প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লী ছিয়েন লুঙৰ মাজত টেলিফোনিক বাৰ্তালাপ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লী ছিয়েন লুঙে ২৩ এপ্ৰিল, ২০২০ত এক টেলিফোনিক বাৰ্তালাপ মিলিত হয়৷
দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা স্বাস্থ্য আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সন্দৰ্ভত নিজৰ মত বিনিময় কৰে৷ এই মহামাৰীৰ লগতে ইয়াৰ ফলত অৰ্থনীতি আৰু সামাজিক দিশত পৰা প্ৰভাৱ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত দুয়োখন দেশে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে দুয়োজনে ইজনে-সিজনক অৱগত কৰে৷
প্ৰধানমন্ত্ৰীয়ে ছিংগাপুৰক চিকিৎসা সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সা-সামগ্ৰী যোগান ধৰাৰ ক্ষেত্ৰত সম্ভৱপৰ সকলোধৰণৰ সহায় আগঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে৷ প্ৰধানমন্ত্ৰী মোদীয়ে ছিংগাপুৰত থকা ভাৰতীয় নাগৰিকসকলৰ প্ৰতি দেশখনে আগবঢ়োৱা সহায়ৰ প্ৰশংসা কৰে৷
দুয়োগৰাকী নেতাই বৰ্তমানৰ প্ৰেক্ষাপটত ভাৰত-ছিংগাপুৰ কৌশলগত সহযোগিতাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে৷ ক’ভিড-১৯এ সৃষ্টি কৰা বৰ্তমান আৰু ভৱিষ্যতৰ পৰিস্থিতি মোকাবিলা কৰাৰ ক্ষেত্ৰত দুয়োখন দেশে একেলগে কাম কৰি যাব বুলি তেওঁলোকে সহমত প্ৰকাশ কৰে৷
প্ৰধানমন্ত্ৰীয়ে বৰ্তমানৰ সংকটৰ সময়ত ছিংগাপুৰৰ জনসাধাৰণক সু-স্বাস্থ্য আৰু কল্যান বাবে শুভকামনা জনায়৷
VRRK/AK/DB
Exchanged views on the COVID-19 pandemic with PM @leehsienloong, and thanked him for the support and care being extended to Indian citizens in Singapore. The India-Singapore strategic partnership can contribute to stability and prosperity in the post-COVID world.
— Narendra Modi (@narendramodi) April 23, 2020