে কাম কৰি থকাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে আনন্দ ব্যক্ত কৰে৷
আজিৰ এই অনুষ্ঠান ডিজিটেলী সমগ্ৰ বিশ্বত প্ৰচাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে বসৱ সমিটিৰ শলাগ লয়৷ তেওঁ কয় যে লকডাউনৰ সকলো নিয়ম পালন কৰি এইধৰণৰ এক অনুষ্ঠানৰ আয়োজন কৰোটে এক উৎকৃষ্ট উদাহৰণ৷
প্ৰধানমন্ত্ৰীয়ে কয়, ‘আজি ভাৰতবাসীয়ে অনুভৱ কৰে যে পৰিৱৰ্তন প্ৰকৃতাৰ্থত তেওঁলোকৰ পৰাই আৰম্ভ হয়৷ এই ধৰণৰ আশা আৰু বিশ্বাসে দেশক কঠিন পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰাত যথেষ্ট সহায় কৰে৷ এই আশা আৰু বিশ্বাসৰ বাৰ্তাক আমি আগুৱাই নিব লাগিব আৰু শক্তিশালী কৰিব লাগিব৷ ইয়ে আমাক পৰিশ্ৰম আৰু পৰোপকাৰৰ বাবে উৎসাহিত কৰিব৷ ইয়ে এই দশত আমাৰ ৰাষ্ট্ৰক নতুন উচ্চতালৈ লৈ যাব৷
জনসাধাৰণক বসৱ জয়ন্তীৰ শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে সামাজিক দূৰত্বৰ বৰ্তাই ৰাখিবলৈ ‘দুখোজ দূৰত্ব’ৰ নীতি পালন কৰিবলৈ সকলোকে আহ্বান জনায়৷
******
VRRK/KP/MS
Shared my thoughts about the rich and noble ideals of Lord Basavanna in the video conference - Global Basava Jayanthi – 2020. https://t.co/RMDe2bTiMD
— Narendra Modi (@narendramodi) April 26, 2020